মুথুলক্ষ্মী ৰেড্ডী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(Muthulakshmi Reddiৰ পৰা পুনঃনিৰ্দেশিত)
মুথুলক্ষ্মী ৰেড্ডী

ডাঃ মুথুলক্ষ্মী ৰেড্ডী
জন্ম ৩০ জুলাই, ১৮৮৬
পুডুকট্টাই ৰাজ্য, মাদ্ৰাজ প্ৰেচিডেন্সি, ব্ৰিটিছ ভাৰত
মৃত্যু ২২ জুলাই, ১৯৬৮ (৮১ বছৰ)
শিক্ষানুষ্ঠান মাদ্ৰাজ মেডিকেল কলেজ
জনা যায় সমাজ সংস্কাৰক, মহিলাৰ অধিকাৰ কৰ্মী, লেখিকা, চিকিৎসক
দাম্পত্যসঙ্গী সুন্দৰ ৰেড্ডী
সন্তান এছ. কৃষ্ণমূৰ্তি
এছ. ৰামমোহন
বঁটা, সন্মান, পুৰস্কাৰ আদি পদ্মভূষণ (১৯৫৬)


মুথুলক্ষ্মী ৰেড্ডী (৩০ জুলাই ১৮৮৬ – ২২ জুলাই ১৯৬৮) এগৰাকী ভাৰতীয় সমাজ সংস্কাৰক, চিকিৎসক, ৰাজনীতিবিদ, মহিলাৰ অধিকাৰ কৰ্মী আৰু লেখিকা। তেওঁ ভাৰতৰ প্ৰথম মহিলা বিধায়ক। ১৯২৭ চনত তেওঁক মাদ্ৰাজ বিধান পৰিষদৰ সদস্য হিচাপে মনোনীত কৰা হৈছিল। তেওঁ ভাৰতৰ তৃতীয় পুৰণি চিকিৎসা মহাবিদ্যালয় মাদ্ৰাজ মেডিকেল কলেজৰ প্ৰথম ছাত্ৰী আছিল। তেওঁ চৰকাৰী মাতৃত্ব আৰু চকু চিকিৎসালয়ৰ প্ৰথম মহিলা শল্য চিকিৎসক। ইয়াৰ লগতে তেওঁ ভাৰতৰ প্ৰথম মহিলা জিলা পৰিষদৰ উপ-সভাপতি, ৰাজ্য সমাজ কল্যাণ উপদেষ্টা বোৰ্ডৰ প্ৰথম সভাপতি আৰু মাদ্ৰাজ পৌৰনিগম অভয় হোমৰ প্ৰথম পৌৰমাতা আছিল।

১৯৫৬ চনত ভাৰত চৰকাৰে তেওঁৰ সমাজলৈ আগবঢ়োৱা অৱদানৰ স্বীকৃতি স্বৰূপে ভাৰতৰ তৃতীয় সৰ্বোচ্চ অসামৰিক সন্মান পদ্মভূষণ প্ৰদান কৰে।

তথ্য উৎস[সম্পাদনা কৰক]

বাহ্যিক সংযোগ[সম্পাদনা কৰক]