সমললৈ যাওক

মুহিবুল্লাহ বাবুনগৰী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(Muhibbullah Babunagariৰ পৰা পুনঃনিৰ্দেশিত)
মুজাহিদ-ই মিল্লাত, আল্লামা

মুহিবুল্লাহ বাবুনগৰী

২০২৪ চনত মুহিবুল্লাহ বাবুনগৰী
আমিৰr, হেফাজত-ই-ইছলাম বাংলাদেশ
পদাধিকাৰ
কাৰ্যভাৰ গ্ৰহণ
১৯ আগষ্ট ২০২১
পূৰ্বসূৰী জুনাইড বাবুনগৰী
ৰেক্টৰ,আল-জমিয়াতুল ইছলামিয়া আজিজুল উলুম বাবুনগৰ
পদাধিকাৰ
কাৰ্যভাৰ গ্ৰহণ
১৯৮৬
পূৰ্বসূৰী হাৰুণ বাবুনগৰী
ব্যক্তিগত তথ্য
জন্ম ১৫ ফেব্ৰুৱাৰী, ১৯৩৪ (৯২ বছৰ)[1]
বাবুনগৰ, দৌলতপুৰ, ফটিকচৰি, চট্টগ্ৰাম জিলা
ৰাষ্ট্ৰীয়তা বাংলাদেশী
দাম্পত্যসঙ্গী মিৰিয়াম বেগম (বি. ১৯৬০)
সন্তান ৩জন ল'ৰা, ৮জনী ছোৱালী
শিক্ষানুষ্ঠান *দাৰুল উলুম দেওবন্দ
  • আল-জমিয়াতুল আহলিয়া দাৰুল উলুম মইনুল ইছলাম
  • আল-জমিয়াতুল ইছলামিয়া আজিজুল উলুম বাবুনগৰ
ব্যক্তিগত
পিতৃ-মাতৃ
  • হাৰুণ বাবুনগৰী (পিতৃ) (পিতৃ)
  • উম্মে ছালমা (মাতৃ) (মাতৃ)
যুগ আধুনিক
সংঘ ছুন্নী ইছলাম
বংশধৰ আবু বকৰ
Jurisprudence হানাফী
আন্দোলন দেওবন্দী
মুখ্য আগ্ৰহ ইছলামিক আন্দোলন
শিক্ষক
  • হুছেইন আহমেদ মাদানী
    চুলতান আহমদ নানূপুৰী
    চৈয়দ ফখৰুদ্দিন আহমদ
আত্মীয় ছুফি আজিজুৰ ৰহমান (ককাক)
জুনাইড বাবুনগৰী (ভতিজা)

শ্বাহ মহম্মদ মুহিবুল্লাহ বাবুনাগৰী (বঙালী: শাহ মোহম্মদ মুহিব্বুল্লাহ বাবুনগব়ী, জন্ম ১৫ ফেব্ৰুৱাৰী ১৯৩৪) এজন দেওবন্দী ইছলামিক পণ্ডিত, ৰাজনীতিবিদ আৰু শিক্ষাবিদ।[2] তেওঁ হেফাজাত-ই-ইছলাম বাংলাদেশৰ বৰ্তমান আৰু তৃতীয় আমিৰ,[3][4] আল-জামিয়াতুল ইছলামিয়া আজিজুল উলুম বাবুনগৰৰ ৰেক্টৰ। তেওঁ ইছলামী ঐক্য জোটে, বেফাকুল মাদাৰিচিল আৰব বাংলাদেশ আৰু আল-হাইয়াতুল উলিয়া লিল-জমিয়াতিল কাৱমিয়া বাংলাদেশতো আগশাৰীৰ পদবীত অধিষ্ঠিত হৈছিল। তেওঁক বাংলাদেশৰ দেওবন্দ আন্দোলনৰ অন্যতম পথ-প্ৰদৰ্শক হিচাপে গণ্য কৰা হয়।[5]

প্ৰাৰম্ভিক জীৱন আৰু পৰিয়াল

[সম্পাদনা কৰক]

