যোৰহাট অভিযান্ত্ৰিক মহাবিদ্যালয়
| এই প্ৰবন্ধটোত কোনো কোনো স্থানত তথ্যসূত্ৰ বা প্ৰসংগৰ উল্লেখ প্ৰয়োজন। অনুগ্ৰহ কৰি বিশ্বাসযোগ্য উৎস দেখুৱাই এই প্ৰবন্ধটো উন্নত কৰাত সহায় কৰক। বিশ্বাসযোগ্য তথ্য উৎসৰ উল্লেখ নথকা প্ৰবন্ধৰ বিশ্বাসযোগ্যতা কমে আৰু অনেক ক্ষেত্ৰত ই ইয়াক বিশ্বাস কৰি লোৱা পঢ়ুৱৈৰ ক্ষতি সাধনো কৰিব পাৰে। সেয়ে তথ্য-উৎসৰ উল্লেখ নথকা প্ৰবন্ধক প্ৰত্যাহ্বান জনোৱা হ'ব পাৰে। আনহাতে পঢ়ুৱৈসকলেও প্ৰবন্ধটোত য’ত প্ৰয়োজন যেন দেখে সেই বাক্যৰ পাছত {{উদ্ধৃতিৰ প্ৰয়োজন}} বুলি লিখি ৰাখিও ৱিকিপিডিয়াত উৎসৰ উল্লেখৰ ক্ষেত্ৰত ৰাইজক সজাগ কৰিব পাৰে। |
| যোৰহাট অভিযান্ত্ৰিক মহাবিদ্যালয় | |
|---|---|
| স্থাপিত | ১৯৬০ |
| ধৰণ | ৰাজহুৱা/চৰকাৰী |
| অধ্যক্ষ | ড০ ৰীতা শৰ্মা |
| স্থান | জে ই চি পথ, গড়মূৰ, যোৰহাট, অসম |
| চৌহদ | চহৰাঞ্চল |
| চমু নাম | জে ই চি (JEC) |
| ভুক্তি | ডিব্ৰুগড় বিশ্ববিদ্যালয় (২০১৭ চন পৰ্য্যন্ত) অসম বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিশ্ববিদ্যালয় |
| ৱেবছাইট | www.jecassam.in |
যোৰহাট অভিযান্ত্ৰিক মহাবিদ্যালয় অসম চৰকাৰৰ দ্বাৰা ১৯৬০ চনত প্ৰতিষ্ঠা কৰা হয়। ইয়াত (২০১২ চনৰ মতে) ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধীনত মেকানিকেল ইঞ্জিনিয়াৰিং, কম্পিউটাৰ চাইন্স এণ্ড ইঞ্জিনিয়াৰিং, ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং, ইন্সট্ৰুমেণ্টেশ্যন ইঞ্জিনিয়াৰিং আৰু চিভিল ইঞ্জিনিয়াৰিং -অৰ স্নাতক পৰ্য্যায়ৰ আৰু আৰু মাষ্টাৰ অৱ কম্পিউটাৰ এপ্লিকেশ্যন (MCA) -অৰ পাঠ্যক্ৰম প্ৰদান কৰা হয়। মহাবিদ্যালয়খন আৰু ইয়াৰ পাঠ্যক্ৰমসমূহ AICTE (All India Council of Technical Education) -অৰ মান্যতাপ্ৰাপ্ত।[1]
অৱস্থান আৰু পৰিবহণ
[সম্পাদনা কৰক]যোৰহাট অভিযান্ত্ৰিক মহাবিদ্যালয় অসমৰ যোৰহাট জিলাৰ সদৰ যোৰহাট মহানগৰৰ পূবে প্ৰায় চাৰি কি.মি. দূৰৰ গড়মূৰ অঞ্চলত অৱস্থিত। অসমৰ ৰাজধানী চহৰ গুৱাহাটীৰ পৰা যোৰহাটলৈ দিনৰ আৰু ৰাতিৰ বাছ পোৱা যায়, পথ প্ৰায় ৬ ঘণ্টাৰ। যোৰহাটৰ ৰৰৈয়া বিমানকোঠলৈ গুৱাহাটী, কলিকতা আৰু নতুন দিল্লীৰ ৰপৰা বায়ু সংযোগ আছে। ৰেলপথেৰে গুৱাহাটীৰ পৰা ওচৰৰ যোৰহাট টাউন ৰেলৱে ষ্টেচন আৰু মৰিয়নি জংচন লৈকে প্ৰত্যক্ষ ৰেল সংযোগ পোৱা যায়। যোৰহাটৰপৰা মহাবিদ্যালয়লৈ মহাবিদ্যালয়ৰ বাছ আৰু ব্যক্তিগত অট'ৰিক্সা পোৱা যায়।
চৌহদ
