সমললৈ যাওক

পিতা-পুত্ৰ (চলচ্চিত্ৰ)

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(Pita Putraৰ পৰা পুনঃনিৰ্দেশিত)
পিতা-পুত্ৰ

পিতা-পুত্ৰৰ এলবাম কভাৰ
পৰিচালক মুনীন বৰুৱা
চিত্ৰনাট্য অমূল্য কাকতি,
মুনিন বৰুৱা
কাহিনী অমূল্য কাকতিৰ চুটিগল্প অংকুৰ
প্ৰযোজক অমৰ নাথ তিৱাৰী,
বিজয় নাৰায়ণ তিৱাৰী
অভিনয়ত বিজু ফুকন
প্ৰাঞ্জল শইকীয়া
চিত্ৰগ্ৰহণকাৰী ইন্দুকল্প হাজৰিকা
সংগীত পৰিচালক ভূপেন উজীৰ
মুক্তি
১৯৮৮
দেশ ভাৰত ভাৰত
ভাষা অসমীয়া

পিতা-পুত্ৰ (ইংৰাজী: Pita Putra) ১৯৮৮ চনত মুক্তি পোৱা এখন অসমীয়া চলচ্চিত্ৰ৷ এইখন মুনীন বৰুৱাই এককভাবে পৰিচালনা কৰা প্ৰথম ছবি৷ সংগীত ভূপেন উজীৰৰ৷ মূল ভূমিকাত আছে বিজু ফুকন আৰু প্ৰাঞ্জল শইকীয়া৷ পিতা-পুত্ৰৰ আদৰ্শগত সংঘাটক কেন্দ্ৰ কৰি অমূল্য কাকতিয়ে ৰচনা কৰা অংকুৰ নামৰ গল্প এটাৰ আধাৰত ছবিখনৰ কাহিনী নিৰ্মাণ কৰা হৈছে৷ এইখন এখন সংলাপপ্ৰধান চলচ্চিত্ৰ।[1]

কাহিনীৰ সাৰাংশ

[সম্পাদনা কৰক]

এজন আদৰ্শবান ব্যক্তি আছিল অভিনন্দন চলিহা। কিন্তু টকাৰ অভাৱত কিশোৰ পুত্ৰৰ মৃত্যু হোৱাৰ পিছত তেওঁ দূৰ্নীতিৰ পংকত নিমজ্জিত হৈ পৰিল। কম সময়ৰ ভিতৰতে তেওঁ এজন ধনী-মানী আৰু প্ৰভাৱশালী ব্যক্তিলৈ পৰিবৰ্তিত হৈ গ'ল। কিন্তু তেওঁৰ জীয়াই থকা আনজন পুত্ৰ মানৱক দেখা গ'ল আদৰ্শৱান অভিনন্দন চলিহাৰ প্ৰতিৰূপ হিচাপে। দূৰ্নীতিৰ বিৰুদ্ধে সংগ্ৰামত জপিয়াই পৰিল মানৱ। এখন নিকা সমাজ গঢ়াৰ স্বাৰ্থত মানৱ আৰু তেওঁৰ বন্ধুহঁতে 'অংকুৰ' নামৰ বাতৰি কাকত প্ৰকাশ কৰি উলিয়ায়। তাতেই আৰম্ভ হ'ল পিতা-পুত্ৰৰ সংঘাট। এই সংঘাটেই চলচ্চিত্ৰখনৰ চালিকা শক্তি।[1]

অভিনয় শিল্পী

[সম্পাদনা কৰক]

'পিতা-পুত্ৰ'ৰ সংগীত পৰিচালনা কৰিছিল ভূপেন উজীৰে। গীতিকাৰ আছিল হেমন্ত দত্ত৷ ছবিখনত মুঠ ছটা গীত আছে ৷[2]

গীতৰ শীৰ্ষ
নং শিৰোনামগীতিকাৰকন্ঠশিল্পী দৈৰ্ঘ্য
1. "হিয়াভৰা শুভ কামনাৰে"  হেমন্ত দত্তডলী ঘোষ  
2. "তোমাক পালো মই"  হেমন্ত দত্তশান্তা উজীৰ, অশোক শইকীয়া  
3. "শৈশৱ মোৰ তৰা ফুলে বুটা বচা"  হেমন্ত দত্তশান্তা উজীৰ  
4. "দিন বাগৰিলে চা"  হেমন্ত দত্তসমৰ হাজৰিকা  
5. "এধানি শকতি দিয়া"  হেমন্ত দত্তডলী ঘোষ, শান্তা উজীৰ  
6. "বন্ধ কৰিব মাত, বন্ধ কৰিব হাত
বন্ধ কৰিব ক্ষোভ প্ৰকাশৰ পথ"  
হেমন্ত দত্তঅশোক শইকীয়া, সমৰ হাজৰিকা  

তথ্য উৎস

[সম্পাদনা কৰক]
  1. 1 2 3 উৎপল মেনা. "অসমীয়া চিনেমা : পিতা পুত্ৰ". rupaliparda.com. https://rupaliparda.com/archives/28602 আহৰণ কৰা হৈছে: 13 December 2022.
  2. "Songs of Pita-Putra". AuditekAssam. https://www.youtube.com/watch?v=nMGI7MhRdAU&t=1682s আহৰণ কৰা হৈছে: 10 December 2022.

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]