ওঁ নমঃ শিৱায়

ওঁ নমঃ শিৱায় (Devanagari: ॐ नमः शिवाय; IAST: Oṃ Namaḥ Śivāya) হিন্দু ধৰ্মৰ জনপ্ৰিয় মন্ত্ৰ আৰু শৈৱ ধৰ্মৰ আটাইতকৈ গুৰুত্বপূৰ্ণ মহামন্ত্ৰ। নমঃ শিৱায়ৰ অৰ্থ হৈছে "পৰমেশ্বৰক নমস্কাৰ!" , বা "ভগৱান শিৱক প্ৰণাম।" এই মন্ত্ৰটোক শিৱ পঞ্চাক্ষৰ বা পঞ্চাক্ষৰ অৰ্থাৎ "পঞ্চবৰ্ণ" মন্ত্ৰ (অৰ্থাৎ ওঁ বাদ দি) বুলি কোৱা হয়। মন্ত্ৰটো ভগৱান শিৱৰ বাবে উৎসৰ্গিত। এই মন্ত্ৰটো কৃষ্ণ যজুৰ্বেদৰ অংশস্বৰূপ শ্ৰী ৰুদ্ৰম চমকম্ আৰু শুক্ল যজুৰ্বেদৰ অংশস্বৰূপ ৰুদ্ৰাষ্টধ্যায়ীত 'ন' 'ম' 'শি' 'ৱা' আৰু 'য়' হিচাপে প্ৰকাশ পাইছে।[1]
পঞ্চবৰ্ণৰ মন্ত্ৰটো (ওঁ বাদ দি) শূদ্ৰ আৰু চণ্ডালকে ধৰি সকলো ব্যক্তিয়ে জপ কৰিব পাৰে; কিন্তু ছয় বৰ্ণৰ মন্ত্ৰটো (ওঁ সহিত) কেৱল দ্বিজসকলেহে উচ্চাৰণ কৰিব পাৰে।[2]
মন্ত্ৰৰ উৎপত্তি
[সম্পাদনা কৰক]আৰম্ভণিৰ ওঁ নথকা মন্ত্ৰটো মূলতঃ শ্ৰী ৰুদ্ৰমৰ নমকম্ খণ্ডৰ অষ্টম স্তোত্ৰৰ এটা শ্লোক আছিল, (টিএছ ৪.৫.৮.১) যিটো কৃষ্ণ যজুৰ্বেদৰ পুনৰীক্ষণ, তৈত্তিৰিয় সংহিতাৰ পৰা লোৱা হৈছে। ই নমঃ শিৱায় চ শিৱতৰায় চ (Sanskrit: नमः शिवाय च शिवतराय च) হিচাপে প্ৰদৰ্শিত হয়। মন্ত্ৰটোৰ অসমীয়া অনুবাদ হৈছে, "শিৱক নমস্কাৰ যি শুভ (হয়) আৰু শিৱতৰাক নমস্কাৰ, যাতকৈ অধিক শুভ কোনো নাই।" [3]
এই মন্ত্ৰটো, ৰুদ্ৰাষ্টধ্যায়ীতো পোৱা যায়; যি শুক্ল যজুৰ্বেদৰ এটি অংশ। ৰুদ্ৰাষ্টাধ্যায়ীত, ৫ম অধ্যায় (নমকম্ বুলিও জনা যায়)ৰ ৪১তম পদত ই প্ৰকাশ পাইছে।[4][5]
বিভিন্ন পৰম্পৰাৰ মাজত অনুবাদ
[সম্পাদনা কৰক]শৈৱ ধৰ্মৰ সিদ্ধ শৈৱ আৰু শৈৱ সিদ্ধান্ত পৰম্পৰাত নমঃ শিৱায়ক ভগৱান শিৱৰ পঞ্চ বোধ তত্ত্ব আৰু তেওঁৰ পঞ্চ তত্ত্বৰ সৰ্বজনীন একত্ব বুলি গণ্য কৰা হয়:[6]
- ন ধ্বনিয়ে পৃথিৱীক প্ৰতিনিধিত্ব কৰে[6]
- মঃ ধ্বনিয়ে পানীক প্ৰতিনিধিত্ব কৰে[6]
- শি ধ্বনিয়ে জুইক প্ৰতিনিধিত্ব কৰে[6]
- ৱা ধ্বনিয়ে প্ৰাণ বায়ুক প্ৰতিনিধিত্ব কৰে[6]
- য় ধ্বনিয়ে আকাশ বা ইথাৰক প্ৰতিনিধিত্ব কৰে[6]
ইয়াৰ সম্পূৰ্ণ অৰ্থ হʼল "সৰ্বজনীন চেতনা এক।" [6]

শৈৱ সিদ্ধান্তত, পঞ্চ অক্ষৰে নিম্নোক্ত ধৰণেও অৰ্থ প্ৰকাশ কৰে:[6]
- ন হৈছে প্ৰভুৰ গোপন কৃপা[6]
- মঃ হৈছে জগত[6]
- শিৰ অৰ্থ হৈছে শিৱ[6]
- ৱা হৈছে তেওঁৰ প্ৰকাশক কৃপা[6]
- য় হৈছে আত্মা[6]
