সমললৈ যাওক

লিপুতা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(Liputaৰ পৰা পুনঃনিৰ্দেশিত)
ইয়াত এগৰাকী মহিলাই কংগো দেশৰ পোছাক লিপুতা পৰিধান কৰিছে

লিপুতা (ইংৰাজী: Liputa) হৈছে কংগো গণৰাজ্যৰ মহিলাসকলে পিন্ধা এটা পাৰম্পৰিক সাজৰ ধৰণ।[1][2] ‘লিপুতা’ অৰ্থ ৰং বিৰঙৰ কাপোৰ পিন্ধা। কংগো দেশৰ মহিলাসকলৰ সাজপাৰ সাধাৰণতে ৰং বিৰঙী আৰু ই দেশখনৰ সংস্কৃতিৰ দিশৰ পৰা গুৰুত্বপূৰ্ণ৷ কংগো মহিলাই লিপুতা বিয়া-বাৰু, সবাহ, পাৰ্বনৰ লগতে দৈনন্দিন জীৱনতো পৰিধান কৰে। কেঁচুৱা থকা মহিলাসকলক পিঠিত কেঁচুৱা বান্ধোঁতে পোচাকযোৰৰে সৈতে একে এখন কাপোৰ ব্যৱহাৰ কৰা দেখা যায়।[3]

পিন্ধন শৈলী

[সম্পাদনা কৰক]
সদ্য ব্যৱহৃত পশ্চিম আফ্ৰিকাৰ কাপোৰ

লিপুতাৰ অংশ দুটা৷ কঁকালৰ ওপৰচোৱাত এটা কামিজৰ দৰে দীঘল ব্লাউজ পিন্ধে আৰু কঁকালৰ পৰা ভৰিৰ গেঢ়োৱালৈকে এখন কাপোৰ মেৰিয়াই স্কাৰ্টৰ দৰে পিন্ধে।[1] কঁকালত মেৰিয়াই লোৱা কাপোৰৰ অংশটো প্ৰায় দুই মিটাৰ দৈৰ্ঘ্যৰ। এইখন কাপোৰৰ কাষটো কেতিয়াবা চিলোৱা হয় আৰু কেতিয়াবা নিচিলোৱাকৈয়ো পিন্ধে। কঁকালৰ পৰা দীঘলে মেৰিয়াই লোৱা কাপোৰখন টানকৈ ধৰি ৰাখিবৰ বাবে আন এখন কাপোৰ কঁকালত গাঠি মাৰি বান্ধি লোৱা হয়। এই কাপোৰখন কঁকালৰ কাষত বান্ধোঁতে কেতিয়াবা ফুল পাহৰ দৰে বান্ধে। ব্লাউজৰ হাতখন ঘটিহাতৰ নিচিনাকৈ ডাঙৰকৈ চিলায় আৰু কেতিয়াবা চুপিটোৰ দৰে হাতৰ তল টুকুৰা খোলাকৈ সীয়ে। ডিঙিৰ ভাগটো কিছু ডাঙৰকৈ তৈয়াৰ কৰি এম্ব্ৰইডাৰী কৰা হয়। ব্লাউজটোৰ বক্ষৰ ভাগটোত ৰঙীণ সূতা আৰু মনিৰ কাৰিকৰী কাম বেছিকৈ দেখা যায়। ব্লাউজৰ হাতখনতো পাৰিৰ দৰে সৰুকৈ এমব্ৰইডাৰী কৰা দেখা যায়। একেধৰণৰ আন এখন কাপোৰ মহিলাসকলে মূৰত মেৰিয়াই পাগুৰিৰ দৰে বান্ধে যাতে চুলি ভালদৰে ঢাক খায়। এইখন কাপোৰ সাধাৰণতে বহুত পৰিমাণে মমৰ (wax) পানীত ধোৱা হয় যাতে পাগুৰিটো বান্ধোতে ফুলৰ পাহিৰ দৰে থিয় হৈ থাকে। বৰ্তমান বহু মহিলাই চুলি ঢাক খোৱাৰ ওপৰত বিশেষ গুৰুত্ব নিদিয়ে। এই গোটেই সাজ পোচাক যোৰৰ পিন্ধনশৈলীক লিপুতা বোলা হয়।

আফ্ৰিকা মহাদেশৰ কাপোৰৰ বিশেষত্ব হৈছে এই কাপোৰবোৰ চকুত লগাকৈ ৰঙীণ আৰু মমৰ পানীৰে ধোৱা। কেতিয়াবা কাপোৰৰ দুয়োফালে প্ৰিণ্ট বা নক্সা থাকে।[4] ৰঙীণ মমেৰে ছাব মৰা বা নক্সা অঁকাকে আঙ্কাৰা বা ডাটচ্‌ ৱেক্‌চ প্ৰিণ্ট বোলা হয়। এই নক্সাৰ ছাব বিলাকত চৰাই, ফুল, গছ-গছনি আদিৰ উপৰিও বিখ্যাত ব্যক্তি যেনে কোনো গায়ক, ৰাজনীতিবিদ, খেলুৱৈ আদিৰ ছবিও অঁকা হয়। এই কাপোৰ বোৰ ১০০ শতাংশ কপাহী সূতাৰে তৈয়াৰ কৰে। কংগো গণৰাজ্য দেশৰ মহিলাসকলে এই আঙ্কাৰাৰ পৰা গোটেই পোছাকযোৰ চিলায়। সাধাৰণতে ৬ মিটাৰ দীঘল কাপোৰৰ পৰা ছাৰিটা টুকুৰা কৰি মূৰৰ পৰা ভৰিলৈকে সম্পূৰ্ণ পোছাকযোৰ তৈয়াৰ কৰা হয়। পুৰুষসকলেও এই আঙ্কাৰাৰ পৰা পোছাক তৈয়াৰ কৰে।

তথ্যসূত্ৰ

[সম্পাদনা কৰক]