সমললৈ যাওক

নাটো

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(North Atlantic Treaty Organization (NATO)ৰ পৰা পুনঃনিৰ্দেশিত)

স্থানাংক: 50°52′34.16″N 4°25′19.24″E / 50.8761556°N 4.4220111°E / 50.8761556; 4.4220111

North Atlantic Treaty Organization
Organisation du traité de l'Atlantique nord
সংক্ষিপ্ত NATO, OTAN
গঠন  এপ্ৰিল ১৯৪৯ (৭৭ বছৰ আগত) (1949-04-04)
প্ৰকাৰ Military alliance
Headquarters Brussels, Belgium
সদস্য
Official language
Jens Stoltenberg
Lt. Admiral Rob Bauer, Royal Netherlands Navy
General Christopher G. Cavoli, United States Army
Général Philippe Lavigne, French Air and Space Force
Expenses US$1.036 trillion[2] (2019)
ৱেবছাইট nato.int ৱিকিডে'টাত সম্পাদনা কৰক

নাটো (ইংৰাজী: North Atlantic Treaty Organisation, সংক্ষেপে NATO) হৈছে উত্তৰ আমেৰিকা আৰু ইউৰোপৰ মুঠ ২৬খন দেশৰ এক সন্ধি। ১৯৪৯ চনৰ ৪ এপ্ৰিলত আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৱাশ্বিংটনত বেলজিয়াম, কানাডা, পৰ্টুগাল, ডেনমাৰ্ক, ফ্ৰান্স, আইচলেণ্ড, ইটালী, লাক্সেমবাৰ্গ, নৰৱে, নেদাৰলেণ্ডছ, গ্ৰেট ব্ৰিটেইন, আমেৰিকা যুক্তৰাষ্ট্ৰৰ মাজত এখন চুক্তি স্বাক্ষৰিত হয়। এই চুক্তি অনুসৰিয়েই নৰ্থ আটলাণ্টিক ট্ৰিয়েটি অৰ্গেনাইজেছন, সংক্ষেপে নাটো গঠন কৰা হয়। ১৯৯৯ চনত পোলেণ্ড, হাংগেৰী আৰু চেক গণৰাজ্যই নটোত যোগদান দিয়াত ইয়াৰ সদস্যৰ সংখ্যা ১৯-লৈ বৃদ্ধি পায়। ২০০৪ চনত আৰু কেইখনমান ৰাষ্ট্ৰই নাটোত যোগদান দিয়ে। [উদ্ধৃতিৰ প্ৰয়োজন]

নাটোৰ সদস্য দেশসমূহ

[সম্পাদনা কৰক]

বেলজিয়াম, বুলগেৰিয়া, কানাডা, চেক গণৰাজ্য, ডেনমাৰ্ক, এষ্টোনিয়া, ফ্ৰান্স, জাৰ্মানী, গ্ৰীচ, হাংগেৰী, আইচলেণ্ড, ইটালী, লাটভিয়া, লিথুৱানিয়া, লাক্সেমবাৰ্গ, নেদাৰলেণ্ডছ, নৰৱে, পোলেণ্ড, পৰ্টুগাল, ৰোমানিয়া, শ্লোভাকিয়া, শ্লোভেনিয়া, স্পেইন, তুৰ্কী, গ্ৰেট, ব্ৰিটেইন আৰু আমেৰিকা যুক্তৰাষ্ট্ৰ[উদ্ধৃতিৰ প্ৰয়োজন]

এই দেশসমূহৰ মাজত সন্ধি চুক্তি অনুযায়ী ৰাজনৈতিক আৰু সামৰিক সহযোগিতাৰে নাটো চুক্তিৰ অন্তৰ্ভুক্ত দেশসমূহৰ স্বাধীনতা আৰু নিৰাপত্তা সুনিশ্চিত কৰাই হৈছে নাটোৰ মূল উদ্দেশ্য। সকলো সদস্যই সেনা আৰু অস্ত্ৰৰ যোগান ধৰাত বৰঙণি যোগাই আহিছে যিয়ে একেলগে নাটোৰ সামৰিক গঠন সুদৃঢ় কৰি তুলিছে। এই সেনাবাহিনী আৰু সম্পদ জাতীয় আদেশ আৰু নিয়ন্ত্ৰণৰ অধীনত থাকে আৰু প্ৰয়োজন অনুযায়ী (ৰাজনৈতিক জটিলতা বা বিবাদ, শান্তিৰক্ষা)নাটোক এই সেনাবাহিনীৰ আৱশ্যক হয়। নাটোৰ কাৰ্য্যালয়ৰ ভাষা দুটা হৈছে ইংৰাজী আৰু ফৰাচী। ইয়াৰ মুখ্য কাৰ্য্যালয় বেলজিয়ামৰ ব্ৰুছেলছত। [উদ্ধৃতিৰ প্ৰয়োজন]

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. "English and French shall be the official languages for the entire North Atlantic Treaty Organization". Final Communiqué following the meeting of the North Atlantic Council on 17 September 1949 Archived 6 December 2006 at the Wayback Machine. "... the English and French texts [of the Treaty] are equally authentic ..." The North Atlantic Treaty, Article 14 Archived 14 September 2011 at the Wayback Machine
  2. "Defence Expenditure of NATO Countries (2010–2019)". Nato.int. https://www.nato.int/nato_static_fl2014/assets/pdf/pdf_2019_06/20190625_pr2019-069-en.pdf আহৰণ কৰা হৈছে: 10 July 2018.

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]
সংগ্ৰহিত বা-বাতৰি
ঐতিহাঁহিক চলচ্চিত্ৰপঞ্জী