নিপুণ আক্তাৰ
| নিপুণ আক্তাৰ | |
|---|---|
| জন্ম | নাছৰীন আক্তাৰ নিপুণ ৯ জুন, ১৯৮৪ (৪১ বছৰ) জালগাঁও, বৰুড়া, কুমিল্লা, বাংলাদেশ |
| ৰাষ্ট্ৰীয়তা | বাংলাদেশী |
| শিক্ষা | কম্পিউটাৰ বিজ্ঞান |
| শিক্ষানুষ্ঠান | মস্কো ষ্টেট বিশ্ববিদ্যালয় |
| পেচা | অভিনেত্ৰী, মডেল |
| সক্ৰিয় হৈ থকা সময় | ২০০৬–বৰ্তমান |
| দাম্পত্যসঙ্গী | মুহাম্মদ সাজ্জাদ হোসেন অপু (বিচ্ছেদ) |
| সন্তান | তানিচা |
| বঁটা, সন্মান, পুৰস্কাৰ আদি | জাতীয় চলচ্চিত্ৰ পুৰস্কাৰ (দুবাৰ) |
নাছৰীন আক্তাৰ নিপুণ (ইংৰাজী: Nipun Akter) এগৰাকী বাংলাদেশী চলচ্চিত্ৰ অভিনেত্ৰী আৰু বাংলাদেশ চলচ্চিত্ৰ শিল্পী সন্থাৰ প্ৰাক্তন সাধাৰণ সম্পাদিকা। তেওঁ নিপুণ আক্তাৰ নামেৰেই বেছি পৰিচিত।[1] ২০০৬ চনত এফ আই মাণিকৰ পৰিচালিত পিতাৰ আসন ছবিত অভিনয়েৰে তেওঁ ৰূপালী পৰ্দাত অভিষেক ঘটায়। সাজঘৰ (২০০৭)ৰ বাবে ‘শ্ৰেষ্ঠ অভিনেত্ৰী’ আৰু চাঁদেৰ মত বউ (২০০৯) ছবিৰ বাবে দুবাৰকৈ ‘শ্ৰেষ্ঠ সহযোগী অভিনেত্ৰী’ৰ বাংলাদেশ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰে।
ব্যক্তিগত জীৱন
[সম্পাদনা কৰক]নিপুণ আক্তাৰে হাইস্কুলীয়া শিক্ষা শেষ কৰাৰ পিছত ১৯৯৯ চনত ৰাছিয়ালৈ গুচি যায়। তাত তেওঁ মস্কো ষ্টেট ইউনিভাৰ্চিটিৰ পৰা কম্পিউটাৰ বিজ্ঞানত স্নাতক ডিগ্ৰী লাভ কৰে।[2] মস্কোত তাই কথক নৃত্য শিকিছিল।[3] তাৰ পিছত তেওঁ আমেৰিকাৰ লছ এঞ্জেলছলৈ গুচি যায়। অভিনয়ৰ উপৰিও নিজাকৈ পাৰ্লাৰ চলায়। টিউলিপ এণ্টাৰটেইনমেণ্ট নামৰ তেওঁৰ এটা প্ৰডাকচন কোম্পানীও আছে।
২০০৬ চনলৈকে নিপুণে স্বামী আৰু কন্যা তানিচাৰ সৈতে লছ এঞ্জেলছত বাস কৰিছিল।[3][4] বৰ্তমান তেওঁৰ বিবাহ বিচ্ছেদ হৈছে। নিপুনৰ প্ৰাক্তন স্বামী মহম্মদ ছাজ্জাদ হোছেইন আপুৱে ২০২৪ চনৰ আগষ্ট মাহত অভিযোগ কৰিছিল যে নিপুণ বাংলাদেশ আৱামি লীগৰ নেতা শ্বেখ ফজলুল কৰিম চেলিমৰ দেহৰক্ষী আছিল।
অভিনয় জীৱন
