জিঅ' টিভি
| ব্যৱসায়ৰ ধৰণ | ডিজিটেল বিতৰণ |
|---|---|
| ছাইটৰ প্ৰকাৰ | ষ্ট্ৰিমিং টেলিভিছন
|
| উপলব্ধ ভাষা | |
| মুখ্য কাৰ্যালয় | মুম্বাই, ভাৰত |
| সেৱা অঞ্চল | ভাৰত |
| মালিক | জিঅʼ প্লেটফৰ্মছ |
| প্ৰতিষ্ঠাপক | Mukesh Ambani |
| উদ্যোগ |
|
| উৎপাদনসমূহ |
|
| সেৱাসমূহ | লাইভ টিভি |
| ৱেবছাইট | JioTV |
| বাণিজ্যিক | হয় |
| পঞ্জীয়ন | প্ৰয়োজনীয় |
| আৰম্ভণি | ৪ মে' ২০১৬ |
| বৰ্তমান অৱস্থা | সক্ৰিয় |
জিঅʼ টিভি (JioTV) হৈছে জিঅʼ প্লেটফৰ্মছৰ অধীনস্থ ৰিলায়েন্স ইণ্ডষ্ট্ৰিজৰ এটা ভাৰতীয় ষ্ট্ৰিমিং টেলিভিছন সেৱা। জিঅʼ টিভিয়ে হাজাৰৰো অধিক লাইভ টেলিভিছন চেনেল আৰু ৭ দিনৰ ‘কেচ আপ’ বিষয়-বস্তু উপলব্ধ কৰায়।[1][2]
ইতিহাস
[সম্পাদনা কৰক]জিঅʼ টিভি ২০১৬ চনত LYF ডিজিটেল কৰ্জাৰজেন্স লিমিটেডৰ (জিঅʼৰ ডিজিটেল শাখা) অংশ হিচাপে আৰম্ভ হৈছিল। এই সেৱাটোৱে ম'বাইল ফোন, টেবলেট, লেপটপ, ডেস্কটপ, ইনটাৰনেট টিভি বক্স আৰু সংযুক্ত টিভিত লাইভ টিভি আৰু কেচ আপ বিষয়-বস্তু দেখাৰ সুবিধা দেয়।
ডিচেম্বৰ ২০১৭ চনত জিঅʼ টিভিৰ ৱেব সংস্কৰণ আৰম্ভ কৰা হৈছিল,[3] যদিও দুদিনৰ পিছতেই কিছুমান আইনী আৰু প্ৰযুক্তিগত সমস্যাৰ বাবে ইয়াক আঁতৰাই লোৱা হৈছিল।[4]
FAQs অনুসৰি, জিঅʼ টিভিৰ ৱেব সংস্কৰণত কেৱল বিষয়-বস্তু বিচাৰি উলিয়াব পৰা যায়; ষ্ট্ৰিমিং কেৱল ম'বাইল এপত উপলব্ধ।
বিষয়-বস্তু অংশীদাৰ
[সম্পাদনা কৰক]জিঅʼ টিভিয়ে এবিপি গ্ৰুপ, Culver Max, এনডিটিভি, ছান নেটৱৰ্ক, দ্য টাইম গ্ৰুপ, ৰিডিং মিডিয়া, Viacom18, Warner Bros. Discovery India আৰু Zee Entertainment Enterprises আদিৰ সৈতে অংশীদাৰত্ব কৰিছে।[5]
ব্যাৱসায়িক, ধৰ্মীয়, শিক্ষা, মনোৰঞ্জন, তথ্যভিত্তিক, শিশু, সংবাদ, ক্ৰীড়া আদি বিভিন্ন ধৰণৰ চেনেল ইয়াত উপলব্ধ।
জিঅʼ টিভিৰ নিজা ১৭টা ‘জিঅʼ দৰ্শন’ চেনেলে বিভিন্ন মন্দিৰৰ অনুষ্ঠান সম্প্ৰসাৰণ কৰে।[6]
জিঅʼ টিভিৰ ৩২টা চৰকাৰী শিক্ষা চেনেল স্বয়ম প্ৰভাৰ অংশ।[7]
২০২০ চনত জিঅʼ টিভিয়ে অসম চৰকাৰৰ সৈতে "জ্ঞান বৃক্ষ" চেনেল প্ৰচাৰৰ বাবে অংশীদাৰ হয়,[8] লগতে মণিপুৰ, মহাৰাষ্ট্ৰ, হৰিয়ানা আৰু তেলেংগানা চৰকাৰৰ সৈতে ই-ক্লাছ চেনেলসমূহ প্ৰচাৰ কৰিবলৈ যুক্ত হয়।[9]
২০২২ চনত জিঅʼ টিভিত খেল আৰু সংগীতৰ সুবিধা যোগ হয়। ২০২৩ চনত এনিমেক্স চেনেল জিঅʼ টিভিত মুকলি কৰা হয়।[10]
কৌশলগত অংশীদাৰত্ব
[সম্পাদনা কৰক]নৱেম্বৰ ২০২০ত জিঅʼ টিভিয়ে Rewind Network–ৰ সৈতে অংশীদাৰত্ব কৰি ‘HITS’ চেনেলৰ বিষয়-বস্তু উপলব্ধ কৰে।[11]
দৰ্শকসংখ্যা
[সম্পাদনা কৰক]জিঅʼ এ ১০০০+ চেনেল উপলব্ধ কৰায়। ২০২০ চনৰ মাৰ্চ মাহত জিঅʼ টিভিৰ ৮৪ মিলিয়ন (৮.৪ কোটি) অনন্য দৰ্শক আছিল।[12] কালাগাটো প্ৰতিৱেদন (২০১৮) অনুসৰি, সক্ৰিয় দৰ্শকৰ ভিত্তিত জিঅʼ টিভি ১৮% দৰ্শকৰে দ্বিতীয় স্থানত আছিল। ২০১৯ চনৰ মাৰ্চত জিঅʼ টিভিৰ দৰ্শকসংখ্যা আছিল ৭৪.৫ মিলিয়ন।[13]
চেনেলসমূহ
