সমললৈ যাওক

লক্ষ্মণ সেন

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(Lakshmana Senaৰ পৰা পুনঃনিৰ্দেশিত)
লক্ষ্মণ সেন
সেন ৰাজবংশৰ ৰজা
ৰাজত্ব ১১৭৮–১২০৬
পূৰ্বসূৰী বল্লাল সেন
উত্তৰাধিকাৰী মাধৱ সেন
দাম্পত্য সঙ্গী তন্দ্ৰা দেৱী
সন্তান
বিশ্বৰূপ সেন
কেশৱ‌ সেন
মাধৱ সেন
মাতৃ ৰমাদেৱী
পিতৃ বল্লাল সেন
ধৰ্ম হিন্দু ধৰ্ম

লক্ষ্মণ সেন (ইংৰাজী: Lakshmana Sena; ৰাজত্বকাল: ১১৭৮–১২০৬) আছিল ভাৰতীয় উপমহাদেশবংগ অঞ্চলৰ সেন ৰাজবংশৰ এগৰাকী শাসক। তেওঁ সুদীৰ্ঘ ২৮ বছৰ কাল বংগত শাসন কৰিছিল। তেওঁৰ সাম্ৰাজ্যই গৌড়, কামৰূপ, কলিংগ, মগধ আৰু কাশীৰ ভূখণ্ডৰ অধিকাৰী হৈ শিখৰত উপনীত হৈছিল।[1][2][3]

লক্ষ্মণ সেন আছিল পিতৃ বল্লাল সেনৰ একমাত্ৰ উত্তৰাধিকাৰী৷[4] তেওঁৰ ৰাজত্বকালৰ ইতিহাস তেওঁৰ সময়ৰ এপিগ্ৰাফৰ পৰা পুনৰ্গঠন কৰিব পাৰি, য’ত তেওঁৰ উত্তৰাধিকাৰীৰ পৰা পোৱা দেওপাৰা প্ৰশস্তিৰ শিলালিপি আৰু তামৰ ফলক অন্তৰ্ভুক্ত কৰা হৈছে। ১২৬০ চনত ৰচিত তাবাকাত-ই-নাচিৰি, তেওঁৰ ৰাজত্ব সম্বন্ধীয় তথ্যৰ আন এক উৎস।

সামৰিক অভিযান

[সম্পাদনা কৰক]

যৌৱনকালত লক্ষ্মণ সেনে গৌড়, কামৰূপ, কলিংগ আৰু বাৰাণসীৰ বিৰুদ্ধে (গাহড়ৱাল ৰজা জয়চন্দ্ৰৰ শাসনকালত) সামৰিক অভিযান চলাইছিল আৰু ককাক বিজয় সেন আৰু পিতৃ বল্লাল সেনক সেন ৰাজ্যৰ সীমা সম্প্ৰসাৰণত সহায় কৰিছিল। অৱশ্যে বৃদ্ধ বয়সত তেওঁ নিজেই বংগৰ সিংহাসনত আৰোহণ কৰিছিল।

শিল্প আৰু অন্যান্য অৱদান

[সম্পাদনা কৰক]

লক্ষ্মণ সেন সাহিত্যৰ প্ৰতিও আগ্ৰহী আছিল। তেওঁ কেইবাটাও সংস্কৃত কবিতা ৰচনা কৰিছিল। তেওঁ অদ্ভুত সাগৰ নামৰ পিতৃয়ে অসম্পূৰ্ণভাৱে লিখা গ্ৰন্থ এখন সম্পূৰ্ণৰূপে লিখি উলিয়াইছিল। তেওঁ সমসাময়িক সংস্কৃত সাহিত্যৰ প্ৰধান ব্যক্তি — জয়দেৱ, ধোয়ী আৰু শৰণক তেওঁৰ ৰাজসভাৰ কবি হিচাপে স্থান দিছিল। তেওঁৰ আন আন সভাসদসকলৰ ভিতৰত, শ্ৰীধৰদাস, হলায়ুধ মিশ্ৰ আৰু উমাপতি ধৰেও বহু গুৰুত্বপূৰ্ণ গ্ৰন্থ তথা সাহিত্যকৰ্ম ৰচনা কৰিছিল।[5] লক্ষ্মণ সেনে লক্ষ্মণাব্দ নামৰ এটি বৰ্ষপঞ্জীৰ সূচনা কৰিছিল যিটো প্ৰায় ৪০০ বছৰকাল ধৰি বংগ আৰু বিহাৰত ব্যৱহাৰ কৰা হৈছিল।[6][7] তেওঁ মধ্যযুগীয় বিশিষ্ট নগৰ লখনৌতীও প্ৰতিষ্ঠা কৰিছিল৷[7]

তেওঁ এগৰাকী নিষ্ঠাবান বৈষ্ণৱ হিন্দু আছিল আৰু সেই কথা প্ৰতিফলিত কৰিবলৈ তেওঁ পৰমবৈষ্ণৱ বা পৰমনৰসিংহৰ দৰে উপাধি গ্ৰহণ কৰিছিল।[5] আনকি লক্ষ্মণসেনৰ বিশ্বাস আৰু উদাৰতাই মিনহাজ-ই-চিৰাজৰ দৃষ্টি আকৰ্ষণ কৰিছিল, যিয়ে তেওঁক বংগৰ ‘মহান ৰায়’ বুলি অভিহিত কৰিছিল আৰু তেওঁক চুলতান কুতুবুদ্দিন আইবাকৰ সৈতে তুলনা কৰিছিল।[5]

ঘুৰিদ আক্ৰমণ

[সম্পাদনা কৰক]

