সমললৈ যাওক

জেনিফাৰ ডাউডনা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(Jennifer Anne Doudnaৰ পৰা পুনঃনিৰ্দেশিত)
জেনিফাৰ ডাউডনা

জন্ম জেনিফাৰ এনি ডাউডনা
১৯ ফেব্ৰুৱাৰী, ১৯৬৪ (৬২ বছৰ)
ৱাশ্বিংটন ডি.চি., আমেৰিকা যুক্তৰাষ্ট্ৰ
ক্ষেত্ৰ জৈৱ ৰসায়ন
CRISPR-Cas
আৰএনএ বায়ল'জি
জিনীয় সম্পাদনা
কৰ্মস্থান পোমনা মহাবিদ্যালয়
কেলিফ'ৰ্ণিয়া বিশ্ববিদ্যালয়,বাৰ্কলে
য়েল বিশ্ববিদ্যালয়
গ্লেডষ্টন ইনষ্টিটিউটছ
কেলিফ'ৰ্ণিয়া বিশ্ববিদ্যালয়,ছান ফ্ৰান্সিস্ক'
ডক্তৰেল পৰামৰ্শদাতা Jack Szostak
আন শৈক্ষিক পৰামৰ্শদাতা থমাছ কেচ
জনা যায়
প্ৰভাৱান্বিত কৰিছে Rachel Haurwitz
উল্লেখনীয় বঁটা
দাম্পত্যসঙ্গী জেমি কেইট

জেনিফাৰ এনি ডাউডনা (ইংৰাজী: Jennifer Anne Doudna; জন্ম ১৯ ফেব্ৰুৱাৰী, ১৯৬৪)[1] এগৰাকী আমেৰিকান জৈৱ ৰসায়নবিদ যি 'CRISPR জিন সম্পাদনা'-ত কৰা অগ্ৰণী কামৰ বাবে প্ৰখ্যাত, আৰু ইয়াৰ বাবে তেওঁ ইমানুৱেল চাৰ্পেণ্টিয়েৰ সৈতে ৰসায়ন বিজ্ঞানত ২০২০ চনৰ ন'বেল বঁটা লাভ কৰে। তেওঁ বাৰ্কলেৰ কেলিফৰ্ণিয়া বিশ্ববিদ্যালয়ৰ আণৱিক আৰু কোষীয় জীৱবিজ্ঞান বিভাগৰ লগতে ৰসায়ন বিজ্ঞান বিভাগৰ লী কা শিং চেঞ্চেলৰ পদৰ অধ্যাপক।[2]

প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা

[সম্পাদনা কৰক]

প্ৰাৰম্ভিক সময়

[সম্পাদনা কৰক]

ডৰথি জেন (উইলিয়ামছ) আৰু মাৰ্টিন কিৰ্ক ডাউডনাৰ কন্যা, জেনিফাৰ ডাউডনাৰ ১৯৬৪ চনৰ ১৯ ফেব্ৰুৱাৰীত ৱাছিংটন ডি চি-ত জন্ম হৈছিল।[1][3] তেওঁৰ দেউতাকে মিছিগান বিশ্ববিদ্যালয়ৰ পৰা ইংৰাজী সাহিত্যত পি এইচ ডি ডিগ্ৰী লাভ কৰিছিল আৰু মাতৃয়ে শিক্ষাত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছিল।[4][5] হিলোৰ হাৱাই বিশ্ববিদ্যালয়ত দেউতাকে আমেৰিকান সাহিত্যৰ পদ এটা লাভ কৰাত সাত বছৰ বয়সত ডাউডনা পৰিয়ালৰ সৈতে হাৱাইলৈ যায়।[4][5]ডাউডনাৰ মাতৃয়ে বিশ্ববিদ্যালয়ৰ পৰা এছিয়ান ইতিহাসত দ্বিতীয়টো স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছিল আৰু স্থানীয় মহাবিদ্যালয় এখনত ইতিহাস পঢ়াইছিল।[4][5]

হাৱাইৰ হিলোত ডাঙৰ হোৱা ডাউডনা, দ্বীপটোৰ পাৰিপাৰ্শ্বিক সৌন্দৰ্য আৰু ইয়াৰ বিদেশী উদ্ভিদ আৰু জন্তুৰ দ্বাৰা আকৰ্ষিত হৈছিল। সেইবোৰে তেওঁৰ, প্ৰকৃতিয়ে কেনেদৰে কাম কৰে সেই সম্পৰ্কে, কৌতূহল সৃষ্টি কৰিছিল আৰু তেওঁ অন্তৰ্নিহিত জৈৱিক প্ৰণালীবোৰ বুজিবলৈ বিচাৰিছিল।[4][5] বিদ্যালয়ত পঢ়ি থকাৰ সময়ত তেওঁ বিজ্ঞান আৰু গণিতৰ প্ৰতি আকৰ্ষিত হৈছিল।[4][6]তেওঁৰ পিতৃ-মাতৃয়ে তেওঁৰ ঘৰত বৌদ্ধিক অনুসৰণৰ এক সংস্কৃতি গঢ়ি ছিল। তেওঁৰ পিতৃয়ে বিজ্ঞানৰ বিষয়ে পঢ়ি ভাল পাইছিল আৰু ঘৰটো জনপ্ৰিয় বিজ্ঞানৰ যথেষ্ট কিতাপেৰে ভৰাই ৰাখিছিল।[4][5] ষষ্ঠ শ্ৰেণীত থাকোঁতে পিতৃয়ে তেওঁক "দ্য ডাবল হেলিক্স"(জেমছ ৱাটছনে লিখা কিতাপ) গ্ৰন্থখন পঢ়িবলৈ দিছিল।[6] উচ্চ মাধ্যমিক বিদ্যালয়ত পঢ়ি থকাৰ সময়ত তেওঁ ৰসায়ন বিজ্ঞানৰ এগৰাকী শিক্ষক,মিছ ৱঙৰ দ্বাৰা প্ৰভাৱিত হৈছিল।[6]