১৯৩৪ চনৰ ১৫ ফেব্ৰুৱাৰীত পাকিস্তানৰ (বৰ্তমান বাংলাদেশ) পূব বংগ (বৰ্তমান বাংলাদেশ)ৰ চট্টগং জিলাৰ ফটিকচৰি থানাৰ বাবুনগৰ গাঁৱৰ এগৰাকী বঙালী মুছলমান ধৰ্মতত্ত্ববিদৰ পৰিয়ালত মুহিবুল্লাৰ জন্ম হয়।[1] তেওঁৰ পিতৃ আল-জামিয়াতুল ইছলামিয়া আজিজুল উলুম বাবুনগৰৰ প্ৰতিষ্থাপক হাৰুণ বাবুনাগাৰী আৰু মাতৃৰ নাম উম্মে ছালমা। ৫ জন ভাই-ভনীৰ ভিতৰত বাবুনাগৰী আছিল জ্যেষ্ঠ।[1] তেওঁৰ ককাক চুফী আজিজুৰ ৰহমান হাথাজাৰীৰ আল-জামিয়াতুল আহলিয়া দাৰুল উলুম মইনুল ইছলামৰ অন্যতম প্ৰতিষ্থাপক আছিল।[6]

বাবুনগৰীয়ে পিতৃৰ প্ৰতিষ্ঠান আল-জামিয়াতুল ইছলামিয়া আজিজুল উলুম বাবুনগৰত অষ্টম শ্ৰেণীলৈকে অধ্যয়ন কৰিছিল। ইয়াৰ পিছত তেওঁ হাথাজাৰীৰ আল-জামিয়াতুল আহলিয়া দাৰুল উলুম মইনুল ইছলামত নৱম শ্ৰেণীৰপৰা অধ্যয়ন আৰম্ভ কৰে। ইছলামিক পঢ়া-শুনা আৰু অধিক স্তৰলৈ সম্প্ৰসাৰণ কৰিব বিচৰা বাবুনগৰীয়ে বংগ এৰি উত্তৰ ভাৰতৰ দাৰুল উলুম দেওবন্দত নামভৰ্তি কৰে। দেওবন্দত বাবুনগৰীয়ে আকৌ নৱম শ্ৰেণীৰপৰা পঢ়িবলৈ আৰম্ভ কৰিলে। ১৯৫৯ চনত তেওঁ এই প্ৰতিষ্ঠানত হাদীছ অধ্যয়ন সম্পূৰ্ণ কৰে। তেওঁ হুছেইন আহমেদ মাদানীৰ অধীনত হিদায়াহ আখিৰাইন, চৈয়দ ফখৰুদ্দিন আহমদৰ অধীনত ছহীহ আল বুখাৰী, ইব্ৰাহিম বলিয়াৱীৰ অধীনত ছহীহ মুছলিম আৰু জামি’ আল তিৰমিধি তথা ফখৰুল হাছানৰ অধীনত ছুনান আবু দাউদ অধ্যয়ন কৰিছিল। .[6]

কৰ্মজীৱন

[সম্পাদনা কৰক]

পঢ়া-শুনা শেষ কৰি বংগলৈ উভতি অহাৰ পাছত বাবুনগৰীয়ে আল-জামিয়াতুল ইছলামিয়া আজিজুল উলুম বাবুনগৰত শিক্ষকতা কৰিবলৈ আৰম্ভ কৰে আৰু পিছলৈ উপ-অধ্যক্ষ হয়।[6]

২০২০ চনৰ ১৫ নৱেম্বৰত তেওঁ হেফাজাত-ই-ইছলাম বাংলাদেশৰ মুখ্য উপদেষ্টা হিচাপে নিৰ্বাচিত হয়। ইয়াৰ পূৰ্বে তেওঁ এই সংগঠনৰ উপ-সভাপতি আছিল।[7][8][9][10][11]

ৰাজনীতি

[সম্পাদনা কৰক]

