সমললৈ যাওক

পাকিস্তানী লোক-সংগীত

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(Pakistani folk musicৰ পৰা পুনঃনিৰ্দেশিত)
বাদ্যযন্ত্ৰৰ সৈতে এজন লোকশিল্পী

পাকিস্তানী লোকসংগীত বুলিলে পাকিস্তানত উৎপত্তি হোৱা স্থানীয় লোক-সংগীতৰ ধাৰাটোক বুজোৱা হয়।

প্ৰধান লোকগায়কসকল

[সম্পাদনা কৰক]
  • মলীকা পোখৰাজ (১৯১২ - ২০০৪) (কাশ্মিৰী ডগৰী পাহাৰী ভাষাত গীত গাইছিল)
  • তুফাইল নিয়াজী (১৯১৬ - ১৯৯০) (পঞ্জাবী ভাষাত গীত গাইছিল৷)
  • আলম লোহাৰ (১৯২৮ - ১৯৭৯) (পঞ্জাবী ভাষাত গাইছিল, বিশেষকৈ জুগনি লোকগীত জনপ্ৰিয় কৰাৰ বাবে বিখ্যাত)[1]
  • আৰিফ লোহাৰ (তেওঁ পিতৃ আলম লোহাৰৰ পৰম্পৰা বজাই ৰখাৰ লগতে অধিক আধুনিক বাদ্যযন্ত্ৰ ব্যৱহাৰ কৰি গীত পৰিবেশন কৰে)
  • পাথানয় খান (১৯২৬ - ২০০০) (চাৰাইকী ভাষাত গাইছিল)[2]
  • মহম্মদ জুমন (১৯৩৫ - ১৯৯০) (সিন্ধী আৰু চাৰাইকী ভাষাত গাইছিল)[3]
  • ৰেশ্মা (১৯৪৭ - ২০১৩) (পঞ্জাবী আৰু চৰাইকী ভাষাত গাইছিল)[4]
  • ইনায়ত হুছেইন ভট্টি (১৯২৮ - ১৯৯৯) (পাঞ্জাবীৰ লগতে শৰাইকী ভাষাতো গাইছিল)
  • মুমতাজ লশ্বৰী, (জন্ম ১৯৪৫) (সিন্ধী ভাষাত গায়)
  • এলান ফকিৰ (১৯৩২ - ২০০০) (সিন্ধী ভাষাত গাইছিল)
  • জামাল-উদ-দিন ফকিৰ (১৯৫২ - ২০১৬)
  • ফৈজ মহম্মদ বেলুচ (১৯০১ - ১৯৮২) (বেলুচি ভাষাত গাইছিল)
  • ফৰিদা খানম (জন্ম ১৯২৯) (পঞ্জাবী ভাষাত গায়)
  • আবিদা পাৰবীন (জন্ম ১৯৫৪) (সিন্ধি আৰু পঞ্জাবী ভাষাত গায়)[5]
  • আত্তাউল্লাহ খান এছাখেলভি (জন্ম ১৯৫১) (চৰাইকী ভাষাত গায়)
  • সুৰইয়া মুলতানিকাৰ (জন্ম ১৯৪০) (চৰাইকী ভাষাত গায়)
  • তাজ মুলতানি (মৃত্যু ২০১৮) (সিন্ধী ভাষাত গায়)[6]
  • সাঁই জহুৰ (জন্ম ১৯৪৫) (পঞ্জাবী ভাষাত গায়)
  • ইকবাল বাহু (১৯৪৪ - ২০১২) (পঞ্জাবী ভাষাত গায়)
  • গোলাম আলি (জন্ম ১৯৪০) (পঞ্জাবী ভাষাত গায়)
  • ফিদা হুছেইন (গজল গায়ক) (১৯৫১ - ২০২০)
  • শৌকত আলী (১৯৪৪ - ২০২১) (পঞ্জাবী ভাষাত গাইছিল)
  • ছুৰইয়া খানুম (পঞ্জাবী আৰু চৰাইকী ভাষাত গায়)[7]
  • হামিদ আলী বেলা (মৃত্যু ২০০১) (পাঞ্জাবী ভাষাত গাইছিল)
  • ছাদিক ফকিৰ (১৯৬৭ - ২০১৫)
  • সনম মাৰ্ভী (পাঞ্জাবী, সিন্ধী আৰু চৰাইকী ভাষাত গায়)
  • ৰহিম শ্বাহ (জন্ম ১৯৭৫) (পশতু ভাষাত গায়)
  • নাজিয়া ইকবাল (পশতু ভাষাত গায়)
  • গুল পান্ৰা (পশতু ভাষাত গায়)