বিশ্ববিদ্যালয় শিক্ষা আৰু পষ্ট-ডক্টৰেল সময়

[সম্পাদনা কৰক]

ডাউডনাই কেলিফ'ৰ্ণিয়াৰ ক্লেৰেমণ্টৰ পোমনা কলেজত জৈৱ-ৰসায়নৰ অধ্যয়ন কৰে।[4][5]তেওঁ সাধাৰণ ৰসায়নবিজ্ঞানত পঢ়ি থকাৰ দ্বিতীয় বছৰত, বিজ্ঞানত কেৰিয়াৰ গঢ়াৰ নিজৰ সামৰ্থ্যৰ বিষয়ে নিজকে প্ৰশ্ন কৰিছিল, আৰু তেওঁৰ সন্মানীয় বিষয়ক ফৰাচীলৈ সলনি কৰাৰ কথা বিবেচনা কৰিছিল।[7][4] অৱশ্যে তেওঁৰ ফৰাচী ভাষাৰ শিক্ষকজনে তেওঁক বিজ্ঞানতে অধ্যয়ন চলাই নিবলৈ পৰামৰ্শ দিয়ে।[4][7] তেওঁৰ জীৱনত পোমনাৰ ৰসায়ন বিভাগৰ অধ্যাপক ফ্ৰেড গ্ৰিমেন আৰু কৰউইন হান্সৰ যথেষ্ট প্ৰভাৱ আছিল।[7] অধ্যাপক চাৰণ পানাচেংকোৰ গৱেষণাগাৰত তেওঁ তেওঁৰ বিজ্ঞান ভিত্তিক গৱেষণা আৰম্ভ কৰিছিল।[7] ১৯৮৫ চনত জৈৱ-ৰসায়নবিজ্ঞানত তেওঁ স্নাতক ডিগ্ৰী লাভ কৰে।[7] তেওঁ হাৰ্ভাৰ্ড মেডিকেল স্কুলত ডক্টৰেল অধ্যয়ন চলাই নিয়ে আৰু ১৯৮৯ চনত জৈৱিক ৰসায়ন আৰু মলিকুলাৰ ফাৰ্মাকল'জিত পি এইচ ডি ডিগ্ৰী লাভ কৰে।[2]তেওঁৰ পি.এইচ.ডি.ৰ গৱেষণা-গ্ৰন্থখন এনে এক প্ৰণালী সম্পৰ্কে আছিল যিয়ে স্ব-প্ৰতিলিপি প্ৰস্তুতকাৰী অনুঘটকীয় RNA-ৰ[8] দক্ষতা বৃদ্ধি কৰে। তেওঁ জ্যাক ডব্লিউ জষ্টাকৰ তত্বাৱধানত গৱেষণা কৰিছিল।[8] ১৯৮৯ চনৰ পৰা ১৯৯১ লৈ তেওঁ মাছাছ্যুচেটচ্ জেনেৰেল হস্পিটেলত আণৱিক জীৱবিজ্ঞানত আৰু হাৰ্ভাৰ্ড চিকিৎসা বিদ্যালয়ৰ জিনীয়বিজ্ঞানত গৱেষক শিক্ষাৰ্থী হিচাপে কাম কৰিছিল।[2] ১৯৯১ চনৰ পৰা ১৯৯৪ লৈ তেওঁ কলোৰাডো বল্ডাৰ বিশ্ববিদ্যালয়ৰ বায়'মেডিকেল বিজ্ঞানৰ লুচিল পি. মাৰ্কি পষ্ট ডক্টৰেল গৱেষক আছিল, য'ত তেওঁ থমাছ চেকৰ সৈতে কাম কৰিছিল।[2]

কৰ্মজীৱন আৰু গৱেষণা

[সম্পাদনা কৰক]

পি এইচ ডিৰ পিছত তেওঁ মাছাচ্যুটেড জেনেৰেল হস্পিটেলত আণৱিক জীৱবিজ্ঞানত আৰু হাৰ্ভাৰ্ড চিকিৎসা বিদ্যালয়ত জেনেটিকছত গৱেষণা ফেলশ্বিপ পাইছিল।[2] ১৯৯১ চনৰ পৰা ১৯৯৪ লৈ তেওঁ লুচিলি পি. মাৰ্কেৰ পোষ্টড’ক্তৰেল শিক্ষাৰ্থী হিচাপে ক’ল’ৰাডো বল্ডাৰ বিশ্ববিদ্যালয়ত জৈৱচিকিত্‍সা বিজ্ঞানত গৱেষণা কৰিছিল, য'ত তেওঁ থমাছ চিচৰ সৈতে কাম কৰিছিল।[2]

