সমললৈ যাওক

নমকীন

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(Namkeenৰ পৰা পুনঃনিৰ্দেশিত)
নমকীন

পোষ্টাৰ
পৰিচালক গুলজাৰ
চিত্ৰনাট্য গুলজাৰ
ভিত্তি অকাল বসন্ত
লেখক: সমৰেশ বসু
প্ৰযোজক জয়ন্ত মালকান
অভিনয়ত সঞ্জীৱ কুমাৰ
শৰ্মিলা ঠাকুৰ
শাবানা আজমী
ৱাহিদা ৰহমান
কিৰণ বৈৰালে
চিত্ৰগ্ৰহণকাৰী এম সম্পত
সম্পাদনা ৱামান ভোচলে
গুৰুদত্ত শিৰালি
সংগীত পৰিচালক আৰ ডি বৰ্মন
মুক্তি
২ এপ্ৰিল ১৯৮২ (1982-04-02)
দৈৰ্ঘ্য
১১২ মিনিট
দেশ ভাৰত
ভাষা হিন্দী

নমকীন (ইংৰাজী: Namkeen; অনু: নিমখীয়া) ১৯৮২ চনত মুক্তি পোৱা গুলজাৰৰ দ্বাৰা পৰিচালিত আৰু প্ৰযোজিত হিন্দী ভাষাৰ এখন সামাজিক নাট্যধ্ৰমী ছবি, য'ত অভিনয় কৰিছে সঞ্জীৱ কুমাৰ, শৰ্মিলা ঠাকুৰ, শাবানা আজমী আৰু ৱাহিদা ৰহমানে। গুলজাৰৰ এই ছবিখন বিশেষকৈ গ্ৰাম্য অঞ্চলৰ ভাৰতীয় সমাজৰ কিছুমান অতি স্পৰ্শকাতৰ, কিন্তু অস্পৃশ্য দিশৰ ওপৰত নিৰ্মিত। “অকাল বসন্ত” নামৰ সমৰেশ বসুৰ গল্প এটাৰ আধাৰত ছবিখন নিৰ্মাণ কৰা হৈছিল।[1] এইজন লেখকৰ গল্পৰ আধাৰত ইয়াৰ পূৰ্বে গুলজাৰে ইয়াৰ পূৰ্বে “কিতাব” (১৯৭৭) নিৰ্মাণ কৰিছিল।[2] [2]

নমকীনে ১৯৮৩ চনত এছাভাই এম সুৰতৱালাৰ শ্ৰেষ্ঠ অডিঅ’গ্ৰাফীৰ বাবে ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰে। ৩০তম ফিল্মফেয়াৰ বঁটাত ছবিখন শ্ৰেষ্ঠ কাহিনী আৰু শ্ৰেষ্ঠ কলা পৰিচালনাৰ বঁটা লাভ কৰাৰ বিপৰীতে ৱাহিদাই শ্ৰেষ্ঠ সহযোগী অভিনেত্ৰীৰ মনোনয়ন পাবলৈ সক্ষম হৈছিল।

৩০তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা
  • শ্ৰেষ্ঠ অডিঅ’গ্ৰাফী- ইচাভাই এম সুৰতৱালা[3]
৩০তম ফিল্মফেয়াৰ বঁটা
  • শ্ৰেষ্ঠ কাহিনী- সমৰেশ বসু
  • শ্ৰেষ্ঠ কলা নিৰ্দেশক- অজিত নানেৰ্জি
  1. "Samaresh Basu Birth Anniversary: Here Are 5 Films Based on His Novels" (en ভাষাত). News18. 2019-12-11. https://www.news18.com/news/lifestyle/samaresh-basu-birth-anniversary-here-are-5-films-based-on-his-novels-2419565.html। আহৰণ কৰা হৈছে: 2021-12-26. 
  2. Gulazar; Govind Nihalani; Saibal Chatterjee (2003). Encyclopaedia Of Hindi Cinema. Popular Prakashan. পৃষ্ঠা. 357. ISBN 978-81-7991-066-5. https://books.google.com/books?id=8y8vN9A14nkC&pg=PT361. 
  3. "30th National Film Awards". Directorate of Film Festivals. http://dff.nic.in/images/Documents/87_30thNfacatalogue.pdf। আহৰণ কৰা হৈছে: 2 September 2020. 

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]