সমললৈ যাওক

পʼষ্ট মেলʼন

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(Post Maloneৰ পৰা পুনঃনিৰ্দেশিত)
পʼষ্ট মেলʼন

২০২১ চনত, সংগীত পৰিৱেশন কৰি থকা অৱস্থাত মেলʼন
জন্ম অষ্টিন ৰিচাৰ্ড পʼষ্ট
০৪ জুলাই, ১৯৯৫ (৩০ বছৰ)
চিৰাকিউজ, নিউয়ৰ্ক, আমেৰিকা যুক্তৰাষ্ট্ৰ
পেচা
  • কণ্ঠশিল্পী
  • ৰেপাৰ
  • গীতিকাৰ
  • সংগীতজ্ঞ
  • ৰেকৰ্ড প্ৰযোজক
  • অভিনয়-শিল্পী
সক্ৰিয় হৈ থকা সময় ২০১১–বৰ্তমান
সন্তান
বঁটা, সন্মান, পুৰস্কাৰ আদি সম্পূৰ্ণ তালিকা
'সঙ্গীত যাত্ৰা'
উৎসস্থান লচ এঞ্জেলচ, কেলিফৰ্ণিয়া
সংগীতৰ ধৰণ
  • পপ
  • হিপ-হপ
  • ট্ৰেপ
  • আৰ এণ্ড বি
  • কাণ্ট্ৰী
বাদ্যযন্ত্ৰ
লেবেল
  • ৰিপাব্লিক
  • মাৰ্কিউৰি
  • পʼষ্টী
ৱেবছাইট postmalone.com
স্বাক্ষৰ

অষ্টিন ৰিচাৰ্ড পʼষ্ট (ইংৰাজী: Austin Richard Post; জন্ম: ৪ জুলাই, ১৯৯৫),[1] এগৰাকী আমেৰিকীয় কণ্ঠশিল্পী, ৰেপাৰ, গীতিকাৰ, সংগীতজ্ঞ, ৰেকৰ্ড প্ৰযোজক আৰু অভিনয়-শিল্পী।[2][3] তেওঁ পেছাগতভাৱে পʼষ্ট মেলʼন (ইংৰাজী: Post Malone) নামেৰে পৰিচিত। তেওঁৰ সংগীতত পপ, হিপ-হপ, ট্ৰেপ, আৰএণ্ডবি, আৰু কাণ্ট্ৰীকে আদি কৰি নানা তৰহৰ সংগীতৰ ধাৰাৰ মিশ্ৰণ ঘটা দেখা যায়।

২০১১ চনত, মেলʼনে তেওঁৰ সংগীত যাত্ৰা আৰম্ভ কৰিছিল। ২০১৫ চনত, তেওঁ ক্লাউড ৰেপত প্ৰথমবাৰৰ বাবে একক গীত "হোৱাইট আইভাৰছন"ত কণ্ঠদানেৰে মূলসুঁতিৰ স্বীকৃতি লাভ কৰিছিল।[4] এই গীতটোৰ জৰিয়তে তেওঁ ৰিপাব্লিক ৰেকৰ্ডছৰ সৈতে চুক্তিবদ্ধ কৰিবলৈ সক্ষম হয়।[5] এই গীতটোৱেই তেওঁৰ প্ৰথম ষ্টুডিঅʼ এলবাম ষ্টʼনী (২০১৬)ৰ মুখ্য একক গীত আছিল। ষ্টʼনীয়েই ডাইমণ্ড-প্ৰমাণিত একক গীত "কংগ্ৰেচুলেশ্যন" (সহ-শিল্পী কুৱাভোকৰ সৈতে)ৰো জন্ম দিয়ে। তেওঁৰ দ্বিতীয়টো এলবাম বিয়েৰবংছ এণ্ড বেণ্ট‌্লেজ (২০১৮) আমেৰিকাৰ বিলবোৰ্ড ২০০-ৰ শীৰ্ষত স্থান লাভ কৰাৰ লগতে বহুতো ষ্ট্ৰীমিং অভিলেখো গঢ়িছিল। ইয়াত আমেৰিকাৰ বিলবোৰ্ড হট ১০০-ৰ নাম্বাৰ-ৱান একক গীত "ৰকষ্টাৰ" (সহ-শিল্পী ২১টা চেভেজৰ সৈতে) আৰু "চাইকো" (সহ-শিল্পী টাই ডলা চাইনৰ সৈতে) অন্তৰ্ভুক্ত আছিল আৰু ই ৬১তম গ্ৰেমী বঁটাত বৰ্ষশ্ৰেষ্ঠ এলবামৰ বাবেও মনোনীত হৈছিল। ২০১৮ চনৰ এনিমেটেড চলচ্চিত্ৰ স্পাইডাৰ-মেন: ইনটু দ্য স্পাইডাৰ-ভাৰ্ছৰ সংলগ্ন চাউণ্ডট্ৰেকটোৰ বাবে, তেওঁৰ তৃতীয় হট ১০০ নাম্বাৰ-ৱান একক গীত "ছানফ্লাৱাৰ"য়ে মুক্তি লাভ কৰিছিল। এই গীতটোত মেলʼনে কণ্ঠশিল্পী শ্বে লীৰ সৈতে যুটীয়াভাৱে কণ্ঠদান কৰিছিল। ই ৰেকৰ্ডিং ইণ্ডাষ্ট্ৰী এছʼচিয়েচন অৱ আমেৰিকা (RIAA)ৰ ইতিহাসৰ সৰ্বোচ্চ প্ৰমাণিত গীত হিচাপে পৰিগণিত হৈছিল আৰু প্ৰথমবাৰৰ বাবে ২× ডাইমণ্ড-প্ৰমাণ-পত্ৰও লাভ কৰিছিল।

