সমললৈ যাওক

আন্তৰ্জাতিক কন্যা শিশু দিৱস

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(International Day of the Girl Childৰ পৰা পুনঃনিৰ্দেশিত)
আন্তৰ্জাতিক কন্যা শিশু দিৱস
International Day of the Girl Child
আন্তৰ্জাতিক কন্যা শিশু দিৱস 
International Day of the Girl Child
ৰাষ্ট্ৰসংঘৰ পতাকা
পালন কৰে ৰাষ্ট্ৰসংঘৰ সকলো সদস্য ৰাষ্ট্ৰ
প্ৰকাৰ আন্তৰাষ্ট্ৰীয় দিৱস
তাৰিখ ১১ অক্টোবৰ
উদযাপন গোটেই বিশ্বজুৰি বিভিন্ন কাৰ্যসূচী পালন
অৱধি এদিন
সংঘটন বছৰেকীয়া

আন্তৰ্জাতিক কন্যা শিশু দিৱস (ইংৰাজী: International Day of the Girl Child) গোটেই বিশ্বজুৰি ৰাষ্ট্ৰসংঘৰ ৰাষ্ট্ৰসমূহে প্ৰতিবছৰে ১১ অক্টোবৰ তাৰিখে পালন কৰে। এই দিৱসক ছোৱালীৰ দিন বুলিও কোৱা হয়। ২০১২ চনৰ ১১ অক্টোবৰ তাৰিখে প্ৰথম এই দিৱস পালন কৰা হৈছিল। লিংগ বৈষম্য দূৰ কৰা এই দিৱসৰ অন্যতম প্ৰধান উদ্দেশ্য। অন্যান্য উল্লেখযোগ্য ক্ষেত্ৰ সমূহ হল শিক্ষাৰ অধিকাৰ, পৰিপুষ্টি, আইনী সহায় আৰু ন্যায়িক অধিকাৰ, চিকিৎসা সুবিধা, আৰু বৈষম্যৰ পৰা সুৰক্ষা, নাৰীৰ বিৰুদ্ধে হিংসা আৰু বলপূৰ্বক তথা বাল্য বিবাহ

প্লেন ইণ্টাৰনেছেনেল নামৰ বেচৰকাৰী অনুষ্ঠানৰ পৃষ্ঠ-পোষকতাত এটি প্ৰকল্প ৰূপে আন্তৰ্জাতিক কন্যা শিশু দিৱস জন্ম হৈছিল। প্লেন ইণ্টাৰনেছেনেল "কাৰণ মই এজনী ছোৱালী" (Because I Am a Girl) নামৰ আন্দোলনৰ ফলশ্ৰুতিত এই দিৱসৰ ধাৰণা জাগ্ৰত হৈছিল। এই আন্দোলনৰ মূল কাৰ্যসূচী হল গোটেই বিশ্বজুৰি কন্যাৰ পৰিপুষ্টি সম্পৰ্কে জন সচেতনতা বৃদ্ধি কৰা। এই সংস্থাৰ কানাডাৰ বিষয়ববীয়া সকলে এই আন্দোলনক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিবলৈ কানাডা চৰকাৰৰ সহায় লয়।

পিছত ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাৰ মজিয়াত কানাডায়ে আন্তৰ্জাতিক কন্যা শিশু দিৱস উদযাপনৰ প্ৰস্তাৱ আগবঢ়ায়। ২০১১ চনৰ ১৯ ডিচেম্বৰ তাৰিখে এই প্ৰস্তাৱ ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাত গৃহীত হয় আৰু ২০১২ চনৰ ১১ অক্টোবৰ তাৰিখে প্ৰথম আন্তৰ্জাতিক কন্যা শিশু দিৱস পালন কৰা হয়।[1] প্ৰতি বছৰে ইয়াৰ এটা থিম বা প্ৰতিপাদ্য থাকে। প্ৰথম কন্যা শিশু দিৱসৰ থীম আছিল "বাল্য বিবাহ বন্ধ কৰা।"[2] দ্বিতীয় বাৰ, ২০১৩ চনত থীম আছিল "ছোৱালীৰ শিক্ষা ক্ষেত্ৰ অভিনৱ কৰি তোলা।"[3] তৃতীয় আৰু চতুৰ্থ বাৰৰ থিম আছিল, "কৈশোৰক ক্ষমতা সম্পন্ন কৰা আৰু হিংসা চক্ৰ বন্ধ কোৱা"[4] আৰু "কৈশোৰ কন্যাৰ ক্ষমতা: ২০৩০ ৰ পথ-প্ৰদৰ্শক।"

