সমললৈ যাওক

ফিলিপ ৰিচাৰ্ড থৰ্নহাগ গৰ্ডন

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(P.R.T. Gurdonৰ পৰা পুনঃনিৰ্দেশিত)

ফিলিপ ৰিচাৰ্ড থৰ্নহাগ গৰ্ডন বা পি আৰ টি গৰ্ডন (Philip Richard Thornhagh Gurdon, ১৮৬৩-১৯৪২) এগৰাকী ব্ৰিটিছ সামৰিক বিষয়া, ঔপনিবেশিক ভাৰতৰ প্ৰশাসনিক বিষয়া আৰু নৃত্তত্ববিদ আছিল।[1] পিতৃৰ নাম মেজৰ জেনেৰেল এভিলীন পুল্টনী গৰ্ডন (Evelyn Pulteney Gurdon)আৰু মাতৃ মেৰী জেন ছেণ্ডিমেন (Mary Jane Sandeman)[2]। লিউটেনেণ্ট পদত সৈনিক বিভাগৰ পৰা ১৮৮০ চনত তেওঁ পুৰণি শিৱসাগৰ জিলাৰ সহকাৰী উপায়ুক্ত হয়। কেইবাখনো জিলাত সহকাৰী উপায়ুক্ত হৈ থাকি ১৮৯১-৯২ চনত শিৱসাগৰৰ উপায়ুক্ত হয় আৰু পাছলৈ অসম উপত্যকাৰ কমিচনাৰৰ পদ পায়। সামৰিক বিভাগৰো পদোন্নতি হৈ কৰ্ণেল বাব পায়। ছাৰ আৰ্চডেল আৰ্ল ছুটীত যাওঁতে ১৯১৪ চনৰ ১৫ এপ্ৰিলৰ পৰা ৩১ জুলাইলৈকে তেওঁ খন্তেকীয়াকৈ অসমৰ চিফ কমিচনাৰৰ পদত বহিছিল।[3] সাহিত্যানুৰাগী ব্যক্তি আছিল। তেওঁৰ যত্নতে পণ্ডিত হেমচন্দ্ৰ বৰুৱা প্ৰণীত হেমকোষ ১৯০০ চনত ছপা হৈ ওলায়। গৰ্ডনে Some Assamese Proverbs, The Khasis গ্ৰন্থ আৰু The Morans, The origin of the Ahoms-ৰ দৰে মূল্যৱান প্ৰবন্ধ লিখি গৈছে। কামৰূপ অনুসন্ধান সমিতিৰ লগতো জড়িত আছিল। গুৱাহাটীৰ দীঘলী পুখুৰীৰ পাৰত অৱস্থিত এই সমিতিৰ স্থায়ী কাৰ্যালয় গৰ্ডেনেই উদ্বোধন কৰিছিল। বাৰ বছৰ কমিচনাৰ পদত থাকি অৱসৰ লৈ তেওঁ ব্ৰিটেনলৈ ঘূৰি যায়। ১৮৬২ চনত আডা এলিজাবেথ গৰ্ডনক বিয়া কৰাই চাৰিটা সতানৰ পিতৃ হয়[2]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. "Gurdon, Sir Philip Richard Thornhagh". The National Archives UK. https://discovery.nationalarchives.gov.uk/details/c/F56554। আহৰণ কৰা হৈছে: 3 February 2025. 
  2. 2.0 2.1 "Sandeman genealogy". National Library of Scoltland. পৃষ্ঠাসমূহ: 35. https://digital.nls.uk/95411107। আহৰণ কৰা হৈছে: 3 February 2025. 
  3. গোহাঞি বৰুৱা, পদ্মনাথ (১৯৩৭). "অসমৰ বুৰঞ্জী". অসম প্ৰকাশন পৰিষদ. পৃষ্ঠাসমূহ: ১৭২.