উত্তৰৰ গাহৰি-নেজীয়া বান্দৰ
| উত্তৰৰ গাহৰি-নেজীয়া বান্দৰ [1] | |
|---|---|
| খাও য়াই ৰাষ্ট্ৰীয় উদ্যান, থাইলেণ্ডত এম. লিওনিনাৰ সন্তানসহ মাতৃ | |
| সংৰক্ষণ স্থিতি | |
| বৈজ্ঞানিক শ্ৰেণীবিভাজন | |
| অধিজগৎ: | সংকোষকেন্দ্ৰী |
| ৰাজ্য: | প্ৰাণী |
| পৰ্ব: | পৃষ্ঠদণ্ডী |
| শ্ৰেণী: | স্তন্যপায়ী |
| বৰ্গ: | Primate |
| উপবৰ্গ: | Haplorhini |
| পৰিয়াল: | Old World monkey |
| গণ: | Macaque |
| প্ৰজাতি: | M. leonina |
| দ্বৈৰাশিক নামকৰণ | |
| Macaca leonina (Blyth, 1863) | |
| উত্তৰৰ গাহৰি-নেজীয়া বান্দৰৰ বিস্তৃতি | |
উত্তৰৰ গাহৰি-নেজীয়া বান্দৰ (ইংৰাজী: Northern pig-tailed macaque; বৈজ্ঞানিক নামঃ Macaca leonina) হ'ল চেৰকোপিথেচিডে উপপৰিয়ালৰ এক স্পৰ্শকাতৰ প্ৰজাতি।[3] বাংলাদেশ, কম্বোডিয়া, চীন, ভাৰত, লাওছ, ম্যানমাৰ, থাইলেণ্ড, আৰু ভিয়েটনামত ইয়াক পোৱা যায়। পৰম্পৰাগতভাৱে এম.লিওনিনাক দক্ষিণৰ গাহৰি-নেজীয়া বান্দৰ (M. nemestrina)ৰ উপপ্ৰজাতি বুলি গণ্য কৰা হৈছিল যদিও এতিয়া ইয়াক পৃথক প্ৰজাতি হিচাপে শ্ৰেণীভুক্ত কৰা হৈছে।[2] একবিংশ শতিকাত গাহৰি-নেজীয়া বান্দৰক উত্তৰৰ গাহৰি-নেজীয়া বান্দৰ প্ৰজাতি (Macaca leonina) আৰু দক্ষিণৰ গাহৰি-নেজীয়া বান্দৰ প্ৰজাতি (Macaca nemestrina) বুলি বিভক্ত কৰা হয়।[4] এই পুনৰ শ্ৰেণীবিভাজনত যৌনাঙ্গ ফুলা আৰু দুয়োটাকে পৃথক কৰা মৌলিক বৈশিষ্ট্যসমূহ পৰ্যবেক্ষণ কৰা হৈছিল।[4] উত্তৰৰ গাহৰি-নেজীয়া বান্দৰ ফলভোজী আৰু ইহঁতৰ সামাজিক গোট মাতৃতান্ত্ৰিক, যৌন দ্বিৰূপী বৈশিষ্ট্যই মতা আৰু মাইকী বান্দৰক পৃথক কৰে৷[5][6] সৰ্বভোজী খাদ্যৰ প্ৰতি ইহঁতৰ অভিযোজন ফলৰ অভাৱৰ সময়ত ঘটে, বনৰীয়া গছ-গছনি আৰু শস্য, মানুহৰ খাদ্য আৰু সৰু পোক-পৰুৱা আৰু স্তন্যপায়ী প্ৰাণীক ইহঁতে খাদ্য হিচাপে ভক্ষণ কৰে৷[5][7] অভিযোজন ক্ষমতা থকাৰ পাছতো উত্তৰৰ গাহৰি-নেজীয়া বান্দৰ মানৱ ইমিউন’ডেফিচিয়েন্সি ভাইৰাছ টাইপ ১, পেথ’জেনিক