[সম্পাদনা কৰক]২০১৭ চনত নিপুণে বাংলাদেশ ফিল্ম এছ’চিয়েশ্যনৰ কাৰ্যবাহী সদস্যৰ পদ লাভ কৰে। ২০২২ চনত কাঞ্চন-নিপুণ পৰিষদৰ পৰা সাধাৰণ সম্পাদক নিৰ্বাচনত অংশ লৈছিল। ২০২০ চনৰ ৫ ফেব্ৰুৱাৰীত জায়েদ খানক বাংলাদেশ চলচ্চিত্ৰ সন্থাৰ আপীল ব’ৰ্ডে অযোগ্য ঘোষণা কৰি নিপুণক নৱনিৰ্বাচিত সাধাৰণ সম্পাদক হিচাপে ঘোষণা কৰে।[5] পৰৱৰ্তী সময়ত ২০২২ চনৰ ২ মাৰ্চত উচ্চ ন্যায়ালয়ে জায়েদ খানক বাংলাদেশ চলচ্চিত্ৰ সন্থাৰ নিৰ্বাচিত সাধাৰণ সম্পাদক হিচাপে ঘোষণা কৰে। [6] ২০২২ চনৰ ২১ নৱেম্বৰত আপীল বিভাগে উচ্চ ন্যায়ালয়ৰ ৰায় স্থগিত ৰাখে। এই নিৰ্দেশৰ ফলস্বৰূপে নিপুণ বাংলাদেশ চলচ্চিত্ৰ সন্থাৰ সাধাৰণ সম্পাদকৰ পদত আছে।[7]
নিপুণ আক্তাৰে ২০১৩ চনত প্ৰসেনজিৎ চেটাৰ্জীৰ ছবি ধনিয়াৰ জৰিয়তে পশ্চিম বংগৰ চলচ্চিত্ৰত অভিষেক ঘটায়।[3]
২০১৭ চনত নিপুণে বাংলাদেশ ফিল্ম এছ’চিয়েশ্যনৰ কাৰ্যবাহী সদস্যৰ পদ লাভ কৰে। ২০২২ চনত কাঞ্চন-নিপুণ পৰিষদৰ পৰা সাধাৰণ সম্পাদক নিৰ্বাচনত অংশ লৈছিল। ২০২০ চনৰ ৫ ফেব্ৰুৱাৰীত জায়েদ খানক বাংলাদেশ চলচ্চিত্ৰ সন্থাৰ আপীল ব’ৰ্ডে অযোগ্য ঘোষণা কৰি আখতাৰক নৱনিৰ্বাচিত সাধাৰণ সম্পাদক হিচাপে ঘোষণা কৰে।[8] পৰৱৰ্তী সময়ত ২০২২ চনৰ ২ মাৰ্চত উচ্চ ন্যায়ালয়ে জায়েদ খানক বাংলাদেশ চলচ্চিত্ৰ সন্থাৰ নিৰ্বাচিত সাধাৰণ সম্পাদক হিচাপে ঘোষণা কৰে।[9] ২০২২ চনৰ ২১ নৱেম্বৰত আপীল বিভাগে উচ্চ ন্যায়ালয়ৰ ৰায় স্থগিত ৰাখে। এই নিৰ্দেশৰ ফলস্বৰূপে আখতেৰ বাংলাদেশ চলচ্চিত্ৰ সন্থাৰ সাধাৰণ সম্পাদকৰ পদত আছে।[10]
চিনেমাৰ তালিকা
[সম্পাদনা কৰক]| বছৰ | চলচ্চিত্ৰ | ভূমিকা | সহ-শিল্পী | পৰিচালক | টোকা |
|---|---|---|---|---|---|
| ২০০৬ | ৰত্নগৰ্ভা মা | মান্না | মুক্তি পায়নি | ||
| পিতাৰ আসন | ৰাইকা | শাকিব খান | এফ আই মাণিক | অভিনীত প্ৰথম চলচ্চিত্ৰ | |
| ২০০৭ | সাজঘৰ | মান্না, মৌসুমী | শাহ আলম কিৰণ | বিজয়ী: জাতীয় চলচ্চিত্ৰ পুৰস্কাৰ - শ্ৰেষ্ঠ পাৰ্শ্বচিত্ৰৰ অভিনেত্ৰী | |
| ৰিকশাওয়ালাৰ প্ৰেম | মান্না | ৰকিবুল ইসলাম ৰকিব | |||
| আমাৰ প্ৰাণেৰ স্বামী | নূপুৰ | শাকিব খান | পি এ কাজল | ||
| বাবাৰ কসম | মান্না | বদিউল আলম খোকন | |||
| মেয়ে অপহৰণ | আমিন খান | পি এ কাজল | |||
| ২০০৮ | বাবাৰ জন্য যুদ্ধ | মান্না | মনতাজুৰ ৰহমান আকবৰ | ||
| বড় ভাই জিন্দাবাদ | আমিন খান | সাফি ইকবাল | |||
| পাওয়াৰ | মান্না | মনোয়াৰ খোকন | |||
