এলজিবিটি

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(LGBTৰ পৰা পুনঃনিৰ্দেশিত)
Jump to navigation Jump to search
ইস্তানবোলৰ এলজিবিটি গৌৰৱ যাত্ৰা

এলজিবিটি (LGBT) হ'ল এলজিবিটি সমাজলেছবিয়ান, গে', বাইচেক্সুৱেল আৰু ট্ৰান্সজেণ্ডাৰ সকলৰ পৰা অহা এটা সংক্ষিপ্ত শব্দ (acronym)। শব্দটো ইংৰাজী ভাষাৰ পৰা বিংশ শতিকাত অহা। ভিন্ন সময়ত ভিন্ন সংখ্যালঘু সমাজে নিজৰ শব্দসমূহ যোগদান কৰি এলজিবিটি শব্দটো ভিন্ন প্ৰকাৰত ক্ৰমবিকাশ কৰি আহিছে। ১৯৯০ৰ দশকৰ পৰা এই সংক্ষিপ্ত শব্দটো পূৰ্বৰ "গে' কমিউনিটি" (Gay Community)-ৰ সংজ্ঞাবাচক নাম হিচাপে ব্যৱহৃত হৈ আহিছে। যি গে' সকলক উপস্থাপন কৰিছিল। কিন্তু পৰৱৰ্তী কালত ইয়াক বাইচেক্সুৱেল আৰু লেছবিয়ান সকলে পৰ্যাপ্ত বুলি অনুভৱ নকৰি এলজিবি (LGB) বুলি কৰি তোলে। সময়ত ইয়াৰ লগত ট্ৰান্সজেণ্ডাৰ সংযোগ কৰি এলজিবিটি কৰি তোলা হয় যি বৰ্তমান সময়ত ভিন্ন দেশত ভিন্ন ক্ৰমত এলজিবিটি বা জিএলবিটি বুলি ব্যৱহাৰ হৈ আহিছে।[1]

বিগত কিছু বছৰত অন্যান্য সমাজ সমূহেও এলজিবিটি সমাজৰ সৈতে যোগদান কৰি নামটো আৰু অধিক দীঘলীয়া কৰা দেখা গৈছে। যিদৰে কুইয়াৰ সকলে এলজিবিটিকিউ (LGBTQ), ইণ্টাৰচেক্স সকলে এলজিবিটিআই (LGBTI) আৰু এচেক্সুৱেল সকলে এলজিবিটিএ (LGBTA) হিচাপে দাবী কৰি আহিছে।[2] অন্যহাতে ট্ৰেন্সজেণ্ডাৰ উপৰিও ট্ৰান্সচেক্সুৱেল সকলে এলজিবিটি+ (LGBT+) বুলি দাবী কৰি আহিছে। এনেবোৰ কাৰণতে বৰ্তমান এলজিবিটি শব্দটোৱে কেৱল লেছবিয়ান, গে', বাইচেক্সুৱেল আৰু ট্ৰান্সজেণ্ডাৰ সলনি সকলোকে সামৰি ব্যৱহাৰ কৰা হৈছে। যদিও বহুতো ট্ৰান্সচেক্সুৱেল লোককে ধৰি অন্য সমাজ সমূহে গে', বাইচেক্সুৱেল আৰু লেছবিয়ান সকলক পৃথক অনুভৱ কৰিছে।[3] যিহেতু গে', বাইচেক্সুৱেল আৰু লেছবিয়ান সকল অন্য ট্ৰান্সসমাজ সমূহৰদৰে পৃথক লিংগৰ দৰে অনুভৱ নকৰে আৰু নিজৰ মাত্ৰ একে লিংগৰ লগত প্ৰেম আৰু আকৰ্ষণ হে অনুভৱ কৰে।[4] কিন্তু বৰ্তমান সময়ত এলজিবিটি শব্দটোৱে প্ৰচাৰ মাধ্যমত ব্যৱহাৰ কৰা হৈছে।

বিকাশ[সম্পাদনা কৰক]

