সমললৈ যাওক

নিশান্ত

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(Nishant (film)ৰ পৰা পুনঃনিৰ্দেশিত)

ডিভিডি কভাৰ
পৰিচালক শ্যাম বেনেগাল
ৰচনা বিজয় টেণ্ডুলকাৰ
সত্যদেৱ দুবে (সংলাপ)
প্ৰযোজক ফ্ৰেণী এম ভৈৰৱ
মোহন জে বিজলানী
অভিনয়ত
  • গিৰিশ কণাৰ্ড
  • শ্বাবানা আজমী
  • অনন্ত নাগ
  • অমৰীশ পুৰী
  • স্মিতা পাতিল
  • নাছিৰুদ্দিন শ্বাহ
চিত্ৰগ্ৰহণকাৰী গোবিন্দ নিহলানী
সম্পাদনা ভানুদাস দিবাকৰ
সংগীত পৰিচালক বনৰাজ ভাটিয়া
মুক্তি
৫ ছেপ্টেম্বৰ ১৯৭৫ (1975-09-05) (India)
দৈৰ্ঘ্য
১৪৩ মিনিট
দেশ ভাৰত
ভাষা হিন্দী

নিশান্ত (ইংৰাজী: Nishant) ১৯৭৫ চনত মুক্তি পোৱা শ্যাম বেনেগালৰ পৰিচালনাত নিৰ্মিত এখন হিন্দী নাট্যধৰ্মী ছবি, যিখন বিশিষ্ট নাট্যকাৰ বিজয় তেণ্ডুলকাৰৰ মূল চিত্ৰনাট্যৰ আধাৰত নিৰ্মিত। ছবিৰ সংলাপ লিখিছে সত্যদেৱ ডুবেই।[1] ছবিখনত স্মিতা পাটিল আৰু নাছিৰুদ্দিন শ্বাহৰ সৈতে গিৰীশ কৰ্ণাড, অমৰীশ পুৰী, শ্বাবানা আজমী, মোহন অগাশে, অনন্ত নাগ আৰু সাধু মেহেৰকে ধৰি সমান্তৰাল চলচ্চিত্ৰৰ এটা অভিনয় শিল্পীৰ দলে অভিনয় কৰিছে। এই ছবিখনৰ কাহিনীত ১৯৪০ আৰু ১৯৫০ৰ দশকৰ হায়দৰাবাদ ৰাজ্য বা বৰ্তমানৰ তেলেংগনাৰ সামন্তবাদৰ সময়চোৱাৰ গ্ৰামীণ অভিজাত শ্ৰেণীৰ শক্তি আৰু নাৰীৰ যৌন শোষণৰ চিত্ৰ প্ৰতিফলিত হৈছে।[2]

নিশান্তে ১৯৭৭ চনত হিন্দী ভাষাৰ শ্ৰেষ্ঠ পূৰ্ণদৈৰ্ঘ্য ছবিৰ ২৩তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰিবলৈ সক্ষম হয়। ১৯৭৬ চনৰ কান চলচ্চিত্ৰ মহোৎসৱত পাল্ম ডি অৰৰ বাবে প্ৰতিদ্বন্দ্বিতা কৰিবলৈ ইয়াক নিৰ্বাচিত কৰা হৈছিল। ১৯৭৬ চনৰ লণ্ডন চলচ্চিত্ৰ মহোৎসৱ, ১৯৭৭ চনৰ মেলবৰ্ণ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ আৰু ১৯৭৭ চনৰ চিকাগো আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱলৈ আমন্ত্ৰণ জনোৱা হৈছিল।

