সমললৈ যাওক

লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(LGBIAৰ পৰা পুনঃনিৰ্দেশিত)
Lokpriya Gopinath Bordoloi International Airport
লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ
লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ, গুৱাহাটী
আইএটিএ: GAUআইচিএঅ: VEGT
GAU is located in অসম
GAU
GAU
অসমৰ মানচিত্ৰত বিমানবন্দৰটোৰ অৱস্থান
সংক্ষিপ্ত
প্ৰকাৰ ৰাজহুৱা
অধিকাৰী ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণ
অপাৰেটৰ গুৱাহাটী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ লিমিটেড
সেৱা গুৱাহাটী
অৱস্থান গুৱাহাটী, অসম, ভাৰত
উচ্চতা 162 ফুট / 49 মিটাৰ
স্থানাঙ্ক 26°06′22″N 091°35′09″E / 26.10611°N 91.58583°E / 26.10611; 91.58583স্থানাংক: 26°06′22″N 091°35′09″E / 26.10611°N 91.58583°E / 26.10611; 91.58583
ৱেবছাইট www.aai.aero/guwahati
উড্ডায়ন পথ
দিকনিৰ্দেশনা দৈৰ্ঘ্য উপৰিতল
ফুট মিটাৰ
02/20 10,200 3,110 এচফাল্ট
পৰিসংখ্যা (এপ্ৰিল ২০১৬ - মাৰ্চ ২০১৭)
যাত্ৰী ৩৭,৮৯,৬৫৬(বৃদ্ধি৩৬.১%)
বিমানৰ সঞ্চালন ৩৭,৮৭৩(বৃদ্ধি২৮.৭%)
Cargo tonnage ১৭,২৮৬(বৃদ্ধি১০.৬%)
উৎস: ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণ[1][2][3]

লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ (আইএটিএ: GAU, আইচিএঅ’: VEGT), (ইংৰাজী: Lokpriya Gopinath Bordoloi International Airport), গুৱাহাটী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ(ইংৰাজী: Guwāhāti International Airport) হিচাপেও জনা যায়) ভাৰতৰ উত্তৰ পূৰ্বাঞ্চলৰ মুখ্য আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ। অসমগুৱাহাটী মহানগৰৰ সমীপৱৰ্তী বৰঝাৰত অৱস্থিত এই বিমানবন্দৰটো স্বাধীনতা সংগ্ৰামী লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ নামেৰে নামকৰণ কৰা হৈছে। গোপীনাথ বৰদলৈ ভাৰতৰ স্বাধীনতাৰ পিছত অসমৰ প্ৰথম মুখ্যমন্ত্ৰী আছিল। এই বিমানবন্দৰটো ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ দ্বাৰা পৰিচালিত আৰু ভাৰতী বায়ু সেনাইও ইয়াক ঘাটি হিচাপে ব্যৱহাৰ কৰে।

বিমানবন্দৰৰ বিৱৰণ

[সম্পাদনা কৰক]
বিৱৰণ
  • ক'ড নং-৪
  • ক'ড বৰ্ণ: D
  • উচ্চতা: ১৬২ ফুট
  • টাৰ্মিনেল ক্ষমতা
    • দেশীয়: ৫০০
    • আন্তঃৰাষ্ট্ৰীয়: ১২৫
  • ব'ৰ্ডিং প্ৰৱেশদ্বাৰ
    • আন্তঃৰাষ্ট্ৰীয়: ১
    • দেশীয়: ৬
  • টাৰ্মিনেলৰ পৃষ্ঠাকালি: ৮৬৫৫ বৰ্গমিটাৰ
  • চেক্-ইন কাউণ্টাৰৰ সংখ্যা: ৪
  • ইমিগ্ৰেশ্যন কাউণ্টাৰৰ সংখ্যা: ১
  • ছিকিউৰিটি চেক: ৪

