সমললৈ যাওক

মাঝী ভাষা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(Majhi languageৰ পৰা পুনঃনিৰ্দেশিত)
মাঝী

The word "Majhi" written in Devanagari script
অঞ্চল নেপাল
জাতীয়তা Majhi people
স্থানীয় ভাষিক
L1 সাঁচ:Sigfig (2011)e25
ভাষা পৰিয়াল
ইণ্ডো-ইউৰোপীয়
লিখন প্ৰণালী Devanagari
ভাষা সংকেত
ISO 639-3 mjz
গ্লোটোলগ majh1253[2]

মাঝী এটি পূৰ্বী ভাৰতীয়-আৰ্য ভাষা যি নেপালৰ কোনো কোনো অংশত ব্যৱহাৰ কৰা হয়। আগতে চুবুৰীয়া ভাৰততো এই ভাষা কোনো কোনো অঞ্চলত ব্যৱহাৰ কৰা হৈছিল।[3] এই ভাষা মুখ্যতঃ মাঝী লোকে ব্যৱহাৰ কৰে, যি ঐতিহাসিকভাৱে সপ্তকোশী নদী আৰু এই নদীৰ উপনদীসমূহৰ পাৰত বাস কৰিছিল। তদুপৰি নেপালৰ কেন্দ্ৰীয় আৰু পূৰ্বী ভাগতো এই গোষ্ঠীৰ বসতি আছিল। মাঝী লোকে মুখ্যতঃ নদীৰ সৈতে সম্বন্ধীয় কাম কাজেই পৰম্পৰাগতভাৱে কৰিছিল, যেনে মাছ মৰা আৰু নাও চলোৱা।[3]:2 মাঝী ভাষা দেৱনাগৰী লিপিত লিখা হয়।[1]

এথনলগৰ মতে মাঝী এটি 6b বিপদাপন্ন ভাষা। নেপালত মাঝী ভাষাৰ প্ৰায় ২৪৪০০ L1 কথোঁতা আছে। বিশ্বত এই ভাষাৰ প্ৰায় ৪৬১২০ L1 আৰু L2 কথোঁতা আছে।[1] নেপালত বাস কৰা গড়িষ্ঠসংখ্যক মাঝী ভাষী লোকেই দ্বিভাষিক: তেওঁলোকে প্ৰায় মাঝীৰ উপৰিও অধিক প্ৰভাৱশালী নেপালী ভাষা জানে।[3]:2 নেপালী ভাষায় লাহে লাহে মাঝী ভাষাক গ্ৰাস কৰি আহিছে ব্যৱহাৰৰ ক্ষেত্ৰত।[1] মাঝী ভাষাৰ কোনো আনুষ্ঠানিক মৰ্যদা নাই। তদুপৰি ই শিক্ষা, সংবাদ মাধ্যম, ছপা মাধ্যম আদিতো বিশেষভাৱে উপস্থিত নহয়। সেয়ে এই ভাষাৰ অস্তিত্বৰ প্ৰতি ভাবুকি আহি পৰিছে।[3]:2

ভাৰতত মাঝী ভাষাৰ অন্তিম কথোঁতা, ছিক্কিম ৰাজ্যৰ জৰেথাঙৰ থক বাহাদুৰ মাঝীৰ ২০১৬ চনত মৃত্যু হোৱাত ভাৰতত এই ভাষা বিলুপ্ত হৈ পৰিল।[4]

ধ্বনি তত্ত্ব

[সম্পাদনা কৰক]

স্বৰধ্বনি

[সম্পাদনা কৰক]

মাঝী ভাষাত ১৩টা স্বৰধ্বনি আছে।.[5]:6, 8

Front Central Back
High i u
High-mid e o
Low-mid ə

əː

Low a

aː

টোকা: মাঝী ভাষাত যুক্তস্বৰ eu, əu, au, əi আৰু oi।[5]:8 স্বৰধ্বনি /ɜː, acː/ কেৱল শব্দৰ শেষ অংশতহে ব্যৱহাৰ কৰা হয়। আন সকলো স্বৰধ্বনি য'তে ত'তে ব্যৱহাৰ কৰিব পৰা যায়।[5]:7

ব্যঞ্জনধ্বনি

[সম্পাদনা কৰক]

মাঝী ভাষাত ২৮টা ব্যঞ্জনধ্বনি আছে।[5]:9

Bilabial Dental Alveolar Retroflex Palatal Velar Glottal
Nasal m n ŋ
Plosive/

Affricate

voiceless p t ts ʈ k
aspirated pʰ tʰ tsʰ ʈʰ kʰ
voiced b d dz ɖ g
breathy bʱ dʱ dzʱ ɖʱ gʱ
Fricative s h
Liquid lateral l
rhotic r
Glide w j

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. 1 2 3 4 উদ্ধৃতি ত্ৰুটি: অবৈধ <ref> টেগ; "e25" নামৰ refৰ বাবে কোনো পাঠ্য প্ৰদান কৰা হোৱা নাই
  2. ↑ Hammarström, Harald; Forkel, Robert; Haspelmath, Martin, eds (2017). "মাঝী". Glottolog 3.0. প্ৰকাশক Jena, Germany: Max Planck Institute for the Science of Human History. http://glottolog.org/resource/languoid/id/majh1253.
  3. 1 2 3 4 Dhakal, Dubi Nanda (2014). A Grammar of Majhi. প্ৰকাশক Munich: LINCOM EUROPA. ISBN 9783862885497.
  4. ↑ TNN (22 July 2016). "Last speaker of Majhi language dead | Vadodara News - Times of India" (en ভাষাত). The Times of India. https://timesofindia.indiatimes.com/city/vadodara/last-speaker-of-majhi-language-dead/articleshow/53329911.cms। আহৰণ কৰা হৈছে: 2021-04-15.
  5. 1 2 3 4 উদ্ধৃতি ত্ৰুটি: অবৈধ <ref> টেগ; ":02" নামৰ refৰ বাবে কোনো পাঠ্য প্ৰদান কৰা হোৱা নাই