[সম্পাদনা কৰক]জিঅ' টিভিত ইংৰাজী ভাষাৰ Comedy Central, Zee Café, Colors Infinity, CNN News18, BBC World News আদি চেনেল উপলব্ধ। হিন্দী ভাষাৰ চেনেলসমূহৰ ভিতৰত Star Plus, Zee TV, Colors, Sony SAB, ABP News আদি উপলব্ধ। অসমীয়া ভাষাৰ চেনেলসমূহৰ ভিতৰত News Live, Rang, Prag News, DY365, Jonack, Indradhanu আদি চেনেল উপলব্ধ। ইয়াৰ উপৰিও তেলুগু, তামিল, বাংলা, কন্নড়, মাৰাঠী আদিৰ বহুসংখ্যক আঞ্চলিক চেনেলো জিঅ' টিভিৰ যোগেদি চাব পৰা যায়।
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ "JioTV: Latest News & Videos ...". The Economic Times. https://economictimes.indiatimes.com/topic/JioTV/amp। আহৰণ কৰা হৈছে: 2021-10-11.
- ↑ "Jio tv Latest News...". Firstpost. https://www.firstpost.com/tag/jio-tv। আহৰণ কৰা হৈছে: 2021-10-11.
- ↑ "Reliance Jio Silently Introduces Web Version of JioTV". https://telecomtalk.info/jio-silently-introduces-web-version-of-jiotv/171552/.
- ↑ "Reliance JioTV Web Version Pulled Down". https://telecomtalk.info/reliance-jiotv-web-version-pulled-down-due-to-technical-litigation-issues/171624/.
- ↑ "Zee channels back on JioTV". https://economictimes....
- ↑ "गोविंद देवजी मंदिर के आयोजन का सीधा प्रसारण Jio TV एप पर". Live Hindustan. 24 August 2019. https://www.livehindustan.com/national/story-govind-dev-ji-temple-live-telecast-jio-tv-app-2706104.html। আহৰণ কৰা হৈছে: 2023-11-28.
- ↑ "Education channels to be available on Reliance Jio mobile app, JioTV". India Today. 10 January 2018. https://www.indiatoday.in/education-today/news/story/educational-channels-jio-app-1131135-2018-01-10। আহৰণ কৰা হৈছে: 2023-11-28.
- ↑ "Assam's Educational channel 'Gyan Brikshya' available on Jio TV". Pratidin Time. 7 June 2020. Archived from the original on 2021-11-30. https://web.archive.org/web/20211130082016/https://www.pratidintime.com/assams-educational-channel-gyan-brikshya-available-on-jio-tv/। আহৰণ কৰা হৈছে: 2023-11-28.
- ↑ "With 40% active users Hotstar rules OTT space in India, Jio TV grabs #2 slot: Kalagato". Kalagato. 21 Nov 2018. https://www.inventiva.co.in/stories/with-40-active-users-hotstar-rules-ott-space-in-india-jio-tv-grabs-2-slot-kalagato/। আহৰণ কৰা হৈছে: 2023-11-28.
- ↑ "JioTV (Wikipedia)". https://en.wikipedia.org/wiki/JioTV। আহৰণ কৰা হৈছে: 2023-11-28.
- ↑ "Jio partners HITS for offering Hollywood content to JioTV users". The Economic Times. 27 November 2020. https://telecom.economictimes.indiatimes.com/news/jio-partners-hits-for-offering-hollywood-content-to-jiotv-users-report/79447352.
- ↑ "India: unique visitors Jio TV 2020". Statista. https://www.statista.com/statistics/1028124/india-jiotv-unique-visitors-number/। আহৰণ কৰা হৈছে: 2023-11-28.
- ↑ "Number of unique visitors on Jio TV in India 2017-2019". Statista. https://www.statista.com/statistics/1028124/india-jiotv-unique-visitors-number/। আহৰণ কৰা হৈছে: 2023-11-28.