ৰাইব'জ'মৰ গঠন আৰু কাৰ্যৰ ওপৰত গৱেষণা

[সম্পাদনা কৰক]

বৈজ্ঞানিক কেৰিয়াৰৰ আৰম্ভণিতে, ডাউডনাই আৰ.এন.এ (RNA) এনজাইম বা ৰাইব’জমৰ গঠন আৰু জৈৱিক কাৰ্যৰ ওপৰত পৰীক্ষা চলাইছিল।[7]স’জটাক পৰীক্ষাগাৰত থাকোঁতে ডাউডনাই স্বসংযোজিত Tetrahymena গ্ৰুপ ১ কেটেলাইটিক ইনট্ৰমক আৰ.এন.এ. আৰ্হি নকল কৰা কেটেলাইটিক ৰাইব’জমত পুনৰসংস্থাপিত কৰে।[7]তেওঁ বিশেষকৈ কাৰ্যক্ষম ৰাইব’জম আৰু তাত অন্তৰ্নিহিত প্ৰণালীবোৰত গুৰুত্ব প্ৰদান কৰে। কিন্তু ৰাইব’জমৰ আণৱিক প্ৰণালীবোৰ চোৱাত এক গুৰুতৰ সমস্যা হিচাপে দেখা দিয়ে। সেইবাবে তেওঁ ক’ল’ৰাডো বল্ডাৰ বিশ্ববিদ্যালয়ৰ থমাচ চিচৰ পৰীক্ষাগাৰত স্ফটিকীকৰণ কৰিবলৈ যাই আৰু তাতেই তেওঁ প্ৰথমবাৰৰ বাবে ৰাইব’জমৰ ত্ৰিমাত্ৰিক গঠনৰ উপস্থিতি ধৰা পেলাই। সেইবাবে ৰাইব’জমৰ গঠনক কেটেলাইটিক প্ৰটিন এনজাইমৰ লগত তুলনা কৰিব পাৰি।[7] ১৯৯১ চনত চিচৰ পৰীক্ষাগাৰত আৰম্ভ কৰা এই প্ৰকল্পটো ১৯৯৬ চনত য়েল বিশ্ববিদ্যালয়ত সমাপ্ত কৰে।[8] তেওঁ য়েলৰ আণৱিক জৈৱপদাৰ্থ বিজ্ঞান আৰু জৈৱ ৰসায়ন বিভাগত ১৯৯৪ চনত সহকাৰী অধ্যাপক হিচাপে যোগদান কৰে।[2]

য়েলত ৰাইব’জমৰ সক্ৰিয় স্থানৰ এক্স-ৰে অপৱৰ্তন-আধাৰিত গঠন

[সম্পাদনা কৰক]
Shape of a self-splicing intron with two exons (shown in red and blue). DS Goodsell, 2005, PDB

য়েলত কাম কৰি থকা অৱস্থাত, ডাউডনাৰ গোটটোৱে Tetrahymena গ্ৰুপ ১ ৰাইব’জমৰ কেটালাইটিক ক’ৰৰ তিনিমাত্ৰিক গঠনৰ স্ফটিকীকৰণ আৰু সমাধান কৰিবলৈ সক্ষম হৈছিল।[7] আৰম্ভণিতে, তেওঁৰ গোটটোই উচ্চ মানদণ্ডৰ স্ফটিক বৃদ্ধি কৰিবলৈ সক্ষম হৈছিল যদিও ধাতুৰ আয়নৰ অনিৰ্দিষ্ট বন্ধনীৰ বাবে তেওঁলোকে পৰ্যায়ক্ৰমে সমস্যাৰ সন্মুখীন হৈছিল। তেওঁৰ এজন প্ৰাৰম্ভিক স্নাতক শিক্ষাৰ্থী (পিছত তেওঁৰ সৈতে বিবাশপাশত আৱদ্ধ হৈছিল) জেমি কেটে মেগনেছিয়ামৰ অনুকৰণ কৰিবলৈ স্ফটিকবোৰ osmium haxamin(প্ৰবল ধাতুৰ ডেৰাইভেটিভ)ত তিয়াই ৰখাৰ সিদ্ধান্ত ল'লে।[8] জেমিৰ এই কৌশলে যথেষ্ট কামত দিছিল। এই কৌশল ব্যৱহাৰ কৰি তেওঁলোকে প্ৰথমে ৰাইব’জমৰ গঠন আৰু দ্বিতীয়তে ভাঁজ লগা আৰ.এন.এ.(প্ৰথম tRNA)ৰ গঠন সমাধা কৰিবলৈ সক্ষম হৈছিল।[8] তেওঁলোকে দেখিছিল যে সাধাৰণ মেগনেছিয়াম আয়নে অনুকৰণ কৰা osmium hexamine বোৰ ৰাইব’জমৰ কেন্দ্ৰত থোপ হিচাপত আছিল আৰু আৰএনএক ভাঁজ লগোৱাত ক’ৰ হিচাপে কাম কৰিছিল।[7] এই আন্তঃক্ৰিয়াই ৰাইব’জম কেটালাইটিক কেন্দ্ৰত এক গাঁথনিৰ সৃষ্টি কৰিছিল যি এটা প্ৰটিনৰ hydrophobic ক’ৰৰ সক্ৰিয় স্থানৰ দৰে একে আছিল।[7] ডাউডনাৰ গোটটোৱে ‘হেপাটাইটিছ ডেল্টা ভাইৰাচ ৰাইব’জম’ৰ দৰে অন্যান্য ৰাইব’জমবিলাকৰো স্ফটিকীকৰণ কৰিছিল।[7] বৃহৎ আৰএনএ গাঁথনি সমাধানৰ এই প্ৰাৰম্ভিক কামৰ ফলত পিছলৈ অভ্যন্তৰীণ ৰাইব’জমৰ প্ৰৱেশ স্থান আৰু Signal Recognition Particleৰ দৰে প্ৰটিন-আৰএনএ কম্পেক্সৰ ওপৰত অধিক গঠনমূলক অধ্যয়ন হৈছিল।[7]