সিন্ধী কাফি পাকিস্তানৰ সিন্ধ আৰু পঞ্জাবৰ এক থলুৱা সংগীতৰ ৰূপ। কাফি শব্দটো, আৰবী মূলৰ, “আল্লাহ কাফি” অভিব্যক্তিত "চূড়ান্ত" বা "পৰম" অৰ্থত ব্যৱহাৰ কৰা হৈছে, যাৰ অৰ্থ হৈছে, “সৰ্বশক্তিমান ঈশ্বৰ সৰ্বোচ্চ”। এইদৰে কাফি হৈছে ধ্ৰুপদী, অৰ্ধ-ধ্ৰুপদী আৰু লঘু সংগীত ৰূপৰ মিশ্ৰণৰ পৰা উদ্ভৱ হোৱা এক বিশেষ ৰূপত ৰচিত সংগীতৰ এক ভক্তিমূলক ৰূপ (বিশেষকৈ, খয়াল, টাপ্পা, থুমৰি, আৰু গীত)। চুফী সন্তসকলৰ ৰহস্যময় কবিতাবোৰ সাধাৰণতে কাফিৰ ধৰণত গোৱা হয়।

কাফি গোৱাৰ এটা পঞ্জাবী প্ৰকাৰো আছে। সিন্ধী কাফিৰ দৰেই পঞ্জাবী কাফিৰ আমেজ আৰু বিষয়বস্তুকো ধৰ্মনিৰপেক্ষ আৰু মানৱতাবাদী বুলি অভিহিত কৰিব পাৰি। শ্বাহ হুছেইন (ষোড়শ শতিকা) আৰু বুল্লে শ্বাহৰ (১৮ শতিকা) কাফিত তেওঁলোকে নিজৰ চিন্তাধাৰাৰ যোগাযোগৰ কৌশল গ্ৰহণ কৰিছে, শক্তিশালী আৰু ফলপ্ৰসূভাৱে মানৱতাৰ সংমিশ্ৰণ ঘটাইছে। এই কাফিসকলে ব্যংগ সুৰত কেতিয়াবা নিজৰ সময়ৰ ৰাজনৈতিক পৰিস্থিতি আৰু সামাজিক পৰিস্থিতিৰ প্ৰকৃত ছবি চিত্ৰিত কৰাৰ প্ৰয়াস কৰিছে।

সিন্ধী কাফি চুটি, সহজ আৰু ৰচনা আৰু সুৰত সুস্পষ্ট। সিন্ধ প্ৰদেশৰ এজন প্ৰখ্যাত চুফী সন্ত আৰু ৰহস্যবাদী কবি শ্বাহ আব্দুল লতিফ ভিতাই (মৃত্যু ১৭৫২) সিন্ধী কাফিৰ বিকাশত যথেষ্ট অৰিহণা যোগাইছিল, বহুতো পদ্য লিখিছিল আৰু সুৰ ৰচনা কৰিছিল যাক তেওঁ “শ্বাহ লতিফৰ সুৰ” নাম দিছিল। তেওঁৰ সুৰ আজিও জনপ্ৰিয়।

প্ৰয়াত জাহিদা পাৰবীন আছিল এগৰাকী নিপুণ কাফি গায়িকা। তেওঁৰ কন্যা শ্বাহিদা পাৰবীনো মাতৃৰ দৰেই গুণৰ অধিকাৰী। তথাপিও আজিৰ ধাৰা, আৰু হয়তো প্ৰয়োজনীয়তাই তেওঁক কাফিৰ পৰা আঁতৰাই গীত, গজল, অৰ্ধ-ধ্ৰুপদী আৰু লোকৰূপৰ দিশলৈ লৈ গৈছে। আবিদা পাৰবীন সিন্ধৰ আন এগৰাকী প্ৰখ্যাত কাফী গায়িকা, লগতে তেওঁ আন বহু ধাৰাৰ গীতো গায়।

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. Folk singer Alam Lohar remembered Pakistan Today (newspaper), Published 4 July 2012, Retrieved 23 July 2019
  2. Adnan Lodhi (9 March 2016). "Pathanay Khan's death anniversary goes unnoticed". http://tribune.com.pk/story/1062381/pathanay-khans-death-anniversary-goes-unnoticed/। আহৰণ কৰা হৈছে: 23 July 2019. 
  3. Gul Baig (10 April 2009). "Ustad Juman - a legend of Sindhi music". https://nation.com.pk/10-Apr-2009/ustad-juman--a-legend-of-sindhi-music। আহৰণ কৰা হৈছে: 23 July 2019. 
  4. Legendary folk singer Reshma dies Dawn (newspaper), Published 3 November 2013, Retrieved 23 July 2019
  5. India honours Abida Parveen with lifetime achievement award Dawn (newspaper), Published 9 Oct 2012, Retrieved 23 July 2019
  6. https://www.geo.tv/latest/200297-tickers
  7. Surriya Khanum performing at Coke Studio (Pakistan), videoclip on YouTube Retrieved 23 July 2019