ফাল্গুনন্দ
| राष्ट्रिय विभूति (জাতীয় নায়ক) মহাগুৰু ফাল্গুনন্দ লিংদেন | |
|---|---|
| স্থানীয় নাম | महागुरू फाल्गुनन्द लिङ्देन |
| জন্ম | ফাল্গু নাথ আনন্দ ১০ নৱেম্বৰ ১৮৮৫[1] ইভাং, দণ্ডগাওঁ, ইলাম |
| মৃত্যু | ৪ এপ্ৰিল ১৯৪৯[2] ইম্বুং (পাঁচথৰ) |
| ৰাষ্ট্ৰীয়তা | নেপালী |
| পেচা | ধৰ্মযাজক আৰু পণ্ডিত[3] |
| জনা যায় | সামাজিক-ধাৰ্মিক সংস্কাৰ |
| পিতৃ-মাতৃ | জগনবাজ লিংদেন আৰু হংসমতী লিংদেন |
মহাগুৰু ফাল্গুনন্দ (ইংৰাজী: Mahaguru Phalgunanda, নেপালী: महागुरु फाल्गुनन्द) (১০ নৱেম্বৰ ১৮৮৫ – ৪ এপ্ৰিল ১৯৪৯), নেপালৰ কিৰাত জাতি তথা কিৰাত ধৰ্মৰ এগৰাকী মহাগুৰু আৰু সমাজ সংস্কাৰক আছিল। তেওঁক ফাল্গুনন্দ লিংদেন নামেৰেও জনা যায়।[4][5]
প্ৰাৰম্ভিক জীৱন আৰু পটভূমি
[সম্পাদনা কৰক]১৮৮৫ চনৰ ১০ নৱেম্বৰ (২৫ কাতি ১৯৪২ বিক্ৰমী) তাৰিখে নেপালৰ ইলাম জিলাৰ চুক্চিনাম্বা গাঁৱত মহাগুৰু ফাল্গুনন্দ লিংদেনৰ জন্ম হৈছিল। তেওঁৰ জন্মৰ নাম আছিল ফাল্গু নাথ আনন্দ।[6] তেওঁৰ পিতৃৰ নাম আছিল জগনবাজ লিংদেন আৰু মাতৃৰ নাম আছিল হংসমতী লিংদেন। কম বয়সতে তেওঁ ব্ৰিটিছ ভাৰতীয় সেনাবাহিনীত এজন নেপালী গোৰ্খা সৈনিক হিচাপে সেৱা আগবঢ়াইছিল আৰু প্ৰথম বিশ্বযুদ্ধত যুঁজিছিল।[5][7] তেওঁ ব্ৰিটিছ ভাৰতত প্ৰায় এটা দশক কটাইছিল। সামৰিক সেৱাৰপৰা অৱসৰ লোৱাৰ পাছত, তেওঁ এগৰাকী আধ্যাত্মিক নেতা হৈ পৰিছিল।[1][8]
কৰ্মজীৱন
[সম্পাদনা কৰক]বিশেষকৈ লিম্বু, ৰায়, সুনুৱাৰ, যখ্খা, লোহোৰুং, ধীমাল, জুৰেল কিৰাত জাতিৰ লোকসকলৰ মাজত তেওঁ মহাগুৰু নামেৰে পৰিচিত আছিল। তেওঁক প্ৰাচীন কিৰাত ধৰ্মক পিউৰিটান নীতিৰ ওপৰত অব্যাহত ৰখাৰ কৃতিত্ব দিয়া হয়। নিৰামিষ ভোজন, মদ্যপান নিষিদ্ধকৰণ, লিম্বু পৰম্পৰা আৰু লিপি অনুসৰণ আদি এই নীতিৰ অন্তৰ্ভুক্ত আছিল।[9] সামাজিক-সাংস্কৃতিক আৰু ধাৰ্মিক বাৰ্তাসমূহৰ বাবে তেওঁক স্মৰণ কৰা হয়। তেওঁৰ মূল বাৰ্তাসমূহৰ ভিতৰত আছিল পশু বলি নিষিদ্ধ কৰাৰ আহ্বান, কিয়নো ইয়াৰ ফলত জন্ম, বিয়া, অন্ত্যেষ্টিক্ৰিয়া আদি উদ্যাপনৰ বাবে সামাজিক ব্যয় বৃদ্ধি পায়।[5]
বিশ্বাস আৰু ৰাষ্ট্ৰীয় স্বীকৃতি
[সম্পাদনা কৰক]তেওঁ বিশ্বাস কৰিছিল যে শিক্ষাই মানুহৰ হৃদয় পৰিষ্কাৰ কৰিবলৈ জ্ঞান আনে, যিটো তেওঁ মুক্তিৰ একমাত্ৰ চাবি-কাঠি বুলি গণ্য কৰিছিল। ফাল্গুনন্দৰ মতে ঈশ্বৰক উপলব্ধি কৰাৰ বাবে মুক্তিয়েই চূড়ান্ত সত্য। তেওঁৰ দৰ্শনত প্ৰেম আৰু অহিংসাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে। তেওঁ বহুতো মন্দিৰ নিৰ্মাণ কৰিছিল। ১৯৪৯ চনত তেওঁৰ মৃত্যু হয়।[10]
২০০৯ চনত তেওঁৰ চিৰস্থায়ী প্ৰভাৱৰ স্বীকৃতি স্বৰূপে শ্ৰী পাচ কো চৰকাৰে (তেতিয়াৰ নেপাল চৰকাৰ) তেওঁক নেপালী ইতিহাসৰ বিশিষ্ট ব্যক্তিসকলৰ কাষত স্থান দিছিল আৰু ৰাষ্ট্ৰীয় জ্যোতিষ্ক হিচাপে ঘোষণা কৰিছিল। তেওঁ নেপালৰ ষোড়শ জ্যোতিষ্ক।[11][12]
১৯৯৩ চনত নেপাল ডাক সেৱা বিভাগে তেওঁলোকৰ "বিশিষ্ট ব্যক্তিত্ব ধাৰাবাহিক"ৰ অংশ হিচাপে ফাল্গুনন্দৰ সন্মানত ডাক টিকট জাৰি কৰিছিল।[13]
লিগেচি
