সমললৈ যাওক

যতীন বৰা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(Jatin Boraৰ পৰা পুনঃনিৰ্দেশিত)
যতীন বৰা

"মিঠা মিঠা লগনত"ৰ এটি দৃশ্যত যতীন
জন্ম ২৫ এপ্ৰিল, ১৯৭০ (৫৬ বছৰ)
নগাঁও, অসম, ভাৰত
ৰাষ্ট্ৰীয়তা ভাৰতীয় ভাৰত
পেচা অভিনেতা,
চলচ্চিত্ৰ পৰিচালক,
প্ৰযোজক
সক্ৰিয় হৈ থকা সময় ১৯৮৯ - বৰ্তমানলৈ
দাম্পত্যসঙ্গী নৱনীতা শৰ্মা (বি. ২০০২)
ৱেবছাইট
jatinbora.in

যতীন বৰা (ইংৰাজী: Jatin Bora) হৈছে অসমৰ এগৰাকী চলচ্চিত্ৰ আৰু মঞ্চ অভিনেতা আৰু চলচ্চিত্ৰ পৰিচালক। যতীন বৰাই অভিনয় জীৱনৰ পাতনি মেলে ১৯৮৯ চনত আব্দুল মজিদ পৰিচালিত ছবি "উত্তৰকাল"ৰ যোগেদি। ১৯৯৫ চনত তেওঁ প্ৰদীপ গগৈ পৰিচালিত "আই কিল্‌ড হিম, ছাৰ" নামৰ ছবিখনত এটি মুখ্য চৰিত্ৰত অভিনয় কৰে। ২০০০ চনত মুক্তি পোৱা মুনিন বৰুৱা পৰিচালিত "হিয়া দিয়া নিয়া"ত কৰা অভিনয়েৰে তেওঁ অসমৰ দৰ্শকৰ মাজত এক সুকীয়া আসন দখল কৰে। যতীন বৰাই ৰূপালী পৰ্দাৰ লগতে ভ্ৰাম্যমাণ থিয়েটাৰৰ মঞ্চতো অভিনয় কৰে। যতীন বৰা অভিনীত, সঞ্জীৱ সভাপণ্ডিত পৰিচালিত ছবি "জুয়ে পোৰা সোন"-এ ২০০৪ চনত আন্তৰাষ্ট্ৰীয় চলচ্চিত্ৰ সমাৰোহত বাছনি পায়। যতীন বৰাই ২০০৬ চনত "অধিনায়ক" নামৰ এখন ছবি পৰিচালনাও কৰে। তেওঁ ১৯৯৭ চনত ড॰ ভবেন্দ্ৰ নাথ শইকীয়া পৰিচালিত কালসন্ধ্যা নামৰ হিন্দী ছবিখনত অভিনয় কৰে।[1]

অভিনয় জীৱন

[সম্পাদনা কৰক]

