সমললৈ যাওক

কিৰাঁতেশ্বৰ মহাদেৱ মন্দিৰ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(Kirateshwar Mahadev Templeৰ পৰা পুনঃনিৰ্দেশিত)
কিৰাঁতেশ্বৰ মহাদেৱ মন্দিৰ

কিৰাঁতেশ্বৰ মহাদেৱ মন্দিৰৰ প্ৰধান গৰ্ভগৃহ
স্থান
দেশ ভাৰত
ৰাজ্য ছিক্কিম
জিলা গ্যালশ্বিং
স্থান লেগশ্বিপ
স্থানাংক 27°27′N 88°27′E / 27.45°N 88.45°E / 27.45; 88.45স্থানাংক: 27°27′N 88°27′E / 27.45°N 88.45°E / 27.45; 88.45

কিৰাঁতেশ্বৰ মহাদেৱ মন্দিৰ (ইংৰাজী: Kirateshwar Mahadev Temple, নেপালী: किराँतेश्वर महादेव मन्दिर) ভাৰতৰ গ্যালশ্বিং জিলাৰ লেগশ্বিপত ৰংগীত নদীৰ পাৰত অৱস্থিত এখন হিন্দু মন্দিৰ তথা তীৰ্থস্থান।[1] এই মন্দিৰটোৰ সৈতে মহাভাৰতৰ বহুতো কাহিনী জড়িত হৈ আছে। এই মন্দিৰটো কিৰাতী লোকসকলৰ মাজত কিৰাঁতেশ্বৰ মহাদেৱ থান হিচাপে জনাজাত বা সাধাৰণতে ইয়াক শিৱ মন্দিৰ বুলিও কোৱা হয়।

মূল আকৰ্ষণ

[সম্পাদনা কৰক]

এই মন্দিৰটোৰ মূল আকৰ্ষণসমূহ হʼল প্ৰতি বছৰে নৱেম্বৰ-ডিচেম্বৰ মাহত উদযাপিত হোৱা বাল চতুৰ্দশী উৎসৱ আৰু প্ৰতি বছৰে ফেব্ৰুৱাৰী বা মাৰ্চ মাহত অনুষ্ঠিত হোৱা শিৱৰাত্ৰি, যাক মহা শিৱৰাত্ৰি বুলিও জনা যায়। ইয়াৰ উপৰি ইয়াত ভগৱান ৰাম আৰু দেৱী দুৰ্গাৰ নামত উৎসৰ্গিত অন্যান্য মন্দিৰো আছে, যিয়ে ইয়াক হিন্দুসকলৰ বাবে এক গুৰুত্বপূৰ্ণ তীৰ্থস্থান হিচাপে গঢ়ি তুলিছে।

ঐতিহাসিক পটভূমি

[সম্পাদনা কৰক]

হিন্দু বিশ্বাস অনুসৰি, অৰ্জুনৰ কঠোৰ তপস্যা আৰু ভক্তিত সন্তুষ্ট হৈ ভগৱান শিৱকিৰাতসকলৰ অধিপতি বা চিকাৰী কিৰাঁতেশ্বৰ ৰূপত মন্দিৰটো থকা স্থানতে তেওঁৰ আগত প্ৰকট হৈছিল আৰু তেওঁক মহাভাৰতৰ যুদ্ধত জয়ী হʼবলৈ আশীৰ্বাদ দিছিল।[2][3] বহু বছৰ আগতে মানুহে অলৌকিকভাৱে এটি শিলৰ সন্ধান পাইছিল। ইয়াতেই শিৱলিংগৰ প্ৰকাশ ঘটিছিল। সেই শিৱলিংগটোৱেই হৈছে উপাসনাৰ প্ৰধান বিগ্ৰহ। বহুতৰে বিশ্বাস যে এই মন্দিৰটোত প্ৰকৃত ভক্তিৰে দৰ্শন কৰাৰ ফলত যিকোনো মনোকামনা পূৰণ হয়, বিশেষকৈ পুত্ৰ বা কন্যা সন্তানৰ কামনা আৰু লগতে শান্তি, সম্প্ৰীতি আৰু সুস্বাস্থ্যৰ প্ৰাৰ্থনা।[4]

লগতে চাওক

[সম্পাদনা কৰক]

তথ্য উৎস

[সম্পাদনা কৰক]
  1. "Some of the Religious Places of Sikkim". Cultural Affairs & Heritage Department. Government of Sikkim. Archived from the original on 2012-04-26. https://web.archive.org/web/20120426051856/http://www.sikkim-culture.gov.in/Cultural%20Festivals/Religious%20Places.aspx। আহৰণ কৰা হৈছে: 2011-12-15. 
  2. "Legship Sikkim". Mapsofindia.com. Archived from the original on 2013-01-28. https://archive.today/20130128050515/http://www.mapsofindia.com/sikkim/tourism/legship.html। আহৰণ কৰা হৈছে: 2011-10-20. 
  3. Gautam, Keshav (2014). Society and Economy of Sikkim Under Namgyal Rulers (1640-1890). পৃষ্ঠা. 10–11. 
  4. "Legship Rangeet River dam, Kirateswar Mahadev Mandir, Reshi hot spring". www.gopelling.net. http://www.gopelling.net/legship_rangeet%20Rivedam_kirateswar_mahadev_mandir_reshi_hotspring.html। আহৰণ কৰা হৈছে: 2015-03-19. 

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]