মেলʼনৰ তৃতীয়টো এলবাম, হলিউড'ছ ব্লিডিং (২০১৯) - ৬৩তম গ্ৰেমী বঁটাত বৰ্ষশ্ৰেষ্ঠ এলবামৰ বাবে মনোনয়ন লাভ কৰা দ্বিতীয়টো এলবাম হিচাপে পৰিগণিত হৈছিল।[6] ইয়াৰপৰাই তেওঁৰ "চাৰ্কলছ" নামৰ একক গীতটোৱে মুক্তিলাভ কৰে। ই হট ১০০ত ৬১ সপ্তাহ কটাইছিল আৰু বৰ্তমানলৈকে মেলʼনৰ আটাইতকৈ ডাঙৰ হিট একক গীত হিচাপে পৰিগণিত হয়।[7] মেলʼনে তেওঁৰ চতুৰ্থ আৰু পঞ্চম এলবাম ক্ৰমে টুৱেলভ কেৰেট টুথেক (২০২২) আৰু অষ্টিন (২০২৩) মুকলি কৰাৰ পাছত টেইলৰ ছুইফ্টৰ "ফৰ্টনাইট" আৰু কাণ্ট্ৰী-কণ্ঠশিল্পী মৰ্গান ৱালেনৰ সৈতে তেওঁৰ প্ৰথমটো কাণ্ট্ৰী পপ গীত "আই হেড ছাম হেল্প"ত অতিথি-শিল্পী হিচাপে অভিনয় কৰে আৰু নাম্বাৰ-ৱান হিট লাভ কৰে। পিছৰ গীতটোৱে মেলʼনৰ ষষ্ঠ কাণ্ট্ৰী এলবাম এফ-১ ট্ৰিলিয়ন (২০২৪)ৰ মুখ্য একক গীত হিচাপে কাম কৰিছিল, যিটো বিলবোৰ্ড ২০০ত তেওঁৰ তৃতীয়টো নাম্বাৰ-ৱান এলবাম হিচাপে পৰিগণিত হৈছিল।[8]

মেলʼন বেষ্ট-চেলিং সংগীত-শিল্পীসকলৰ ভিতৰত এজন। ৰেকৰ্ডিং ইণ্ডাষ্ট্ৰী এছʼচিয়েচন অৱ আমেৰিকাৰ মতে কেৱল আমেৰিকাতেই তেওঁৰ ১৫ কোটিতকৈ অধিক ৰেকৰ্ড (গীত) বিক্ৰী হৈছে।[9] তেওঁৰ লাভ কৰা বঁটা-বাহনৰ ভিতৰত এঘাৰটা বিলবোৰ্ড মিউজিক বঁটা, পাঁচটা আমেৰিকান মিউজিক বঁটা, ছটা এমটিভি ভিডিঅ’ মিউজিক বঁটা, আৰু ওঠৰটা গ্ৰেমী বঁটাৰ মনোনয়ন-পত্ৰ অন্যতম।[10][11] তেওঁৰ ভালেটিমান বিলবোৰ্ড চাৰ্ট ৰেকৰ্ডৰ অধিকাৰী: তেওঁ ৰেপ এয়াৰপ্লে আৰু এডাল্ট কণ্টেম্পৰেৰী দুয়োটা চাৰ্টতে শীৰ্ষস্থান দখল কৰা প্ৰথমজন একক মুখ্য শিল্পী। তেওঁ গোৱা "চাৰ্কলছ" নামৰ গীতটোৱে এজন একক শিল্পীৰদ্বাৰা এডাল্ট কণ্টেম্পৰেৰী চাৰ্টত সৰ্বাধিক দীৰ্ঘদিনীয়া প্ৰথম স্থান (৪১ সপ্তাহ) আৰোহণৰ অভিলেখ গঢ়িছিল।[12] ২০২৫ চনৰ হিচাপমতে, মেলʼনে বৰ্তমানলৈকে সৰ্বাধিক ডাইমণ্ড-প্ৰমাণিত গীতৰ অভিলেখ গঢ়িছে, তেওঁৰ নামেৰেই ৯টা গীত আছে।[13]

