সংসদ সদস্য, লোকসভা
| লোকসভাৰ সাংসদ | |
|---|---|
লোকসভাৰ প্ৰতীকচিহ্ন | |
ভাৰতৰ ৰাষ্ট্ৰীয় পতাকা | |
| ভাৰতৰ সংসদ | |
| সম্বোধন | *মাননীয় (ভাৰতৰ ভিতৰত)
|
| প্ৰকাৰ | সংসদৰ সদস্য (সাংসদ) |
| স্থিতি | সক্ৰিয় |
| চমুনাম | সাংসদ (MP) |
| সদস্য হয় | লোকসভা |
| প্ৰতিবেদন দিয়ে | লোকসভাৰ অধ্যক্ষ |
| আসন | সংসদ ভৱন, নতুন দিল্লী |
| নিয়োগকৰ্তা | ভাৰতৰ নিজ নিজ নিৰ্বাচনী সমষ্টিৰ নাগৰিকসকলৰ দ্বাৰা নিৰ্বাচিত |
| কাৰ্যকাল | ৫ বছৰ; পুনৰ নিৰ্বাচিত হ'ব পাৰে |
| Constituting instrument | ভাৰতীয় সংবিধানৰ অনুচ্ছেদ ৮১ |
| পূৰ্বসূৰী | ভাৰতৰ সংবিধান সভা |
| গঠন | ২৬ জানুৱাৰী ১৯৫০ |
| প্ৰথম পদাধিকাৰী | প্ৰথম লোকসভা |
| দৰমহা | ₹১,২৪,০০০ (ভাট্টাকে ধৰি) প্ৰতি মাহে[1] |
| ৱেবচাইট | sansad |
লোকসভাৰ সাংসদ (ইংৰাজী: Member of Parliament, Lok Sabha; চমুকৈ 'সাংসদ' বা 'MP') হ'ল ভাৰতৰ সংসদৰ নিম্ন সদন লোকসভাত একোটা নিৰ্বাচনী সমষ্টিক প্ৰতিনিধিত্ব কৰা জনপ্ৰতিনিধিসকল। প্ৰাপ্তবয়স্ক ভোটাধিকাৰৰ ভিত্তিত অনুষ্ঠিত প্ৰত্যক্ষ নিৰ্বাচনৰ জৰিয়তে ভাৰতৰ নাগৰিকসকলে লোকসভাৰ সাংসদসকলক নিৰ্বাচিত কৰে।
ভাৰতীয় সংবিধান অনুসৰি লোকসভাৰ সৰ্বাধিক আসনৰ সংখ্যা হ'ব পাৰে ৫৫০ খন। ইয়াৰে সৰ্বাধিক ৫৩০ জন সদস্য বিভিন্ন ৰাজ্যৰ সমষ্টিসমূহৰ পৰা আৰু সৰ্বাধিক ২০ জন সদস্য কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ পৰা নিৰ্বাচিত হয়। বৰ্তমান লোকসভাৰ সৰ্বমুঠ নিৰ্বাচিত সদস্যৰ সংখ্যা হৈছে ৫৪৩ জন। লোকসভাত সংখ্যাগৰিষ্ঠতা লাভ কৰা ৰাজনৈতিক দল বা মৰ্চাই ভাৰতৰ প্ৰধানমন্ত্ৰীক নিৰ্বাচন কৰে।
ইতিহাস
[সম্পাদনা কৰক]ভাৰতত সংসদৰ সদস্য বা সাংসদৰ ধাৰণাটো পোনপ্ৰথমবাৰৰ বাবে ১৯৪৬ চনৰ ৯ ডিচেম্বৰত গঠিত হোৱা 'ভাৰতৰ সংবিধান সভা'-ৰ পৰা আৰম্ভ হৈছিল। সংবিধান সভাই প্ৰায় ২ বছৰ, ১১ মাহ আৰু ১৮ দিন ধৰি কাৰ্যনিৰ্বাহ কৰি স্বাধীন ভাৰতৰ সংবিধান ৰচনা কৰিছিল আৰু ১৯৪৯ চনত ই ভংগ হৈছিল।