চাৰমোনাই পীৰ ফজলুল কৰিমৰ জীৱনকালত তেওঁ ইছলামী আন্দোলন বাংলাদেশৰ প্ৰেচিডিয়ামৰ সদস্য আছিল। ফজলুল হক আমিনিৰ জীৱনকালত তেওঁ ইছলামী ঐক্য জোটে আৰু ইছলামিক আইন ৰূপায়ণ সমিতিৰ সৈতে জড়িত আছিল। পিছলৈ তেওঁ ইছলামী ঐক্য জোটেৰ উপ-সভাপতি নিৰ্বাচিত হয়। ২০১৮ চনত ইছলামী অইকিয়া জোটেৰপৰা তেওঁ পদত্যাগ কৰে। বৰ্তমান তেওঁ কোনো ৰাজনৈতিক দলৰ সৈতে প্ৰত্যক্ষভাৱে জড়িত নহয়।[12][13][14][15][16]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. 1 2 3 "হকেৰ উপৰ প্ৰতিষ্ঠিত থাকাটাই হচ্ছে হেফাজত নেতা-কৰ্মীদেৰ মূল দায়িত্ব". Daily Inqilab. 20 August 2021. https://m.dailyinqilab.com/article/410025/%E0%A6%B9%E0%A6%95%E0%A7%87%E0%A6%B0-%E0%A6%89%E0%A6%AA%E0%A6%B0-%E0%A6%AA%E0%A7%8D%E0%A6%B0%E0%A6%A4%E0%A6%BF%E0%A6%B7%E0%A7%8D%E0%A6%A0%E0%A6%BF%E0%A6%A4-%E0%A6%A5%E0%A6%BE%E0%A6%95%E0%A6%BE%E0%A6%9F%E0%A6%BE%E0%A6%87-%E0%A6%B9%E0%A6%9A%E0%A7%8D%E0%A6%9B%E0%A7%87-%E0%A6%B9%E0%A7%87%E0%A6%AB%E0%A6%BE%E0%A6%9C%E0%A6%A4-%E0%A6%A8%E0%A7%87%E0%A6%A4%E0%A6%BE-%E0%A6%95%E0%A6%B0%E0%A7%8D%E0%A6%AE%E0%A7%80%E0%A6%A6%E0%A7%87%E0%A6%B0-%E0%A6%AE%E0%A7%82%E0%A6%B2-%E0%A6%A6%E0%A6%BE%E0%A6%AF%E0%A6%BC%E0%A6%BF%E0%A6%A4%E0%A7%8D%E0%A6%AC.
  2. "হেফাজতেৰ নতুন আমিৰ মুহিব্বুল্লাহ বাবুনগৰী". The Daily Star. 19 August 2021. https://www.thedailystar.net/bangla/%E0%A6%B8%E0%A6%82%E0%A6%AC%E0%A6%BE%E0%A6%A6/%E0%A6%AC%E0%A6%BE%E0%A6%82%E0%A6%B2%E0%A6%BE%E0%A6%A6%E0%A7%87%E0%A6%B6/%E0%A6%B9%E0%A7%87%E0%A6%AB%E0%A6%BE%E0%A6%9C%E0%A6%A4%E0%A7%87%E0%A6%B0-%E0%A6%A8%E0%A6%A4%E0%A7%81%E0%A6%A8-%E0%A6%86%E0%A6%AE%E0%A6%BF%E0%A6%B0-%E0%A6%AE%E0%A6%B9%E0%A6%BF%E0%A6%AC%E0%A7%81%E0%A6%B2%E0%A7%8D%E0%A6%B2%E0%A6%BE%E0%A6%B9-%E0%A6%AC%E0%A6%BE%E0%A6%AC%E0%A7%81%E0%A6%A8%E0%A6%97%E0%A6%B0%E0%A7%80-252061.
  3. "৯০ বছৰ বয়সী আমিৰেৰ নেতৃত্বে ঘুৰে দাঁড়াতে পাৰবে হেফাজত?". Kaler Kantho. 21 August 2021. https://www.kalerkantho.com/amp/online/miscellaneous/2021/08/21/1065384.
  4. "হেফাজতে ইসলাম: মুহিব্বুল্লাহ বাবুনগৰীকে নতুন আমীৰ ঘোষণা কৰা হয়েছে". BBC Bangla. https://www.bbc.com/bengali/news-58269731.amp.