| জমিদাৰ বাড়ীৰ মেয়ে | আমিন খান | আজিজুৰ ৰহমান | |||
| বড়লোকেৰ জামাই | মান্না | পি এ কাজল | |||
| কোটি টাকাৰ ফকিৰ | বাপ্পাৰাজ, সম্ৰাট, জিনাত শানু স্বাগতা | ৰাজ্জাক | |||
| ২০০৯ | চাঁদেৰ মত বউ | ৰিয়াজ | মহম্মদ হান্নান | বিজয়ী: জাতীয় চলচ্চিত্ৰ পুৰস্কাৰ- শ্ৰেষ্ঠ পাৰ্শ্বচিত্ৰৰ অভিনেত্ৰী | |
| শুভ বিবাহ | সোণিয়া | ফেৰদৌস, ৰিয়াজ, অপু বিশ্বাস | দেবাশীষ বিশ্বাস | ||
| ৰিটাৰ্ন টিকিট | ৰুবেল | সোহেল ৰানা | |||
| বন্ধু মায়া লাগাইছে | মাটি | সাইফ খান | আবু সুফিয়ান | ||
| বোনেৰ জন্য যুদ্ধ | আমিন খান | স্বপন চৌধুৰী | |||
| ঠেকাও আন্দোলন | আমিন খান | ৰাজু চৌধুৰী | |||
| আইন বড় না সন্তান বড় | কাজী মাৰুফ | এ জে ৰানা | |||
| মা বড় না বউ বড় | আমিন খান | শেখ নজৰুল ইসলাম | |||
| ভালবাসাৰ শেষ নেই | সম্ৰাট | ৰেজা লতিফ | |||
| ২০১০ | অবুঝ বউ | ফেৰদৌস | নাৰ্গিস আক্তাৰ | ||
| বড়লোকেৰ ১০ দিন গৰীবেৰ ১ দিন | নিৰব | শেখ নজৰুল ইসলাম | |||
| বাপ বড় না শশুৰ বড়় | সম্ৰাট | শাহাদাৎ হোসেন লিটন | |||
| ২০১১ | টাইগাৰ নাম্বাৰ ওয়ান | শাকিব খান | শাহীন-সুমন | [11] | |
| গৰিবেৰ মন অনেক বড় | আমিন খান | মোহাম্মদ আসলাম | |||
| দুই পুৰুষ | ৰিয়াজ | চাষী নজৰুল ইসলাম | |||
| বস নাম্বাৰ ওয়ান | শাকিব খান | বদিউল আলম খোকন | মনোনীত: মেৰিল প্ৰথম আলো পুৰস্কাৰ (সমালোচক) - শ্ৰেষ্ঠ পাৰ্শ্বচিত্ৰৰ অভিনেত্ৰী | ||
| আদৰেৰ জামাই | শাকিব খান | শাহাদাৎ হোসেন লিটন | |||
| ২০১২ | মাৰুফেৰ চ্যালেঞ্জ | ইমন | শাহাদাৎ হোসেন লিটন | ||
| বাজাৰেৰ কুলি | ডিপজল | মনতাজুৰ ৰহমান আকবৰ | |||
| তুমি আসবে বলে | নিৰব | আশৰাফুল ৰহমান | |||
| আত্মদান | নিৰব | শাহজাহান চৌধুৰী | |||
| হঠাৎ সেদিন | ফেৰদৌস | বাসু চ্যাটাৰ্জী | |||
| ঢাকাৰ কিং | শাকিব খান | সাফি উদ্দিন সাফি | |||
| শিউলিমনি | ইমন | সাদেক সিদ্দিকী | |||
| ২০১৩ | অন্তৰ্ধান | ফেৰদৌস | সৈয়দ ওয়াহিদুজ্জামান ডায়মণ্ড | [12] | |
| এইতো ভালোবাসা | ৰানী | ইমন, নিৰব, সিদ্দিকুৰ ৰহমান | শাহীন কবিৰ টুটুল | [13] | |
| প্ৰেমিক নাম্বাৰ ওয়ান | তানিয়া | শাকিব খান | ৰকিবুল ইসলাম ৰকিব | ||
