লালি পমা গছ
অৱয়ব
(Prasoxylon excelsumৰ পৰা পুনঃনিৰ্দেশিত)
এই প্ৰবন্ধটো বহুসময়ত বান্দৰডিমা বুলি কোৱা লালি পমা গছৰ বিষয়ে। প্ৰকৃত বান্দৰডিমা গছৰ বাবে বান্দৰডিমা গছ চাওক।
| লালি পমা গছ | |
|---|---|
| জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন | |
| ৰাজ্য: | Plantae |
| (অশ্ৰেণীকৃত): | Tracheophytes |
| (অশ্ৰেণীকৃত): | Angiosperms |
| (অশ্ৰেণীকৃত): | Eudicots |
| (অশ্ৰেণীকৃত): | Rosids |
| বৰ্গ: | Sapindales |
| পৰিয়াল: | Meliaceae |
| গণ: | Prasoxylon |
| প্ৰজাতি: | P. excelsum |
| বৈজ্ঞানিক নাম | |
| Prasoxylon excelsum (Spreng.) Mabb. (২০২১) | |
| সমাৰ্থক[1] | |
|
তালিকা
| |
লালি পমা[2] (বৈজ্ঞানিক নাম: Prasoxylon excelsum) মেলিয়েচিয়া (Meliaceae) পৰিয়ালৰ এবিধ সপুষ্পক উদ্ভিদ। উদ্ভিদজোপাৰ বৈজ্ঞানিক নামৰ এক্সেলছাম (excelsum) পদাংশ লেটিন ভাষাৰ পৰা আহৰণ কৰা হৈছে যাৰ অৰ্থ হৈছে ‘ওখ’।[3]
বিৱৰণ
[সম্পাদনা কৰক]লালি পমা গছজোপা ৩৬ মিটাৰ (১২০ ফুট) পৰ্যন্ত ওখ আৰু ডালৰ ব্যাস ৮০ চেণ্টিমিটাৰ (৩১ ইঞ্চি) পৰ্যন্ত হয়। মিঠা সুগন্ধিযুক্ত ফুলবোৰ ক্ৰীম ৰঙৰ বা গোলাপী বগা। ফলবোৰ পকিলে বাদামী ৰঙৰ, ঘূৰণীয়াৰ পৰা নাচপতিৰ আকৃতিৰ আৰু ৫ চে.মি.(২ ইঞ্চি) ব্যাসৰ।[3]
বিতৰণ
[সম্পাদনা কৰক]লালি পমা শ্ৰীলংকা, নেপাল, উত্তৰ-পূব ভাৰত, দক্ষিণ চীন, ইণ্ডো-চীন, আৰু সমগ্ৰ মালয়েচিয়া আৰু পাপুয়াছিয়াত পোৱা যায়। এই উদ্ভিদ সমুদ্ৰপৃষ্ঠৰ পৰা ১০০০ মিটাৰ (৩,০০০ ফুট) উচ্চতালৈকে থকা বৰ্ষাৰণ্যত গছে।[3]
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ "Prasoxylon excelsum (Spreng.) Mabb.". Plants of the World Online. https://powo.science.kew.org/taxon/urn:lsid:ipni.org:names:77222487-1। আহৰণ কৰা হৈছে: 16 February 2024.
- ↑ India biodiversity Portal
- ↑ 3.0 3.1 3.2 Mabberley, David J.; Sing, Anne M. (March 2007). "Dysoxylum excelsum Blume". In Soepadmo, E.; Saw, L. G.; Chung, R. C. K. et al.. Tree Flora of Sabah and Sarawak. 6. Forest Research Institute Malaysia. পৃষ্ঠা. 163–165. ISBN 978-983-2181-89-7. http://www.chm.frim.gov.my/backup/TFSS.vol4_5_6.pdf। আহৰণ কৰা হৈছে: 12 March 2014.