১৯৫০ চনৰ ২৬ জানুৱাৰী তাৰিখে ভাৰতীয় সংবিধান কাৰ্যকৰী হোৱাৰ পিছত, ১৯৫১-১৯৫২ চনত দেশৰ প্ৰথম সাধাৰণ নিৰ্বাচন অনুষ্ঠিত হয়। ১৯৫২ চনৰ ১৭ এপ্ৰিলত প্ৰথম লোকসভা গঠন কৰা হৈছিল, য'ত ৪৮৯ টা নিৰ্বাচনী সমষ্টি আছিল।
অৰ্হতা
[সম্পাদনা কৰক]ভাৰতীয় সংবিধানৰ ৮৪ নম্বৰ অনুচ্ছেদ অনুসৰি, লোকসভাৰ সাংসদ হ'বলৈ এজন ব্যক্তিৰ তলত উল্লেখ কৰা অৰ্হতাসমূহ থকাটো আৱশ্যক:
- তেওঁ নিশ্চিতভাৱে এজন ভাৰতীয় নাগৰিক হ'ব লাগিব।
- নিৰ্বাচন আয়োগৰ দ্বাৰা কৰ্তৃত্বপ্ৰাপ্ত ব্যক্তিৰ সন্মুখত সংবিধানৰ তৃতীয় অনুসূচী অনুসৰি শপত ল'ব লাগিব।
- তেওঁৰ বয়স অন্ততঃ ২৫ বছৰ বা তাতকৈ অধিক হ'ব লাগিব।
- সংসদৰ দ্বাৰা প্ৰণয়ন কৰা যিকোনো আইনৰ অধীনত নিৰ্ধাৰিত অন্যান্য অৰ্হতাসমূহ থাকিব লাগিব।
অনৰ্হতাৰ ভিত্তি
[সম্পাদনা কৰক]এজন ব্যক্তি লোকসভাৰ সদস্য হোৱাৰ বাবে অযোগ্য বিবেচিত হ'ল যদিহে:
- তেওঁ ভাৰত চৰকাৰ বা কোনো ৰাজ্য চৰকাৰৰ অধীনত কোনো লাভজনক পদবী ধাৰণ কৰি থাকে।
- ন্যায়ালয়ৰ দ্বাৰা তেওঁক মানসিকভাৱে অসুস্থ বুলি ঘোষণা কৰা হয়।
- তেওঁ এজন দেউলীয়া ব্যক্তি হয়।
- তেওঁ ভাৰতৰ নাগৰিকত্ব ত্যাগ কৰে বা কোনো বিদেশী ৰাষ্ট্ৰৰ নাগৰিকত্ব গ্ৰহণ কৰে।
- দলত্যাগ বিৰোধী আইন অনুসৰি অযোগ্য বিবেচিত হয়।
- কোনো অপৰাধমূলক গোচৰত জড়িত থকাৰ বাবে ন্যায়ালয়ৰ দ্বাৰা দুবছৰ বা তাতকৈ অধিক কালৰ বাবে কাৰাদণ্ডৰে দণ্ডিত হয়।
কাৰ্যকাল
[সম্পাদনা কৰক]লোকসভাৰ এজন সাংসদৰ সৰ্বাধিক কাৰ্যকাল হৈছে প্ৰথম বৈঠকৰ তাৰিখৰ পৰা ৫ বছৰ। অৱশ্যে, দেশত জৰুৰীকালীন অৱস্থা ঘোষণা হৈ থকাৰ সময়ত সংসদৰ আইনৰ দ্বাৰা এই কাৰ্যকাল একেলগে সৰ্বাধিক এবছৰৰ বাবে বৃদ্ধি কৰিব পৰা যায়। জৰুৰীকালীন অৱস্থা সমাপ্ত হোৱাৰ পিছত এই বৃদ্ধিৰ ম্যাদ কোনো কাৰণতে ছয় মাহতকৈ অধিক হ'ব নোৱাৰে।
