কুথু
| কুথু | |
|---|---|
কুথুৰ সাজ-পোছাক, অনুমাণিক ১৭০০–১৭৫০ | |
| শৈলীগত উৎপত্তি | প্ৰাচীন তামিল সংগীত, তামিলনাডুৰ নৃত্য শৈলী |
| সাংস্কৃতিক উৎপত্তি | তামিলকাম |
| প্ৰকাৰ | তেৰুকুট্টু, কাট্টাইকুট্টু |
কুথু (ইংৰাজী: Koothu) বা থেৰুকুথু এক প্ৰাচীন তামিল শিল্পকলা। ইয়াত শিল্পীসকলে নৃত্য আৰু সংগীতৰ মাধ্যমেৰে মহাকাব্য তথা লোককথাৰ দৃশ্যসমূহ ৰূপায়ণ কৰে। এইটো গল্প কোৱাৰ এক কলা মাধ্যম, যাৰ উৎপত্তি প্ৰাচীন তামিলকামত হৈছিল। ই মনোৰঞ্জনৰ মাধ্যম হোৱাৰ লগতে মানুহক ধৰ্ম আৰু ইতিহাসৰ শিক্ষা দিয়াৰো এটা আহিলা আছিল। ইয়াৰ বিভিন্ন ৰূপ আছে, যেনে তেৰুকুট্টু আৰু কাট্টাইকুট্টু।
বিৱৰণ
[সম্পাদনা কৰক]কুথু এবিধ প্ৰাচীন তামিল শিল্পকলা। ই একপ্ৰকাৰৰ ভাৰতীয় শাস্ত্ৰীয় নাটক। ইয়াত শিল্পীসকলে নৃত্য আৰু সংগীতৰ সহায়ত মহাকাব্য আৰু লোককথাৰ দৃশ্যসমূহ অভিনয় কৰি দেখুৱায়। ইয়াত নাট্য প্ৰদৰ্শনৰ সৈতে ধাৰাবিৱৰণী আৰু গায়নো অন্তৰ্ভুক্ত থাকে।[1] শিলপ্পাটিকাৰমৰ দৰে সংগম সাহিত্যত এই শিল্পকলাৰ বিতং বিৱৰণ পোৱা যায়।[2] ইয়াৰ কাহিনীসমূহ ৰামায়ণ, মহাভাৰত, পৌৰাণিক কথা আৰু লোককথাৰ দৰে হিন্দু মহাকাব্যৰপৰা লোৱা হয়। মনোৰঞ্জনৰ উপৰি কুথুৱে গ্ৰাম্য অঞ্চলৰ লোকসকলক ধৰ্ম আৰু ইতিহাসৰ শিক্ষা দিয়াৰ এক মাধ্যম হিচাপে কাম কৰে।[3]
প্ৰকাৰভেদ
[সম্পাদনা কৰক]কুথু প্ৰধানকৈ তেৰুকুট্টু আৰু কাট্টাইকুট্টু নামৰ শিল্পকলাৰে গঠিত। তেৰুকুট্টু বুলিলে শোভাযাত্ৰাত কৰা ভ্ৰাম্যমাণ প্ৰদৰ্শনক বুজায়। আনহাতে কাট্টাইকুট্টুৱে এক নিৰ্দিষ্ট স্থানত প্ৰায়ে গোটেই নিশা কৰা আখ্যানমূলক প্ৰদৰ্শনক বুজায়।[4][5] সাধাৰণতে কুথু মানে এটা প্ৰদৰ্শন। ইয়াক আন আন নিৰ্দিষ্ট শিল্পকলা বুজাবলৈ নামৰ অংশ হিচাপে ব্যৱহাৰ কৰা হয়। ইয়াৰ ভিতৰত নাট্টু কুথু, কুৰাভাই কুথু আৰু ভাল্লি কুথু অন্যতম। এইসমূহে তামিল দেশৰ বিভিন্ন লোকৰ অৱস্থা আৰু সংস্কৃতিৰ দৃশ্যসমূহ চিত্ৰিত কৰে। সময়া কুথুৱে ধৰ্মীয় বিষয়সমূহ প্ৰদৰ্শন কৰে। আনহাতে পোৰকালা কুথু, পেই কুথু আৰু থুনাংগাই কুথুৱে দেশৰ যুদ্ধ কলা আৰু যুদ্ধৰ ওপৰত গুৰুত্ব দিয়ে। আন কিছুমান ৰূপৰ ভিতৰত চাক্যাৰ কুথু আৰু ওট্টান কুথু অন্যতম, যি এক জনজাতীয় ধৰ্মীয় নৃত্য শৈলী।[6][7] এডাল সূতাৰে চলোৱা একপ্ৰকাৰৰ পুতলা নাচ বোম্মালাট্টমকো থল পাভাই কুথু (চামৰাৰ পুতলাৰ নৃত্য) বুলি কোৱা হয়।[8]