চিমিয়ান ইমিউন’ডেফিচিয়েন্সি, আৰু ক’ৰ’না ভাইৰাছ আদি ভাইৰাছৰ ভাবুকিৰ সন্মুখীন হয়৷[8] মানুহৰ প্ৰভাৱো উপস্থিত, যেনে কৃষি সম্প্ৰসাৰণ, জলজ কৃষি, পৰিবহণ আন্তঃগাঁথনি, মাংস আৰু ট্ৰফীৰ বাবে চিকাৰ আৰু কাঠ কটা, আৰু অবৈধ পোহনীয়া জন্তুৰ ব্যৱসায়; যাৰ ফলত ইহঁতে বাসস্থান হেৰুৱাইছে, বনাঞ্চল খণ্ডিতকৰণ হৈছে আৰু ইহঁতৰ মংগল হ্ৰাস পাইছে৷[7][9][3]
বিতৰণ আৰু বাসস্থান
[সম্পাদনা কৰক]ভাৰতত ব্ৰহ্মপুত্ৰ নদীৰ দক্ষিণে, দেশৰ উত্তৰ-পূব অংশত উত্তৰৰ গাহৰি-নেজীয়া বান্দৰ পোৱা যায়।[10] ভাৰতত ইয়াৰ বিস্তৃতি অসম আৰু মেঘালয়ৰ পৰা পূব অৰুণাচল প্ৰদেশ, নাগালেণ্ড, মণিপুৰ, মিজোৰাম আৰু ত্ৰিপুৰালৈকে বিস্তৃত।[11] অসমৰ হোলোঙাপাৰ গিবন অভয়াৰণ্যত এইবিধ প্ৰজাতিৰ বান্দৰ দেখিবলৈ পোৱা যায়৷
উত্তৰৰ গাহৰি-নেজীয়া বান্দৰৰ পৰিৱেশতন্ত্ৰ আৰু আচৰণৰ বিষয়ে ২০০৮ চনত এক বিশদ প্ৰতিৱেদন প্ৰকাশিত হৈছে।[12]
যদিও ইয়াৰ বিশ্বজনীন সংখ্যাৰ কোনো অনুমান উপলব্ধ নহয়, কিছু স্থানভিত্তিক অনুমান পোৱা গৈছে, কম্বোডিয়াৰ কেও চেইমা বন্যপ্ৰাণী অভয়াৰণ্যত প্ৰায় ৪,০০০ সংখ্যাক বৃদ্ধি পোৱাৰ কথা জানিব পৰা গৈছে৷[13][14]
শাৰীৰিক বৈশিষ্ট্য
[সম্পাদনা কৰক]উত্তৰ আৰু দক্ষিণৰ গাহৰি-নেজীয়া বান্দৰ পৃথক কৰাত শাৰীৰিক বৈশিষ্ট্য গুৰুত্বপূৰ্ণ।[15] উত্তৰ গাহৰি-নেজীয়া বান্দৰৰ গালৰ কাষৰপৰা মূৰৰ ওপৰলৈকে আৰু থুঁতৰিৰ তললৈকে ঘূৰণীয়া ধূসৰ ৰঙৰ নোমৰ আচ্ছাদন থাকে, যাক মুকুট বোলা হয়।[15] ইহঁতৰ মুকুটৰ মাজত এটা বাদামী ৰঙৰ নোমৰ আচ্ছাদন পোৱা যায় আৰু তাৰ পিছত অৰ্থাৎ এই নোমৰ আচ্ছাদনৰ তলত আৰু চকুৰ ওপৰৰফালে বগা ত্ৰিকোণীয় আকৃতি দেখা যায়।[15] ইহঁতৰ চকুৰ প্ৰতিটো বাহিৰৰ কোণত এটাকৈ ৰঙা ৰেখা দেখা পোৱা যায় যিবোৰ ওপৰলৈকোণীয়া হয় আৰু বগা ত্ৰিকোণীয় চকুৰ শেষৰ বিন্দুত লগ হয়।[15] দক্ষিণৰ গাহৰি-নেজীয়া বান্দৰৰ তুলনাত ইহঁতৰ দীঘলীয়া মুখখন এতিয়াও চুটি।[15]
