সমললৈ যাওক

নিউট্ৰন তৰা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(Nuetron starৰ পৰা পুনঃনিৰ্দেশিত)
পৃথিৱীতকৈ ৫ লাখ গুণ বেছি ভৰৰ নিউট্ৰণ তৰাবোৰৰ সংকোচন ঘটি মানহাট্টান চহৰৰ সমান গোলকৰ আকাৰ ধাৰণ কৰে

নিউট্ৰণ তৰাবোৰ এক প্ৰকাৰৰ নাক্ষত্ৰিক অৱশিষ্ট যিবোৰ অতিমাত্ৰা ভৰৰ নীহাৰিকা (প্ৰকাৰ II, প্ৰকাৰ Ib বা প্ৰকাৰ Ic)ৰ বিস্ফোৰণৰ পিছত হোৱা মহাকৰ্ষণিক সংকোচনৰ ফলত সৃষ্টি হয়। এনেকুৱা তৰাবোৰ সম্পূৰ্ণৰূপে নিউট্ৰন নামৰ এক উপ-আণৱিক, আধানহীন আৰু প্ৰ’টনতকৈ সামাণ্য ভৰযুক্ত কণাৰে গঠিত। নিউট্ৰন তৰাবোৰৰ তাপমাত্ৰা অতি উষ্ণ হয়; ফলস্বৰূপে নিউট্ৰন তৰাবোৰে পাউলিৰ নিষেধ নীতি অনুসৰি উদ্ভৱ হোৱা কোৱাণ্টাম ডিজেনেৰেছি চাপৰ বিপৰীতে সুস্থিৰতা লাভ কৰে। এই নিষেধ নীতিমতে কোনো দুটা নিউট্ৰনে (নাইবা আন ফাৰ্মিয়ন কণাবোৰে) একেসময়তে একেটা স্থান আৰু একেটা কোৱাণ্টাম অৱস্থা অধিগ্ৰহণ কৰিব নোৱাৰে।