[সম্পাদনা কৰক]বিশেষকৈ নেপাল আৰু কাঠমাণ্ডুৰ পূব প্ৰান্তত, এটি সম্বৰ্ধনা অনুষ্ঠানৰ জৰিয়তে, তেওঁৰ জন্ম বাৰ্ষিকী ফাল্গুনন্দ জয়ন্তী ব্যাপকভাৱে উদ্যাপন কৰা হয়। সাধাৰণতে নেপালী চান্দ্ৰ পঞ্জিকাত কাতি মাহৰ ২৫ তাৰিখে পালন কৰা হয়।[12]
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ 1.0 1.1 "Local governments announce public holiday on Phalgunanda Jayanti". My Republica. https://myrepublica.nagariknetwork.com/news/local-governments-announce-public-holiday-on-phalgunanda-jayanti/। আহৰণ কৰা হৈছে: 15 August 2025.
- ↑ P.34 The culture and religion of Limbus By Chaitanya Subba, K.B. Subba, 1995
- ↑ Rex Lee Jones, Kinship and Marriage Among the Limbu of Eastern Nepal: A Study in Marriage Stability, University of California, Los Angeles, 1973
- ↑ A Place in the World New Local Historiographies in Africa and South Asia. Brill. 2021. পৃষ্ঠা. 335. ISBN 9004492232.
- ↑ 5.0 5.1 5.2 Gaenszle, Martin (2014). "The Satyahangma rituals: commemorating Phalgunanda in eastern Nepal". European Bulletin of Himalayan Research (44): 6-27. doi:10.4000/ebhr.444. https://journals.openedition.org/ebhr/444। আহৰণ কৰা হৈছে: 23 September 2025.
- ↑ Anupam, Birat (10 November 2020). "Facts About Mahaguru Phalgunanda". Sancharkarmi. https://sancharkarmi.com/news-details/38856/2020-11-10#:~:text=British%20Gurkha%20soldier%20in%20the,India%20as%20a%20Gurkha%20soldier.। আহৰণ কৰা হৈছে: 23 September 2025.
- ↑ "Special Feature: Five fundamental facts about Mahaguru Phalgunanda". Ratopati. 10 November 2020. https://english.ratopati.com/story/16319#:~:text=British%20Gurkha%20solider%20in%20the,British%20India%20as%20Gurkha%20soldier.। আহৰণ কৰা হৈছে: 23 September 2025.
- ↑ "137th Phalgunanda birth anniversary being observed". My Republica. 11 November 2021. https://myrepublica.nagariknetwork.com/news/137th-phalgunanda-birth-anniversary-being-observed। আহৰণ কৰা হৈছে: 15 August 2025.
- ↑ European Bulletin of Himalayan Research, issues 25-28, Südasien Institut, 2004
- ↑ Nepal Government, Postal Services Department, Nepal Philatelic Bureau, Kathmandu
- ↑ "Mahaguru Phalgunanda's 138th birth anniversary being marked". The Himalayan Times. 11 November 2022. https://thehimalayantimes.com/nepal/mahaguru-phalgunandas-138th-birth-anniversary-being-marked। আহৰণ কৰা হৈছে: 15 August 2025.
- ↑ 12.0 12.1 "Phalgunanda Jayanti being observed today". The Himalayan Times. 11 November 2021. https://thehimalayantimes.com/nepal/phalgunanda-jayanti-being-observed-today। আহৰণ কৰা হৈছে: 15 August 2025.
- ↑ "Kirat Yakthung Chumlung". www.chumlung.org.np. http://www.chumlung.org.np/page.php?page=10। আহৰণ কৰা হৈছে: 3 September 2019.