ডাউডনাক ২০০০ চনত য়েলত আণৱিক জৈৱপদাৰ্থ বিজ্ঞান আৰু জৈৱ ৰসায়নৰ হেনৰী ফৰ্ড ২ অধ্যাপকৰ পদলৈ পদোন্নীত কৰা হৈছিল।[8] ২০০০-২০০১ চনলৈ তেওঁ হাৰ্বাড বিশ্ববিদ্যালয়ত ৰসায়ন বিভাগৰ ৰবাৰ্ট বাৰ্ণছ ৱ’ডৱাৰ্ড ভিজিটিং প্ৰফেচৰ আছিল।[8]

ইউচি বাৰ্কলেইলৈ গমণ

[সম্পাদনা কৰক]
বাৰ্কলেৰ কেলিফ'ৰ্ণিয়া বিশ্ববিদ্যালয়ত জেনিফাৰ ডাউডনা,৫ এপ্ৰিল,২০১৬

২০০২ চনত তেওঁ বাৰ্কলেৰ কেলিফৰ্ণিয়া বিশ্ববিদ্যালয়, য'ত তেওঁৰ স্বামী জেমি কেট অধ্যাপক আছিল, তাত জৈৱৰসায়ন আৰু আণৱিক জীৱবিজ্ঞানৰ অধ্যাপক হিচাপে এক প্ৰবক্তা পদ গ্ৰহণ কৰে।[8]তেওঁ উচ্চ ক্ষমতাপ্ৰাপ্ত এক্স-ৰে ডিফ্ৰেকচনেৰে কৰা পৰীক্ষা-নিৰীক্ষাৰ বাবে লৰেঞ্চ বাৰ্কলে ৰাষ্ট্ৰীয় গৱেষণাগাৰত চিংক্ৰটনৰ বাবে প্ৰৱেশাধিকাৰ লাভ কৰে।[8]

২০০৯ চনত, তেওঁ আবিষ্কাৰ গৱেষণাৰ নেতৃত্বৰ বাবে জিনটেকত কাম কৰিবলৈ বাৰ্কলেত অনুপস্থিত আছিল।[9] তেওঁ দুমাহৰ পিছতে জিনটেকৰ পৰা বাৰ্কলেলৈ উভতি আহে আৰু CRISPRৰ অধ্যয়নৰ বাবে বাকী সকলো দায়িত্ব এৰি দিয়ে।[10]

তেওঁ বৰ্তমান বাৰ্কলেৰ কেলিফৰ্ণিয়া বিশ্ববিদ্যালয়ত, যুটীয়া ইউচি বাৰ্কলে-কেলিফৰ্ণিয়া বিশ্ববিদ্যালয়, চানফ্ৰান্সিস্কো কেন্দ্ৰৰ ইনভেটিভ জিনোমিকছ ইনষ্টিটিউটক নিৰ্দেশনাৰ দায়িত্বৰ লগতে তেওঁ জৈৱভেষজ আৰু স্বাস্থ্য বিভাগৰ লী কা শ্বিং চেঞ্চেলৰৰ অধ্যাপক পদ আৰু জীৱবিজ্ঞানৰ চেঞ্চেলৰ উপদেষ্টা সমিতিৰ সভাপতি পদ অলংকৃত কৰি আছে।[2]তেওঁৰ পৰীক্ষাগাৰে এতিয়া আৰ.এন.এ.ৰ অন্তৰ্গত জৈৱিক প্ৰক্ৰিয়াবোৰৰ এক আচৰণিক বুজাবুজি প্ৰাপ্ত কৰাৰ বাবে কাম কৰি আছে।[8] এই কামটো তিনিটা মুখ্য ক্ষেত্ৰত বিভক্ত, CRISPR প্ৰণালী, আৰ.এন.এ. ইণ্টাৰফেৰেন্স, আৰু মাইক্ৰআৰএনএ-ৰ জৰিয়তে পৰিৱৰ্তনশীল নিয়ন্ত্ৰণ (translational control)।[8]