২০১৬ চনৰ এই দিৱসৰ থীম হল "ছোৱালীৰ উন্নতি=লক্ষ্যৰ উন্নতি।"

কাৰ্যসূচী

[সম্পাদনা কৰক]
আন্তৰ্জাতিক কন্যা শিশু দিৱস উপলক্ষ্যে গুলপীয়া আলোকেৰে উদ্ভাসিত কিছুমান চৰকাৰী অট্টালিকা
গুলপীয়া ফিনলেণ্ডিয়া হল, ২০১২

কন্যা শিশু দিৱসৰ প্ৰচাৰ আৰু প্ৰসাৰৰ উদ্দেশ্যে বিভিন্ন দেশত বিভিন্ন কাৰ্যসূচী পালন কৰা হয়। তাৰে কিছুমান ৰাষ্ট্ৰসংঘয়ে প্ৰযোজনা কৰে। যেনে ভাৰতমুম্বাইত অনুষ্ঠিত সাংগীতিক অনুষ্ঠান।[5] কিছুমান বেচৰকাৰী সংস্থা যেনে অষ্ট্ৰেলিয়াৰ গাৰ্ল গাইড অষ্ট্ৰেলিয়ায়ে ভালে মন কাৰ্যসূচী পালন কৰে।[6] স্থানীয় সংঘয়ে নিজা নিজা অঞ্চলত বিভিন্ন অনুষ্ঠান অনুষ্ঠিত কৰে। যেনে দক্ষিণ আফ্ৰিকাৰ কিছুমান অঞ্চলত টি-চাৰ্ট ছোৱালীৰ মাজত বিতৰণ কৰা হয়।[7][8]

গ্ৰন্থৰাজি

[সম্পাদনা কৰক]

তথ্য উৎস

[সম্পাদনা কৰক]
  1. Ambrose, Rona and Rosemary McCarney (December 29, 2011). "International Day of the Girl Child: girls' rights are human rights". Edmonton Journal. Archived from the original on July 19, 2012. https://web.archive.org/web/20120719031013/http://blogs.edmontonjournal.com/2011/12/29/international-day-of-the-girl-child-a-canadian-accomplishment/ আহৰণ কৰা হৈছে: September 26, 2012.
  2. "WHO | Ending child marriage". Who.int. 2012-10-11. http://www.who.int/reproductivehealth/topics/adolescence/idgc/en/ আহৰণ কৰা হৈছে: 2014-08-21.
  3. International Day of the Girl Child, WHO
  4. "Day of the Girl Child - Gender equality - UNICEF". UNICEF. 17 October 2014. Archived from the original on 18 July 2017. https://web.archive.org/web/20170718083233/https://www.unicef.org/gender/gender_66021.html আহৰণ কৰা হৈছে: 2 December 2014.
  5. Bhandary, Shreya (September 25, 2012). "'Because I am a Girl Rock Concert' to celebrate first ever 'International Day of the Girl Child'". Times of India. http://m.timesofindia.com/city/mumbai/Because-I-am-a-Girl-Rock-Concert-to-celebrate-first-ever-International-Day-of-the-Girl-bbbbnxjsjsjaChild/articleshow/16548066.cms আহৰণ কৰা হৈছে: September 26, 2012.
  6. "International Day of the Girl Child". Girl Guides Australia. Archived from the original on June 11, 2016. https://web.archive.org/web/20160611201252/http://www.girlguides.org.au/news-events/news-coverage/international-day-of-the-girl-child.html আহৰণ কৰা হৈছে: September 26, 2012.
  7. "South Africa: Women, Football and Song". All Africa (orig. in Daily Maverick). September 14, 2012. http://allafrica.com/stories/201209140667.html আহৰণ কৰা হৈছে: September 26, 2012.
  8. Martinson, Jane (11 October 2013). "Body Gossip puts spotlight on models and body image". The Guardian. http://www.theguardian.com/lifeandstyle/womens-blog/2013/oct/11/body-gossip-models-young-people-image আহৰণ কৰা হৈছে: 12 May 2016.

বহিঃসংযোগ

[সম্পাদনা কৰক]