[সম্পাদনা কৰক]যোৰহাট অভিযান্ত্ৰিক মহাবিদ্যালয় এক সম্পূৰ্ণৰূপে আবাসিক মহাবিদ্যালয়। ইয়াৰ চৌহদ ভোগদৈ নদীৰ পাৰত যোৰহাটৰ ৪ কি:মি: পূবে অৱস্থিত। ইয়াতেই হোষ্টেলসমূহ আৰু শিক্ষক আৰু অন্যান্য কৰ্মচাৰীৰ আবাসসমূহ অৱস্থিত। ইয়াত এখন চিকিৎসালয়, এখন প্ৰাথমিক বিদ্যালয়, ক'অপাৰেটিভ ষ্ট'ৰ, কেণ্টিন আৰু অন্যান্য আনুষংগিক দোকান আদিও আছে। ছাত্ৰ-ছাত্ৰী সকলৰ খেলাৰ বাবে মহাবিদ্যালয়ৰ খেলপথাৰ আৰু অন্যান্য কাৰ্য্যকলাপৰ বাবে হ'বি চেণ্টাৰ আছে। মহাবিদ্যালয়ৰ পৰা নিৰ্দিষ্ট সময়ৰ অন্তৰত যোৰহাট নগৰলৈ মহাবিদ্যালয়ৰ বাচ চলাচল কৰে।
ছাত্ৰ-ছাত্ৰীৰ প্ৰতিনিধিত্বৰ কাৰণে মহাবিদ্যালয়ত গণতান্ত্ৰিক "একতা সভা" আছে। প্ৰত্যেক বছৰতে ছাত্ৰ-ছাত্ৰীসকলে তেওঁলোকৰ খেল আৰু সংস্কৃতি উৎসৱ "মহাবিদ্যালয় সপ্তাহ" উদ্যাপন কৰে।
ছাত্ৰাবাস
[সম্পাদনা কৰক]মহাবিদ্যালয়ত ৮টা ল'ৰাৰ আৰু ২টা ছোৱালীৰ হোষ্টেল আছে। প্ৰত্যেক ছাত্ৰাবাসত এজনকৈ শিক্ষক পৰিদৰ্শক আৰু ৩-৪ জনকৈ ছাত্ৰ/ছাত্ৰী মণিটৰে তত্ত্বাৱধান কৰে। ছাত্ৰাবাসত মেচ, কমনৰূম আদি সুবিধাসমূহ আছে। ছাত্ৰাবাসসমূহৰ নিজৰ নিজৰ পুথিভঁৰাল, অধ্যয়নকক্ষ আৰু জীমনেচীয়াম আছে।
শিক্ষা
[সম্পাদনা কৰক]মহাবিদ্যালয়ত নিম্নোক্ত শাখাসমূহত শিক্ষা আৰু ডিগ্ৰী প্ৰদান কৰা হয়-
স্নাতক পৰ্যায়ৰ
|
স্নাতকোত্তৰ
|
ট্ৰেইনিং আৰু প্লেচমেণ্ট
মহাবিদ্যালয়ৰ ট্ৰেইনিং আৰু প্লেচমেণ্ট চেল -এ ছাত্ৰ-ছাত্ৰীৰ ইণ্টাৰ্ণশ্বিপ ট্ৰেইনিং আৰু কেম্পাচ ইণ্টাৰভিউসমূহ চোৱাচিতা কৰে। ২০১২ চনৰ ওচৰে পাজৰে অহা কোম্পানীসমূহ হ'ল ONGC, OIL, TCS, Punj Lloyd, Indian Army, Assam State Electricity Board(ASEB),Numaligarh Refinary Ltd(NRL),Vedanta আদি। মহাবিদ্যালয়ে ছাত্ৰ-ছাত্ৰীৰ সংস্থাপনৰ ক্ষেত্ৰত উল্লেখযোগ্য সাফল্য দেখুৱাইছে[উদ্ধৃতিৰ প্ৰয়োজন]।
পুথিভঁৰাল আৰু বুক বেংক
মহাবিদ্যালয়ত এটা কেন্দ্ৰীয় পুথিভঁৰালৰ বাহিৰেও বিভাগ আৰু ছাত্ৰাবাসসমূহত নিজা লাইব্ৰেৰী আৰু এটা বুক বেংক আছে। পুথিভঁৰালসমূহ পৰিপুষ্ট। বুক বেংকৰ পৰা ছাত্ৰ-ছাত্ৰীয়ে বছৰটোৰবাবে পঢ়িবলৈ নিজৰ নিজৰ বিষয়সমূহৰ বাবে কিতাপ ধাৰলৈ পায়।
বহিৰ্সংযোগ
- আধিকাৰিক ৱেবচাইট Archived 2009-04-20 at the Wayback Machine
- ট্ৰেইনিং আৰু প্লেচমেণ্ট চে'ল
- MCA বিভাগৰ অধিকাৰিক ৱেবচাইট Archived 2009-02-21 at the Wayback Machine
তথ্যসূত্ৰ
- ↑ "যোৰহাট অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ আধিকাৰিক ৱেবচাইট". Archived from the original on 2009-04-20. https://web.archive.org/web/20090420025723/http://jecassam.in/। আহৰণ কৰা হৈছে: 2011-12-05.
গেলেৰী
| ||||||||||||||||||||||||||||||||