ইহঁতৰ মতাবোৰৰ বেছিভাগৰে পিঠিৰ মাজভাগত ক’লা ৰেখা দেখা পোৱা যায়; আৰু কেতিয়াবা ওপৰৰফালে ৰঙা আৰু তলৰফালে ক’লা ৰং থাকিব পাৰে।[15] তললৈ চালে ইহঁতৰ নেজডাল গাঢ় ক’লা ৰঙৰ পাতল নোমৰ আচ্ছাদনৰদ্বাৰা গঠিত আৰু দক্ষিণৰ গাহৰি-নেজীয়া বান্দৰতকৈ চুটি আৰু ক্ষীণ।[15] নেজৰ আকৃতি ভিন ভিন হয়, অৱশ্যে আটাইতকৈ সাধাৰণটো হ’ল পিছফালে ৯০ ডিগ্ৰী কোণ কৰি থকা, তাৰ পিছত ৪৫ ডিগ্ৰী, আগবঢ়া আৰু সমান্তৰাল, আগলৈ মুকলি পিঠি স্পৰ্শ কৰা, তললৈ আঙুলিয়াই থকা ধৰণৰ।[15] ইহঁতৰ নেজৰ তলত, পিঠিৰ ফালে, ডিম্বাকৃতিৰ ডাঠ বহিব পৰা পেড থাকে যিয়ে ইহঁতৰ নিতম্বৰ হাড়বোৰ ঢাকি ৰাখে, যিবোৰক ইস্কিয়াল কেল’চিটি বুলি জনা যায়।[15]
পৰিৱেশতন্ত্ৰ আৰু আচৰণ
[সম্পাদনা কৰক]

উত্তৰৰ গাহৰি-নেজীয়া বান্দৰ ফলাহাৰী, ইহঁতৰ শ শ ফলৰ প্ৰজাতিৰ মঙহাল আৰু শুকান খাদ্য বিচৰাৰ প্ৰৱণতা আছে; লগতে ফুল আৰু মুকুল, সাহ, পাত আৰু শিপাৰ আদিও খাদ্য তালিকাত আছে যিয়ে ইহঁতৰ খাদ্যৰ পঞ্চাশ শতাংশতকৈ অধিক গঠন কৰে।[5] শীতৰ বতৰত বা বাসস্থানৰ অৱক্ষয়ৰ ফলত ফলৰ উপলব্ধতা সীমিত হোৱাৰ বাবে "ধান, ৰুটি, বিস্কুট"ৰ দৰে মানৱ খাদ্য সম্পদৰ ওপৰত ইহঁত নিৰ্ভৰশীল হোৱাৰ বাবে বান্দৰবোৰ অধিক সৰ্বভোজী হোৱা দেখা যায়; আৰু ভেঁকুৰ, পিঁপৰা, উঁই, মকৰা, ষ্টিকবাড, ফৰিং, বিছাজাতীয় পতংগ, ভেকুলী, ভেঁকুৰ, বাকলি, কণী, জেঠী, কাছ আদিও খোৱা দেখা যায়।[5][7]
এই প্ৰজাতিৰ ভিতৰৰ গোটবোৰ মোটামুটি ডাঙৰ যিবোৰ এশ পঞ্চাশজনতকৈও অধিক বান্দৰৰ হ’ব পাৰে।[16] কিন্তু খাদ্য খোৱাৰ সময়ত ইহঁতে সৰু সৰু গোটত বিভক্ত হৈ পৰে আৰু ভ্ৰমণৰ বাবে পুনৰ বৃহৎ গোটত যোগদান কৰে।[16] ঋতু অনুসৰি ইহঁতৰ বিচৰণ ক্ষেত্ৰৰ পৰিসৰৰ ভিন্নতাও দেখা যায়, ইয়াৰ কাৰণ ফলৰ উপলব্ধতা আৰু গুণগত মান।[16]
ভাবুকি
