ৰাষ্ট্ৰীয় মূল্যাংকন আৰু প্ৰত্যাপন পৰিষদ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(National Assessment and Accreditation Councilৰ পৰা পুনঃনিৰ্দেশিত)
ৰাষ্ট্ৰীয় মূল্যাংকন আৰু প্ৰত্যাপন পৰিষদ
সংস্থাৰ ৰূপৰেখা
গঠন ১৯৯৪
ক্ষেত্ৰাধিকাৰ ভাৰত
মুখ্য কাৰ্যালয় বেংগালুৰু, কৰ্ণাটক, ভাৰত
মূলমন্ত্ৰ Excellence . Credibility . Relevance
(উৎকৃষ্টতা . বিশ্বাসযোগ্যতা . প্ৰাসংগিকতা)
সংস্থাৰ কাৰ্যবাহী এছ. চি. শৰ্মা[1], সঞ্চালক
পিতৃ বিভাগ মানৱ সম্পদ উন্নয়ন মন্ত্ৰণালয়, ভাৰত চৰকাৰ
পিতৃ সংস্থা বিশ্ববিদ্যালয় অনুদান আয়োগ
ৱেবছাইট www.naac.gov.in

ৰাষ্ট্ৰীয় মূল্যাংকন আৰু প্ৰত্যাপন পৰিষদ চমুকৈ নাক (NAAC) ভাৰতৰ উচ্চশিক্ষাৰ প্ৰতিষ্ঠানসমূহৰ মূল্যাংকন আৰু প্ৰত্যাপনৰ লগত জড়িত অনুষ্ঠান। বিশ্ববিদ্যালয় অনুদান আয়োগৰ অধীনত এই অনুষ্ঠানটো সম্পূৰ্ণ স্বায়ত্ত্বশাসিত। ভাৰত চৰকাৰৰ মানৱ সম্পদ উন্নয়ন মন্ত্ৰণালয়ৰ অন্তৰ্গত এই অনুষ্ঠানৰ মুখ্য কাৰ্যালয় কৰ্ণাটকৰ ৰাজধানী বেংগালুৰুত অৱস্থিত। ইয়াৰ বৰ্তমান সঞ্চালক প্ৰধান এছ. চি. শৰ্মা।

ইতিহাস[সম্পাদনা কৰক]

১৯৮৬ চনৰ ৰাষ্ট্ৰীয় শিক্ষানীতিৰ পৰামৰ্শ অনুসৰি ১৯৯৪ চনত ৰাষ্ট্ৰীয় মূল্যাংকন আৰু প্ৰত্যাপন পৰিষদ গঠন কৰা হৈছিল। এই নীতি অনুসৰি শিক্ষাৰ নিম্ন মানদণ্ডৰ প্ৰতি লক্ষ্য ৰাখি মানদণ্ড উন্নয়নৰ বাবে কাৰ্যপন্থা হাতত ল’বলৈ পৰামৰ্শ দিয়া হৈছিল। ইয়াৰ ফলশ্ৰুতিত বিভিন্ন আঁচনি ৰূপায়ণৰ লগতে এখন ৰাষ্ট্ৰীয় মূল্যাংকন আৰু প্ৰত্যাপন অনুষ্ঠান গঠন কৰা হয়।[2][3] ১৯৯৪ চনত নাক আনুষ্ঠানিকভাৱে গঠন কৰা হয়। স্থাপনৰ পিছৰে পৰা ই দেশৰ বিভিন্ন উচ্চ শিক্ষা প্ৰতিষ্ঠানৰ শৈক্ষিক দিশৰ মূল্যাংকন আৰু প্ৰত্যাপন কৰি আহিছে।

গ্ৰেডিং[সম্পাদনা কৰক]

ৰাষ্ট্ৰীয় মূল্যাংকন আৰু প্ৰত্যাপন পৰিষদে প্ৰতিষ্ঠান সমূহৰ শৈক্ষিক দিশ পৰ্যালোচনা কৰি আঠটা শ্ৰেণীত গ্ৰেড প্ৰদান কৰে:[4]

প্ৰতিষ্ঠানৰ চিজিপিএৰ পৰিসৰ ইংৰাজী বৰ্ণৰ গ্ৰেড প্ৰদৰ্শনৰ বৰ্ণনা
3.51 – 4.00 A++ প্ৰত্যাপিত
3.26 – 3.50 A+ প্ৰত্যাপিত
3.01 – 3.25 A প্ৰত্যাপিত
2.76 – 3.00 B++ প্ৰত্যাপিত
2.51 – 2.75 B+ প্ৰত্যাপিত
2.01 – 2.50 B প্ৰত্যাপিত
1.51 – 2.00 C প্ৰত্যাপিত
≤ 1.50 D অপ্ৰত্যাপিত

প্ৰত্যাপন[সম্পাদনা কৰক]

২০১৮ চনৰ ২ নৱেম্বৰ অনুসৰি ৰাষ্ট্ৰীয় মূল্যাংকন আৰু প্ৰত্যাপন পৰিষদে ৫৬৮খন বিশ্ববিদ্যালয় আৰু ১১,৮১৬খন মহাবিদ্যালয় প্ৰত্যাপিত কৰিছে। ইয়াৰে ভিতৰত ১,৮৫৬খন প্ৰতিষ্ঠানে প্ৰতিষ্ঠিত "A" গ্ৰেড লাভ কৰিছে। ইয়াৰে ২০৬খন বিশ্ববিদ্যালয় আৰু ১৬৫০খন মহাবিদ্যালয়।[5]

তথ্য উৎস[সম্পাদনা কৰক]

  1. "Director NAAC". NAAC. http://www.naac.gov.in/NAAC_director.asp। আহৰণ কৰা হৈছে: 10 July 2015. 
  2. "NAAC - An Overview", National Assessment and Accreditation Council, archived from the original on 2012-03-25, https://web.archive.org/web/20120325110944/http://www.naac.gov.in/NAAC_Overview, আহৰণ কৰা হৈছে: 2012-04-10 
  3. "Higher Education in India". Government of India Ministry of Human Resource Development Department of Higher Education. Archived from the original on 2011-07-18. https://web.archive.org/web/20110718071823/http://www.education.nic.in/higedu.asp. 
  4. "Assessment Outcome". www.naac.gov.in. http://naac.gov.in/index.php/assessment-accreditation#outcome. 
  5. "Total Number of Accreditations as on 02/11/2018". National Assessment and Accreditation Council. 2 November 2017. http://naac.gov.in/images/docs/STATISTICS/Total-Number-of-Accreditations-as-on-02-11-2018.doc। আহৰণ কৰা হৈছে: 22 November 2018. 

বাহ্যিক সংযোগ[সম্পাদনা কৰক]