কাটাৰ
| ৱিকিপিডিয়াৰ গুণগত মান বজাই ৰাখিবলৈ এই প্ৰবন্ধৰ অধিক উন্নয়নৰ থল থকা যেন অনুভৱ হয় (বিশদ নিৰ্দেশনা চাওক)। সম্ভৱ হ'লে অনুগ্ৰহ কৰি এই প্ৰবন্ধৰ মান উন্নয়নত আপুনিও যথাসম্ভব সহায় কৰক। আলোচনা পৃষ্ঠাত অধিক তথ্য থাকিব পাৰে, চাই লয় যেন। |
State of Qatar دولة قطر Dawlat Qaṭar | |
|---|---|
| Anthem: السلام الأميري (Arabic) "As Salam al Amiri" (transliteration) Amiri Salute | |
![]() | |
| ৰাজধানী and largest city | ড’হা |
| Official languages | আৰবিক |
| Demonym | Qatari |
| Government | পূৰ্ণ ৰাজতন্ত্ৰ |
• আমিৰ |
Hamad bin Khalifa Al Thani |
| Tamim bin Hamad Al Thani | |
| Hamad bin Jassim bin Jaber Al Thani | |
| Legislature | Consultative Assembly of Qatar |
| স্বাধীন | |
• from the Ottoman Empire |
1913 |
• from United Kingdom |
3 September 1971 |
| Area | |
• Total | 11,437 বৰ্গ কি.মি. (4,416 বৰ্গ মাইল) (164th) |
• Water (%) | negligible |
| Population | |
• 2010 census | 1,853,563[1] (148th) |
• Density | 123.2 /কিমি২ (319.1 /বৰ্গ মাইল) (123rd) |
| GDP (PPP) | 2011 estimate |
• Total | $182.591 billion[2] (57th) |
• Per capita | $103,275[2] (1st) |
| GDP (nominal) | 2011 estimate |
• Total | $194.270 billion[2] (49th) |
• Per capita | $109,881[2] (2nd) |
| HDI (2011) | Error: Invalid HDI value (37th) |
| Currency | ৰিয়াল (QAR) |
| Time zone | UTC+3 (AST) |
• Summer (DST) | UTC+3 ((not observed)) |
| Calling code | 974 |
| Internet TLD | .qa, قطر. |
কাটাৰ পশ্চিম এছিয়াৰ এখন এখন সৰু দেশ। ইয়াৰ ৰাজধানী হ'ল ড'হা। কাটাৰৰ মাটিকালি হ'ল ১১,৪৩৭ বৰ্গ কিলোমিটাৰ। ভাৰতৰ ৰাজধানী দিল্লীৰ পৰা কাটাৰৰ ৰাজধানী ড'হালৈ দূৰত্ব ২৫৭২ কিলোমিটাৰ। অসমৰ গুৱাহাটীৰ পৰা কাটাৰলৈ দূৰত্ব হ'ল ৪০১৯ কিলোমিটাৰ। ইয়াৰ বৰ্তমান জনসংখ্যা হ'ল ১৬ লাখ, তাৰে ১২ লাখ পুৰুষ আৰু ৪ লাখ মহিলা। কিন্তু তাৰে প্ৰায় শতকৰা আশী ভাগেই হ'ল বহিৰাগত। আকৌ দেশখনৰ শতকৰা আশীজনে বাস কৰে ৰাজধানী চহৰ ড'হাত। দেশখন ব্ৰিটিছৰ কবলৰ পৰা মুক্ত হয় ৩ চেপ্তেম্বৰ, ১৯৭১চনত। কাটাৰৰ পশ্চিম প্ৰান্তৰ সমুদ্ৰ উপকুলীয় চহৰ দোহ্কানত ১৯৪০চনত পোন প্ৰথম বাৰৰ বাবে খাৰুৱা তেলৰ আৱিষ্কাৰ হয়। দেশৰ অৰ্থনীতি খাৰুৱা তেলেই টনকিয়াল কৰি ৰাখিছে।