চলচ্চিত্ৰ

[সম্পাদনা কৰক]
ছবি মুক্তিৰ তাৰিখ পৰিচালক
উত্তৰকালনৱেম্বৰ ২, ১৯৯০আব্দুল মজিদ
আই কিল্‌ড হিম, ছাৰনৱেম্বৰ ৩, ১৯৯৫প্ৰদীপ গগৈ
কালসন্ধ্যা (হিন্দী)১৯৯৭ড˚ ভবেন্দ্ৰ নাথ শইকীয়া
হিয়া দিয়া নিয়াফেব্ৰুৱাৰী ২৫, ২০০০মুনিন বৰুৱা
অহংকাৰমাৰ্চ ৩, ২০০০প্ৰদীপ হাজৰিকা
তুমি মোৰ মাথোঁ মোৰমাৰ্চ ২৪, ২০০০জুবিন গাৰ্গ
দাগফেব্ৰুৱাৰী ২, ২০০১মুনিন বৰুৱা
শেষ উপহাৰমাৰ্চ ২৩, ২০০১গোপাল বৰঠাকুৰ
অন্য এক যাত্ৰাজুলাই ৬, ২০০১মঞ্জু বৰা
কইনা মোৰ ধুনীয়াছেপ্টেম্বৰ ৭, ২০০১সুমন হৰিপ্ৰিয়া
এই মৰম তোমাৰ বাবেনবেম্বৰ ২, ২০০১তৌফিক ৰহমান
নায়কনৱেম্বৰ ৩০, ২০০১মুনিন বৰুৱা
প্ৰেম আৰু প্ৰেমফেব্ৰুৱাৰী ৮, ২০০২শম্ভু গুপ্তা
জীৱন নদীৰ দুটি পাৰমাৰ্চ ৯, ২০০২মুন্না আহমেদ
কন্যাদানমাৰ্চ ১৯, ২০০২মুনিন বৰুৱা
প্ৰিয়া অ' প্ৰিয়াএপ্ৰিল ১৯, ২০০২অঞ্জন কলিতা
ত্যাগছেপ্টেম্বৰ ৬, ২০০২নাৰায়ণ শীল
মিঠা মিঠা লগনতঅক্টোবৰ ৪, ২০০২অচ্যুত কুমাৰ ভাগৱতী
সুশান্ত মজিন্দাৰ বৰুৱা
প্ৰেমগীতডিচেম্বৰ ২০, ২০০২আশিষ শইকীয়া
অগ্নিসাক্ষীজানুৱাৰী ১৭, ২০০৩যদুমনি দত্ত
প্ৰিয়া মিলনমাৰ্চ ২১, ২০০৩মুন্না আহমেদ
বিধাতামাৰ্চ ২৮, ২০০৩মুনিন বৰুৱা
এয়াই জোনাকবিহীন জীৱনএপ্ৰিল ১১, ২০০৩মুন্না আহমেদ
জুমন সুমনছেপ্টেম্বৰ ১৯, ২০০৩মহিবুল হক
উজনীৰ দুজনী গাভৰুঅক্টোবৰ ১৭, ২০০৩চন্দ্ৰ মুদৈ
হেঁপাহডিচেম্বৰ ১৯, ২০০৩শঙ্কৰ বৰুৱা
মা তুমি অনন্যাজানুৱাৰী ৯, ২০০৪মুন্না আহমেদ
জুয়ে পোৰা সোণজানুৱাৰী ৯, ২০০৪সঞ্জীৱ সভাপণ্ডিত
হৃদয় কঁপোৱা গানজানুৱাৰী ১৬, ২০০৪জয়ন্ত নাথ
বাৰুদএপ্ৰিল ১৬, ২০০৪মুনিন বৰুৱা
কাদম্বৰীএপ্ৰিল ৩০, ২০০৪বাণী দাস
ৰংমাৰ্চ ১৬, ২০০৪মুনিন বৰুৱা
দীনবন্ধুঅক্টোবৰ ১৫, ২০০৪মুনিন বৰুৱা
চুৰেন চোৰৰ পুতেকছেপ্টেম্বৰ ১৬, ২০০৫চন্দ্ৰ মুদৈ
চেনাই মোৰ ঢুলীয়াডিচেম্বৰ ৩০, ২০০৫চন্দ্ৰ মুদৈ
অঘৰী আত্মাজানুৱাৰী ২০, ২০০৬মুন্না আহমেদ
অধিনায়কফেব্ৰুৱাৰী ১৭, ২০০৬যতীন বৰা
দেউতা দিয়া বিদায়এপ্ৰিল ২৮, ২০০৬ৰমেশ মোডী
ধুনীয়া তিৰোতাবোৰজানুৱাৰী ২০০৯প্ৰদ্যুত কুমাৰ ডেকা
ৰামধেনুজানুৱাৰী ৪, ২০১১মুনিন বৰুৱা
জানমণিএপ্ৰিল ১৫, ২০১১ৰাজেশ ভূঞাঁ
বান্ধোনঅক্টোবৰ ২৬, ২০১২জাহ্নু বৰুৱা
হিয়া দিবা কাকফেব্ৰুৱাৰী ২১, ২০১২ৰাজীৱ বৰা
জিলমিল জোনাকমে' ২৩, ২০১৪শিবানন বৰুৱা
দূৰদৰ্শন...এটি যন্ত্ৰছেপ্তেম্বৰ ২, ২০১৬ৰাজেশ ভূঞাঁ
বহ্নিমানডিচেম্বৰ ২, ২০১৬বিশ্বজিৎ বৰা
নিজানৰ গানফেব্ৰুৱাৰী ২, ২০১৮মুন্না আহমেদ
ৰত্নাকৰঅক্টোবৰ ১১, ২০১৯যতীন বৰা
ৰাঘৱঅক্টোবৰ ২৭, ২০২৩যতীন বৰা