এলজিবিটি গৌৰৱযাত্ৰা

১৯ শতিকাত পশ্চিমীয়া দেশ সমূহৰ চিকিৎসা বিজ্ঞানত Homosexual শব্দৰ ব্যৱহাৰ হব ধৰিছিল। ১৯২০ চনত জাৰ্মানীত Frauen lesbische Berlins (অসমীয়া ভাষাত বাৰ্লিনৰ লেছবিয়ান মহিলা) নামৰ কিতাপ খনত Homosexual শব্দৰ ব্যৱহাৰৰ পাছত শব্দটো অধিক জনপ্ৰিয় হৈ পৰিছিল।[5] ১৯৫০ দশকত পশ্চিমত হ'ম'ফাইল (Homophile) নামৰ শব্দ ব্যৱহাৰ কৰি homosexual শব্দক নাকচ কৰিছিল যি কেৱল যৌনতাত সীমিত আছিল আৰু এই শব্দই একে লিংগৰ প্ৰেমক উপস্থাপন কৰিছিল। হ'ম'ফাইল (Homophile) শব্দটো সেই সময়ত ইউৰোপ আৰু আমেৰিকা যুক্তৰাষ্ট্ৰত প্ৰচলন হৈছিল।[6][7] যদিও স্পেইন আদি দেশত homosexual শব্দটো ব্যৱহৃত হৈছিল কিন্তু আমেৰিকা যুক্তৰাষ্ট্ৰত ক্ৰমাৎ গে' শব্দটো অত্যধিক ৰূপত ব্যৱহাৰ হবা ধৰিছিল। ক্ৰমাৎ অধিক যুৱকে নিজকে গে' বুলি আত্মপ্ৰকাশ কৰাৰ ফলত শব্দটো জনপ্ৰিয় হৈ পৰিল। নতুনকৈ বহুতো গে' বাৰ আদি খুলিব ধৰে। আনহাতে লেছবিয়ান আৰু ট্ৰান্স সমাজেও পৃথকে পৃথকে নিজক আত্মপ্ৰকাশ কৰি আহিছিল। কিন্তু ১৯৬৯ৰ ষ্টনৱালৰ বিপ্লৱ সৰ্বপ্ৰথম এলজিবিটি আন্দোলন হিচাপে পৰিগণিত হয়। তাই পাছত ক্ৰমাৎ এলজিবিটি সমাজ লগ হৈ আগবাঢ়ি আহিল।[8] উল্লেখযোগ্য যে "গে' কমিউনিটি" শব্দটো সম্প্ৰদায়ৰ বহুতক যথাযথভাৱে প্ৰতিনিধিত্ব কৰা নাছিল।[9]

বিবিধতা[সম্পাদনা কৰক]

অসমগুৱাহাটীত অনুষ্ঠিত ২০২০ৰ এলজিবিটি গৌৰৱ যাত্ৰা

"এলজিবিটি" শব্দটো মূলতঃ পৃথক মানৱ প্ৰেম যৌন অভিমুখিতা আৰু পৃথক লিংগ পৰিচয় থকা ব্যক্তি সকলক সাঙুৰি ব্যৱহৃত হয়। সাধাৰণভাৱে অকামিতা (Asexual), সমকামিতা (Homosexual), উভকামিতা (Bisexual) বা ৰূপান্তৰকামিতা (Transgender) থকা যিকোনো ব্যক্তিক বুজাবলৈ এই শব্দ ব্যৱহাৰ কৰা হয়।[9][10] এই ধৰণৰ অন্তৰ্ভুক্ত হিচাপে আদ্যক্ষৰটোৰ এটি জনপ্ৰিয় পাঠান্তৰত ইংৰাজী "কিউ" (Q) অক্ষৰটো যুক্ত কৰা হয় যৌন প্ৰবৃত্তিৰ স্থলত কুইয়াৰ বা প্ৰশ্নৰত যৌনতা আৰু লিংগ বুজাবলৈ (অৰ্থাৎ, "এলজিবিটিকিউ" বা "জিএলজিবিটিকিউ"), ১৯৯৬ চনৰ পৰা নথিভুক্ত হয়।[11]