দায়িত্ব আৰু কৰ্তব্য
[সম্পাদনা কৰক]লোকসভাৰ সাংসদসকলৰ প্ৰধান দায়িত্বসমূহক চাৰিটা ভাগত ভগাব পাৰি:
- আইন প্ৰণয়নৰ দায়িত্ব: দেশৰ বাবে প্ৰয়োজনীয় বিভিন্ন কেন্দ্ৰীয় আইনসমূহ লোকসভাত উত্থাপন আৰু গৃহীত কৰা।
- নিৰীক্ষণৰ দায়িত্ব: কাৰ্যপালিকা (চৰকাৰ) তথা মন্ত্ৰীসভাই যাতে নিজৰ দায়িত্বসমূহ সঠিকভাৱে পালন কৰে, তাক সংসদত প্ৰশ্ন উত্থাপনৰ জৰিয়তে নিশ্চিত কৰা।
- প্ৰতিনিধিত্বমূলক দায়িত্ব: নিজৰ নিৰ্বাচনী সমষ্টিৰ ৰাইজৰ অভাৱ-অভিযোগ আৰু আশা-আকাংক্ষাসমূহ সংসদৰ মজিয়াত ডাঙি ধৰা।
- বিত্তীয় নিয়ন্ত্ৰণ: চৰকাৰৰ দ্বাৰা প্ৰস্তাৱিত বাজেট, ৰাজহ আৰু ব্যয়ৰ খতিয়ান পৰীক্ষা কৰি অনুমোদন জনোৱা।
দৰমহা আৰু ভাট্টা
[সম্পাদনা কৰক]লোকসভাৰ সাংসদসকলৰ দৰমহা, ভাট্টা আৰু পেঞ্চন আদি 'সাংসদ দৰমহা, ভাট্টা আৰু পেঞ্চন আইন, ১৯৫৪' (Members of Parliament Act, 1954) অনুসৰি পৰিচালিত হয়। বৰ্তমান এজন লোকসভাৰ সাংসদে লাভ কৰা মূল দৰমহা আৰু অন্যান্য ভাট্টাসমূহ মিলি মাহিলী উপাৰ্জন প্ৰায় ১,২৪,০০০ টকা। ইয়াৰ উপৰি তেওঁলোকে বিনামূলীয়া বাসস্থান, চিকিৎসা সেৱা, ভ্ৰমণ ভাট্টা আৰু দূৰভাষৰ সুবিধা লাভ কৰে।
সদস্য সংখ্যা আৰু সমষ্টি
[সম্পাদনা কৰক]ভাৰতীয় সংবিধানৰ অনুচ্ছেদ ৮১ অনুসৰি আসনৰ বিভাজন ৰাজ্যসমূহৰ জনসংখ্যাৰ অনুপাতত কৰা হয়।
এংলো-ইণ্ডিয়ান সংৰক্ষণ বাতিল
[সম্পাদনা কৰক]পূৰ্বতে লোকসভাত এংলো-ইণ্ডিয়ান সম্প্ৰদায়ৰ বাবে দুখন আসন সংৰক্ষিত আছিল আৰু ৰাষ্ট্ৰপতিয়ে এই দুজন সদস্যক মনোনীত কৰিছিল। কিন্তু ২০১৯ চনৰ ১২৬ সংখ্যক সংবিধান সংশোধনী বিধেয়ক (যিখন ১০৪ সংখ্যক সংবিধান সংশোধনী আইন, ২০১৯ হিচাপে গৃহীত হয়) অনুসৰি ২০২০ চনৰ জানুৱাৰী মাহৰ পৰা এই এংলো-ইণ্ডিয়ান সংৰক্ষণ ব্যৱস্থা বাতিল কৰা হয়। ইয়াৰ ফলত লোকসভাৰ সৰ্বাধিক আসনৰ সংখ্যা ৫৫২ খনৰ পৰা ৫৫০ খনলৈ হ্ৰাস পায়।