  5. "মুহিব্বুল্লাহ বাবুনগৰী আসলে কে?". Chattogram Pratidin. 20 August 2021. https://ctgpratidin.com/%E0%A6%AE%E0%A7%81%E0%A6%B9%E0%A6%BF%E0%A6%AC%E0%A7%8D%E0%A6%AC%E0%A7%81%E0%A6%B2%E0%A7%8D%E0%A6%B2%E0%A6%BE%E0%A6%B9-%E0%A6%AC%E0%A6%BE%E0%A6%AC%E0%A7%81%E0%A6%A8%E0%A6%97%E0%A6%B0%E0%A7%80-%E0%A6%86/.
  6. 1 2 3 Salihi, Azgar (2019), মাওলানা শাহ মুহিব্বুল্লাহ বাবুনগৰী
  7. Shakil, Salman Tareq (19 September 2020). "In Hefazat, Befaq and Hayatul Ulaya who is the successor of Shafi?" (bn ভাষাত). Bangla Tribune. https://www.banglatribune.com/national/news/643051/%E0%A6%B9%E0%A7%87%E0%A6%AB%E0%A6%BE%E0%A6%9C%E0%A6%A4-%E0%A6%AC%E0%A7%87%E0%A6%AB%E0%A6%BE%E0%A6%95-%E0%A6%93-%E0%A6%B9%E0%A6%BE%E0%A6%87%E0%A6%86%E0%A6%A4%E0%A7%81%E0%A6%B2-%E0%A6%89%E0%A6%B2%E0%A7%9F%E0%A6%BE%E0%A7%9F-%E0%A6%95%E0%A7%87-%E0%A6%B9%E0%A6%9A%E0%A7%8D%E0%A6%9B%E0%A7%87%E0%A6%A8-%E0%A6%B6%E0%A6%AB%E0%A7%80%E0%A6%B0 আহৰণ কৰা হৈছে: 2020-11-26.
  8. Aladin, Anwar (15 November 2020). "Hefazat is being broken into two! | National". Ittefaq. https://www.ittefaq.com.bd/national/199078/হেফাজত-ভেঙে-দুই-টুকৰা-হচ্ছে আহৰণ কৰা হৈছে: 2020-11-26.
  9. "Allama Muhibbullah Babungari is the Amir of Hefazat!". Amader Shomoy. 20 September 2020. https://www.amadershomoy.com/bn/2020/09/20/1217741.html আহৰণ কৰা হৈছে: 2020-11-26.
  10. "Who is the Amir of Hefazat?" (bn ভাষাত). Daily Manobkantha. 20 September 2020. Archived from the original on 2021-07-28. https://web.archive.org/web/20210728202127/https://www.manobkantha.com.bd/%E0%A6%B0%E0%A6%BE%E0%A6%9C%E0%A6%A8%E0%A7%80%E0%A6%A4%E0%A6%BF/400695/%E0%A6%95%E0%A7%87-%E0%A6%B9%E0%A6%9A%E0%A7%8D%E0%A6%9B%E0%A7%87%E0%A6%A8-%E0%A6%B9%E0%A7%87%E0%A6%AB%E0%A6%BE%E0%A6%9C%E0%A6%A4%E0%A7%87%E0%A6%B0-%E0%A6%86%E0%A6%AE%E0%A6%BF%E0%A6%B0 আহৰণ কৰা হৈছে: 2020-11-26.
  11. Azad, Abu (19 June 2020). "Allama Shafi and Babungari talking about Nazirhat Madrasa" (bn ভাষাত). jagonews24.com. https://www.jagonews24.com/national/news/591352 আহৰণ কৰা হৈছে: 2020-11-26.