বিশ্বম গাঁৱৰ শক্তিশালী আৰু প্ৰভাৱশালী গাঁৱৰ জাগীৰদাৰৰ কনিষ্ঠ ভাতৃ। জাগীৰদাৰে নিজৰ লাভ আৰু সুৰক্ষাৰ বাবে কোনো কাম কৰিবলৈ কুণ্ঠাবোধ নকৰে, প্ৰয়োজন হ’লে আইনো ভংগ কৰিবলৈ প্ৰস্তুত। ৰুক্মণী লাজুকুৰীয়া আৰু শান্ত স্বভাৱৰ বিশ্বমৰ পত্নী। কিন্তু তেওঁৰ ককায়েক অঞ্জয় আৰু প্ৰসাদে নিজৰ ইচ্ছামতে গাঁৱৰ যিকোনো মহিলাক ভোগ কৰাটো স্বভাৱত পৰিণত হৈছে।

গাঁৱলৈ এজন নতুন স্কুল শিক্ষক আহে। তেওঁৰ সৈতে আছিল পত্নী সুশীলা আৰু এজন পুত্ৰ। বিশ্বমে যেতিয়া প্ৰথমবাৰৰ বাবে সুশীলাক দেখা পায়, তেতিয়া তেওঁ তাইৰ পৰা চকু আঁতৰাই নিব নোৱাৰে আৰু মনটোৰ পৰাও আঁতৰাই পঠিয়াব নোৱাৰে। অৱশ্যে সুশীলাই তেওঁৰ ভাৱনাৰ কোনো প্ৰত্যুত্তৰ নিদিয়ে। এদিন ৰাতি স্কুল শিক্ষকজনে পৰিয়ালৰ সৈতে ৰাতিৰ আহাৰ গ্ৰহণ কৰি থাকোঁতে কোনোবাই দুৱাৰত টোকৰ মাৰে আৰু সুশীলাই দুৱাৰ খুলিবলৈ যাওঁতে বিশ্বমৰ ককায়েক দুজনে তাইক ধৰি জোৰকৈ উঠাই লৈ যায়। ঘটনাস্থলীত কেইবাজনো লোক উপস্থিত আছিল যদিও এই অপহৰণত বাধা দিবলৈ বা মাত মাতিবলৈ কোনেও সাহস নকৰে। জাগীৰদাৰৰ ঘৰত জাগীৰদাৰ আৰু ভায়েকহঁতে ইচ্ছামতে সুশীলাক বাৰে বাৰে ধৰ্ষণ কৰে। স্থানীয় আৰক্ষী বিষয়াৰ পৰা আৰম্ভ কৰি জিলা উপায়ুক্তলৈকে সকলোৱে ন্যায়ৰ পৰা বঞ্চিত কৰা বিচলিত স্কুল শিক্ষকজনক গাঁৱৰ মন্দিৰৰ পুৰণি পূজাৰীজনে সহায় কৰিবলৈ আগবাঢ়ি আহে । তেওঁ গাঁওবাসীক সংগঠিত কৰাত সফল হয় আৰু উৎপীড়কহঁত নিধন হয়। শেষত উন্মাদ গাঁওবাসীয়ে নিৰীহ ৰুক্মণীৰ লগতে স্বামীয়ে উদ্ধাৰ কৰিবলৈ প্ৰচেষ্টা চলোৱা সুশীলাকো হত্যা কৰে।[3]

বৰ্ষ মনোনয়ন/প্ৰাপক বঁটা ফলাফল
১৯৭৫ ফ্ৰেণী এম ভৈৰৱ, মোহন জে বিজলানী হিন্দী ভাষাৰ শ্ৰেষ্ঠ পূৰ্ণদৈৰ্ঘ্য ছবিৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা বিজয়ী
১৯৭৬ ফ্ৰেণী এম ভৈৰৱ, মোহন জে বিজলানী BJFA- শ্ৰেষ্ঠ ভাৰতীয় চলচ্চিত্ৰ বঁটা[4] বিজয়ী
শ্যাম বেনেগাল[4] শ্ৰেষ্ঠ পৰিচালক (হিন্দী শাখা) – BFJA বঁটা বিজয়ী
বিজয় টেণ্ডুলকাৰ শ্ৰেষ্ঠ চিত্ৰনাট্য (হিন্দী শাখা) – BFJA বঁটা বিজয়ী

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]