তিৰুমন্তিৰাম (শৈৱ সিদ্ধান্তৰ এটা শাস্ত্ৰ)ত ঘোষণা কৰা হৈছে যে "তেওঁৰ ভৰিদুখন হʼল ন। তেওঁৰ নাভিটো হʼল মঃ। তেওঁ কান্ধদুখন হʼল শি। তেওঁৰ মুখখন হʼল ৱা। তেওঁৰ দীপ্তিময় কপালৰ কেন্দ্ৰটো হʼল য়। এইদৰেই, শিৱৰ পঞ্চ অক্ষৰযুক্ত ৰূপ।" : তিৰুমন্তিৰাম ৯৪১. টিএম[7][8]
বিভিন্ন শাস্ত্ৰত
[সম্পাদনা কৰক]- মন্ত্ৰটো কৃষ্ণ যজুৰ্বেদৰ অংশস্বৰূপ শ্ৰী ৰুদ্ৰম চমকমত ‘ন’ ‘মঃ’ ‘শি’ ‘ৱা’ আৰু ‘য়’ হিচাপে প্ৰকাশ পাইছে। এইদৰে শিৱক সঠিক নাম হিচাপে ব্যৱহাৰৰ পূৰ্বে, মূল প্ৰসংগত ই ভগৱান ৰুদ্ৰ (পিছলৈ শিৱ)ৰ বাবে এটি সম্বোধন আছিল, যʼত শিৱই এটি বিশেষণ হিচাপে নিজৰ মূল অৰ্থ ধৰি ৰাখে, অৰ্থাৎ "শুভ, সৌম্য, মৈত্ৰীপূৰ্ণ", যিটো ৰুদ্ৰৰ এক ব্যঞ্জনাপূৰ্ণ বিশেষণ।[6]
- শুক্ল যজুৰ্বেদৰ এটি অংশ, ৰুদ্ৰাষ্টাধ্যায়ীত এই মন্ত্ৰটো দেখা যায়।[9]
- সম্পূৰ্ণ পঞ্চাক্ষৰ স্তোত্ৰয়েই এই মন্ত্ৰটোৰ বাবে উৎসৰ্গিত।[10][11]
- তামিল ভাষাত ৰচিত তিৰুমন্তিৰাম নামৰ শাস্ত্ৰত, মন্ত্ৰটোৰ অৰ্থৰ কথা কোৱা হৈছে।[12]
ব্যৱহাৰ
[সম্পাদনা কৰক]
এই মন্ত্ৰটো মৌখিক বা মানসিকভাৱে পুনৰাবৃত্তি কৰি নিজৰ মনটোক ভগৱান শিৱৰ অসীম, সৰ্বব্যাপী উপস্থিতিৰ ফালে টানি অনা হয়। পৰম্পৰাগতভাৱে ৰুদ্ৰাক্ষৰ গুটিৰ এটা সূতাৰ ওপৰত গণনা কৰিলে দিনটোত ১০৮ বাৰ এই মন্ত্ৰটোৰ পুনৰাবৃত্তি কৰা হয়। ইয়াক যিকোনো ব্যক্তিয়ে মুক্তভাৱে গাই জপ কৰিব পাৰে, কিন্তু নিজৰ গুৰুৱে দিলে ই আটাইতকৈ শক্তিশালী হয়। মন্ত্ৰ দীক্ষা নামৰ এই দীক্ষাৰ আগত সাধাৰণতে গুৰুৰ কিছু সময়ৰ অধ্যয়নৰ প্ৰয়োজন হয়। এই দীক্ষা প্ৰায়ে মন্দিৰৰ কোনো অনুষ্ঠানৰ অংশ, যেনে পূজা, জপ, হোম, ধ্যান বা বিভূতি দৰ্শনৰ সময়ত দিয়া হয়। গুৰুৱে শিষ্যৰ সোঁ কাণত মন্ত্ৰটো ফুচফুচাই কয়, লগতে কেনেকৈ আৰু কেতিয়া জপ কৰিব লাগে তাৰ নিৰ্দেশনাও দিয়ে।[6]
লগতে চাওক
[সম্পাদনা কৰক]তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ Satguru Bodhinatha, Veylanswami (2017). What Is the Namaḥ Śivāya Mantra? from the "Path to Siva" Book. প্ৰকাশক USA: Himalayan Academy. পৃষ্ঠা. chapter 16. ISBN 9781934145722. https://www.himalayanacademy.com/media/books/path-to-siva/web/ch16.html.
- ↑ Kane, Pandurang Vaman (1941). History of Dharmaśāstra (Ancient and Mediæval Religious and Civil Law). Government Oriental Series Class B, No 6. II, Part I. প্ৰকাশক Poona: Bhandarkar Oriental Research Institute. পৃষ্ঠা. 158.