ইতিহাস
[সম্পাদনা কৰক]
দেশখনত পূৰ্ণ ৰাজতন্ত্ৰ (Absolute Monarchy) অব্যাহত আছে। ইয়াত আমীৰ হ'ল দেশখনৰ হৰ্তাকৰ্তা বিধাতা আৰু চৰকাৰৰ মুৰব্বীঁ। আমীৰৰ দ্বাৰা মনোনীত ১৫ জন মন্ত্ৰী আছে। ১৮ শতিকাৰ পৰা ১৯ শতিকাৰ কেই দশক মানলৈ কাটাৰত বাহৰাইনৰ শাসন চলিছিল। তাৰ পিছত কাটাৰ, বাহৰাইন আৰু সংযুক্ত আৰব আমিৰাত ব্ৰিটিছৰ অধীন হ'ল। ১৯৭১ চনৰ ৩ চেপ্তেম্বৰ তাৰিখে কাটাৰ ব্ৰিটিছৰ কবলৰ পৰা মুক্ত হ'ল আৰু ই এখন স্বাধীন দেশৰূপে আত্মপ্ৰকাশ কৰিলে। কাটাৰৰ শাসনভাৰ ১৮ ডিচেম্বৰ ১৮৭৮ চনৰ পৰা অল থানি ৰাজপৰিয়ালে বহন কৰি আহিছে।
বৰ্তমানৰ শাসক হ'ল আমীৰ শ্বেখ হামাদ বিন খলিফা অল থানি। তেওঁ ১৯৯৫ চনত এক ৰক্তহীন বিদ্ৰোহৰ যোগেদি নিজ পিতৃ আমীৰ খলিফাক ক্ষমতাচ্যুত কৰি শাসনৰ বাঘজৰী নিজৰ হাতত তুলি লয়। এজন পুত্ৰ যুৱৰাজ শ্বেখ তামিম বিন হামাদ অল থানিক উত্তৰাধিকাৰী ঘোষিত কৰে। শ্বেখ হামাদ বিন জাচেন অল থানিক প্ৰধান মন্ত্ৰী পাতে।
১৮ ডিচেম্বৰৰ দিনটোক বৰ্তমানৰ আমীৰৰ উদ্যমত ৰাষ্ট্ৰীয় দিৱস হিচাপে পালন কৰি আহিছে। বিশেষকৈ ২০০৭চনৰ পৰা ৰাজধানী চহৰ ড'হাত জাকজমকতাৰে ৰাষ্ট্ৰীয় দিৱসপালিত হৈ আহিছে।
বৰ্তমানৰ আমীৰে ২০০৩ চনত এখন সংবিধানৰ সৃষ্টি কৰিলে। মজলিচ অৰ্থাৎ সংসদৰ বাবে ৪৫জনীয়া উপদেষ্টা মণ্ডলী আৰম্ভ হ'ল। ইয়াৰে ৩০জন নিৰ্বাচিত আৰু ১৫জন হব আমীৰৰ মনোনীত। সাংসদৰ কাৰ্য্যকাল হৈছে ৪ বছৰীয়া। বৰ্তমানৰ আমীৰৰ কেইটিমান কৃতিত্ব হ'ল - চৌদি আৰব আৰু বাহৰেইনৰ সৈতে থকা সীমা বিবাদ ২০০১ চনত নিষ্পত্তি কৰা। ১৯৯৬ত প্ৰেছ চেঞ্চৰশ্বিপ উঠাই লোৱা। কাটাৰত বৰ্তমান ১২খন দৈনিক প্ৰকাশিত হয়, তাৰে ৮খন আৰবী, ৪খন ইংৰাজী। ১৯৯৬ চনৰ শেষৰ ফালে ড'হাত অল-জজীৰা টিভি চেনেলৰ কাম আৰম্ভ হয়। বৰ্তমান অল-জজীৰাৰ জনপ্ৰিয়তা বিশ্বত ঈৰ্ষনীয়।
ভূগোল
[সম্পাদনা কৰক]কাটাৰৰ ভৌগোলিক অবস্থান ২৪° ৰ পৰা ২৭° উত্তৰ অক্ষাংশ আৰু ৫০° ৰ পৰা ৫২° পূব দ্ৰাঘিমাংশৰ মাজত।
