জলদাপাৰা ৰাষ্ট্ৰীয় উদ্যান
| জলদাপাৰা ৰাষ্ট্ৰীয় উদ্যান | |
|---|---|
আই.ইউ.চি.এন শ্ৰেণী II (ৰাষ্ট্ৰীয় উদ্যান) | |
জলদাপাৰা অভয়াৰণ্যৰ মাজেৰে হাতী ছাফাৰী | |
| ভাৰতৰ পশ্চিমবংগত অৱস্থান | |
| অৱস্থান | আলিপুৰদুৱাৰ জিলা, পশ্চিমবংগ, ভাৰত |
| নিকটতম চহৰ | মাদাৰীহাট, বীৰপাৰা |
| স্থানাংক | 26°41′27″N 89°16′35″E / 26.6909°N 89.2763°Eস্থানাংক: 26°41′27″N 89°16′35″E / 26.6909°N 89.2763°E |
| মাটিকালি | 216.51 বৰ্গ কি.মি. (83.59 বৰ্গ মাইল) |
| [www.jaldaparanationalprk.org কাৰ্যালয়ৰ ৱেবছাইট] | |

জলদাপাৰা ৰাষ্ট্ৰীয় উদ্যান (ইংৰাজী: Jaldapara National Park) হʼল পশ্চিমবংগৰ আলিপুৰদুৱাৰ জিলাৰ পূব হিমালয়ৰ পাদদেশ আৰু তোৰ্ষা নদীৰ পাৰত অৱস্থিত এখন ৰাষ্ট্ৰীয় উদ্যান। এই ৰাষ্ট্ৰীয় উদ্যানখন সমুদ্ৰপৃষ্ঠৰপৰা ৬১ মিটাৰ (২০০ ফুট) উচ্চতাত অৱস্থিত আৰু ২১৬.৫১ বৰ্গকিলোমিটাৰ (৮৩.৫৯ বৰ্গমাইল) এলেকাৰ বিশাল ঘাঁহনিজুৰি বিস্তৃত। জলদাপাৰা মূলতঃ নদীকেন্দ্ৰিক বনাঞ্চলময় এটি সুবিস্তৃত তৃণভূমি।[1] অঞ্চলটোৰ বহুতো বৈচিত্ৰ্যপূৰ্ণ উদ্ভিদ আৰু প্ৰাণীৰ সুৰক্ষাৰ বাবে ১৯৪১ চনত ইয়াক অভয়াৰণ্য হিচাপে ঘোষণা কৰা হয়। ই এটি বাসস্থান ব্যৱস্থাপনা অঞ্চল (Habitat management area)।[2]
বৰ্তমান জলদাপাৰা ৰাষ্ট্ৰীয় উদ্যানত এশিঙীয়া গঁড়ৰ জনসংখ্যা ৰাজ্যখনৰ ভিতৰতে সৰ্বাধিক।[3]
ইতিহাস
[সম্পাদনা কৰক]১৮০০ চনৰ আগতে এই অঞ্চলত টোটো জনজাতি আৰু মেচ জনজাতি (বড়ো)ৰ লোকসকলে বাস কৰিছিল। সেই সময়ত এই ঠাইখনক "টোটোপাৰা" নামেৰে জনা গৈছিল। ১৯৪১ চনত স্থাপিত পূৰ্বৰ জলদাপাৰা বন্যপ্ৰাণী অভয়াৰণ্যখন ২০১৪ চনৰ মে’ মাহত জলদাপাৰা ৰাষ্ট্ৰীয় উদ্যানলৈ উন্নীত কৰা হয়। ইয়াৰ মূল উদ্দেশ্য হৈছে এশিঙীয়া গঁড়ৰ সংৰক্ষণ।[4]
উদ্ভিদকুল আৰু প্ৰাণীকুল
[সম্পাদনা কৰক]অৰণ্যখন মূলতঃ ওখ হাতী ঘাঁহেৰে আবৃত ছাভানা। উদ্যানখনৰ মূল আকৰ্ষণ হৈছে এশিঙীয়া গঁড়। অসমৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পিছত ভাৰতৰ ভিতৰতে সৰ্বাধিক গঁড়ৰ জনসংখ্যা এই উদ্যানখনত আছে। উদ্যানখনৰ আন আন প্ৰাণীসমূহৰ ভিতৰত ভাৰতীয় নাহৰফুটুকী, ভাৰতীয় হাতী, শৰপহু, সুগৰী পহু, ফুটুকী হৰিণ, খটীয়া পহু, বনৰীয়া গাহৰি আৰু মেঠোন আদি উল্লেখযোগ্য। জলদাপাৰা ৰাষ্ট্ৰীয় উদ্যানত বৃক্ষৰ বৈচিত্ৰ্য আৰু ইয়াৰ বৰ্তমানৰ অৱস্থাৰ নথিভুক্ত কৰিবলৈ ২০১৬–২০১৮ চনৰ ভিতৰত পুষ্পবিজ্ঞান সম্বন্ধীয় তদন্ত কৰা হৈছিল। ৪বিধ প্ৰজাতিৰ নগ্নবীজী উদ্ভিদকে ধৰি ১৮৯টা বংশ আৰু ৬৩টা পৰিয়ালৰ অন্তৰ্গত মুঠ ২৯৪বিধ প্ৰজাতিৰ বৃক্ষ লিপিবদ্ধ কৰা হৈছে।[4]
তথ্য উৎস
[সম্পাদনা কৰক]- ↑ "National Park status for Jaldapara Sanctuary". The Times of India. 2012. http://timesofindia.indiatimes.com/city/kolkata/National-Park-status-for-Jaldapara-Sanctuary/articleshow/13087511.cms.
- ↑ "Jaldapara Wildlife Sanctuary". http://www.protectedplanet.net/sites/Jaldapara_Sanctuary/.
- ↑ "Alipurduar Tourism". Alipurduar District Tourism. Archived from the original on 27 June 2015. https://web.archive.org/web/20150627035857/http://www.alipurduar.org/district-profile/tourist-destinations/। আহৰণ কৰা হৈছে: 23 March 2017.
- ↑ 4.0 4.1 Ghosh, C.; Ghatak, S.; Biswas, K.; Das, A. P. (2021). "Status of tree diversity of the Jaldapara National Park in West Bengal, India". Trees, Forests and People খণ্ড 3: 100061. doi:10.1016/j.tfp.2020.100061.
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]| ৱিকিমিডিয়া কমন্সত জলদাপাৰা ৰাষ্ট্ৰীয় উদ্যান সম্পৰ্কীয় মিডিয়া ফাইল আছে। |
জলদাপাৰা ভ্ৰমণ নিৰ্দেশিকা, ৱিকিভয়াজৰ পৰা
| বাহিৰা ভিডিঅ' | |
|---|---|
- Official Homepage Archived 2025-05-23 at the Wayback Machine
- Jaldapara Wildlife Sanctuary at West Bengal State Tourism
| |||||||||||