নূতন

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(Nutanৰ পৰা পুনঃনিৰ্দেশিত)
নূতন

আনাৰী (১৯৫৯) ছবিত নূতন
জন্ম নূতন সামৰ্থ
৪ জুন, ১৯৩৬
বোম্বে, বোম্বে প্ৰেচিডেঞ্চি, ব্ৰিটিছ ভাৰত (বৰ্তমানৰ মুম্বাই, মহাৰাষ্ট্ৰ, ভাৰত)
মৃত্যু ২১ ফেব্ৰুৱাৰী, ১৯৯১ (৫৪ বছৰ)
বোম্বে, মহাৰাষ্ট্ৰ, ভাৰত (বৰ্তমানৰ মুম্বাই)
ৰাষ্ট্ৰীয়তা ভাৰতীয়
সক্ৰিয় হৈ থকা সময় ১৯৫০-১৯৯১
উল্লেখযোগ্য কৰ্ম 'সীমা (১৯৫৫)
সুজাতা (১৯৫৯)
বন্দীনী (১৯৬৩)
সৌদাগৰ (১৯৭৩)
দাম্পত্যসঙ্গী ৰাজনীশ বেহল (বৈবাহিক জীৱন ১৯৫৯-১৯৯১)
পিতৃ-মাতৃ শোভানা সামৰ্থ
কুমাৰসেন সামৰ্থ
সন্তান মনিশ বেহল
বঁটা, সন্মান, পুৰস্কাৰ আদি ফিল্মফেয়াৰ বঁটা (৫)
বেঙ্গল ফিল্ম জাৰ্ণেলিষ্ট এছোচিয়েচন এৱাৰ্ড
পদ্মশ্ৰী (১৯৭৪)

নূতন সামৰ্থ (ইংৰাজী: Nutan Samarth , ৪ জুন ১৯৩৬- ২১ ফেব্ৰুৱাৰী ১৯৯১) এগৰাকী ভাৰতীয় অভিনেত্ৰী, যি নূতন নামেৰে বহুলভাৱে জনা যায়। প্ৰায় চাৰি দশকৰ কৰ্মময় জীৱনত তেওঁ ৭০তকৈও অধিক হিন্দী চলচ্চিত্ৰত মূল ভূমিকাত অভিনয় কৰিছে। ভাৰতীয় চলচ্চিত্ৰৰ এগৰাকী অতি দক্ষ অভিনেত্ৰী বুলি তেওঁক গণ্য কৰা হয়।[1][2][3] নূতনে ৫বাৰকৈ শ্ৰেষ্ঠ অভিনেত্ৰীৰ ফিল্মফেয়াৰ বঁটা লাভ কৰাৰ ৰেকৰ্ড কৰিছে।[4] ১৯৭৪ত তেওঁক ভাৰত চৰকাৰে পদ্মশ্ৰী প্ৰদান কৰে।

প্ৰাৰম্ভিক জীৱন[সম্পাদনা কৰক]

এটা মাৰঠী হিন্দু পৰিয়ালত ১৯৩৬ৰ ৪ জুনত নূতনৰ জন্ম হৈছিল। পৰিচালক-কবি কুমাৰসেন সামৰ্থ আৰু অভিনেত্ৰী শোভনাৰ চাৰিটা সন্তানৰ ভিতৰত নূতন জ্যেষ্ঠ আছিল।[5][6][7] তেওঁৰ দুজনী ভনীয়েক আছিল- তনুজা আৰু চতুৰা। এজন ভায়েক আছিল, নামটো আছিল জয়দ্বীপ। জয়দ্বীপৰ জন্মৰ আগতেই মাক-দেউতাকৰ বিচ্ছেদ হৈছিল। পঞ্চগনীৰ চেইণ্ট যোচেফ কনভেণ্ট স্কুলত নূতনে পঢ়া-শুনা কৰিছিল।[8] চলচ্চিত্ৰৰ অভিনয়ত বিশেষ দক্ষতা দেখুৱাব নোৱাৰাত মাকে তেওঁক উচ্চশিক্ষাৰ বাবে ১৯৫৩ চনত চুইজাৰলেণ্ডলৈ পঠাই দিয়ে। চুইজাৰলেণ্ডত কটোৱা এবছৰ তেওঁৰ জীৱন আটাইতকৈ সুখৰ দিন বুলি নূতনে উল্লেখ কৰিছে।[9]

অভিনয় জীৱন[সম্পাদনা কৰক]

নূতনে ১৪ বছৰ বয়সতে ‘হামাৰী বেটী’ (১৯৫০) ছবিৰ যোগেদি চলচ্চিত্ৰ জগতত ভৰি দিয়ে। ছবিখন মাক শোভানাই প্ৰযোজনা কৰিছিল। ‘সীমা’ (১৯৫৫) ছবিখন তেওঁৰ জীৱনৰ মাইল খুঁটি স্বৰূপ, যিখন ছবিৰ বাবে তেওঁ শ্ৰেষ্ঠ অভিনেত্ৰীৰ ফিল্মফেয়াৰ বঁটা লাভ কৰিছিল। দেৱ আনন্দৰ সৈতে কৰা ‘পেয়িং গেষ্ট’তো তেওঁৰ সফলতা অক্ষুণ্ন আছিল। ১৯৫৯ত তেওঁ দুখন হিট ছবিত অভিনয় কৰে- ৰাজ কাপুৰৰ সৈতে ‘আনাৰী’ আৰু সুনীল দত্তৰ সৈতে বিমল ৰায় পৰিচালিত ‘সুজাতা’। ১৯৬০ চনত তেওঁ পুনৰ মনমোহন দেশাইৰ ‘চেইলা’ত ৰাজ কাপুৰৰ বিপৰীতে অভিনয় কৰি ফিল্মফেয়াৰ বঁটাৰ মনোনয়ন পায়।[10]