সংজ্ঞাবাচক নাম হিচাপে এই আদ্যক্ষৰটো মূলধাৰাত পৰিণত হয়। আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু অন্য কেইখনমান ইংৰাজ-ভাষী দেশৰ অধিকাংশ যৌনতা আৰু লিংগ পৰিচয়-ভিত্তিক সামাজিক কেন্দ্ৰ আৰু গণমাধ্যম দ্বাৰা এই শব্দ গৃহীতও হয়।[12][13]

ভিন্ন মত[সম্পাদনা কৰক]

কিন্তু এই আদ্যক্ষৰটো সমাজৰ সংশ্লিষ্ট অংশৰ বহুতৰে সমৰ্থন লাভত বঞ্চিত হয়।[14] আনহাতে কোনো কোনো ইণ্টাৰচেক্স ব্যক্তি সকলে এলজিবিটি গোষ্ঠীভুক্ত কৰিবলৈ আদ্যক্ষৰটোক "এলজিবিটিআই" পৰ্যন্ত প্ৰসাৰিত কৰাৰ পক্ষত মত দিয়ে (১৯৯৯ চনৰ পৰা নথিভুক্ত[15])।[16] আনহাতে কিছুমানৰ মতে এটা গোষ্ঠীৰ লগত আন গোষ্ঠী সমূহৰ কোনো সম্পৰ্ক নাই। সেয়ে এই জাতীয় আদ্যক্ষৰৰ ব্যৱহাৰ তেওঁলোকৰ বাবে অপমানজনক।[17] আকৌ কিছুমানৰ মতে ৰূপান্তৰকামী সকল "এলজিবি" গোষ্ঠীৰ অন্তৰ্ভুক্ত হব নোৱাৰে।[18] এই জাতীয় ধাৰণা সমূহ "লেচবিয়ান আৰু গে' বিচ্ছিন্নতাবাদ" তত্ত্বৰ প্ৰমাণ হিচাপেও ব্যৱহৃত হয়। উক্ত তত্ত্ব অনুযায়ী, নাৰী আৰু পুৰুষ সমকামী সকলৰ পৃথক সমাজ গঠন কৰা প্ৰয়োজন আৰু সাধাৰণভাবে তেওঁলোকক যিবোৰ গোষ্ঠীমণ্ডলত অন্তৰ্ভুক্ত কৰা হয়, তাৰ পৰাও বিচ্ছিন্ন কৰা প্ৰয়োজন।[17][19] কিছুমানৰ মতে শব্দটোৰ কোনো অস্তিত্বয়ে নাই। তেওঁলোকে ইয়াক ৰাজনৈতিকভাৱে অতিৰিক্ত ধৰণৰ সঠিক শব্দ বুলি ভাবে। তেওঁলোকৰ মতে, ই বিভিন্ন গোষ্ঠীক এক ধূসৰ এলেকাত আৱদ্ধ কৰাৰ আৰু প্ৰধান গোষ্ঠীৰ প্ৰধান বিষয় সমূহক সম গুৰুত্ব প্ৰদানৰ এটি প্ৰয়াস মাথোঁ।[18][20]

তথ্য উৎস[সম্পাদনা কৰক]