| পদ্মা পাড়েৰ পাৰ্বতী | পাৰ্বতী | ইমন, নিৰব | ৰফিক শিকদাৰ | [14] | |
| ২০১৪ | মায়েৰ মমতা | ইমন | মোস্তাফিজুৰ ৰহমান বাবু | [15] | |
| আই ডোণ্ট কেয়াৰ | আদি | মোহাম্মদ হোসেন জেমি | |||
| এক কাপ চা | ফেৰদৌস, মৌসুমী | নাঈম ইমতিয়াজ নেয়ামুল | অতিথি চৰিত্ৰত | ||
| কাছেৰ শত্ৰু | আমিন খান | এম এ আউয়াল | |||
| আপোষহীন | হেলাল খান | গাজী মাজহাৰুল আনোয়াৰ | |||
| একাত্তৰেৰ মা জননী | জমিলা | আগুন | শাহ আলম কিৰণ | ||
| ২০১৫ | লাভ | শাকিব খান | এম এম সৰকাৰ | ||
| জলৰং | ফেৰদৌস | শাহনেওয়াজ কাকলী | |||
| মায়ানগৰ | আসিফ ইমৰোজ | ইসমত আৰা চৌধুৰী শান্তা | |||
| পৰিচয় | ফেৰদৌস | ৰূপালী গুহ | |||
| স্বৰ্গ থেকে নৰক | ফেৰদৌস | অৰূপ ৰতন চৌধুৰী | |||
| কাৰ্তুজ | বাপ্পাৰাজ, সম্ৰাট, সোহান খান | বাপ্পাৰাজ | |||
| পদ্ম পাতাৰ জল | ইমন, বিদ্যা সিনহা সাহা মীম | তন্ময় তানসেন | |||
| শোভনেৰ স্বাধীনতা | ময়না | ফেৰদৌস | মাণিক মানবিক | ||
| ২০১৬ | অজ্ঞাতনামা | বিউটি | শহীদুজ্জামান সেলিম, মোশাৰৰফ কৰিম, ফজলুৰ ৰহমান বাবু, শতাব্দী ওয়াদুদ | তৌকীৰ আহমেদ | |
| ২০১৮ | ধূসৰ কুয়াশা | উত্তম আকাশ | [16] | ||
| ২০২২ | বিৰত্ব | ইমন, ইন্তেখাব দিনাৰ, জয়ন্ত চট্টোপাধ্যায়, কচি খন্দকাৰ, মনিৰা মিঠু, আৰমান পাৰভেজ মুৰাদ | সাইদুল ইসলাম ৰানা | ||
| ২০২৩ | ভাগ্য | মুন্না | মাহবুবুৰ ৰশিদ | [17] | |
| সুজন মাঝি | ফেৰদৌস আহমেদ, কাজী হায়াৎ | দেলোয়াৰ জাহান ঝণ্টু | |||
| টিবিএ | তবুও তুমি আমাৰ | ইমন | ৰাজু আহমেদ | [18] |
টেলিভিছন
[সম্পাদনা কৰক]| বছৰ | শিৰোনাম | পৰিচালক | ভূমিকা | মন্তব্য |
|---|---|---|---|---|
| দ্বিধা দ্বন্দ্ব হে ভালোবাসা | আবিৰ খান | |||
| সুপাৰষ্টাৰ | আৰিফ-ই-আহনাফ | বিশেষ নাটক | ||
| শুভাগমন | শহীদুন্নবী | ঈদৰ বিশেষ নাটক | ||
| কনফিউশন | আবিৰ খান | ঈদৰ বিশেষ নাটক | ||
| বিয়েটা আমাৰ খুব দৰকাৰ | ||||
| শনিবাৰেৰ চোৰ | শামীম শাহেদ | ঈদৰ বিশেষ নাটক | ||
| লেইস ফিতা | ||||
| ২০১২ | গফুৰেৰ বিয়ে | সিদ্দিকুৰ ৰহমান | ঈদ স্পেশাল মিনি টিভি সিৰিজ | |
