পুনিতা অৰোৰা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(Punita Aroraৰ পৰা পুনঃনিৰ্দেশিত)
Jump to navigation Jump to search
লেফ্টটেনেন্ট জেনেৰেল
ভাইচ এডমিৰেল

পুনিতা অৰোৰা
পিভিএছএম, এছএম, ভিএছএম
জন্ম মে' ৩১ , ১৯৪৬
লাহোৰ, পাঞ্জাৱ, ব্ৰিটিছ ভাৰত
আনুগত্য  ভাৰত
চাকৰি/শাখা ভাৰতীয় থলসেনা
ভাৰতীয় নৌসেনা
পদমৰ্যদা Lieutenant General of the Indian Army.svg লেফ্টটেনেন্ট জেনেৰেল
Indian Vice Admiral.gif ভাইচ এডমিৰেল
নেতৃত্বসমূহ আৰ্মড ফৰ্চ মেডিকেল কলেজ
পুৰস্কাৰ Param Vishisht Seva Medal ribbon.svg পৰম বিশিষ্ট সেৱা মেডেল
Sena Medal ribbon.svg সেনা মেডেল
Vishisht Seva Medal ribbon.svg বিশিষ্ট সেৱা মেডেল

চাৰ্জন ভাইচ এডমিৰেল পুনিতা আৰোৰা (পিভিএছএম, এছএম, ভিএছএম) ভাৰতীয় থলসেনা আৰু ভাৰতীয় নৌসেনাৰ প্ৰাক্তন তিনি তাৰকাযুক্ত ফ্লেগ অফিচাৰ। তেওঁ ভাৰতীয় থলসেনাৰ দ্বিতীয় সৰ্বোচ্চ পদবী লেফ্টটেনেন্ট জেনেৰেল[1] আৰু ভাৰতীয় নৌসেনাৰ দ্বিতীয় সৰ্বোচ্চ পদবী ভাইচ এডমিৰেল পদত অধিষ্ঠিত হোৱা প্ৰথম মহিলা।[2] তেওঁ এগৰাকী চিকিৎসক হিচাপে আৰ্মড ফৰ্চ মেডিকেল কলেজ কমাণ্ডৰ সদস্য আছিল।

প্ৰাৰম্ভিক জীৱন[সম্পাদনা কৰক]

১৯৪৬ চনৰ ৩১ মে' তাৰিখে ব্ৰিটিছ ভাৰতৰ অন্তৰ্গত পঞ্জাৱৰ লাহোৰৰ এক পাঞ্জাৱী পৰিয়ালত পুনিতা অৰোৰাৰ জন্ম হৈছিল। দেশ বিভাজনৰ পিছত মাত্ৰ এবছৰ বয়সতে তেওঁৰ পৰিয়াল ভাৰতলৈ গুচি আহে।[3] তাৰপিছত তেওঁলোক উত্তৰ প্ৰদেশৰ চাহাৰণপুৰত নিগাজীকৈ থাকিবলৈ লয়।[4]

শিক্ষা[সম্পাদনা কৰক]

পুনিতা অৰোৰা প্ৰাৰম্ভিক শিক্ষা চাহাৰণপুৰতে গ্ৰহণ কৰিছিল। তেওঁ অষ্টম শ্ৰেণীলৈ চাহাৰণপুৰৰ চফীয়া স্কুলত পঢ়িছিল। তাৰপিছত তেওঁ গুৰু নানক গাৰ্লছ ইন্টাৰ কলেজত অধ্যয়ন কৰে। একাদশ শ্ৰেণীত তেওঁ বিজ্ঞান বিষয় কেৰিয়াৰ হিচাপে বাচি লয়। ১৯৬৩ চনত তেওঁ পুনেত অৱস্থিত আৰ্মড ফৰ্চ মেডিকেল কলেজত নামভৰ্তি কৰে।[5] তেওঁ আৰ্মড ফৰ্চ মেডিকেল কলেজৰ দ্বিতীয় বেছৰ ছাত্ৰী আছিল আৰু পৰৱৰ্তী সময়ত তেওঁ নিজৰ শ্ৰেণীত শীৰ্ষস্থান লাভ কৰে।[4] তেওঁ ইয়াৰ পৰায়ে স্ত্ৰীৰোগ আৰু ধাত্ৰীবিদ্যা বিভাগৰ স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। এএফএমচিৰ পৰা পুনে বিশ্ববিদ্যালয়ৰ প্ৰথম স্থান ৰ অধিকাৰী হিচাপে তেওঁ সোণৰ পদক লাভ কৰিছিল।