১২০০ খ্ৰীষ্টাব্দত, বিহাৰ দখল কৰাৰ পিছত[8] তুৰ্কো-আফগান আক্ৰমণকাৰী বখ্তিয়াৰ খিলিজীৰ সৈন্যই বংগৰ নবদ্বীপত প্ৰৱেশ কৰে। ইয়াৰ পিছত বখ্তিয়াৰে ৰাজধানী তথা প্ৰধান চহৰ লখনৌতী দখল কৰে।[9]

বখ্তিয়াৰে সু-প্ৰশিক্ষিত অশ্বাৰোহীৰ দল এটা লৈ বংগৰ বিৰুদ্ধে সমদল উলিয়াইছিল।[5] প্ৰথমে নদিয়াত তেওঁক ঘোঁৰা বেপাৰী বুলি ভবা হৈছিল।[5] সেই সময়ত লক্ষ্মণ সেন অষ্টাদশ বছৰীয়া বৃদ্ধ আছিল।[5] তেতিয়া নৈশভোজন গ্ৰহণ কৰি থকা বুঢ়া সেন ৰজাজন সম্পূৰ্ণ আচৰিত হৈ পৰিল।[5] বখ্তিয়াৰে নদিয়া দখল কৰাৰ লগে লগে লক্ষ্মণ সেন দক্ষিণ-পূব বংগলৈ গুচি যায় আৰু তাতেই তেওঁৰ পুত্ৰসকলে কিছুদিন সেনসকলৰ শাসন অব্যাহত ৰাখিছিল।[5] এই আক্ৰমণৰ বিশদ বিৱৰণ তাবাকাত-ই-নাচিৰিত দিয়া হৈছে।[10] অৱশ্যে, শৰণৰ প্ৰশংসাসূচক পদটোৱে লক্ষ্মণ সেনৰ এজন ম্লেচ্ছ ৰজাৰ বিৰুদ্ধে জয়ৰ কথা উল্লেখ কৰিছে। তেওঁ বংগৰ এগৰাকী মুছলমান শাসকো হ’ব পাৰে।[11]

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. Ganguli, Samir (2025) (English ভাষাত). Capitals Of Bengal Before Calcutta, Some Famous, Some Lost, Some Not Found. Blue Rose Publishers. পৃষ্ঠা. 130. https://www.google.co.in/books/edition/Capitals_Of_Bengal_Before_Calcutta_Some/Z_1HEQAAQBAJ?hl=en&kptab=getbook. 
  2. Chaurasia, Radhe Shyam (2002) (English ভাষাত). History of Ancient India. Atlantic Publishers & Distributors (P) Limited. পৃষ্ঠা. 200. ISBN 9788126900275. https://books.google.com/books/about/History_of_Ancient_India.html?id=cWmsQQ2smXIC#v=onepage&q=Lakshmana%20Sena%20kalinga%20magadha%20kamrupa&f=false. 
  3. {{Cite book |last=Sen |first=Sailendra Nath |url=https://books.google.com/books/about/Ancient_Indian_History_and_Civilization.html?id=Wk4_ICH_g1EC#v=onepage&q=Lakshmana%20Sena%20kalinga%20magadha%20kamrupa&f=false |title=Ancient Indian History and Civilization |publisher=New Age International |year=1999 |isbn=9788122411980 |pages=289 |language=English}{
  4. MAJUMDAR, R.C. (1971). HISTORY OF ANCIENT BENGAL. G.BHARWADWAJ, CALCUTTA. পৃষ্ঠা. 231. https://archive.org/details/dli.bengal.10689.13287/page/n281/mode/1up. 
  5. 5.0 5.1 5.2 5.3 5.4 5.5 5.6 5.7 Misra, Chitta Ranjan. "Laksmanasena". Banglapedia. Asiatic Society of Bangladesh. http://en.banglapedia.org/index.php?title=Laksmanasena। আহৰণ কৰা হৈছে: 6 August 2015.  উদ্ধৃতি ত্ৰুটি: Invalid <ref> tag; name ":2" defined multiple times with different content
  6. F., Kielhorn (1890). "The Epoch of the Lakshmanasena Era". The Indian Antiquary, A Journal of Oriental Research খণ্ড XIX. https://babel.hathitrust.org/cgi/pt?id=coo.31924079325605&view=1up&seq=13. 
  7. 7.0 7.1 Sarkar, Anil Kumar (October 2013). "History of Bengal as Reflected in the Tabaqat-i-Nasiri of Minhaj Uddin us Siraj". TAWARIKH: International Journal for Historical Studies খণ্ড 5: 31. http://journals.mindamas.com/index.php/tawarikh/article/view/562. 
  8. Sarkar, Jadunath, ed (1973) [First published 1948]. The History of Bengal. II. প্ৰকাশক Patna: Academica Asiatica. পৃষ্ঠা. 3. OCLC 924890. "Bakhtyār led his army a second time in the direction of Bihar in the year... 1200 A.D." 
  9. Sarkar, Jadunath, ed (1973) [First published 1948]. The History of Bengal. II. প্ৰকাশক Patna: Academica Asiatica. পৃষ্ঠা. 8. OCLC 924890. "Bakhtyār fairly completed his conquest of the Varendra tract with the ... city of Gaur before the year 599 A.H." 
  10. MAJUMDAR, R.C. (1971). HISTORY OF ANCIENT BENGAL. G.BHARADWAJ, CALCUTTA. পৃষ্ঠা. 234. https://archive.org/details/dli.bengal.10689.13287/page/n284/mode/1up. 
  11. MAJUMDAR, R.C. (1971). HISTORY OF ANCIENT BENGAL. G. BHARADWAJ, CALCUTTA. পৃষ্ঠা. 235. https://archive.org/details/dli.bengal.10689.13287/page/n285/mode/1up.