সমললৈ যাওক

মহিষাসুৰমৰ্দ্দিনী (অনাতাঁৰ কাৰ্যসূচী)

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(Mahisasuramardini (radio programme)ৰ পৰা পুনঃনিৰ্দেশিত)
মহিষাসুৰমৰ্দ্দিনী

মহিষাসুৰমৰ্দ্দিনীৰ প্ৰচ্ছদ চিত্ৰ
অন্য নাম চণ্ডীপাঠ
মহালয়া
প্ৰকাৰ ধৰ্মীয়
সম্প্ৰচাৰণৰ সময় ১ ঘণ্টা ২৯ মিনিট
দেশ ভাৰত
ভাষা বাংলা, সংস্কৃত
মূল কেন্দ্ৰ আকাশবাণী
লেখক * বাণী কুমাৰ – পাণ্ডুলিপি-লিখন
ধাৰাভাষ্যকাৰ বীৰেন্দ্ৰ কৃষ্ণ ভদ্ৰ
মৌলিক মুক্তিলাভ ১৯৩১
প্ৰাৰম্ভিক বিষয়বস্তু শংখধ্বনি আৰু যা চণ্ডী গীত
সামৰণিৰ বিষয়বস্তু শান্তি দিলে ভৰি গীত আৰু শংখধ্বনি

মহিষাসুৰমৰ্দ্দিনী (ইংৰাজী: Mahishasuramarddini) বহুলভাৱে জনপ্ৰিয় প্ৰাৰম্ভিক কালৰ এক বিশেষ প্ৰভাতী বঙালী অনাতাঁৰ অনুষ্ঠান, যি আকাশবাণী কলকাতা যোগে ১৯৩২ চনৰ পৰা নিৰন্তৰ প্ৰতি বছৰে মহালয়াৰ দিনা সম্প্ৰচাৰিত হৈ আহিছে। ইয়াৰ জনপ্ৰিয়তা বৃদ্ধি পোৱাৰ বাবে এতিয়া অনুষ্ঠানটো সমগ্ৰ ভাৰতৰ আকাশবাণীৰ আন বহু কেন্দ্ৰয়ো সম্প্ৰচাৰ কৰে।[1] দেৰঘণ্টাৰ এই অনুষ্ঠানত আছে শ্ৰীশ্ৰী চণ্ডী বা দুৰ্গা পৰা গৃহীত দেৱী চণ্ডীৰ স্তোত্ৰ বা চণ্ডীপাঠ, বঙালী ভক্তিগীতি, ধ্ৰুপদী সংগীত আৰু পৌৰাণিক কাহিনীক নাট্যৰূপ।[2] এই অনুষ্ঠানটো হিন্দীলৈ অনুবাদ কৰা হৈছে আৰু একে সময়তে সমগ্ৰ ভাৰতীয় দৰ্শকৰ বাবে সম্প্ৰচাৰ কৰাৰ ব্যৱস্থা কৰা লাইভ-পাৰফৰ্মেঞ্চ হিচাপে আৰম্ভ হোৱা এই অনুষ্ঠানটো ১৯৬৬ চনৰ পৰাই প্ৰি-ৰেকৰ্ডিং ফৰ্মেটত সম্প্ৰচাৰ হৈ আহিছে।[3][4] ৯৩ বছৰতকৈ অধিক কাল পাছত আজিও ইয়াৰ বিশাল জনপ্ৰিয়তা হ্ৰাস পোৱা নাই।[5][6][7][8]