| ২০১২ | একদা এক বাঘেৰ গলায় হাৰ ফুটিয়া ছিলো | মাসুদ সেজান | ঈদ স্পেশাল মিনি টিভি সিৰিজ | |
| ২০১২ | হাতেম আলী | মাসুদ সেজান | ঈদৰ বিশেষ টেলিফিল্ম | |
| ২০১৩ | তিনি একজন সৌভাগ্যবান | হাসান খোৰশেদ | ঈদৰ বিশেষ নাটক | |
| ২০১৩ | দৈনিক সুখবৰ দুঃখবৰ | এস এ হক অলিক | ঈদৰ বিশেষ নাটক | |
| ২০১৩ | প্ৰীতি ও শুভেচ্ছা | জাহিদ হাসান | ঈদৰ বিশেষ নাটক | |
| ২০১৩ | মানি ইজ নো প্ৰবলেম | মাসুদ সেজান | ঈদৰ বিশেষ নাটক | |
| ২০১৩ | দুয়ে দুয়ে পাঁচ | নাঈম ইমতিয়াজ নেয়ামুল | ঈদৰ বিশেষ নাটক | |
| ২০১৩ | নতুন হাতেম আলী | মাসুদ সেজান | ঈদৰ বিশেষ টেলিফিল্ম | |
| ২০১৪ | ফৰ্মাল-ইন | মাসুদ সেজান | ঈদৰ বিশেষ মিনি টিভি সিৰিজ | |
| ২০১৪ | সেলফি | মাসুদ সেজান | ঈদৰ বিশেষ নাটক | |
| ২০১৪ | ফৰ্মাল-ইন প্লাস | মাসুদ সেজান | ঈদৰ বিশেষ মিনি টিভি সিৰিজ |
ৱেব ছিৰিজ
[সম্পাদনা কৰক]| বছৰ | অলপ | অ'টিটি | চৰিত্ৰ | সহ-শিল্পী | নিৰ্দেশক | মন্তব্য |
|---|---|---|---|---|---|---|
| ২০১৯ চনত | বাগিচাৰ খেল | বায়'স্কোপ | এলোৰা | ৰিয়াজ, নিপুণ | তৌহিদ মিতুল |
পুৰস্কাৰ
[সম্পাদনা কৰক]- ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা
| বছৰ | পুৰস্কাৰ | বিভাগ | নিৰ্দিষ্ট কাৰ্য্য | ফলাফল | সূত্ৰ |
|---|---|---|---|---|---|
| ২০০৭ চনত | ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা | শ্ৰেষ্ঠ সহযোগী অভিনেত্ৰী | ড্ৰেছিং ৰুম | বিজয়ী | |
| ২০১০ চনত | ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা | শ্ৰেষ্ঠ সহযোগী অভিনেত্ৰী | চন্দ্ৰৰ দৰে এগৰাকী পত্নী | বিজয়ী | [19] |
| ২০১১ চন | মেৰিল প্ৰথম আলো বঁটা (সমালোচক) | শ্ৰেষ্ঠ সহযোগী অভিনেত্ৰী | মৰমৰ জোঁৱাই | মনোনীত কৰা হৈছে |
- বিচিআৰএ বঁটা
| বছৰ | বিভাগ | নিৰ্দিষ্ট কাৰ্য্য | ফলাফল | সূত্ৰ |
|---|---|---|---|---|
| ২০০৭ চনত | শ্ৰেষ্ঠ অভিনেত্ৰী | বিজয়ী |
তথ্য উৎস
[সম্পাদনা কৰক]- ↑ Emon, Mahmudul Hasan; Television, Jamuna (2024-04-20). "সামান্য ব্যবধানে হেৰে গেলেন চিত্ৰনায়িকা নিপুন" (en ভাষাত). যমুনা টিভি. https://jamuna.tv/news/532433। আহৰণ কৰা হৈছে: 2024-04-20.