  1. Swain, Keith W. ( June 21, 2007 ). "Gay Pride Needs New Direction" (in English) . Denver Post . Retrieved July 5, 2008
  2. Challenging lesbian norms : intersex, transgender, intersectional, and queer perspectives. প্ৰকাশক Binghamton, NY: Harrington Park Press. ISBN 1-56023-645-0. 
  3. Bloodsworth-Lugo, Mary K.. In-between bodies : sexual difference, race, and sexuality. প্ৰকাশক Albany: State University of New York Press. ISBN 0-7914-7221-3. 
  4. Mohr, Richard D.. Gays/justice : a study of ethics, society, and law. প্ৰকাশক New York: Columbia University Press. ISBN 0-231-06735-6. 
  5. Tamagne, Florence (2006). A history of homosexuality in Europe. Berlin, London, Paris 1919-1939 (in English) (1st edition).
  6. Herrero-Brasas, Juan A.. La sociedad gay : una invisible minoría. প্ৰকাশক Madrid: Foca Ediciones y Distribuciones. ISBN 9788495440150. 
  7. Minton, Henry L.. Departing from deviance : a history of homosexual rights and emancipatory science in America. প্ৰকাশক Chicago: University of Chicago Press. ISBN 0226530434. 
  8. Acronyms, initialisms & abbreviations dictionary, Volume 1, Part 1 Gale Research Co., 1985, ISBN 978-0-8103-0683-7. Factsheet five, Issues 32-36, Mike Gunderloy, 1989
  9. 9.0 9.1 9.2 Swain, Keith W. (21 June 2007). "Gay Pride Needs New Direction". Denver Post. http://www.denverpost.com/ci_6198394?source=rss। আহৰণ কৰা হৈছে: 2008-07-05. 
  10. 10.0 10.1 Shankle, Michael D. (2006). The Handbook of Lesbian, Gay, Bisexual, and Transgender Public Health: A Practitioner's Guide To Service. Haworth Press. ISBN 978-1-56023-496-8. https://books.google.com/books?id=pUUyLSKD5voC. 
  11. The Santa Cruz County in-queery, Volume 9, Santa Cruz Lesbian, Gay, Bisexual & Transgendered Community Center, 1996
  12. The 2008 Community Center Survey Report: Assessing the Capacity and Programs of Lesbian, Gay, Bisexual, and Transgender Community Centers August 29, 2008, Terry Stone, CenterLink (formerly The National Association of Lesbian, Gay, Bisexual and Transgender Community Centers).Report link
  13. National Lesbian & Gay Journalists Association: Stylebook Supplement on LGBT Terminology, NLGJA 2008. Stylebook Supplement
  14. 14.0 14.1 Finnegan, Dana G.; McNally, Emily B. (2002). Counseling Lesbian, Gay, Bisexual, and Transgender Substance Abusers: Dual Identities. Haworth Press. ISBN 978-1-56023-925-3. https://archive.org/details/counselinglesbia2002finn. 
  15. William L. Maurice, Marjorie A. Bowman, Sexual medicine in primary care, Mosby Year Book, 1999, ISBN 978-0-8151-2797-0
  16. 16.0 16.1 Aragon, Angela Pattatuchi (2006). Challenging Lesbian Norms: Intersex, Transgender, Intersectional, and Queer Perspectives. Haworth Press. ISBN 978-1-56023-645-0. https://books.google.com/books?id=usruybRjfMUC। আহৰণ কৰা হৈছে: 2008-07-05. 
  17. 17.0 17.1 17.2 Bloodsworth-Lugo, Mary K. (2007). In-Between Bodies: Sexual Difference, Race, and Sexuality. SUNY Press. ISBN 978-0-7914-7221-7. https://books.google.com/books?id=Ph74JKY_5dwC. 
  18. 18.0 18.1 18.2 Wilcox, Melissa M. (2003). Coming Out in Christianity: Religion, Identity, and Community. Indiana University Press. ISBN 978-0-253-21619-9. https://books.google.com/books?id=yjdhpMnHEIMC. 
  19. 19.0 19.1 Mohr, Richard D. (1988). Gays/Justice: A Study of Ethics, Society, and Law. Columbia University Press. ISBN 978-0-231-06735-5. https://books.google.com/books?id=dfUw8Zl0kPEC। আহৰণ কৰা হৈছে: 2008-07-05. 
  20. 20.0 20.1 Halpin, Mikki (2004). It's Your World—If You Don't Like It, Change It: Activism for Teenagers. Simon and Schuster. ISBN 978-0-689-87448-2. https://books.google.com/books?id=Ud3Zzo2-VMsC. 
  21. 21.0 21.1 Alexander, Jonathan; Yescavage, Karen (2004). Bisexuality and Transgenderism: InterSEXions of The Others. Haworth Press. ISBN 978-1-56023-287-2. https://books.google.com/books?id=2SOe4igsrbgC. 

লগতে চাওক[সম্পাদনা কৰক]

বহিঃসংযোগ[সম্পাদনা কৰক]