প্ৰদৰ্শন
[সম্পাদনা কৰক]প্ৰদৰ্শনকাৰীসকলক "কুথাৰ" বুলি কোৱা হয়।[2] তেওঁলোকে কাঠৰ তৈয়াৰী ধুনীয়া শিৰোনাম, ঘূৰণীয়া স্কাৰ্ট থকা বিশেষ সাজ-পোছাক, গধুৰ জুনুকাৰ দৰে অলংকাৰ পিন্ধে। ইয়াৰ লগতে মুখমণ্ডলত গভীৰভাৱে ৰং আৰু মেক-আপ লগায়।[9] পৰম্পৰাগতভাৱে প্ৰদৰ্শনকাৰীসকল মূলতঃ পুৰুষ আছিল যদিও আধুনিক যুগত মহিলাসকলকো অন্তৰ্ভুক্ত কৰা হৈছে।[10]
এই কলা একপ্ৰকাৰৰ বাটৰ নাট। ইয়াক উৎসৱৰ সময়ত মুকলি ৰাজহুৱা স্থান যেনে মন্দিৰ বা গাঁৱৰ চকত প্ৰদৰ্শন কৰা হয়। ই সাধাৰণতে মৰিআম্মা বা দ্ৰৌপদীৰ দৰে হিন্দু দেৱীৰ নামত উৎসৰ্গিত হয়। এই নৃত্যৰ সৈতে পৰম্পৰাগত বাদ্যযন্ত্ৰৰ সংগীত থাকে। প্ৰদৰ্শনৰ সময়ত পিছপিনে থকা এজন 'কাট্টিয়াকাৰণ' বা সূত্ৰধাৰে কাহিনীটো বৰ্ণনা কৰে।[9] শিল্পীসকলে প্ৰায়ে এজন নাট্টুৱনাৰ (শিক্ষক) তত্ত্বাৱধানত 'কুথু পট্টৰাই' (নাট্য কৰ্মশালা)ত প্ৰশিক্ষণ লয়।[11]
চৰ্চাৰ ক্ষেত্ৰসমূহ
[সম্পাদনা কৰক]কুথু হৈছে এক শিল্পকলা। ইয়াৰ চৰ্চা সংগম যুগৰপৰাই তামিলনাডুত চলি আহিছে।[2][12] একবিংশ শতিকাত কুথু-পি-পট্টৰাইৰ দৰে নাট্য গোষ্ঠীয়ে এই শিল্পকলা প্ৰদৰ্শন কৰি আহিছে।[13][14] শিল্পীসকলক প্ৰশিক্ষণ দিবৰ বাবে কাট্টাইকুথু গুৰুকুলমৰ দৰে সুকীয়া বিদ্যালয় আৰু বিভিন্ন প্ৰশিক্ষণ কাৰ্যসূচীও স্থাপন কৰা হৈছে।[5][15] ২০২০ চনৰ আৰম্ভণিতে, ক’ৰোনা অতিমাৰীৰ বাবে হোৱা ক’ভিড-১৯ লকডাউন তলাবন্ধৰ বাবে এই শিল্পকলাৰ চৰ্চা হ্ৰাস পাইছিল আৰু শিল্পীসকলে জীৱিকা উপাৰ্জনৰ বাবে সংগ্ৰাম কৰিবলগীয়া হৈছিল।[16]
তামিলনাডুৰ উপৰি, যেতিয়া তামিল লোকসকলে শ্ৰী লংকা আৰু ফিজিৰ দৰে বিভিন্ন দেশলৈ প্ৰব্ৰজন কৰিলে, তেতিয়া এই শিল্পকলাও সেইবোৰ অঞ্চললৈ সম্প্ৰসাৰিত হ’ল।[17][18] ফিজিত ইয়াক "তিৰিকুটু" বুলি কোৱা হয় আৰু মন্দিৰৰ উৎসৱসমূহৰ সময়ত পুৰুষসকলে ইয়াক প্ৰদৰ্শন কৰে।[18][19]
লগতে চাওক
[সম্পাদনা কৰক]প্ৰসংগসমূহ
[সম্পাদনা কৰক]- ↑ Images of the Body in India: South Asian and European Perspectives on Rituals and Performativity. Taylor & Francis. 2012. ISBN 978-1-13670-392-8. https://books.google.com/books?id=ui2pAgAAQBAJ&q=koothu। আহৰণ কৰা হৈছে: 16 July 2024.