- ↑ "Rudram". vedaunion. পৃষ্ঠা: anuvaka 8 of Namakam at page-22. Archived from the original on 2018-05-17. https://web.archive.org/web/20180517073743/http://www.vedaunion.org/static/pdf/Sri-Rudram-Text-Anuvakam-1-11-devanagari-transliteration-translation.pdf। আহৰণ কৰা হৈছে: 2025-07-23.
- ↑ "RUDRASTADHYAYI". www.archive.org. https://archive.org/stream/HindiBook--rudrashtadhyayi.pdf/HindiBook--rudrashtadhyayi#page/n90/mode/1up.
- ↑ "Introduction to rudrashtadhyayi". www.shreemaa.org. http://www.shreemaa.org/rudrashtadhyayi-book/। আহৰণ কৰা হৈছে: 10 October 2019.
- 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 Veylanswami, Bodhinatha (2016). "What Is the Namaḥ Śivāya Mantra?". Path to Siva. Himalayan academy. পৃষ্ঠা. 16. ISBN 9781934145739. https://www.himalayanacademy.com/media/books/path-to-siva/web/ch16.html.
- ↑ Dancing with Siva. Himalayan Academy. 1997. ISBN 978-0945497479. https://archive.org/details/dancingwithsiva000subr.
- ↑ Dancing with Siva. প্ৰকাশক Scriptural Verses, Maṇḍala 28: Affirmations of Faith,403 Tirumantiram 941. TM: Himalayan Academy. 1997. ISBN 978-0945497479. https://archive.org/details/dancingwithsiva000subr.
- ↑ "rudrashtadhyayi". পৃষ্ঠা: Check first verse's second line. There you can see namah shivaya written in Sanskrit. https://archive.org/stream/HindiBook--rudrashtadhyayi.pdf/HindiBook--rudrashtadhyayi#page/n90/mode/1up.
- ↑ "Pachakshara stotram". Archived from the original on 26 April 2018. https://web.archive.org/web/20180426072637/http://isha.sadhguru.org/blog/lifestyle/music/shiva-panchakshara-stotram-audio-lyrics-meaning/। আহৰণ কৰা হৈছে: 19 April 2018.
- ↑ "shiva panchakshara stotra". http://www.indif.com/nri/mantras/shiva_panchakshara_stotra.asp.
- ↑ "Dancing with Siva". https://www.himalayanacademy.com/media/books/dancing-with-siva/web/ch10_12.html.
| ||||||||||||||||||||||||||||||||||||||||||||||
| ||||||||||||||||||||||||||||||||||||||||||||||||||||||
| ||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||
