সমললৈ যাওক

কৈকেষী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(Kaikasiৰ পৰা পুনঃনিৰ্দেশিত)


কৈকেষী
ৰামায়ণৰ চৰিত্ৰ
তথ্য
অন্য নাম কৈকসী
দাম্পত্যসঙ্গী ঋষি বিশ্ৰবা
সন্তান ৰাৱণ, কুম্ভকৰ্ণ, বিভীষণ আৰু শূৰ্পনখা
আত্মীয় সুমালী (পিতৃ)
কেতুমতী (মাতৃ)[1]

কৈকেষী বা কৈকসী (ইংৰাজী: Kaikeshi বা Kaikashi) আছিল ঋষি বিশ্ৰবাৰ পত্নী আৰু ৰাৱণ, কুম্ভকৰ্ণ, বিভীষণ আৰু শূৰ্পনখাৰ মাতৃ। তেওঁ ৰাক্ষক ৰজা সুমালীৰ কন্যা আছিল।[2]

কৈকেষী, বিশ্ৰবা আৰু ৰাৱণ

[সম্পাদনা কৰক]

কৈকেষীৰ পিতৃ আছিল ৰাক্ষক ৰজা সুমালী আৰু মাতৃ কেতুমতী। তেওঁ লংকাৰ ৰজা ৰাৱণ, কুম্ভকৰ্ণ, বিভীষণ আৰু শূৰ্পনখাৰ মাতৃ আছিল। মহৰ্ষি পুলস্ত্যৰ পু্ত্ৰ ঋষি বিশ্ৰবা আছিল তেওঁৰ পতি।

কৈকেষীৰ বিবাহৰ বাবে অসুৰ ৰজা সুমালীলৈ বহুতো প্ৰস্তাৱ আহে কিন্তু সুমালীৰ ইচ্ছা যে, তেওঁ তেওঁৰ কন্যা কৈকেষীক মৃত্যু লোকৰ সকলোতকৈ শক্তিশালী জনৰ সৈতেহে বিবাহ দিব, যাতে তেওঁৰ কন্যাৰ সন্তান ব্যতিক্ৰমী, তেজস্বী তথা পৰাক্ৰমী হয়।

কৈকেষী বহুতো ঋষি মুনিৰ মাজত বিশ্ৰবাক বিবাহ যোগ্য বুলি ভাবে আৰু তেওঁক সেৱা শুশ্ৰূষা কৰে। তেওঁৰ সেৱাত সন্তুষ্ট হৈ ঋষি বিশ্ৰবাই তেওঁক বিবাহ কৰায়। ব্ৰহ্ম ঋষি বিশ্ৰবাৰ ঔৰসত কৈকেষীৰ গৰ্ভত তিনি পুত্ৰ যথাক্ৰমে ৰাৱণ, কুম্ভকৰ্ণ, বিভীষণ আৰু এটি কন্যা শূৰ্পণখাৰ জন্ম হয়। ৰাৱণ আৰু তেওঁৰ সহোদৰসকল শিক্ষা তেওঁৰ পিতৃৰ পৰাই লয়। কৈকেষীৰ পুত্ৰ ৰাৱণ বেদ শাস্ত্ৰৰ অন্যতম এগৰাকী পণ্ডিত আছিল।

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. ভূঞা, গোৱিন্দ প্ৰসাদ (২০১৩). দশানন ৰাৱণ. অসম পাবলিচিং কোম্পানী. ISBN 978-81-86384-43-5. 
  2. "Know interesting things about Ravana" (English ভাষাত). News Track. 2020-04-16. https://english.newstracklive.com/news/unknown-interesting-hidden-mythological-facts-ramayana-interesting-facts-about-ravan-sc93-nu612-ta612-ta294-1085188-1.html। আহৰণ কৰা হৈছে: 2020-07-02.