সমললৈ যাওক

জ্ঞানপীঠ বঁটা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(Jnanpeethৰ পৰা পুনঃনিৰ্দেশিত)
জ্ঞানপীঠ বঁটা
বঁটাৰ তথ্য
শ্ৰেণী সাহিত্য (ব্যক্তিগত)
বৰ্ণনা ভাৰতৰ সৰ্বোচ্চ সাহিত্য-সন্মান
প্ৰতিষ্ঠা ১৯৬১
প্ৰথমবাৰ প্ৰদান ১৯৬৫
অন্তিমবাৰ প্ৰদান ২০২১
মুঠ প্ৰদানৰ সংখ্যা ৬২
প্ৰদানকৰ্তা ভাৰতীয় জ্ঞানপীঠ
প্ৰথম প্ৰাপক জি শঙ্কৰ কুৰুপ (মালায়ালম)
অন্তিম প্ৰাপক নীলমণি ফুকন (কনিষ্ঠ) (অসমীয়া)

দামোদৰ মাউজো (কোংকণী)

জ্ঞানপীঠ বঁটা (ইংৰাজী: Jnanpith Award) ভাৰতৰ সৰ্বোচ্চ সাহিত্য-সন্মান। দ্য টাইমচ্ অৱ ইণ্ডিয়া বাতৰিকাকতৰ প্ৰকাশক চাহু জৈন পৰিবাৰৰ দ্বাৰা গঠন কৰা এটা ট্ৰাষ্টৰ দ্বাৰা ভাৰতীয় জ্ঞানপীঠ বঁটা প্ৰদান কৰা হয়।

সংস্কৃত ভাষাত জ্ঞানপীঠ শব্দৰ অৰ্থ হ'ল জ্ঞানৰ বেদী। এই বঁটাত আছে নগদ পাঁচ লাখ টকা, এখন মানপত্ৰ আৰু সৰস্বতীৰ এটি ব্ৰঞ্জৰ মূৰ্তি। ১৯৬১ চনত এই বঁটা আৰম্ভ কৰা হয়। ইংৰাজীকে ধৰি ভাৰতৰ সংবিধানৰ অষ্টম অনুসূচীত থকা আধুনিক ভাষাসমূহৰ যিকোনো ভাষাৰ সাহিত্যৰ ক্ষেত্ৰত আগবঢ়োৱা বিশিষ্ট সৃষ্টিশীল কৰ্মৰ বাবে প্ৰতি বছৰে এই বঁটা প্ৰদান কৰা হয়। ১৯৬৫ চনত মালায়লম লেখক জি শংকৰ কুৰুপ-ক প্ৰথম এই বঁটা প্ৰদান কৰা হয়।

১৯৮২ চনৰ আগতে এখন নিৰ্দিষ্ট গ্ৰন্থৰ বাবে এই বঁটা প্ৰদান কৰা হৈছিল যদিও তাৰ পিছৰ পৰা লেখকজনৰ সামগ্ৰিক সাহিত্যকৃতিৰ মূল্যায়ন কৰিহে এই বঁটা প্ৰদানৰ নিয়ম কৰা হয়।