CRISPR-Cas9 জিনীয় সম্পাদনা আৱিষ্কাৰ

[সম্পাদনা কৰক]
CRISPR-Cas9 complex

২০১২, ডউডানা আৰু তেওঁৰ সহকৰ্মীসকলে জিনোমিক ডিএনএ সম্পাদনা কৰাৰ বাবে প্ৰয়োজনীয় সময় আৰু কষ্ট হ্ৰাস কৰাৰ এক নতুন আৱিষ্কাৰ সম্পন্ন কৰে।[11] তেওঁলোকৰ আৱিষ্কাৰে উন্মোচন কৰে যে ষ্টেপ্টোকোকাচ বেক্টেৰিয়াৰ "CRISPR" ৰোগ প্ৰতিৰোধ প্ৰণালীত কেছ9 নামৰ এবিধ প্ৰটিন থাকে আৰু ই আৰ.এন.এ.ক নিৰ্দেশনা দিয়াত সহযোগিতা কৰে আৰু কেঁচিৰ দৰে কাম কৰে। এই প্ৰ'টিনে ইয়াৰ চিকাৰী, ভাইৰাছৰ ডিএনএ আক্ৰমণ কৰে, আৰু ইয়াক টুকুৰা কৰে, ইয়াক বেক্টেৰিয়াসংক্ৰমিত কৰাত বাধা প্ৰদান কৰে[5] এই প্ৰণালীটো ফ্ৰান্সিস্কো মোজাইকাই আৱিষ্কাৰ কৰিছিল, কিন্তু তেওঁ আৰু চাৰপেনটিয়ে প্ৰথমবাৰ দেখুৱাইছিল যে তেওঁলোকে বিভিন্ন ডিএনএ কাটিবলৈ আৰু সম্পাদনা কৰিবলৈ বিভিন্ন আৰএনএ ব্যৱহাৰ কৰিব পাৰে।[5]

মেমথ বায়'ছায়েন্স

[সম্পাদনা কৰক]

২০১৭ চনত, ডউদানে মেমথ বায়'ছায়েন্স[12], ছান ফ্ৰান্সিস্কো ভিত্তিক এক বায়ইঞ্জিনিয়াৰিং টেক ষ্টাৰ্টআপ প্ৰতিস্থা কৰে। এই ব্যৱসায়টোৱে জৈৱ সংক্ৰমণ পৰীক্ষাৰ প্ৰৱেশাধিকাৰ উন্নত কৰাৰ লগতে "স্বাস্থ্যযত্ন, কৃষি, পাৰিপাৰ্শ্বিক নিৰীক্ষণ, জৈৱ সুৰক্ষা, আৰু জৈৱপ্ৰতিক্ষা আৰু বহুতো বিষয়ৰ প্ৰত্যাহ্বানৰ প্ৰতি" গুৰুত্ব প্ৰদান কৰে।[13]"

কভিড-১৯ সম্বন্ধীয়

[সম্পাদনা কৰক]

ইউচি বাৰ্কলেৰ ইনভেটিভ জিনোমিকছ ইনষ্টিটিউট (IGI)ৰ এক্সিকিউটিভ পৰিচালক হিচাপে, ডাউডনাই এটা কভিড-১৯ পৰীক্ষা কেন্দ্ৰ চলাই আছে।এই কেন্দ্ৰই প্ৰতিদিনে ১০০০ৰো অধিক ৰোগীৰ নমুনাৰ পৰীক্ষা কৰে।[14]মামথ জীৱবিজ্ঞানে এক দ্ৰুত, CRISPR-আধাৰিত প্ৰয়োজনীয় কভিড-১৯ নিদানৰ এক সমৰ্থক-সমীক্ষাৰ প্ৰমাণ ঘোষণা কৰে, যি qRT-PCR আধাৰিত পৰীক্ষাতকৈ দ্ৰুত আৰু কম ব্যয়বহুল।[15]

ব্যক্তিগত জীৱন

[সম্পাদনা কৰক]

কলোৰাডো বিশ্ববিদ্যালয়ৰ পষ্ট-ডক্টৰেল শিক্ষাৰ্থী হিচাপে ডাউডনাই স্নাতক শিক্ষাৰ্থী জেমি কেটক লগ পাইছিল; তেওঁলোকে Tetrahymena Group I intron P4-P6 catalytic regionৰ গঠন আৰু স্ফটিক নিৰ্ধাৰণ কৰা প্ৰকল্পত একেলগে কাম কৰিছিল।[5] তেওঁ য়েলত শিক্ষকতা কৰি থকাৰ সময়তে বিবাহপাশত আৱদ্ধ হয় আৰু ইউ চি বাৰ্কলেত প্ৰবক্তা পদ গ্ৰহণ কৰি দুয়ো তালৈ যায়।[5] জেমি কেট বৰ্তমান ইউ চি বাৰ্কলেত অধ্যাপনা কৰি আছে আৰু জৈৱিক ইন্ধন প্ৰস্তুতকৰণত ইষ্টৰ চেলুলজ ফাৰ্মাণ্টেচন বৃদ্ধিৰ বাবে জিন-সম্পাদনাৰ লগত জড়িত।[5]২০০৩ চনত জন্ম হোৱা তেওঁলোকৰ সন্তানৰ, কম্পিউটাৰ আৰু গণিত প্ৰিয় বিষয়।[5]

বঁটা আৰু সন্মান

[সম্পাদনা কৰক]

ডাউডনা আছিল চিয়েৰ্‌ল বৃত্তিধাৰী (Searle Scholar) আৰু ১৯৯৬ চনত বেকমেন যুৱ অনুসন্ধানকাৰী পুৰস্কাৰ(Beckman Young Investigators Award) লাভ কৰিছিল।[16][17] ২০০০ চনত তেওঁ ৰাইব'জ'মৰ গঠন নিৰ্ণয়(structure determination of a ribozyme)ৰ বাবে ৰাষ্ট্ৰীয় বিজ্ঞান সংস্থা(National Science Foundation)ৰ আটাইতকৈ সন্মানীয় এলেন টি ৱাটাৰমেন বঁটা(Alan T. Waterman Award) লাভ কৰে,যি বঁটা অসাধাৰণ গৱেষণাৰ বাবে বছৰি ৩৫ বছৰৰ অনূৰ্ধ্বৰ এজন গৱেষকক প্ৰদান কৰা হয়।[18] ২০০১ চনত তেওঁ আমেৰিকাৰ ৰসায়ন সমাজৰ জৈৱ ৰসায়নৰ এলি লিলি বঁটা(Eli Lilly Award in Biological Chemistry) লাভ কৰে।[2]