- 1 2 3 Vijaya Ramaswamy (2017). Historical Dictionary of the Tamils. Rowman & Littlefield. পৃষ্ঠা. 357. ISBN 978-1-538-10686-0.
- ↑ "Therukoothu". Tamilnadu.com. Archived from the original on 19 June 2013. https://web.archive.org/web/20130619060246/http://tamilnadu.com/arts/therukoothu.html। আহৰণ কৰা হৈছে: 10 August 2026.
- ↑ "Therukoothu: The People's Art". Times of Madurai. http://www.maduraimessenger.org/printed-version/2010/april/therukoothu-the-people-s-art/। আহৰণ কৰা হৈছে: 11 December 2010.
- 1 2 Mangai, A. (26 March 2025). "How a koothu performance proved to be a social leveller". The Hindu. ISSN 0971-751X. https://www.thehindu.com/entertainment/theatre/how-a-koothu-performance-proved-to-be-a-social-leveller/article69376224.ece। আহৰণ কৰা হৈছে: 13 June 2025.
- ↑ "Theru Koothu". http://www.mapsofindia.com/tamilnadu/music-and-dance/theru-koothu.html.
- ↑ Shovana Narayan (2004). Folk Dance Traditions of India. Shubhi Publication. পৃষ্ঠা. 226-227. ISBN 978-81-87226-93-2. https://books.google.com/books?id=s8vfAAAAMAAJ। আহৰণ কৰা হৈছে: 16 July 2024.
- ↑ "Shadow play". Frontline. 15 May 2013. https://frontline.thehindu.com/arts-and-culture/shadow-play/article4705618.ece। আহৰণ কৰা হৈছে: 1 June 2024.
- 1 2 Wolf, Gita; Geetha, V.; Ravishankar, Anushka (2003). Masks and Performance with Everyday Materials. Tara Publishing. পৃষ্ঠা. 37-38. ISBN 978-8-18621-147-2. https://books.google.com/books?id=c4XWU6kr1_UC&pg=PA37। আহৰণ কৰা হৈছে: 16 July 2024.
- ↑ Srinivasaraghavan, N. C. (7 October 2021). ] "Women take centre stage at Kattaikkuttu Sangam"]. The Hindu. ISSN 0971-751X. https://www.thehindu.com/entertainment/theatre/women-take-centre-stage-at-kattaikkuttu-sangam/article]].
- ↑ "Remembered realities". Frontline. 8 November 2018. https://frontline.thehindu.com/other/obituary/article25437297.ece। আহৰণ কৰা হৈছে: 1 June 2025.
- ↑ Niraalee Shah (2021). Indian Etiquette: A Glimpse Into India's Culture. Notion Press. পৃষ্ঠা. 132. ISBN 978-1-63886-554-4.
- ↑ Santhanam, Kausalya (21 September 2005). "Master of avant-garde theatre". The Hindu. Archived from the original on 15 July 2014. https://web.archive.org/web/20140715161245/http://hindu.com/। আহৰণ কৰা হৈছে: 1 February 2009.
- ↑ "Koothu-P-Pattarai". India9. 21 September 2005. http://india9.com। আহৰণ কৰা হৈছে: 1 February 2009.
- ↑ "Koothu comes to town". The Hindu. 18 May 2016. https://thehindu.com। আহৰণ কৰা হৈছে: 1 June 2025.
- ↑ Shekar, Anjana (18 June 2020). "Traditional folk artists across Tamil Nadu hit hard during lockdown". The News Minute. https://thenewsminute.com। আহৰণ কৰা হৈছে: 13 June 2025.
- ↑ "Diasporic Monograph". SAARC: 181. February 2016. https://saarcculture.org। আহৰণ কৰা হৈছে: 1 June 2025.
- 1 2 "Hindus In Navua Mark End Of Pooja". Fiji Sun. 28 July 2015. https://fijisun.com.fj.
- ↑ "Devotees prepare for prayer ceremony". Fiji Times. 26 May 2015. Archived from the original on 1 June 2025. https://web.archive.org/web/20250601013606/https://www.fijitimes.com.fj/.
বহিঃসংযোগ
[সম্পাদনা কৰক]- Therukoothu.org Archived 5 April 2013 at the Wayback Machine
- থেৰুকুথু সম্পৰ্কীয় তথ্যচিত্ৰ, বংগোপসাগৰ কাৰ্যসূচী আন্তঃচৰকাৰী সংস্থা