সমললৈ যাওক

মাম্মো

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(Mammoৰ পৰা পুনঃনিৰ্দেশিত)
মাম্মো

পোষ্টাৰ
পৰিচালক শ্যাম বেনেগাল
ৰচনা খালিদ মহম্মদ
শামা জাইদী
জাভেদ চিদ্দিকি
প্ৰযোজক NFDC
অভিনয়ত ফৰিদা জালাল
ৰজিত কাপুৰ
সুৰেখা চিক্ৰি
চিত্ৰগ্ৰহণকাৰী শ্যাম বেনেগাল
সম্পাদনা শ্যাম বেনেগাল
সংগীত পৰিচালক বনৰাজ ভাটিয়া[1]
পৰিবেশক NFDC
মুক্তি
৮ জুন ১৯৯৪ (1994-06-08)
দৈৰ্ঘ্য
১৩০ মিনিট
দেশ ভাৰত
ভাষা হিন্দী

মাম্মো (ইংৰাজী: Mammo ) হৈছে ১৯৯৪ চনj শ্যাম বেনেগাল পৰিচালিত এখন ভাৰতীয় হিন্দী ভাষাৰ ছবি। ইয়াত অভিনয় কৰিছে ফৰিদা জালাল, সুৰেখা ছিক্ৰী, অমিত ফাল্কে আৰু ৰজিত কাপুৰে।

ছবিখন ১৯৯৫ চনত হিন্দী ভাষাৰ শ্ৰেষ্ঠ পূৰ্ণদৈৰ্ঘ্য ছবিৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰে।[2] ফৰিদা জালালে শ্ৰেষ্ঠ অভিনয়ৰ বাবে ফিল্মফেয়াৰ সমালোচক বঁটা লাভ কৰাৰ বিপৰীতে সুৰেখা ছিক্ৰীয়ে শ্ৰেষ্ঠ সহযোগী অভিনেত্ৰীৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰে। বেনেগালে নিৰ্মাণ কৰা মুছলমান ত্ৰিলজীৰ এইখন প্ৰথম ছবি আছিল। আন দুখন হ’ল চৰ্দাৰী বেগম (১৯৯৬) আৰু জুবেইদা (২০০১)। সমালোচকৰ প্ৰশংসা লাভ কৰা ছবিখনক বেনেগালৰ অন্যতম শ্ৰেষ্ঠ কৃতি বুলি গণ্য কৰা হয়। ছবিখনৰ লেখক খালিদ মহম্মদে উল্লেখ কৰিছে যে তেওঁ ৱাহিদা ৰেহমানৰ বাবে তেওঁ এই চৰিত্ৰটো লিখিছিল। কিন্তু তেওঁ দ্বিধাবোধ কৰাত পিছত ফৰিদা জালালৰ কাষ চাপিছিল। [3][4]

১৯৯৫
৪২তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা
  • হিন্দী ভাষাৰ শ্ৰেষ্ঠ পূৰ্ণদৈৰ্ঘ্য ছবি
  • শ্ৰেষ্ঠ সহযোগী অভিনেত্ৰী- সুৰেখা চিক্ৰি
১৯৯৫
৪০তম ফিল্মফেয়াৰ বঁটা
  • শ্ৰেষ্ঠ অভিনেত্ৰী (ক্ৰিটিক)- ফৰিদা জালাল
BFJA বঁটা
  • শ্ৰেষ্ঠ অভিনেত্ৰী- ফৰিদা জালাল

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. Kumar, S. R. Ashok (12 January 1996). "The cream of Indian cinema". The Hindu. পৃষ্ঠা: 26. http://www.webpage.com/hindu/960113/03/1226a.html. 
  2. "National Film Awards 1995". http://dff.nic.in/images/Documents/75_42ndNfacatalogue.pdf। আহৰণ কৰা হৈছে: 21 July 2021. 
  3. "Mammo (1994)" (en-US ভাষাত). Art House Cinema. 2015-01-11. https://www.arthousecinema.in/2015/01/mammo-1994/। আহৰণ কৰা হৈছে: 2019-06-26. 
  4. "Movie Reviews | UPN World". www.upnworld.com. http://www.upnworld.com/upn/movie_details/131। আহৰণ কৰা হৈছে: 2019-06-26. 

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]