ডাউদানা এগৰাকী ছেৰলে স্কলাৰ আছিল আৰু ১৯৯৬ চনৰ বেকমেন যুৱ অনুসন্ধানকাৰী বঁটা লাভ কৰিছিল। ২০০০ চনত, তেওঁক ৰিব'জমৰ গঠন নিৰ্ধাৰণৰ বাবে ৩৫ বছৰ অনুৰ্ধ উৎকৃষ্ট গৱেষকক প্ৰদান কৰা ৰাষ্ট্ৰীয় বিজ্ঞান ফাউণ্ডেচনৰ বাৰ্ষিক সৰ্বোচ্চ সন্মান এলেন টি ৱাটাৰমেন বঁটা প্ৰদান কৰা হৈছিল। ২০০১ চনত তেওঁ আমেৰিকান কেমিকেল ছ'চাইটিৰ জৈৱ ৰসায়নৰ এলি লিলি বঁটা লাভ কৰে।

২০১৫ চনত, ইমানোৱেল চাৰপেনটিয়াৰৰ সৈতে, তেওঁ CRPR/Cs9 জিনম সম্পাদনা প্ৰযুক্তিলৈ তেওঁৰ অৱদানৰ বাবে জীৱন বিজ্ঞানৰ Breakthrough পুৰস্কাৰ লাভ কৰিছিল।[19] ২০১৬ চনত চাৰপেনটিয়াৰ, ফেং জাং, লিপ হোৰ্ভাথ আৰু ৰোডলফে বাৰৰাংপুৰ সৈতে একেলগে তেওঁ কানাডা গইৰ্ডনাৰ আন্তৰ্জাতিক বঁটা লাভ কৰে।[20] লগতে ২০১৬ চনত তেওঁ জৈৱ ৰসৰসায়ন আৰু জৈৱপদাৰ্থ বিজ্ঞানৰ বাবে হিনেকেন পুৰস্কাৰ লাভ কৰিছিল।[21] তাৰোপৰি তেওঁ যুটীয়াভাবে জেনেটিক্সত গ্ৰুবাৰ পুৰস্কাৰ (২০১৫),[22] টাং পুৰস্কাৰ (২০১৬),[23] জাপান পুৰস্কাৰ (২০১৭) আৰু এলবানি চিকিৎসা কেন্দ্ৰ পুৰস্কাৰ (২০১৭) লাভ কৰিছে।[24] ২০১৮ চনত, ডৌদানাক ৰাসায়নিক বিজ্ঞানত এনএএছ বঁটা প্ৰদান কৰা হয়,[25] ৰকফাৰল্ডাৰ বিশ্ববিদ্যালয়ৰ পৰা পাৰ্ল মেইষ্টৰ গ্ৰীণগাৰ্ড পুৰস্কাৰ,[26] আৰু আমেৰিকান কৰ্কট সমাজৰ পৰা মেডিল অফ অনাৰ প্ৰদান কৰা হয়।[27] ২০১৯ চনত তেওঁ ২০১৮ বৰ্ষৰ বাবে টেকনিঅন/ইছৰালৰ হাৰ্ভে পুৰস্কাৰ (ইমানোৱেল চাৰ্পেনটিয়ৰ আৰু ফেং ঝংৰ সৈতে যুটীয়াভাৱে)[28] আৰু কল্যাণ উন্নতকৰণৰ শ্ৰেণীত এল.ও.আই. চে উ পুৰস্কাৰ লাভ কৰে।[29] ২০২০ চনত তেওঁ ঔষধৰ ৱল্ফ প্ৰাইফ (ইমাণ্ডেলে চাৰপেনটিৰৰ সৈতে যুটীয়াভাৱে) লাভ কৰে।[30] লগতে ২০২০ চনত ডউডনা আৰু চাৰপেণ্টাৰক ৰসায়ন বিজ্ঞানত নোবেল পুৰস্কাৰ প্ৰদান কৰা হয়।[31][32]

তেওঁ ২০০২ চনত ৰাষ্ট্ৰীয় বিজ্ঞান একাডেমীলৈ নিৰ্বাচিত হৈছিল,[7] ২০০৩ চনত আমেৰিকান কলা আৰু বিজ্ঞান একাডেমী, ২০১০ চনত নেচনেল একাডেমী অফ মেডিচিন আৰু ২০১৪ চনত নেচনেল একাডেমী অফ ইনভাৰ্কেটৰছলৈ নিৰ্বাচিত হৈছিল।[2] তেওঁ ২০১৬ চনত ৰয়েল ছ'চাইটি (ফৰমেমআৰএছ)ৰ বিদেশী সদস্য নিৰ্বাচিত হৈছিল।[33] ২০১৭ চনত ডউদনাক আমেৰিকান একাডেমী অফ এচিভমেণ্টৰ গল্ডেন প্লেট এৱাৰ্ড[34] প্ৰদান কৰা হয়।[35] ২০২০ চনত তেওঁ এক Gggineme ফেলোচিপ প্ৰদান কৰে।[36]