এই অনুষ্ঠান মহালয়াৰ সমাৰ্থক হৈ পৰিছে।[উদ্ধৃতিৰ প্ৰয়োজন] আজিও এই অনুষ্ঠানৰ প্ৰতি আকৰ্ষিত বংগ আৰু পূব ভাৰতীয়সকলৰ অধিকাংশই মহালয়াৰ দিনটোত পুৱা চাৰি বজাতে উঠি আকাশবাণীত মহিষাসুৰমৰ্দ্দিনী সম্প্ৰচাৰ শুনে। বৰ্তমান আকাশবাণীৰ পৰা অধিকাৰ লাভ কৰা ইয়াৰে এটা ৰেকৰ্ডিং এইচ এম ভি-আৰ পি জিৰ অডিঅ’ কেছেট আৰু কম্পেক্ট ডিস্কতো পোৱা যায়। ২০০২ চনৰ হিচাপত চিডি সংস্কৰণত ১৯টা ট্ৰেক উপলব্ধ।[9]

বীৰেন্দ্ৰ চন্দ্ৰ ভদ্ৰ

[সম্পাদনা কৰক]

মহালয়াক সকলোৰে বাবে স্মৰণীয় কৰি তোলাৰ মূল মানুহজনে হৈছে বীৰেন্দ্ৰ কৃষ্ণ ভদ্ৰ হৈছে, “মহিষাসুৰমৰ্দিনী”ৰ আঁৰৰ কণ্ঠ।[11] পবিত্ৰ শ্লোকসমূহ পাঠ কৰি তেওঁ দুৰ্গাৰ পৃথিৱীলৈ আগমণৰ কাহিনী বৰ্ণনা কৰে। ১৯৩১ চনত কলিকতাৰ আকাশবাণীত প্ৰথমবাৰৰ বাবে ৰেডিঅ'যোগে মহালয়া সম্প্ৰচাৰ কৰা হয়। এই অনুষ্ঠান প্ৰস্তুত কৰিছিল পংকজ কুমাৰ মল্লিক, প্ৰেমাংকুৰ আতৰ্থি, বীৰেন্দ্ৰ কৃষ্ণ ভদ্ৰ, নৃপেন্দ্ৰ কৃষ্ণ মুখোপাধ্যায় আৰু ৰাইচাঁদ বৰালে।[12]

তেওঁৰ আবৃত্তি ইমানেই জনপ্ৰিয় আছিল যে ১৯৭৬ চনত যেতিয়া বিখ্যাত বঙালী অভিনেতা উত্তম কুমাৰৰ কণ্ঠত দুৰ্গা দুৰ্গতিহাৰিনী নামেৰে এই অনুষ্ঠান বাণীবদ্ধ কৰা হৈছিল, কিন্তু দৰ্শকৰ পৰা অনুকূল সঁহাৰি নাপাই আকাশবাণীয়ে পুনৰ বীৰেন্দ্ৰ ভদ্ৰৰ মূল সংস্কৰণলৈ উভতি গৈছিল।[13]

ভদ্ৰৰ বহু আগতেই মৃত্যু হৈছে যদিও তেওঁৰ বাণীবদ্ধ কণ্ঠই এতিয়াও মহালয়া অনুষ্ঠানৰ মূল আকৰ্যণ। তেওঁ ডেৰ ঘণ্টা ধৰি মহালয়াৰ আবৃত্তি কৰে, আবৃত্তিৰ ঐশ্বৰিক আভাৰে প্ৰতিখন ঘৰক তেওঁ মন্ত্ৰমুগ্ধ কৰি ৰাখে, যেতিয়া বঙালীসকলে প্ৰাৰ্থনাৰ নিস্তব্ধ মুহূৰ্তত নিজৰ আত্মাক নিমজ্জিত কৰি ৰাখে।

সংগীত ৰচনা

[সম্পাদনা কৰক]