প্ৰাৰম্ভিক জীৱন

[সম্পাদনা কৰক]

১৯৯৫ চনৰ ৪ জুলাই তাৰিখে,[1] নিউয়ৰ্কৰ চিৰাকিউজত অষ্টিন ৰিচাৰ্ড পʼষ্টৰ জন্ম হৈছিল।[14][15] তেওঁক তেওঁৰ পিতৃ ৰিচাৰ্ড পʼষ্ট আৰু মাহীমাক জʼডীয়ে ডাঙৰ-দীঘল কৰিছিল। তেওঁৰ পিতৃ যৌৱনকালত এজন ডিজে আছিল। পিতৃৰ তত্ত্বাৱধানতেই মেলʼনে হিপ-হপ, কাণ্ট্ৰী, ৰককে ধৰি সংগীতৰ বহু ভিন্ন ধাৰাৰ সৈতে পৰিচিত হৈছিল।[16] মেলনৰ বয়স যেতিয়া ন বছৰ আছিল,[17] তেতিয়া তেওঁৰ পিতৃ ডালাছ কাউবয় লঘু আহাৰৰ দোকান এখনৰ মেনেজাৰ পদত নিযুক্ত হৈছিল। ইয়াৰ পিছত তেওঁলোক সপৰিয়ালে টেক্সাছৰ গ্ৰেপভাইনলৈ স্থানান্তৰিত হৈছিল।[18][19] মেলʼনৰ মতে, তেওঁ স্থানীয় মেটালক’ৰ বেণ্ডত গীটাৰ বজোৱাৰ পাছতেই পেছাদাৰী সংগীতত তেওঁৰ প্ৰৱেশ ঘটিছিল।[20] এই প্ৰচেষ্টাৰ পিছতো তেওঁৰ এই ধাৰাটোৰ প্ৰতি আগ্ৰহ অটুট আছিল। ২০১০ চনত, তেওঁ টেক্সাছ ভিত্তিক মেটালকʼৰ গ্ৰুপ ক্ৰাউন দ্য এম্পায়াৰত গীটাৰিষ্ট হোৱাৰ বাবে অডিচন দিছিল, কিন্তু অডিচনৰ সময়ত তেওঁৰ গীটাৰৰ তাঁৰ ছিঙি যোৱাৰ বাবে তেওঁক প্ৰত্যাখ্যান কৰা হৈছিল। গীটাৰ শিকাৰ প্ৰতি তেওঁৰ প্ৰাৰম্ভিক আগ্ৰহৰ কৃতিত্ব তেওঁ ভিডিঅ’ গেম ধাৰাবাহিক গীটাৰ হিৰোক দিছিল।[21]

মেলʼনে বিকল্প ৰক সংগীতৰ প্ৰতি তেওঁৰ অনুৰাগ প্ৰকাশ কৰিছে। ২০১৭ চনৰ জুন মাহত কেলিফৰ্ণিয়াৰ লচ এঞ্জেলচৰ ইমো নাইটত ডিজে চেটৰ বাবে উপস্থিত হৈছিল। এই অনুষ্ঠানটোত মাই কেমিকেল ৰোমাঞ্চৰ গীত পৰিৱেশন কৰিছিল।[22] তেওঁ কয় যে অচিৰেই তেওঁ চফ্টাৰ ৰকৰ লগতে হিপ-হপৰ জগততো পদাৰ্পণ কৰে, আৰু তাৰ পিছতেই এফএল ষ্টুডিঅ’তো পৰীক্ষা-নিৰীক্ষা আৰম্ভ কৰে।[23]