তথ্যউৎস

[সম্পাদনা কৰক]
  1. 1 2 "Jennifer Doudna – American biochemist". Encyclopædia Britannica Online. http://www.britannica.com/biography/Jennifer-Doudna আহৰণ কৰা হৈছে: November 13, 2015.
  2. 1 2 3 4 5 6 7 8 9 10 "Curriculum Vitae (Jennifer A. Doudna)". Lawrence Berkeley National Laboratory. Archived from the original on January 15, 2017. https://web.archive.org/web/20170115054118/https://biosciences.lbl.gov/wp-content/uploads/2015/10/Doudna_cv_082815-CURRENT.pdf আহৰণ কৰা হৈছে: October 24, 2017.
  3. +m+.+Dorothy+Jane+Williams+,+Sept.+15.+1962+; +children+:+Jennifer+Anne%22&dq=%22Arthur+Bundy+and+Ruth+Edson+(+Dewey+)+D+.; +m+.+Dorothy+Jane+Williams+,+Sept.+15.+1962+; +children+:+Jennifer+Anne%22&hl=en&sa=X&ved=2ahUKEwjX463W-aLsAhXJTd8KHXIwDOsQ6AEwAHoECAEQAQ
  4. 1 2 3 4 5 6 7 8 9 Jennifer A. Doudna and Samuel H. Sternberg. A Crack in Creation: Gene Editing and the Unthinkable Power to Control Evolution. Houghton Mifflin Harcourt, 2017.
  5. 1 2 3 4 5 6 7 8 9 10 11 12 Russell, Sabin (December 8, 2014). "Cracking the Code: Jennifer Doudna and Her Amazing Molecular Scissors". Cal Alumni Association. https://alumni.berkeley.edu/california-magazine/winter-2014-gender-assumptions/cracking-code-jennifer-doudna-and-her-amazing আহৰণ কৰা হৈছে: November 10, 2017.
  6. 1 2 3 Mukhopadyay, Rajendrani. "On the same wavelength". American Society for Biochemistry and Molecular Biology. http://www.asbmb.org/asbmbtoday/201408/Features/Doudna/ আহৰণ কৰা হৈছে: October 24, 2017.
  7. 1 2 3 4 5 6 7 8 9 10 11 12 13 14 Marino, M. (2004). "Biography of Jennifer A. Doudna". Proceedings of the National Academy of Sciences খণ্ড 101 (49): 16987–9. doi:10.1073/pnas.0408147101. PMID 15574498.
  8. 1 2 3 4 5 6 7 8 9 10 11 "Laureates: Jennifer A. Doudna". breakthroughprize.org. https://breakthroughprize.org/Laureates/2/L63 আহৰণ কৰা হৈছে: October 31, 2017.
  9. "A DAY WITH JENNIFER DOUDNA: TRYING TO KEEP UP WITH ONE OF THE WORLD’S MOST SOUGHT-AFTER SCIENTISTS". March 8, 2020. https://cen.acs.org/biological-chemistry/gene-editing/A-day-with-Jennifer-Doudna-Trying-to-keep-up-with-one-of-the-world-most-sought-after-scientists/98/i9.
  10. "A DAY WITH JENNIFER DOUDNA: TRYING TO KEEP UP WITH ONE OF THE WORLD’S MOST SOUGHT-AFTER SCIENTISTS". March 8, 2020. https://cen.acs.org/biological-chemistry/gene-editing/A-day-with-Jennifer-Doudna-Trying-to-keep-up-with-one-of-the-world-most-sought-after-scientists/98/i9.
  11. Jinek, M.; Chylinski, K.; Fonfara, I.; Hauer, M.; Doudna, J. A.; Charpentier, E. (2012). "A Programmable Dual-RNA-Guided DNA Endonuclease in Adaptive Bacterial Immunity". Science খণ্ড 337 (6096): 816–821. doi:10.1126/science.1225829. PMID 22745249.
  12. "Mammoth Biosciences". Crunchbase. https://www.crunchbase.com/organization/mammoth-biosciences#section-overview আহৰণ কৰা হৈছে: April 14, 2020.
  13. "Mammoth Biosciences | About Us". Mammoth Biosciences. https://mammoth.bio/about/ আহৰণ কৰা হৈছে: April 14, 2020.
  14. "CRISPR pioneer Doudna opens COVID-19 testing lab – BioNews". www.bionews.org.uk. https://www.bionews.org.uk/page_148961 আহৰণ কৰা হৈছে: May 2, 2020.
  15. Release, Press (April 21, 2020). "Mammoth Biosciences Announces Peer-Reviewed Validation Of Its Rapid, CRISPR-Based COVID-19 Diagnostic" (en-US ভাষাত). SynBioBeta. https://www.webwire.com/ViewPressRel.asp?aId=258059 আহৰণ কৰা হৈছে: May 2, 2020.
  16. "Beckman Young Investigators Award Recipients". Arnold and Mabel Beckman Foundation. http://www.beckman-foundation.org/programs/beckman-young-investigators-award-recipients আহৰণ কৰা হৈছে: November 6, 2017.
  17. "Jennifer A. Doudna". Arnold and Mabel Beckman Foundation. Archived from the original on September 13, 2019. https://web.archive.org/web/20190913100038/http://www.beckman-foundation.org/beckman-young-investigators/jennifer-a-doudna আহৰণ কৰা হৈছে: August 1, 2018.
  18. "Alan T. Waterman Award Recipients, 1976 – present". National Science Foundation. https://www.nsf.gov/od/waterman/waterman_recipients.jsp আহৰণ কৰা হৈছে: October 31, 2017.