  12. "Babungari resigns from Jote at the instigation of Jamaat" (bn ভাষাত). Samakal. 8 October 2018. Archived from the original on 2020-07-28. https://web.archive.org/web/20200728012813/https://samakal.com/bangladesh/article/1810497 আহৰণ কৰা হৈছে: 2020-11-26.
  13. "The country's top scholars thanked the government for opening the mosque | National". ittefaq. 6 May 2020. https://www.ittefaq.com.bd/national/149924/মসজিদ-খুলে-দেওয়ায়-সৰকাৰকে-ধন্যবাদ-জানলেন-দেশেৰ-শীৰ্ষ-আলেমৰা আহৰণ কৰা হৈছে: 2020-11-26.
  14. "Dua held at Barakatara Madrasa for Allama Shah Muhibullah Babungari's recovery" (en ভাষাত). DailyInqilabOnline. 16 July 2020. https://m.dailyinqilab.com/article/308179/%E0%A6%86%E0%A6%B2%E0%A7%8D%E0%A6%B2%E0%A6%BE%E0%A6%AE%E0%A6%BE-%E0%A6%B6%E0%A6%BE%E0%A6%B9-%E0%A6%AE%E0%A7%81%E0%A6%B9%E0%A6%BF%E0%A6%AC%E0%A7%8D%E0%A6%AC%E0%A7%81%E0%A6%B2%E0%A7%8D%E0%A6%B2%E0%A6%BE%E0%A6%B9-%E0%A6%AC%E0%A6%BE%E0%A6%AC%E0%A7%81%E0%A6%A8%E0%A6%97%E0%A6%B0%E0%A7%80%E0%A6%B0-%E0%A6%B8%E0%A7%81%E0%A6%B8%E0%A7%8D%E0%A6%A5%E0%A6%A4%E0%A6%BE-%E0%A6%95%E0%A6%BE%E0%A6%AE%E0%A6%A8%E0%A6%BE%E0%A7%9F-%E0%A6%AC%E0%A7%9C%E0%A6%95%E0%A6%BE%E0%A6%9F%E0%A6%BE%E0%A6%B0%E0%A6%BE%E0%A7%9F-%E0%A6%AE%E0%A6%BE%E0%A6%A6%E0%A6%B0%E0%A6%BE%E0%A6%B8%E0%A6%BE%E0%A7%9F-%E0%A6%A6%E0%A7%81%E0%A6%86-%E0%A6%85%E0%A6%A8%E0%A7%81%E0%A6%B7%E0%A7%8D%E0%A6%A0%E0%A6%BF%E0%A6%A4 আহৰণ কৰা হৈছে: 2020-11-26.
  15. "Shapla Chattar genocide will be tried in this country one day - Allama Shah Muhibullah Babungari" (bn ভাষাত). The Daily Sangram. http://dailysangram.com/?post=166213-এদেশে-একদিন-শাপলা-চত্বৰেৰ-গণহত্যাৰ-বিচাৰ-হবে--আল্লামা-শাহ-মুহিব্বুল্লাহ-বাবুনগৰী আহৰণ কৰা হৈছে: 2020-11-26.
  16. Bureau, Chittagong. "'I am not with secularist Awami agents': Muhibullah Babungari leaves Islami Okya Jote" (bn ভাষাত). DailyInqilabOnline. https://m.dailyinqilab.com/article/157564/%E0%A6%A7%E0%A6%B0%E0%A7%8D%E0%A6%AE%E0%A6%A8%E0%A6%BF%E0%A6%B0%E0%A6%AA%E0%A7%87%E0%A6%95%E0%A7%8D%E0%A6%B7%E0%A6%A4%E0%A6%BE%E0%A6%AC%E0%A6%BE%E0%A6%A6%E0%A7%80-%E0%A6%86%E0%A6%93%E0%A7%9F%E0%A6%BE%E0%A6%AE%E0%A7%80 আহৰণ কৰা হৈছে: 2020-11-26.