[সম্পাদনা কৰক]আইচিইউএনৰ ৰঙা তালিকা অনুসৰি উত্তৰৰ গাহৰি-নেজীয়া বান্দৰক স্পৰ্শকাতৰ প্ৰজাতি আৰু হ্ৰাস পোৱা বুলি গণ্য কৰা হয়।[3] এই প্ৰজাতিটো মানুহৰ প্ৰভাৱ যেনে কৃষি সম্প্ৰসাৰণ, জলজ কৃষি, পৰিবহণ আন্তঃগাঁথনি, মাংস আৰু ট্ৰফীৰ বাবে চিকাৰ আৰু কাঠ কটা, আৰু অবৈধ পোহনীয়া জন্তুৰ ব্যৱসায়ৰ দ্বাৰা প্ৰভাৱিত হৈছে; যাৰ ফলত বাসস্থান ইহঁতে হেৰুৱাইছে আৰু বনাঞ্চল বিভাজন হৈছে৷[7][3] এই প্ৰভাৱৰ ফলত এই প্ৰজাতিটোৱে শস্যত আক্ৰমণ কৰা দেখা যায়, আনহাতে ইহঁতৰ সতেজ পুষ্টিৰ মূল উৎস সীমিত, নূন্যতম উপলব্ধতা, আৰু ঋতু অনুসৰি কম উপলব্ধ।[7]
২০১৫ চনৰ পৰা ২০১৯ চনৰ ভিতৰত ভিয়েটনামত কৰা এক অধ্যয়নত প্ৰকাশ পাইছে যে শ শ প্ৰাইমেটৰ অবৈধ পোহনীয়া জন্তুৰ ব্যৱসায় বাজেয়াপ্ত কৰি মুকলি কৰি দিয়া হৈছিল আৰু উদ্ধাৰ কৰা হৈছিল আৰু নিৰ্দিষ্ট প্ৰজাতিক শাৰীৰিক আৰু আৱেগিক ভাবুকিৰ অধিক আশংকাত ৰখা হৈছিল।[9] অধ্যয়নটোত কোৱা হৈছিল যে বাজেয়াপ্ত কৰাৰ বান্দৰৰ ভিতৰত ৩২টা অসমীয়া বান্দৰ (Macaca assamensis), ১৫৮টা দীঘল-নেজীয়া বান্দৰ (Macaca fascicularis), ২৯১টা উত্তৰৰ গাহৰি-নেজীয়া বান্দৰ (Macaca leonina), ৬৫টা মলুৱা বান্দৰ (Macaca mulatta), আৰু ১১০টা সেন্দূৰী বান্দৰ (Macaca arctoides) আছিল; ভিয়েটনামত পোহনীয়া জন্তুৰ ব্যৱসায়ত বান্দৰ সৰ্বাধিক ভাবুকিৰ সন্মুখীন হোৱা বুলি কোৱা হৈছে৷[9]
ইয়াৰ উপৰিও উত্তৰৰ গাহৰি-নেজীয়া বান্দৰ ভিয়েটনামত বন্দী কৰি ৰখা বান্দৰ প্ৰজাতিসমূহৰ ভিতৰত সৰ্বাধিক বন্দী কৰি বান্দৰ প্ৰজাতি হিচাপে দেখা গৈছে; আৰু ব্যক্তিগত পিঞ্জৰাৰ পৰা আৰম্ভ কৰি হোটেল আৰু ৰেষ্টুৰেণ্টলৈকে বিভিন্ন স্থানত পোৱা ইহঁতক বন্দী কৰি ৰখা দেখা গৈছে৷[9]
গেলেৰী
[সম্পাদনা কৰক]-
খাও য়াই ৰাষ্ট্ৰীয় উদ্যান, থাইলেণ্ডত শিশুৰ সৈতে মাতৃ উত্তৰৰ গাহৰি-নেজীয়া বান্দৰ৷
-
থাইলেণ্ডৰ খাও য়াই ৰাষ্ট্ৰীয় উদ্যানত মতা প্ৰাপ্তবয়স্ক উত্তৰৰ গাহৰি-নেজীয়া বান্দৰ৷
-
থাইলেণ্ডৰ কো লান্টা য়াইৰ বান্দৰৰ বিদ্যালয়ত মাইকী প্ৰাপ্তবয়স্ক উত্তৰৰ গাহৰি-নেজীয়া বান্দৰ৷
-
হোলোঙাপাৰ গিবন অভয়াৰণ্য, ভাৰতত মাইকী প্ৰাপ্তবয়স্ক উত্তৰৰ গাহৰি-নেজীয়া বান্দৰ৷
-
নিজৰ প্ৰাকৃতিক বাসস্থানত গছৰ ডালত মাইকী উত্তৰৰ গাহৰি-নেজীয়া বান্দৰ৷
-