সাত-ভনী আৰু Nine Perfect Jewels হিচাপে জনাজাত উত্তৰ-পূব ভাৰতলৈ সেৱা আগবঢ়োৱা বিমানসমূহৰ বাবে গুৱাহাটী বিমানবন্দৰ এটা মুখ্য হাব। গুৱাহাটী বিমানবন্দৰৰ পৰা উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন স্থানলৈ হেলিকপ্টাৰ সেৱাও পৰিচালিত হয়। ইয়াৰ পৰা ছিলঙ (৩০ মিনিট), তুৰা (৫০ মিনিট), নাহৰলগুণ (ইটানগৰ) আৰু টাৱাঙ (৭৫ মিনিট) আদি ঠাইলৈ পৱন হংস হেলিকপ্টাৰ সেৱাৰ ব্যৱস্থা আছে। শেহতীয়াকৈ মণিপুৰইম্ফাল বিমানবন্দৰ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈ উন্নীত হোৱাৰ আগতে সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলত লোকপ্ৰিয় গোপীনাথ বৰদলৈ বিমানবন্দৰেই একমাত্ৰ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ আছিল। সম্প্ৰতি বিমানবন্দৰৰ উন্নীতকৰণৰ পৰিকল্পনা চলি আছে।

গুৱাহাটী বিমানবন্দৰৰ ভিতৰচ'ৰা
বিমানবন্দৰৰ ভিতৰ অংশত থকা মুখাশিল্পৰ প্ৰদৰ্শন।

এয়াৰলাইনছ আৰু গন্তব্যস্থলসমূহ

[সম্পাদনা কৰক]
যাত্ৰীবাহী বিমান
এয়াৰলাইনগন্তব্যস্থান 
এয়াৰ এছিয়া ইণ্ডিয়াদিল্লী, ইম্ফাল
এয়াৰ ইণ্ডিয়াদিল্লী, বেংগালুৰু, ইম্ফাল, কলকাতা, বাগডোগ্ৰা
এয়াৰ ইণ্ডিয়া আঞ্চলিকদিল্লী, শিলচৰ, লীলাবাৰী
ড্ৰাক এয়াৰবেংকক-সুৱৰ্ণভূমি, পাৰো, ছিংগাপুৰ
গ'এয়াৰআহমেদাবাদ, দিল্লী, বেংগালুৰু, বাগডোগ্ৰা, কলকাতা, মুম্বাই
ন'ক এয়াৰবেংকক-ড'ন মুয়েং
ইণ্ডিগ'চেন্নাই, দিল্লী, ইম্ফাল, জয়পুৰ, কলকাতা, বাগডোগ্ৰা, মুম্বাই, বেংগালুৰু, আগৰতলা, হায়দৰাবাদ, বাগডোগ্ৰা, আহমেদাবাদ
জেট এয়াৰৱেজআইজল, দিল্লী, ইম্ফাল, কলকাতা, মুম্বাই, শিলচৰ, ৱডোদৰা, বাগডোগ্ৰা
জেটকানেক্টআগৰতলা, আহমেদাবাদ, বেংগালুৰু, দিল্লী, ডিব্ৰুগড়, গোৱা, ইম্ফাল, যোৰহাট, কলকাতা, মুম্বাই, পুনে, বাগডোগ্ৰা
স্পাইচজেটআগৰতলা, বাগডোগ্ৰা, বেংগালুৰু, চেন্নাই, দিল্লী, কলকাতা, মুম্বাই, প'ৰ্ট ব্লেয়াৰ
ভিষ্টাৰাবাগডোগ্ৰা, দিল্লী[4]
পৱন হংসইটানগৰ, ছিলং, টাৱাং, তুৰা
চাৰ্টাৰ
এয়াৰলাইনগন্তব্যস্থান 
নৰ্থইষ্ট ছাটলছকোচ বিহাৰ
পৱন হংসছিলং

তথ্যসূত্ৰ

[সম্পাদনা কৰক]

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]