সমললৈ যাওক

কেতেকেশ্বৰ দেৱালয়

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(Ketakeshwar Dewalৰ পৰা পুনঃনিৰ্দেশিত)


কেতেকেশ্বৰ দেৱালয়

কেতেকেশ্বৰ দেৱালয়ৰ শিৱলিংগ

তেজপুৰ নগৰৰ আন এক পবিত্ৰ স্থান হৈছে "কেতেকেশ্বৰ" বা স্থানীয় ৰাইজৰ পৰিচিত "থিয় শিলা"। তেজপুৰৰ পৰা প্ৰায় ২ কি:মি: উত্তৰে কেতেকীবাৰীৰ বাঁহবাৰী এখনত পোত গৈ আছে বিশ্বৰ বৃহত্তম শিৱ লিংগ বুলি ঠাৱৰ কৰা কেতেকেশ্বৰ। এয়া গুপ্ত যুগৰে নিদৰ্শন বুলি অনুমান কৰা হয়। ৰাজমোহন নাথ, তত্বভূষণৰ ‘গৌৰৱময় অসম’ত এই কেতেকেশ্বৰ সম্পৰ্কে ফটোৰে সৈতে উল্লেখ আছে এই বুলি- "এই দীঘল আৰু পঞ্চমূখী শিৱলিংগটো ভূতি বৰ্ম্মা আদি কামৰূপীয় ৰজা সকলে পূজা কৰা হাটকেশ্বৰ শিৱ লিংগ বুলি অনুমান হয়"। প্ৰায় ৯ হাত দৈৰ্ঘ্যৰ আৰু ৪ হাত বেৰৰ এই শিৱলিংগৰ ওচৰতে পৰি আছে বৃহদাকাৰ যোনী পীঠ[1]

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. শান্তনু বৰুৱা (২০০৪). তেজপুৰ, এখন চহৰ অনেক কাহিনী. তেজপুৰ মহোৎসৱ উদ্‌যাপন কমিটি ২০০৪. পৃষ্ঠা. ১১.