জ্ঞানপীঠ বঁটা প্ৰাপ্তসকল

[সম্পাদনা কৰক]
বৰ্ষ বিজয়ী সাহিত্যকৰ্ম ভাষা উৎস
১৯৬৫জি শংকৰ কুৰুপওডাক্কুঝল (বাঁহী)মালয়ালম
১৯৬৬তাৰাশঙ্কৰ বন্দ্যোপাধ্যায়গণদেবতাবঙালী
১৯৬৭উমাশংকৰ যোশীনিশীথাগুজৰাটী
১৯৬৮সুমিত্ৰানন্দন পন্তচিদম্বৰাহিন্দী
১৯৬৯ফিৰাক গোৰখপুৰীগুল-এ-নগমাউৰ্দু
১৯৭০বিশ্বনাথ সত্যনাৰায়ণৰামায়ণ কল্পবৃক্ষশমু (এক সমৃদ্ধ বৃক্ষ: ৰামায়ণ)তেলুগু
১৯৭১বিষ্ণু দেস্মৃতি সত্তা ভৱিষ্যৎবঙালী
১৯৭২ৰামধাৰী সিং দিনকৰঊৰ্বশীহিন্দী
১৯৭৩দত্তাত্ৰেয় ৰামচন্দ্ৰ বেন্দ্ৰেনাকুতান্তি (চাৰিখন তাঁৰ)কন্নড়
১৯৭৩গোপীনাথ মহান্তিমাটিমটালওড়িয়া
১৯৭৪বিষ্ণু সখাৰাম খান্দেকৰযযাতিমাৰাঠী
১৯৭৫আকিলানচিত্ৰাপ্পাবাইতামিল
১৯৭৬আশাপূৰ্ণা দেবীপ্ৰথম প্ৰতিশ্ৰুতিবঙালী
১৯৭৭কে শিবৰাম কৰন্থমুকাজ্জিয়া কানাসুগালু (মুকাজ্জিৰ স্বপ্ন)কন্নড়
১৯৭৮সচ্চিদানন্দ হীৰানন্দ বাৎস্যায়ন 'অজ্ঞেয়'কিতনি নাও মেঁ কিতনি বাড় (কিমান নাৱত কিমান ঢৌ)হিন্দী
১৯৭৯বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যমৃত্যুঞ্জয়অসমীয়া
১৯৮০এচ কে পোট্টেক্কাটওৰু দেসাত্তিন্তে কথা (এখন দেশৰ কথা)মালয়ালম
১৯৮১অমৃতা প্ৰীতমকাগজ তে ক্যানভাসপঞ্জাবী
১৯৮২মহাদেৱী বৰ্মায়মাহিন্দী
১৯৮৩মাস্তি ভেঙ্কটেশ আয়েঙ্গাৰচিক্কাবীৰা ৰাজেন্দ্ৰকানাড়া
১৯৮৪থাকাজি শিবশঙ্কৰ পিল্লাইমালয়ালম
১৯৮৫পন্নালাল পেটেলমানবী নি ভবাইগুজৰাটী
১৯৮৬সচ্চিদানন্দ ৰাউত ৰায়ওড়িয়া
১৯৮৭বিষ্ণু বামন শিৰওয়াদকৰ (কুসুমাগ্ৰজ)মাৰাঠী
১৯৮৮ড॰চি নাৰায়ণ ৰেড্ডীবিশ্বম্ভৰতেলেগু
১৯৮৯কাৰ্টুল এন হাইদৰআখিৰে সবকে হামসফৰউৰ্দু
১৯৯০ভি কে গোকাকভাৰত সিন্ধু ৰশ্মিকন্নড়
১৯৯১সুভাষ মুখোপাধ্যায়বঙালী
১৯৯২নৰেশ মেহতাহিন্দী
১৯৯৩সীতাকান্ত মহাপাত্ৰওড়িয়া
১৯৯৪ইউ আৰ আনন্দমূৰ্তিসংস্কাৰকন্নড়
১৯৯৫এম টি বাসুদেবন নায়াৰৰাণ্ডামুজাম (দ্বিতীয় সুযোগ)মালয়ালম
১৯৯৬মহাশ্বেতা দেৱীবঙালী
১৯৯৭আলি চৰ্দাৰ জাফ্ৰিউৰ্দু
১৯৯৮গিৰীশ কৰ্ণাডকন্নড়
১৯৯৯নিৰ্মল বৰ্মাহিন্দী
১৯৯৯গুৰদয়াল সিংপঞ্জাৱী
২০০০মামণি ৰয়ছম গোস্বামীঅসমীয়া
২০০১ৰাজেন্দ্ৰ কেশৱলাল শ্বাহগুজৰাটী
২০০২ জয়কান্তনতামিল
২০০৩বিন্দা কৰন্দিকৰঅষ্টদৰ্শন (কবিতা)মাৰাঠী
২০০৪ৰহমান ৰাহিসভুক সোডা, কালামি ৰাহিসিয়া ৰোদে জাৰেন মাঞ্জকাশ্মিৰী
২০০৫কুঁয়াৰ নাৰায়ণহিন্দী
২০০৬ৰবীন্দ্ৰ কেলকৰকোংকণী
২০০৬সত্যব্ৰত শাস্ত্ৰীসংস্কৃত
২০০৭ও এন ভি কুৰুপমালায়ালাম সাহিত্যলৈ আগবঢ়োৱা অৱদানৰ বাবেমালয়ালম
২০০৮আখলাক মহম্মদ খান 'শাহৰিয়াৰ'উৰ্দু
২০০৯অমৰকান্তহিন্দী[1]
২০০৯শ্ৰীলাল শুক্লাহিন্দী[1]
২০১০চন্দ্ৰশেখৰ কম্বাৰকন্নড় সাহিত্যলৈ কৰা অবদানৰ বাবেকন্নড়[1]
২০১১প্ৰতিভা ৰায়ওড়িয়া
২০১২ৰাভুৰি ভৰদ্বাজতেলেগু
২০১৩কেদাৰনাথ সিংহিন্দী
২০১৪ভালচন্দ্ৰ নেমাডেমাৰাঠী
২০১৫ৰঘুবীৰ চৌধৰীগুজৰাটী
২০১৬শংখ ঘোষবঙালী
২০১৭কৃষ্ণা সোব্‌তিহিন্দী
২০১৮অমিতাভ ঘোষইংৰাজী
২০১৯অক্কিতম অচ্যুতম নম্বুথিৰীমালয়ালম[2]
২০২০নীলমণি ফুকনঅসমীয়া[3]
২০২২দামোদৰ মাউজোকোংকণী[3]
২০২৩ৰামভদ্ৰাচাৰ্য †সংস্কৃত[4]
২০২৩গুলজাৰউৰ্দু[5]
২০২৪বিনোদ কুমাৰ শুক্লাহিন্দী[6]