ভ্ৰাম্যমাণ থিয়েটাৰ

[সম্পাদনা কৰক]
বৰ্ষ ভ্ৰাম্যমাণ গোষ্ঠী
১৯৯৪-৯৫হেঙুল থিয়েটাৰ
১৯৯৫-৯৬আৱাহন থিয়েটাৰ
১৯৯৬-৯৭আৱাহন থিয়েটাৰ
২০০৪-০৫আশীৰ্বাদ থিয়েটাৰ
২০০৭-০৮কহিনুৰ থিয়েটাৰ
২০০৯-১০কহিনুৰ থিয়েটাৰ
২০১০-১১আশিৰ্বাদ থিয়েটাৰ
২০১১-১২থিয়েটাৰ ভাগ্যদেৱী
২০১২-১৩থিয়েটাৰ ভাগ্যদেৱী[2]
২০১৩-১৪ইতিহাস থিয়েটাৰ
২০১৬-১৭থিয়েটাৰ সূৰ্য্য


অধিকৃত পুৰস্কাৰ সমূহ

[সম্পাদনা কৰক]
জাহ্নু বৰুৱাৰ দ্বাৰা পৰিচালিত বান্ধোনৰ মূহুৰতৰ এক দৃশ্য
  • শ্ৰেষ্ঠ অভিনেতা- জ্যোতিৰূপা জইন মিডিয়া এৱাৰ্ড (হিয়া দিয়া নিয়া) ২০০০
  • শ্ৰেষ্ঠ অভিনেতা- মুনলাইট মেডিয়া এৱাৰ্ড (হিয়া দিয়া নিয়া) ২০০০
  • শ্ৰেষ্ঠ অভিনেতা- জ্যোতিৰূপা জইন মিডিয়া এৱাৰ্ড (নায়ক)২০০১
  • শ্ৰেষ্ঠ অভিনেতা- মুনলাইট মেডিয়া এৱাৰ্ড (নায়ক) ২০০১
  • শ্ৰেষ্ঠ অভিনেতা- মুনলাইট মেডিয়া এৱাৰ্ড (কন্যাদান) ২০০২
  • শ্ৰেষ্ঠ অভিনেতা- মুনলাইট মেডিয়া এৱাৰ্ড (হিয়া দিয়া নিয়া) ২০০০
  • শ্ৰেষ্ঠ অভিনেতা- জ্যোতিৰূপা জইন মিডিয়া এৱাৰ্ড (বিধাতা) ২০০৩
  • শ্ৰেষ্ঠ অভিনেতা- মুনলাইট মেডিয়া এৱাৰ্ড (বিধাতা) ২০০৩
  • শ্ৰেষ্ঠ অভিনেতা(খলনায়ক)- মুনলাইট মিডিয়া এৱাৰ্ড (মা তুমি অনন্যা) ২০০৪
  • শ্ৰেষ্ঠ অভিনেতা(খলনায়ক)- এন.ই টি ভি (মা তুমি অনন্যা) ২০০৪
  • শ্ৰেষ্ঠ অভিনেতা- প্ৰাগ চিনে এৱাৰ্ড ২০০৪
  • শ্ৰেষ্ঠ অভিনেতা-এন.ই টি ভি পিপল চয়ছ এৱাৰ্ড (কাদম্বৰী) ২০০৪
  • শ্ৰেষ্ঠ অভিনেতা- নটসূৰ্য ফনী শৰ্মা এৱাৰ্ড (অসম চৰকাৰ) (জুইয়ে পোৰা সোন) ২০০৫
  • শ্ৰেষ্ঠ অভিনেতা(কৌতুক অভিনেতা)- জ্যোতিৰূপা জইন মেডিয়া এৱাৰ্ড (চুৰেন চোৰৰ পুতেক) ২০০৬
  • শ্ৰেষ্ঠ অভিনেতা- চিত্ৰলেখা এৱাৰ্ড (মইনাজান) ২০০৯


তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. ↑ "যতীন বৰাৰ অফিছিয়েল ৱেবছাইট". Archived from the original on 2012-01-22. https://web.archive.org/web/20120122043914/http://www.jatinbora.in/home.html। আহৰণ কৰা হৈছে: নবেম্বৰ ৯, ২০১১.
  2. ↑ মনোৰঞ্জন কলিতা, অভিজিতৰ 'দুচকু'ক লৈ থিয়েটাৰ ভাগ্যদেৱীৰ বিশেষ আয়োজন, সাপ্তাহান্তিক, আমাৰ অসমৰ পৰিপূৰিকা, ১৯ মে, ২০১২

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]