সমললৈ যাওক

মীৰা (১৯৪৫ চলচ্চিত্ৰ)

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(Meera (1945 film)ৰ পৰা পুনঃনিৰ্দেশিত)

মীৰা ১৯৪৫ চনৰ ভাৰতীয় তামিল ভাষাৰ এখন ঐতিহাসিক সংগীতপ্ৰধান চলচ্চিত্ৰ, যাৰ পৰিচালনা এলিছ আৰ ডুংগানে কৰিছিল। প্ৰযোজনা টি সদাশিৱমৰ আৰু ৰচনা কল্কি কৃষ্ণমূৰ্তিৰ। ষোড়শ শতিকাৰ ৰহস্যবাদী আৰু কবি মীৰাবাঈৰ জীৱনৰ আধাৰত ছবিখন নিৰ্মাণ কৰা হৈছে।[1]

সদাশিৱমে এনে এখন চিনেমা নিৰ্মাণ কৰিব বিচাৰিছিল, যাৰ দ্বাৰা তেওঁৰ গায়িকা পত্নী এম এছ চুব্বালক্ষ্মীৰ সংগীত সাধাৰণ মানুহৰ বাবে উপলব্ধ হ’ব। সেয়েহে তেওঁ এটা ভাল কাহিনী বিচাৰিবলৈ ধৰিলে; চুব্বালক্ষ্মীয়ে মীৰাৰ কাহিনী বাছি লৈছিল।[2][3] মাদ্ৰাজৰ নিউটন ষ্টুডিঅ’ত ছবিখনৰ নিৰ্মাণ আৰম্ভ হৈছিল যদিও বিশ্বাসযোগ্যতা আৰু ঐতিহাসিক শুদ্ধতা বজাই ৰাখিবলৈ প্ৰধানকৈ উত্তৰ ভাৰতৰ জয়পুৰ, বৃন্দাবন, উদয়পুৰ, চিতোৰ আৰু দ্বাৰকা আদি ঠাইত চিত্ৰগ্ৰহণ কৰা হৈছিল।[4]

১৯৪৫ চনৰ ৩ নৱেম্বৰ, দীপাৱলীৰ দিনা মুক্তি পোৱা মীৰা সমালোচনা আৰু ব্যৱসায়িকভাৱে এক বৃহৎ সফলতা লাভ কৰে। ইয়াৰ হিন্দী ডাব সংস্কৰণ এটা নিৰ্মাণ কৰা হয়, য'ত কেইটামান দৃশ্য পুনৰ শ্বট কৰা হয় আৰু দুবছৰৰ পিছত ২১ নৱেম্বৰ ১৯৪৭ত[5] মুক্তি দিয়া হয় আৰু সফলতাও লাভ কৰে। হিন্দী সংস্কৰণে চুব্বালক্ষ্মীক ৰাষ্ট্ৰীয় চেলিব্ৰিটি কৰি তোলাৰ পিছতো অভিনেত্ৰী হিচাপে এইখন তেওঁৰ শেষ ছবি। তাৰ পিছত তেওঁ কেৱল নিজৰ সংগীত কেৰিয়াৰত মনোনিৱেশ কৰাৰ সিদ্ধান্ত লয়।[6]

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]