ভাৰতীয় পৰিসংখ্যা প্ৰতিষ্ঠান
| ভাৰতীয় পৰিসংখ্যা প্ৰতিষ্ঠান INdian Statistical Institute | |
|---|---|
ভাৰতীয় পৰিসংখ্যা প্ৰতিষ্ঠানৰ ল'গ' | |
| মূলমন্ত্ৰ | भिन्नेष्वैक्यस्य दर्शनम् |
| স্থাপিত | ১৭ ডিচেম্বৰ ১৯৩১ |
| অধিকৰ্তা | বিমল কুমাৰ ৰায় |
| শৈক্ষিক কৰ্মচাৰী | ২৫৫ |
| প্ৰশাসনিক কৰ্মচাৰী | ১০০০ |
| শিক্ষাৰ্থী | ৩৭৫ |
| স্নাতক শিক্ষাৰ্থী | ১১০ |
| স্নাতকোত্তৰ শিক্ষাৰ্থী | ২২৫ |
| ডক্টৰেট শিক্ষাৰ্থী | ৪০ |
| স্থান | কলকাতা, দিল্লী, চেন্নাই, বেংগালুৰু, তেজপুৰ, ভাৰত |
| চৌহদ | চহৰ |
| উপনাম | ISI |
| ভুক্তি | AIU |
| ৱেবছাইট | isical.ac.in |
ভাৰতীয় পৰিসংখ্যা প্ৰতিষ্ঠান (আই এছ আই.) হ'ল ১৯৫৯ চনৰ সংসদীয় আইনৰ দ্বাৰা ৰাষ্ট্ৰীয় গুৰুত্বপূৰ্ণ প্ৰতিষ্ঠান হিচাপে স্বীকৃতিপ্ৰাপ্ত এটি উচ্চশিক্ষা প্ৰতিষ্ঠান।[1]কলকাতাৰ প্ৰেচিডেন্সি বিশ্ববিদ্যালয়ৰ পৰিসংখ্যা গৱেষণাগৰত প্ৰশান্ত চন্দ্ৰ মহালানবিছৰ তত্ত্বাৱধানত এই প্ৰতিষ্ঠানৰ জন্ম হৈছিল। ১৯৩১ চনত স্থাপিত ভাৰতৰ অন্যতম ঐতিয্যপূৰ্ণ এই চৰকাৰী বিশ্ববিদ্যালয়খন]] পৰিসংখ্যীয় গৱেষণাৰ ক্ষেত্ৰত বিশ্বৰ অন্যতম মৰ্যাদাপূৰ্ণ প্ৰতিষ্ঠানবোৰৰ ভিতৰত লেখত ল'বলগীয়া। এই প্ৰতিষ্ঠানৰ প্ৰাৰম্ভিক খ্যাতিৰ বাবে ইয়াক মডেল হিচাপে লৈ নৰ্থ কেৰ'লিনাত প্ৰথমখন US institute of Statistics স্থাপন কৰা হৈছিল।[2]
ভাৰতীয় পৰিসংখ্যা প্ৰতিষ্ঠানৰ মুখ্য কাৰ্যালয় কলকাতাৰ বৰানগৰত আছে। দিল্লী, বেংগালুৰু, চেন্নাই আৰু তেজপুৰত এই প্ৰতিষ্ঠানৰ চাৰিটা শাখা আছে। ইয়াৰ লগতে মুম্বাই, হায়দৰাবাদ, পুণে, গিৰিড, বদোদৰা আৰু কইম্বটুৰত ইয়াৰ কাৰ্যালয় আছে।[3]
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ "UNSD Document – The Indian Statistical Institute Act 1959". United Nations Statistics Division. http://unstats.un.org/unsd/dnss/docViewer.aspx?docID=417। আহৰণ কৰা হৈছে: ২৬ আগষ্ট ২০১৫.
- ↑ Ghosh, JK (1994). "Mahalanobis and the Art and Science of Statistics: The Early Days". Indian Journal of History of Science খণ্ড 29 (1): 90.
- ↑ http://www.isical.ac.in/campus.php