মনোযৌন বিকাশ
অৱয়ব
(Psychosexual developmentৰ পৰা পুনঃনিৰ্দেশিত)
মনোযৌন বিকাশ (ইংৰাজী: Psychosexual development) হ'ল ব্যক্তিত্বৰ ক্ৰমবিকাশ সম্পৰ্কে বিশ্ববিখ্যাত মনোবিজ্ঞানী চিগ্মণ্ড ফ্ৰয়েডে আগবঢ়োতা এক বৈপ্লৱিক তত্ত্ব। ফ্ৰয়েডৰ মতে মানুহৰ ব্যক্তিত্ব বিকাশ সৰ্বমুঠ পাঁচটা স্তৰৰ মাজেদি সম্পূৰ্ণ হয়।[1] এই স্তৰকেইটা হৈছে ক্ৰমে-
- মৌখিক অৱস্থা (oral stage),
- পায়ু অৱস্থা (anal stage),
- শিশ্না অৱস্থা (phallic stage),
- সুপ্তযৌন অৱস্থা (latency stage),
- উপস্থ অৱস্থা (genital stage)।[2]
ফ্ৰয়ডৰ বিশ্বাস কৰিছিল যে যদি মানুহৰ যৌন বাসনাবোৰ ভালদৰে পূৰ্ণ নহয়, তেনেহ'ল মানুহৰ ব্যক্তিত্বৰ বিকাশত বাধা আহি পৰে।সেয়ে তেওঁ মানুহৰ ব্যক্তিত্বৰ বিকাশৰ স্তৰবোৰক মনোযৌন বিকাশ বুলি নামাকৰণ কৰিছিল। ফ্ৰয়ডে মনোযৌন বিকাশ তত্ত্বৰ দ্বাৰা প্ৰমাণ কৰিছিল যে প্ৰাপ্তবয়স্ক ব্যক্তিৰ দৰে শিশুৰো যৌন অনুভূতি থাকে। শৈশৱকালত নিজ দেহৰ যৌন-সংবেদী অঞ্চলবোৰৰ সুখদায়ক অনুভূতিয়ে শিশুক যৌন-তৃপ্তি দিয়ে। শৈশৱ যৌনতাক ফ্ৰয়ডে আত্ম-ৰতি (Auto-Erotism) বুলি অভিহিত কৰিছিল।
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ . https://www.verywellmind.com/freuds-stages-of-psychosexual-development-2795962। আহৰণ কৰা হৈছে: 23 June 2026.[সংযোগবিহীন উৎস]
- ↑ "Freud’s Psychosexual Theory and 5 Stages of Human Development". https://www.simplypsychology.org/psychosexual.html। আহৰণ কৰা হৈছে: 23 June 2026.