কেঁচুৱাক স্তনপান কৰাই থকা অৱস্থাত মাইকী উত্তৰৰ গাহৰি-নেজীয়া বান্দৰ৷
-
হোলোঙাপাৰ গিবন অভয়াৰণ্য, ভাৰতত উত্তৰৰ গাহৰি-নেজীয়া বান্দৰ৷
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ Groves, C. (2005). Wilson, D. E., & Reeder, D. M, eds. ed. Mammal Species of the World (3rd সম্পাদনা). প্ৰকাশক Baltimore: Johns Hopkins University Press. ISBN 0-801-88221-4. OCLC 62265494. http://www.bucknell.edu/msw3/browse.asp?id=12100549.
- ↑ 2.0 2.1 Boonratana, R.; Chetry, D.; Yongcheng, L.; Jiang, X.-L.; Htun, S.; Timmins, R.J. (2020). Macaca leonina. 2020. p. e.T39792A186071807. doi:10.2305/IUCN.UK.2020-2.RLTS.T39792A186071807.en.
- ↑ 3.0 3.1 3.2 3.3 Boonratana, R; Chetry, D; Yongcheng, L; Jiang, X.L; Htun, S; Timmins, R.J (2022). "Macaca leonina". IUCN Red List. https://www.iucnredlist.org/species/39792/217754289.
- ↑ 4.0 4.1 Zhao, Dapeng; Wang, Yuan; Wei, Xueyan (2016-07-27). "Hand preference during bimanual coordinated task in northern pig-tailed macaques Macaca leonina". Current Zoology খণ্ড 62 (4): 385–391. doi:10.1093/cz/zow064. ISSN 1674-5507. PMID 29491927. PMC 5804279. http://dx.doi.org/10.1093/cz/zow064.
- ↑ 5.0 5.1 5.2 5.3 Albert, Aurélie; Huynen, Marie-Claude; Savini, Tommaso; Hambuckers, Alain (2013-06-20). "Influence of Food Resources on the Ranging Pattern of Northern Pig-tailed Macaques (Macaca leonina)". International Journal of Primatology খণ্ড 34 (4): 696–713. doi:10.1007/s10764-013-9690-z. ISSN 0164-0291. http://dx.doi.org/10.1007/s10764-013-9690-z.
- ↑ Fleagle, John G. (2013). Primate adaptation and evolution (3 সম্পাদনা). প্ৰকাশক Amsterdam. ISBN 978-0-12-378633-3. OCLC 863148775.