যদিও অনুষ্ঠানটো ধৰ্মতত্ত্ব আৰু বৈদিকমন্ত্ৰ বিযয়ক, ই এক ঐতিহাসিক ৰচনা। ইয়াৰ চিত্ৰনাট্য বাণী কুমাৰৰ আৰু বৰ্ণনা কৰিছে বীৰেন্দ্ৰ কৃষ্ণ ভদ্ৰই। গীতসমূহ সুৰীয়া কণ্ঠেৰে গাইছে প্ৰতিমা বন্দোপাধ্যায় (অমল কিৰণে), দ্বিজেন মুখোপাধ্যায় (জাগো দুৰ্গা জাগো দশোপ্ৰহৰণধাৰিনী), মানবেন্দ্ৰ মুখোপাধ্যায় (তবো অচিন্ত), সন্ধ্যা মুখোপাধ্যায়, আৰতি মুখোপাধ্যায়, উৎপলা সেন, শ্যামল মিত্ৰ আৰু সুপ্ৰীতি ঘোষে (বাজলো তোমাৰ আলোৰ বেনু)।[10] এই মনোমোহা সংগীতৰ ৰচনা কৰিছে পংকজ মল্লিকে[11]

সংগীত তালিকা

[সম্পাদনা কৰক]

এই অনুষ্ঠানৰ বাবে ১৮ গান থাকে, য'ত হ'ল:-

সংখ্যা গান কণ্ঠশিল্পী বাঙালী লিপ্যন্তৰ ইংৰাজী লিপ্যন্তৰ
১. যা চণ্ডী সংগীবৃন্দ যা চণ্ডী Ya Chandi
২. সিংহস্থা শশীশেখৰা সংগীবৃন্দ সিংহস্থা শশীশেখরা Simhastha Shashishekhara
৩. বাজলো কে তোমাৰ আলো বেণু সুপ্ৰীতি ঘোষ বাজলো কে তোমার আলোর বেণু Bajlo Ke Tomar Alor Benu
৪. জাগো দুৰ্গা, লাগো দশপ্ৰহৰণধাৰিণী দ্বিজেন মুখাৰ্জী জাগো দুর্গা, জাগো দশপ্রহরণধারিণী Jago Durga, Jago Daspraharanadharini
৫. ওগো আমাৰ আগমনী আলো শিপ্ৰা বসু ওগো আমার আগমনী আলো Ogo Aamar Agomoni Alo
৬. তৱ অচিন্ত্য-ৰূপ-চৰিত-মহিমা মানবেন্দ্ৰ মুখাৰ্জী তব অচিন্ত্য-রুপ-চরিত-মহিমা Tobo Achintya-Rupa-Charita-Mahima
৭. অহং ৰুদ্ৰেভিৰ্বসুভিশ্চৰা সংগীবৃন্দ অহং রুদ্রেভির্বসুভিশ্চরা Aham Rudrebhirvasubhishchra
৮. অখিল বিমালে তৱ জয় গানে কৃষ্ণা দাসগুপ্ত অখিলো বিমানে তব জয় গানে Akhilo Bimane Tobo Joyo Gane
৯. শুভ্ৰ শঙ্খ ৰবে শ্যামল মিত্ৰ, অসীমা ভট্টাচাৰ্য,

আৰতি মুখাৰ্জী

শুভ্র শঙ্খ রবে Shubhra Shankh Robe
১০. জটাজুটসমাযুক্তামর্দ্ধেন্দুকৃতশেখৰাম সংগীবৃন্দ জটাজুটসমাযুক্তামর্দ্ধেন্দুকৃতশেখরাম Jatajutasamayutka-Marddhendukritashekharam
১১. নমো চণ্ডী, নমো চণ্ডী বিমলা ভূষণ নমো চণ্ডী, নমো চণ্ডী Namo Chandi, Namo Chandi
১২. মাগো তৱ বিনে সংগীত প্ৰেম-ললিত সুমিত্ৰা সেন মাগো তব বিনে সঙ্গীত প্রেম-ললিত Mago Tobo Bine Songit Prem-Lalita
১৩. বিমানে বিমানে সন্ধ্যা মুখাৰ্জী বিমানে বিমানে Bimane Bimane
১৪. জয় জয় জাপ্যজয়ে সংগীবৃন্দ জয় জয় জাপ্যজয় Jaya Jaya Japyajaye
১৫. হে চিন্ময়ী তৰুন চেটাৰ্জী হে চিন্ময়ী He Chinmoyi
১৬. অমল-কিৰণে ত্ৰিভূৱন-মনোহাৰিণী প্ৰতিমা বন্দোপাধ্যায় অমল-কিরণে ত্রিভূবন-মনোহারিণী Amala-Kirone Tribhuban-Manoharini
১৭. জয়ন্তী মঙ্গলা কালী (ৰূপং দেহী জয়ং দেহী, যশো দেবী দ্বিষো জহি) পঙ্কজ কুমাৰ মল্লিক আৰু সংগীবৃন্দ জয়ন্তী মঙ্গলা কালী (রূপং দেহী জয়ং দেহী, যশো দেহী দ্বিষো জহি) Jayanti Mangala Kali (Rupang Dehi Jayang Dehi, Yashod Dehi Dwisho Jahi)
১৮. শান্তি দিলে ভৰি উৎপলা সেন শান্তি দিলে ভরি Shanti Dile Bhori