- ↑ "এ'সপ্তাহেৰ সাক্ষাৎকাৰ" (bn ভাষাত). বিবিচি বাংলা. 2014-09-09. https://www.bbc.com/bengali/multimedia/2014/09/140909_sm_nipun_akter_bangladeshi_filmactress_interview। আহৰণ কৰা হৈছে: 2023-06-12.
- ↑ 3.0 3.1 3.2 "NIPUN Kolkata calling" (en ভাষাত). দ্য ডেইলি ষ্টাৰ. 2013-08-17. https://www.thedailystar.net/news/nipun-kolkata-calling-2। আহৰণ কৰা হৈছে: 2023-06-12.
- ↑ Correspondent, Staff (2014-09-07). "Nipun on BBC Radio" (en ভাষাত). Prothomalo. https://en.prothomalo.com/entertainment/Nipun-on-BBC-Radio। আহৰণ কৰা হৈছে: 2023-06-12.
- ↑ "জায়েদ খান বাতিল, শিল্পী সমিতিৰ নতুন সাধাৰণ সম্পাদক হলেন নিপুণ" (en ভাষাত). The Business Standard. 2022-02-05. https://www.tbsnews.net/bangla/%E0%A6%AC%E0%A6%BF%E0%A6%A8%E0%A7%8B%E0%A6%A6%E0%A6%A8/news-details-82270। আহৰণ কৰা হৈছে: 2022-11-28.
- ↑ "শিল্পী সমিতিৰ সম্পাদক পদ জায়েদ খানেৰ - হাইকোৰ্টেৰ ৰায়" (bn ভাষাত). বিবিচি বাংলা. 2022-03-02. https://www.bbc.com/bengali/news-60585005। আহৰণ কৰা হৈছে: 2022-11-28.
- ↑ "চলচ্চিত্ৰ সমিতিৰ সাধাৰণ সম্পাদক নিপুন: আপিল বিভাগ" (en ভাষাত). www.jugantor.com. https://www.jugantor.com/national/617919/চলচ্চিত্ৰ-সমিতিৰ-সাধাৰণ-সম্পাদক-নিপুন-আপিল-বিভাগ। আহৰণ কৰা হৈছে: 2022-11-28.
- ↑ "জায়েদ খান বাতিল, শিল্পী সমিতিৰ নতুন সাধাৰণ সম্পাদক হলেন নিপুণ" (en ভাষাত). The Business Standard. 2022-02-05. https://www.tbsnews.net/bangla/%E0%A6%AC%E0%A6%BF%E0%A6%A8%E0%A7%8B%E0%A6%A6%E0%A6%A8/news-details-82270। আহৰণ কৰা হৈছে: 2022-11-28.
- ↑ "শিল্পী সমিতিৰ সম্পাদক পদ জায়েদ খানেৰ - হাইকোৰ্টেৰ ৰায়" (bn ভাষাত). বিবিচি বাংলা. 2022-03-02. https://www.bbc.com/bengali/news-60585005। আহৰণ কৰা হৈছে: 2022-11-28.
- ↑ "চলচ্চিত্ৰ সমিতিৰ সাধাৰণ সম্পাদক নিপুন: আপিল বিভাগ" (en ভাষাত). www.jugantor.com. https://www.jugantor.com/national/617919/চলচ্চিত্ৰ-সমিতিৰ-সাধাৰণ-সম্পাদক-নিপুন-আপিল-বিভাগ। আহৰণ কৰা হৈছে: 2022-11-28.