তথ্য উৎস

[সম্পাদনা কৰক]
  1. 1.0 1.1 Herbert, Geoff (October 20, 2017). "Rapper Post Malone's father talks Syracuse roots, musical influences—and haters". syracuse.com. https://www.syracuse.com/entertainment/2017/10/post_malone_syracuse_father.html। আহৰণ কৰা হৈছে: April 1, 2019. 
  2. "How Post Malone Became The Most Random Success In Rap" (en ভাষাত). The FADER. https://www.thefader.com/2015/05/14/everything-you-need-to-know-about-post-malone। আহৰণ কৰা হৈছে: June 10, 2022. 
  3. Stanton, Christopher (May 18, 2021). "Post Malone is an actor now, whether you like it or not". mic.com. https://www.mic.com/p/post-malone-is-actor-now-whether-you-like-it-not-78958198। আহৰণ কৰা হৈছে: November 19, 2023. 
  4. "White Iverson by Post Malone". Post MaloneSoundCloud. https://soundcloud.com/postmalone/white-iverson। আহৰণ কৰা হৈছে: October 3, 2015. 
  5. Schwartz, Danny (August 14, 2015). "Post Malone Signs With Republic Records". HotNewHipHop. http://www.hotnewhiphop.com/post-malone-signs-with-republic-records-news.17053.html। আহৰণ কৰা হৈছে: October 3, 2015. 
  6. "Post Malone and Swae Lee Make History with First-Ever RIAA Double-Diamond Single 'Sunflower (Spider-Man: Into the Spider-Verse)'". Recording Industry Association of America. February 8, 2024. https://www.riaa.com/post-malone-and-swae-lee-make-history-with-first-ever-riaa-double-diamond-single-sunflower-spider-man-into-the-spider-verse/। আহৰণ কৰা হৈছে: February 8, 2024. 
  7. "Radio Songs". Billboard. January 2, 2013. https://www.billboard.com/charts/year-end/2020/radio-songs. 
  8. "Post Malone's Journey Into Country Music Continues With Another Hit". Forbes. May 9, 2024. https://www.forbes.com/sites/hughmcintyre/2024/05/09/post-malones-journey-into-country-music-continues-with-another-hit/?sh=551a20c32883. 
  9. "Gold & Platinum" (en-US ভাষাত). RIAA. https://www.riaa.com/gold-platinum/। আহৰণ কৰা হৈছে: 2025-10-30. 
  10. "Post Malone". Grammy Awards. https://www.grammy.com/artists/post-malone/243389। আহৰণ কৰা হৈছে: January 13, 2025. 
  11. "67th Grammy Press List Changes". Grammy Awards. https://www.recordingacademy.com/awards/awards-updates। আহৰণ কৰা হৈছে: January 13, 2025. 
  12. Trust, Gary. "Post Malone's 'Circles' Sets More Records With Run to No. 1 on Adult Contemporary Chart". Billboard. https://www.billboard.com/articles/business/chart-beat/9430625/post-malone-circles-tops-ac-chart। আহৰণ কৰা হৈছে: August 10, 2020. 
  13. Ahlgrim, Callie. "Only 23 artists have multiple songs that are certified diamond — here they all are". Business Insider. https://www.insider.com/artists-singers-with-multiple-diamond-certified-songs-riaa-2022-7। আহৰণ কৰা হৈছে: September 21, 2023. 
  14. Blackburn, H. Drew (June 23, 2015). "Post Malone's Homecoming". Pigeons & Planes. http://pigeonsandplanes.com/2015/06/post-malone-homecoming/। আহৰণ কৰা হৈছে: October 17, 2015. 
  15. @PostMaline (August 24, 2015). "I've never been anyone except for Austin Richard Post.". https://twitter.com/PostMaline/status/635996834859581440। আহৰণ কৰা হৈছে: May 29, 2016. 
  16. Herbert, Geoff. "Rapper Post Malone's father talks Syracuse roots, musical influences – and haters". syracuse.com. http://www.syracuse.com/entertainment/index.ssf/2017/10/post_malone_syracuse_father.html. 
  17. h3h3Productions (May 22, 2017). "H3 Podcast #7 – Post Malone & Joji" (Podcast). Event occurs at 11:48. Archived from the original on June 26, 2019. Retrieved August 11, 2017.  Unknown parameter |url-status= ignored (help)
  18. Valentine, Claire (October 6, 2017). "Post Malone on Memes, Bieber Fans, and the Importance of Beer". http://www.papermag.com/riding-with-post-malone-3-2493835927.html. 
  19. Figman, Adam (April 30, 2015). "The New 3". SLAMonline. http://www.slamonline.com/the-magazine/features/white-iverson-post-malone-interview/। আহৰণ কৰা হৈছে: October 3, 2015. 
  20. "Did You Know Post Malone Used to be in a Metal Band?". Loudwire. January 17, 2019. https://loudwire.com/post-malone-high-school-metalcore-band/. 
  21. Weiner, Jonah. "Post Malone: Confessions of a Hip-Hop Rock Star". Rolling Stone. https://www.rollingstone.com/music/features/rockstar-rapper-post-malone-talks-guns-bieber-race-w511979। আহৰণ কৰা হৈছে: November 19, 2017. 
  22. Emo Nite (June 8, 2017). "Post Malone plays My Chemical Romance at Emo Nite". https://www.youtube.com/watch?v=VzJa8Eql6A8। আহৰণ কৰা হৈছে: June 20, 2018. 
  23. westfesttv (February 9, 2016). "GGN Post Malone Has The Sauce". https://www.youtube.com/watch?v=w-34Bnpbzkg?t=164। আহৰণ কৰা হৈছে: December 20, 2017. 

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]