সমললৈ যাওক

ন্যোকুম

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(Nyokumৰ পৰা পুনঃনিৰ্দেশিত)
ন্যোকুম
ন্যোকুম
ন্যোকুমৰ বলিৰ বেদীৰ চৌপাশে মহিলাসকলে নৃত্য কৰিছে
পালন কৰে অৰুণাচল প্ৰদেশৰ নিচি জনজাতি
প্ৰকাৰ জনগোষ্ঠীয়
সংঘটন বাৰ্ষিক

ন্যোকুম (ইংৰাজী: Nyokum) অৰুণাচল প্ৰদেশৰ নিচি জনজাতিসকলে পালন কৰা এটা উৎসৱ। ন্যোকুম দুটা শব্দৰ সংমিশ্ৰিত ৰূপ- ন্যোক মানে ভূমি বা পৃথিৱী কুম মানে একত্ৰীকৰণ। মুখ্য দেৱী ন্যোকুমকে ধৰি বিশ্বব্ৰহ্মাণ্ডৰ সকলো দেৱদেৱীকে নিৰ্দিষ্ট এক সময়ত নিৰ্দিষ্ট এখন ঠাইলৈ যেন আমন্ত্ৰণ কৰা হৈছে, এই উৎসৱত এনেকৈ ব্যাখ্যা কৰিব পাৰি। সকলোৰে সুখ, সম্প্ৰীতি আৰু সমৃদ্ধিৰ বাবে প্ৰকৃতিৰ দৈৱিক শক্তিক আহ্বান জনোৱা হয়।[1]

তাৎপৰ্য

[সম্পাদনা কৰক]
ন্যোকুম পূজাৰ পুৰোহিত

ই কৃষিৰ সৈতে সম্পৰ্কিত উৎসৱ। পৰৱৰ্তী খেতিত যাতে অধিক শস্য উৎপাদন কৰিব পাৰে, দুৰ্ভিক্ষৰ পৰা যাতে হাত সাৰি থাকিব পাৰে, বান, খৰাং, পোক-পতঙ্গ আৰু জীৱ-জন্তুৱে যাতে খেতিৰ কোনো ক্ষতিসাধন কৰিব নোৱাৰে, তাৰবাবে সমৃদ্ধিৰ দেৱী ন্যোকুম আশীষ বিচৰা হয়। মানৱ প্ৰজাতি যাতে শক্তিশালী আৰু উৰ্বৰ হয়; দুৰ্ঘটনা, যুদ্ধ আৰু মহামাৰীত যাতে কাৰো অকাল মৃত্যু নহয়, তাৰবাবে দেৱীক প্ৰাৰ্থনা জনায়।[2]

‘উই’ (Ui) বা ‘ওৰাম ন্যোকো’(Oram Nyko) হ’ল মৃত্যুৰ পিছৰ জীৱন। লোকবিশ্বাস মতে পৃথিৱীত বহুতো দেৱ-দেৱী আৰু দৈৱীশক্তি আছে। ইয়াৰে কিছুমান শুভ শক্তি আৰু কিছুমান অশুভ। নিচিসকলে বিশ্বাস কৰে যে মানুহে তেতিয়াহে পৃথিৱীত সুখ আৰু সমৃদ্ধিৰে জীয়াই থাকিব পাৰে, যেতিয়া মানুহ, ঈশ্বৰ আৰু প্ৰকৃতিৰ মাজত সু-সমন্বয় হয়। তেওঁলোকে বিশ্বাস কৰে যে ঈশ্বৰ আৰু প্ৰকৃতি সন্তুষ্ট হ’লেহে মানুহে সুখ-সমৃ্দ্ধিৰে জীয়াই থাকিব পাৰে। দেৱ-দেৱী অসন্তুষ্ট হলে দুৰ্ভিক্ষ, বান, খৰাং, ভূমিকম্প, মহামাৰী, যুদ্ধ, দুৰ্ঘটনাজনিত মৃত্যু, বিভিন্ন অবাঞ্চিত ঘটনা আদি সংঘটিত হয়। সেয়েহে নিশিসকলে অশুভ শক্তিৰ পৰা তেওঁলোকক সুৰক্ষা দিবলৈ শুভ শক্তিটোৰ সন্তুষ্টিৰ অৰ্থে পূজা-অৰ্চনা আগবঢ়ায়। ন্যোকুম য়ুলো (Nyokum Yullow) সেই শুভ শক্তিৰ আৰাধনা।[2]

ৰীতি-নীতি

[সম্পাদনা কৰক]

প্ৰাৰ্থনাস্থলী বাঁহেৰে নিৰ্মাণ কৰি লোৱা হয় আৰু ইয়াক ‘য়ুগাং’ বুলি কোৱা হয়। য়ুগাঙৰ ওচৰত গৰু, মেথোন বা ছাগলী আদি- বলি দিবলৈ অনা জন্তুটো বান্ধি থয়। য়ুগাঙৰ বাঁহৰ খুটাত প্ৰায়ে সৰু কুকুৰা ওলোমাই থোৱা দেখা যায়। ‘ন্যুভ’(Nyubh) অথবা পুৰোহিতজনে কিমান সংখ্যক আৰু কি জন্তু বলি দিয়া হব, তাক নিৰূপন কৰে। তাৰোপৰি জন্তু বলি দিয়াৰ উপৰিও গেহু বা চাউলৰ পৰা তৈয়াৰী সুৰাও ব্যৱহাৰ কৰা হয়।[2]

মানুহবোৰে এই সময়ত পৰম্পৰাগত পোচাক পিন্ধে। ডিঙিত পিন্ধে বিশেষ প্ৰকাৰৰ নেকলেচ। প্ৰায়ে ফিৰোজা আদি অৰ্ধ-মূল্যবান পাথৰেৰে ডিঙিত পিন্ধা অলঙ্কাৰবিধ শোভিত কৰি লয়। পুৰুষসকলে মূৰত বাহেৰে তৈয়াৰী টুপি পৰিধান কৰে। বনৰীয়া চৰাই বা জন্তু পাখি বা নোমেৰে টুপিটো অলঙ্কৃত কৰে। ধনেশ চৰাইৰ ঠোট পৰম্পৰাগত টুপিৰ জনপ্ৰিয় অলঙ্কাৰ। মহিলাসকলে ‘পাৰ-এজ’ (par ej) পৰিধান কৰে। পৰম্পৰাগত কানফুলি আৰু নেকেলেচেৰে নিজক সজায়। মূৰত থাকে বাহেৰে নিৰ্মিত শিৰস্ত্ৰাণ। ধৰ্মীয় সকাম-নিকামখিনি কৰিবলৈ প্ৰধান পুৰোহিত ন্যুভ আহি পোৱাৰ আগতে গীত-নৃত্যৰ অনুষ্ঠান হয়। অতিথিসকলক পিঠাগুৰিৰে তৈয়াৰী জলপান আৰু পৰম্পৰাগত সুৰা ‘ওপো’ আগবঢ়ায়। পুৰুষ আৰু মহিলাসকলে হাতেহাত ধৰি বৃত্তাকাৰে একেলগে নাচে আৰু ন্যোকুম বো তাপা ডেবে বুলি সমস্বৰে গায়। কেতিয়াবা কেতিয়াবা পুৰুষসকলে দা আৰু জন্তৰ ছালেৰে তৈয়াৰী লৈ যুদ্ধাভিনয় কৰে।[2]

তথ্য উৎস

[সম্পাদনা কৰক]