এই গান লগতে বীৰেন্দ্ৰ কৃষ্ণ ভদ্ৰৰ মন্ত্ৰ দিয়ে, যেনে "নাৰায়নী নমোস্তুতে" আৰু "যা দেৱী সৰ্বভুতেষু"।

তথ্য উৎস

[সম্পাদনা কৰক]
  1. "Biography of Birendra Krishna Bhadra". Archived from the original on 2014-09-26. https://web.archive.org/web/20140926092312/http://www.freewebs.com/airkolkata/birenda1.html.
  2. "durga_puja : Mahalaya". www.netglimse.com. Archived from the original on 2009-06-29. https://web.archive.org/web/20090629010504/http://www.netglimse.com/holidays/durga_puja/mahalaya.shtml আহৰণ কৰা হৈছে: 2009-06-13.
  3. [Birendra Krishna Bhadra: A Legend, A Nostalgia (Original in Bangla) ©Ajit Basu, Publisher:Sahayatri, 8, Patuatola Lane, Kolkata 700009.]
  4. "History of first broadcast of Mahishasur Mardini". http://www.freewebs.com/airkolkata/Mahishasur.html.
  5. "Biography of Pankaj Kumar Mullick - the versatile musical genius". www.pankajmullick.org. Archived from the original on April 17, 2009. https://web.archive.org/web/20090417032114/http://pankajmullick.org/bio.htm আহৰণ কৰা হৈছে: 2009-06-13.
  6. Mahalaya ushers in the Puja spirit The Times of India, TNN 19 September 2009.
  7. Morning Raga Archived 2012-09-30 at the Wayback Machine Indian Express, PiyasreeDasgupta, Sep 18, 2009.
  8. Tanya Basu (Sep 23, 2014). "An 83-Year-Old Song Dominates India's Airwaves Every Year". The Atlantic. https://www.theatlantic.com/international/archive/2014/09/an-83-year-old-song-dominated-indias-airwaves-this-morning/380685/ আহৰণ কৰা হৈছে: 2014-09-24.
  9. "Mahisasura Mardini by Birendra Krishna Bhadra (AIR Recording) – Details of tracks and artists". QuiQinQ. Archived from the original on 2012-10-24. https://web.archive.org/web/20121024064649/http://quiqinq.com/mahisasura-mardini-by-birendra-krishna-bhadra-air-recording-details-of-tracks-and-artists/ আহৰণ কৰা হৈছে: 2012-10-21.
  10. "Mahalaya : Durga Puja mahalaya : Durga Puja". www.bangalinet.com. http://www.bangalinet.com/mahalaya.htm আহৰণ কৰা হৈছে: 2009-06-13.
  11. "Biography of Pankaj Kumar Mullick - the versatile musical genius". www.pankajmullick.org. Archived from the original on April 17, 2009. https://web.archive.org/web/20090417032114/http://pankajmullick.org/bio.htm আহৰণ কৰা হৈছে: 2009-06-13.

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]