দেৱ আনন্দৰ সৈতে তেওঁৰ যুঁটিটো জনপ্ৰিয় হৈছিল আৰু দুয়োজনে একেলগে চাৰিখন ছবি কৰিছিল- 'পেয়িং গেষ্ট' (১৯৫৭), 'বাৰিশ' (১৯৫৭), 'মঞ্জিল' (১৯৬০) আৰু 'তেৰে ঘৰ কে সামনে' (১৯৬৩)।

ব্যক্তিগত জীৱন[সম্পাদনা কৰক]

নূতনে ১৯৫৯ৰ ১১ অক্টোবৰত ভাৰতীয় নৌসেনাৰ লেফটেনেণ্ট কৰ্ণেল ৰাজনীশ বেহলক বিয়া কৰায়। তেওঁলোকৰ একমাত্ৰ পুত্ৰ মনিশ বেহলৰ জন্ম ১৯৬১ চনত হয়। মনিশ পিছলৈ টিভি আৰু চলচ্চিত্ৰৰ অভিনেতা হয়। মনিশৰ জীয়ৰী প্ৰনূতনো এগৰাকী বলীউডী অভিনেত্ৰী। নূতনে চিকাৰ কৰি ভাল পাইছিল।[11] ১৯৯০ চনত নূতনৰ স্তনৰ কৰ্কট ৰোগ ধৰা পৰে।[12] ১৯৯১ৰ ফেব্ৰুৱাৰীত গা বেয়া কৰাত তেওঁক মুম্বাইৰ ব্ৰীচকেণ্ডি হাস্পাতালত ভৰ্তি কৰা হয়। ২১ ফেব্ৰুৱাৰীৰ দিনা তেওঁৰ মৃত্যু হয়। সেই সময়চোৱাত তেওঁ ‘গৰজনা’ আৰু ‘ইনচানিয়ত’ (১৯৯৪) ছবিত অভিনয় কৰি আছিল।[13] তেওঁৰ স্বামীৰ এক অগ্নি-দুৰ্ঘটনাত ২০০৪ চনত মৃত্যু হয়।[14]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. "The Sunday Tribune – Spectrum – Article". Tribuneindia.com. 26 May 2002. http://www.tribuneindia.com/2002/20020526/spectrum/main9.htm। আহৰণ কৰা হৈছে: 22 September 2011. 
  2. "rediff.com, Movies: Forever Nutan". Rediff.com. http://www.rediff.com/entertai/2002/feb/05din.htm। আহৰণ কৰা হৈছে: 22 September 2011. 
  3. "The Sunday Tribune – Spectrum". Tribuneindia.com. http://www.tribuneindia.com/2006/20060226/spectrum/main8.htm। আহৰণ কৰা হৈছে: 22 September 2011. 
  4. Nutan Upperstall.
  5. Gupte, Pranay (2010). "Alone and forgotten". The Hindu (29 December 2010, updated 17 October 2016). http://www.thehindu.com/opinion/op-ed/Alone-and-forgotten/article12718987.ece. "In the event, Shobhana married Kumarsen Samarth — one of the early developers of the Films Division of India — who hailed from the same CKP community." 
  6. Renu Saran (2014). Encyclopedia of Bollywood–Film Actresses. Diamond Books. পৃষ্ঠা. 76. "Nutan. She grew with complexes, she was termed skinny and ugly, yet her eyes told tales from the depth of the heart and she gave us more than three decades of her life. Daughter of an established actress Shobana Samarth, Nutan was born on June 4, 1936 in Mumbai..."" 
  7. "Legendary wonderful Actress". The Times of India. http://timesofindia.indiatimes.com/topic/Nutan/photos/. 
  8. "The agony & ecstasy of being Tanuja". The Times of India. 10 August 2003. http://timesofindia.indiatimes.com/india/The-agony-ecstasy-of-being-Tanuja/articleshow/134291.cms। আহৰণ কৰা হৈছে: 4 June 2017. 
  9. Sharma, Anshika (24 January 2017). "Nutan: The Woman Who Defined Bold and Beautiful in Bollywood in the 70s". Archived from the original on 4 June 2017. https://web.archive.org/web/20170604070323/https://www.vagabomb.com/Nutan-The-Woman-Who-Defined-Bold-and-Beautiful-in-Bollywood-in-the-80s/। আহৰণ কৰা হৈছে: 4 June 2017. 
  10. "From the FIlmfare files...reviews from the 1960s". Filmfare (January 2002). Archived from the original on 7 September 2007. https://web.archive.org/web/20070907040152/http://downloads.movies.indiatimes.com/site/jan2002/ifocus3.html। আহৰণ কৰা হৈছে: 27 September 2011. 
  11. "Drop-dead gorgeous: Nutan". Filmfare. 14 November 2013. http://www.filmfare.com/features/dropdead-gorgeous-nutan-4663.html। আহৰণ কৰা হৈছে: 3 June 2017. 
  12. Farook, Farhana (23 January 2017). "'Her palms smelt of Chandan' : A detailed account of the life of the legendary Nutan". Filmfare. http://www.filmfare.com/features/her-palms-smelt-of-chandan-a-detailed-account-of-the-life-of-the-legendary-nutan-18329.html। আহৰণ কৰা হৈছে: 3 June 2017. 
  13. "Nutan dead". The Indian Express: পৃষ্ঠা 1. 22 February 1991. https://news.google.com/newspapers?nid=P9oYG7HA76QC&dat=19910222&printsec=frontpage. 
  14. "Actor Mohnish Behl's father dies in fire". Rediff.com. 4 August 2004. http://www.rediff.com/movies/2004/aug/04bahl.htm.