- ↑ 7.0 7.1 7.2 7.3 7.4 Gazagne, Eva; José-Domínguez, Juan Manuel; Huynen, Marie-Claude; Hambuckers, Alain; Poncin, Pascal; Savini, Tommaso; Brotcorne, Fany (2020-02-28). "Northern pigtailed macaques rely on old growth plantations to offset low fruit availability in a degraded forest fragment". American Journal of Primatology খণ্ড 82 (5): e23117. doi:10.1002/ajp.23117. ISSN 0275-2565. PMID 32108959. http://dx.doi.org/10.1002/ajp.23117.
- ↑ He, Wen-Qiang; He, Xiao-Yan; Lu, Ying; Zhang, Shuai; Zhang, Ming-Xu; Zheng, Yong-Tang; Pang, Wei (July 2022). "HIV-1 but not SIVmac239 induces higher interferon-α antiviral state in chronic infected northern pig-tailed macaques (Macaca leonina)". Microbes and Infection খণ্ড 24 (5): 104970. doi:10.1016/j.micinf.2022.104970. ISSN 1286-4579. PMID 35331910.
- ↑ 9.0 9.1 9.2 9.3 Aldrich, Brooke Catherine; Neale, David (2020-12-30). "Pet Macaques in Vietnam: An NGO's Perspective". Animals খণ্ড 11 (1): 60. doi:10.3390/ani11010060. ISSN 2076-2615. PMID 33396881.
- ↑ Choudhury, A.U. (1988). "Priority ratings for conservation of Indian primates". Oryx খণ্ড 22 (2): 89–94. doi:10.1017/S0030605300027551.
- ↑ Choudhury, A. U. (2003). "The pig-tailed macaque Macaca nemestrina in India - status and conservation". Primate Conservation খণ্ড 19: 91–94. https://www.researchgate.net/publication/327110860.
- ↑ Choudhury, A. U. (2008). "Ecology and behaviour of the pigtailed macaque Macaca nemestrina leonina in some forests of Assam in North-East India". J. Bombay Nat. Hist. Soc. খণ্ড 105 (3): 279–291.
- ↑ Nuttall, Matthew N.; Griffin, Olly; Fewster, Rachel M.; McGowan, Philip J. K.; Abernethy, Katharine; O'Kelly, Hannah; Nut, Menghor; Sot, Vandoeun et al. (2021). "Long-term monitoring of wildlife populations for protected area management in Southeast Asia" (en ভাষাত). Conservation Science and Practice খণ্ড 4 (2): e614. doi:10.1111/csp2.614. ISSN 2578-4854.
- ↑ Griffin, O.; Nuttall, M. (2020-12-04) (en-US ভাষাত). Status of Key Species in Keo Seima Wildlife Sanctuary 2010-2020. doi:10.19121/2020.Report.38511. https://library.wcs.org/Scientific-Research/Research-Publications/Publications-Library/ctl/view/mid/40093/pubid/DMX3851100000.aspx.
- ↑ 15.0 15.1 15.2 15.3 15.4 15.5 15.6 15.7 15.8 Malaivijitnond, Suchinda; Arsaithamkul, Visit; Tanaka, Hiroyuki; Pomchote, Porrawee; Jaroenporn, Sukanya; Suryobroto, Bambang; Hamada, Yuzuru (2012-07-22). "Boundary zone between northern and southern pig-tailed macaques and their morphological differences". Primates খণ্ড 53 (4): 377–389. doi:10.1007/s10329-012-0316-4. ISSN 0032-8332. PMID 22820844. http://dx.doi.org/10.1007/s10329-012-0316-4.
- ↑ 16.0 16.1 16.2 Gavrilitchenko, Nikita; Gazagne, Eva; Vandewalle, Nicolas; Delcourt, Johann; Hambuckers, Alain (2022-06-22). "CoFee-L: A model of animal displacement in large groups combining Cohesion maintenance, Feeding area search and transient Leadership". Animals খণ্ড 12 (18): 2412. doi:10.3390/ani12182412. PMID 36139272.