  19. "Jennifer Doudna". Breakthrough Prize. https://breakthroughprize.org/Laureates/2/L63 আহৰণ কৰা হৈছে: September 13, 2018.
  20. "Jennifer Doudna". Canada Gairdner Foundation. http://gairdner.org/winners/index-of-winners/#Jennifer_Doudna আহৰণ কৰা হৈছে: November 2, 2017.
  21. "Jennifer Doudna". The Royal Netherlands Academy of Arts and Sciences. Archived from the original on May 13, 2016. https://web.archive.org/web/20160513022626/https://www.knaw.nl/en/awards/heineken-prizes/jennifer-doudna আহৰণ কৰা হৈছে: November 6, 2017.
  22. "2015 Genetics Prize: Jennifer Doudna". The Gruber Foundation. http://gruber.yale.edu/genetics/jennifer-doudna আহৰণ কৰা হৈছে: October 24, 2017.
  23. "Laureates: Biopharmaceutical Science (2016)". Tang Prize Foundation. http://www.tang-prize.org/en/owner.php?cat=11 আহৰণ কৰা হৈছে: November 1, 2017.
  24. "Gene Editing Pioneers". Archived from the original on 2019-02-03. https://web.archive.org/web/20190203100831/http://www.amc.edu/news/gene-editing-pioneers-receive-americas-most-distinguished-prize-in-medicine.cfm আহৰণ কৰা হৈছে: 2020-10-07.
  25. "National Academy of Sciences Awards". National Academy of Sciences. http://www.nasonline.org/news-and-multimedia/news/2018-nas-awards-recipients.html আহৰণ কৰা হৈছে: September 13, 2018.
  26. "Jennifer Doudna To Receive 2018 Pearl Meister Greengard Prize". Rockefeller University. https://www.rockefeller.edu/news/23764-jennifer-doudna-receive-2018-pearl-meister-greengard-prize/ আহৰণ কৰা হৈছে: September 13, 2018.
  27. Sanders, Robert (October 18, 2018). "Doudna receives Medal of Honor from American Cancer Society". Berkeley News. Archived from the original on August 2, 2020. https://web.archive.org/web/20200802004929/https://news.berkeley.edu/story_jump/doudna-receives-medal-of-honor-from-american-cancer-society/ আহৰণ কৰা হৈছে: March 16, 2019.
  28. "Harvey Prize 2018". Archived from the original on 2019-11-09. https://web.archive.org/web/20191109121844/https://www.technion.ac.il/en/2019/10/technion-to-award-harvey-prize/ আহৰণ কৰা হৈছে: 2020-10-07.
  29. "LUI Che Woo Prize Reveals 2019 Laureates – Furthering Its Mission to Enrich World Civilisation". luiprize.org. Archived from the original on January 29, 2020. https://web.archive.org/web/20200129105757/http://www.luiprize.org/en/newsroom/press-release/detail/lui-che-woo-prize-reveals-2019-laureates-furthering-its-mission-to-enrich-world-civilisation আহৰণ কৰা হৈছে: November 12, 2019.
  30. Wolf Prize 2020
  31. Wu, Katherine J.; Zimmer, Carl; Peltier, Elian (October 7, 2020). "Nobel Prize in Chemistry Awarded to 2 Scientists for Work on Genome Editing". The New York Times. https://www.nytimes.com/2020/10/07/science/nobel-prize-chemistry-crispr.html আহৰণ কৰা হৈছে: October 7, 2020.
  32. "Press release: The Nobel Prize in Chemistry 2020". Nobel Foundationnobelprize.org. October 7, 2020. https://www.nobelprize.org/prizes/chemistry/2020/press-release/ আহৰণ কৰা হৈছে: October 7, 2020.
  33. Anon (2016). "Professor Jennifer Doudna ForMemRS". প্ৰকাশক London: Royal Society. https://royalsociety.org/people/jennifer-doudna-12860/. One or more of the preceding sentences incorporates text from the royalsociety.org website where:
    “All text published under the heading 'Biography' on Fellow profile pages is available under Creative Commons Attribution 4.0 International License.” --"Royal Society Terms, conditions and policies". https://royalsociety.org/about-us/terms-conditions-policies/ আহৰণ কৰা হৈছে: 2016-03-09.
  34. "Golden Plate Awardees of the American Academy of Achievement". American Academy of Achievementachievement.org. https://www.achievement.org/our-history/golden-plate-awards/.
  35. "Jennifer A. Doudna, Ph.D. Biography and Interview". American Academy of Achievementachievement.org. https://www.achievement.org/achiever/jennifer-a-doudna-ph-d/#interview.
  36. "Guggenheim Fellowship in 2020". Archived from the original on 2020-04-13. https://web.archive.org/web/20200413045924/https://www.gf.org/fellows/all-fellows/Jennifer-Doudna/.

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]