- ↑ "সংৰক্ষণাগাৰভুক্ত অনুলিপি". Archived from the original on ১৪ জানুয়াৰি ২০১৫. https://web.archive.org/web/20150114173944/http://www.ajkalerkhabarbd.com/pages/details/2011/08/13/10466। আহৰণ কৰা হৈছে: ১৩ ফেব্ৰুয়াৰি ২০১৫.
- ↑ "daily sun". Archived from the original on ১৯ ডিচেম্বৰ ২০১৩. https://web.archive.org/web/20131219182616/http://www.daily-sun.com/details_yes_27-08-2012_%E2%80%98Antardhan%E2%80%99-invited-to-3-film-fests-in-India_243_1_7_1_5.html। আহৰণ কৰা হৈছে: ১৩ ফেব্ৰুৱাৰী ২০১৫.
- ↑ "Daily Manab Zamin |". Archived from the original on ১৪ জানুৱাৰী ২০১৫. https://web.archive.org/web/20150114202829/http://mzamin.com/details.php?nid=NTUzOTc=&ty=MA==&s=MjI=&c=Mjk=। আহৰণ কৰা হৈছে: ১৩ ফেব্ৰুৱাৰী ২০১৫.
- ↑ "পদ্মা পাড়েৰ পাৰ্বতী - বাংলা মুভি ডেটাবেজ". Bangla Movie Database. Archived from the original on ২৮ ফেব্ৰুৱাৰী ২০১৫. https://web.archive.org/web/20150228113516/http://www.bmdb.com.bd/movie/79/। আহৰণ কৰা হৈছে: ২৬ জানুয়াৰি ২০১৫.
- ↑ "বিনোদন | কালেৰ কণ্ঠ | kalerkantho". Archived from the original on ২৭ অক্টোবৰ ২০১৪. https://web.archive.org/web/20141027124400/http://www.kalerkantho.com/online/entertainment/2014/04/24/76521/print। আহৰণ কৰা হৈছে: ১৩ ফেব্ৰুৱাৰী ২০১৫.
- ↑ sun, daily. "Nipun, Munna’s ‘Bhagya’ to be released Feb 3 | Daily Sun |" (en ভাষাত). daily sun. https://www.daily-sun.com/printversion/details/669735/Nipun-Munna%E2%80%99s-%E2%80%98Bhagya%E2%80%99-to-be-released-Feb-3। আহৰণ কৰা হৈছে: 2023-06-12.
- ↑ "নিপুণেৰ 'ভাগ্য'" (en ভাষাত). SAMAKAL. Archived from the original on ২০২৩-০৫-২৬. https://web.archive.org/web/20230526084534/https://samakal.com/feature/article/2302154552/%E0%A6%A8%E0%A6%BF%E0%A6%AA%E0%A7%81%E0%A6%A3%E0%A7%87%E0%A6%B0-%E0%A6%AD%E0%A6%BE%E0%A6%97%E0%A7%8D%E0%A6%AF। আহৰণ কৰা হৈছে: 2023-05-26.
- ↑ "Nipun working on 4 films simultaneously". Dhaka Tribune. 2013-05-11. https://archive.dhakatribune.com/uncategorized/2013/05/11/nipun-working-on-4-films-simultaneously। আহৰণ কৰা হৈছে: 2023-06-12.
- ↑ Admin (2013-08-23). "Nipun shares her experience" (en-US ভাষাত). Dhaka Mirror. Archived from the original on ২০২৩-০৬-১২. https://web.archive.org/web/20230612110740/https://dhakamirror.com/entertainment/cinema-bangla/nipun-shares-her-experience/। আহৰণ কৰা হৈছে: 2023-06-12.
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]- নিপুণ আক্তাৰ সম্পৰ্কে ইণ্টাৰনেট মুভি ডাটাবেছত থকা তথ্য।
| ৱিকিমিডিয়া কমন্সত নিপুণ আক্তাৰ সম্পৰ্কীয় মিডিয়া ফাইল আছে। |