কৰ্মজীৱন[সম্পাদনা কৰক]

১৯৬৮ চনৰ জানুৱাৰী মাহত পুনিতা অৰোৰা কৰ্মস্থলীত যোগদান কৰিবলৈ অনুমোদন লাভ কৰিছিল।[6] তেওঁ ভাৰতীয় নৌসেনাৰ ভাইচ এডমিৰেল পদত অধিষ্ঠিত হোৱাৰ আগতে আৰ্মড ফৰ্চ মেডিকেল কলেজৰ কমাণ্ডেট আছিল। ২০০৪ চনত তেওঁ আৰ্মড ফৰ্চ মেডিকেল কলেজৰ কমাণ্ডেট হিচাপে যোগদান কৰিছিল। তেওঁ মেডিকেল কলেজখনৰ প্ৰথম মহিলা কমাণ্ডেট।[7] ইয়াৰ আগতে তেওঁ ভাৰতীয় থলসেনাৰ সদৰত সশস্ত্ৰ বাহিনী চিকিৎসা সেৱাৰ চিকিৎসা গৱেষণা শাখাৰ অতিৰিক্ত ডাইৰেক্টৰ জেনেৰেল হিচাপে আৰ্মড ফৰ্চ মেডিকেল ৰিচাৰ্ছ বাহিনীৰ সহ-পৰিচালক আছিল।[6] তেওঁক ভাৰতীয় থলসেনাৰ পৰা নৌসেনালৈ স্থানান্তৰ কৰা হৈছিল। এএফএমচিৰ কমন পুলৰ বাবে ইয়াৰ বিষয়া সমূহক প্ৰয়োজন সাপেক্ষে এটাৰ পৰা আনটো সেৱালৈ স্থানান্তৰ কৰাৰ ব্যৱস্থা আছে।[8]

পুৰস্কাৰ[সম্পাদনা কৰক]

তেওঁৰ সুদীৰ্ঘ ৩৬ বছৰ সেৱাৰ কালছোৱাত তেওঁ ১৫টা পদক লাভ কৰিছে। তাৰে উল্লেখযোগ্য সমূহ হ'ল:

  • পৰম বিশিষ্ট সেৱা মেডেল
  • সেনা মেডেল (২০০৬)
  • বিশিষ্ট সেৱা মেডেল (২০০২)
  • সুদীৰ্ঘ ৩০ বছৰকাল সেৱা মেডেল
  • সুদীৰ্ঘ ২০ বছৰকাল সেৱা মেডেল
  • সুদীৰ্ঘ ৯ বছৰকাল সেৱা মেডেল

ব্যক্তিগত জীৱন[সম্পাদনা কৰক]

পুনিতা অৰোৰাৰ পৰিয়ালৰ সকলো ডাক্তৰ। তেওঁৰ স্বামী পি এন অৰোৰা ভাৰতীয় সেনাবাহিনীত চৰ্ম বিশেষজ্ঞ হিচাপে কৰ্মৰত আছিল। তেওঁ ব্ৰিগেডিয়াৰ হিচাপে অৱসৰ গ্ৰহণ কৰে। তেওঁৰ পুত্ৰ স্কোৱাড্ৰন লিডাৰ সন্দীপ অৰোৰা ভাৰতীয় বিমানবাহিনীৰ দিল্লী এয়াৰফৰ্চ চিকিৎসালয়ত চৰ্ম বিশেষজ্ঞ হিচাপে কৰ্মৰত। তেওঁলোকৰ দুহিতা সবিনায়ো এগৰাকী চিকিৎসক।

তথ্য উৎস[সম্পাদনা কৰক]