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. 1 2 3 "Amar Kant, Shrilal Shukla, Kambar win Jnanpith Award". PTI. The Hindu. http://www.thehindu.com/arts/books/article2470528.ece?homepage=true আহৰণ কৰা হৈছে: December 05, 2011.
  2. "বহুমুখী প্ৰতিভাৰ মালায়ালম কবি অক্কিতম অচ্যুতম নম্বুথিৰীলৈ ২০১৯ৰ জ্ঞানপীঠ বঁটা". প্ৰকাশক নতুন দিল্লী: প্ৰাগ নিউজ. ৩০ নৱেম্বৰ ২০১৯. https://pragnews.com/as/%E0%A7%B0%E0%A6%BE%E0%A6%B7%E0%A7%8D%E0%A6%9F%E0%A7%8D%E0%A7%B0%E0%A7%80%E0%A7%9F/%E0%A6%AC%E0%A6%B9%E0%A7%81%E0%A6%AE%E0%A7%81%E0%A6%96%E0%A7%80-%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%A4%E0%A6%BF%E0%A6%AD%E0%A6%BE%E0%A7%B0-%E0%A6%AE%E0%A6%BE%E0%A6%B2%E0%A6%BE%E0%A7%9F%E0%A6%BE%E0%A6%B2/.[সংযোগবিহীন উৎস]
  3. 1 2 Benita Fernando (9 December, 2021). "Explained: Who are Nilmani Phookan Jr and Damodar Mauzo, the winners of Jnanpith Award?". The Indian Express. https://indianexpress.com/article/explained/nilmani-phookan-jr-damodar-mauzo-jnanpith-award-7663621/ আহৰণ কৰা হৈছে: 26 December 2021.
  4. "Gulzar, Sanskrit scholar Rambhadracharya selected for Jnanpith Award". ইণ্ডিয়া এক্সপ্ৰেছ. 17 February 2024. https://indianexpress.com/article/lifestyle/art-and-culture/gulzar-rambhadracharya-jnanpith-award-9166698.
  5. The Hindu (17 February 2024). "Gulzar, Sanskrit scholar Rambhadracharya selected for Jnanpith Award" (en-IN ভাষাত). https://www.thehindu.com/news/national/gulzar-sanskrit-scholar-rambhadracharya-selected-for-jnanpith-award/article67857170.ece.
  6. "Hindi writer Vinod Kumar Shukla selected for 59th Jnanpith award". Deccan Chronicle. 2025-03-22. https://www.deccanchronicle.com/nation/hindi-writer-vinod-kumar-shukla-selected-for-59th-jnanpith-award-1868419.

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]