চৌদি আৰবৰ উত্তৰ-পূৱ দিশত সংলগ্নহৈ আছে কাটাৰ দেশ। চৌদি আৰব আৰু কাটাৰৰ সেই সীমাৰ দৈৰ্ঘ্য হ'ল ৬০ কিলোমিটাৰ। ইয়াৰ বাহিৰে কাটাৰক তিনিও ফালৰ পৰা সাগৰে আৱৰি ৰাখিছে। উত্তৰ আৰু পূবে পাৰস্য সাগৰ, পশ্চিমে বাহৰাইনৰ সমুদ্ৰ অঞ্চল। সাগৰৰ ভিতৰলৈ এনেদৰে সোমাই থকা ভূমিখণ্ডক 'পেনিনচুলা' বুলি কয়। কাটাৰী পেনিনচুলাৰ আকাৰ হ'ল উত্তৰৰ পৰা দক্ষিণলৈ ১৬০ কিলোমিটাৰ। পূবৰ পৰা পশ্চিমলৈ অঞ্চল ভেদে দূৰত্ব ৫৫ৰ পৰা ৯০ কিলোমিটাৰ।
কাটাৰৰ ৰাজধানী দেশখনৰ পূবে প্ৰায় মাজ ভাগত সাগৰ তীৰত অৱস্থিত। কাটাৰৰ একেবাৰে উত্তৰৰ শেষ সীমাত থকা সৰু চহৰখন হ'ল মডিনাত অল শ্বামাল। ড'হা, অল খোৰ আৰু অল ৱাক্ৰাহ - এই তিনিটা হ'ল সমুদ্ৰৰ বন্দৰ। কাটাৰৰ একমাত্ৰ বিমানবন্দৰটো হ'ল ড'হা অন্তৰাষ্ট্ৰীয় বিমানবন্দৰ। কাটাৰৰ পশ্চিমে অবস্থিত দোহ্কান হ'ল তেল নগৰী। ৰাচ লাফান হ'ল উত্তৰৰ এখন ঔদ্যোগিক নগৰ। অল ঘৰীয়া উত্তৰৰ আন এখন সৰু চহৰ - যত পৰ্যাটকে মনোৰঞ্জনৰ বাবে যায়।
অৰ্থতন্ত্ৰ
[সম্পাদনা কৰক]অৰ্থনীতি
[সম্পাদনা কৰক]কাটাৰৰ অৰ্থনীতিৰ আধাৰ হ'ল খাৰুৱা তেল আৰু প্ৰাকৃতিক গেছ। ইয়াৰে শতকৰা ৮৫ ভাগ ৰপ্তানিৰ দ্বাৰা ৰাজকোষ টনকিয়াল হয়। ১৯৪০ চনত খাৰুৱা তেলৰ সন্ধান নোপোৱালৈকে কাটাৰৰ আৰ্থিক অৱস্থা শোচনীয় আছিল। আজি দেশখনৰ উন্নতিৰ মূলতেই হ'ল এই পনীয়া সোণ।
কাটাৰৰ মুদ্ৰা হ'ল - কাটাৰী ৰিয়াল। ১৯৭৩ চনৰ পৰা কাটাৰে নিজৰ মুদ্ৰা প্ৰচলন কৰিছে। প্ৰচলিত নোটবিলাক হ'ল ১, ৫, ১০, ৫০, ১০০ আৰু ৫০০ ৰিয়ালৰ। খুচুৰা মুদ্ৰা হ'ল - ৫,১০,২৫,৫০ ডিৰহাম আৰু ১ ৰিয়ালৰ। সাধাৰণতে ২৫ আৰু ৫০ডিৰহামহে প্ৰচলিত। ১০০ডিৰহামে ১ ৰিয়াল হয়। ১ ৰিয়াল ভাৰতীয় ১৩.৫৭ টকাৰ সমকক্ষ। ১ আমেৰিকান ডলাৰ ৩.৬৪ ৰিয়ালৰ সমান।
জলবায়ু
[সম্পাদনা কৰক]নৱেম্বৰৰ পৰা এপ্ৰিললৈ বতৰ আৰামদায়ক বা সহ্যকৰ বুলিব পাৰি। এই ৬মাহত তাপমান সৰ্বোচ্চ ২৫ ডিগ্ৰী চেণ্টিগ্ৰেড আৰু সৰ্বনিম্ন ৪ ডিগ্ৰী চেণ্টিগ্ৰেডলৈ যায়। মে মাহৰ পৰা চেপ্তেম্বৰলৈকে গৰমৰ বতৰত তাপমান ৫০ডিগ্ৰী চেণ্টিগ্ৰেড পৰ্য্যন্তলৈ উঠে। কাটাৰত বৰষুণ অতি কম হয়। কোনো কোনো বছৰত বাৰ্ষিক বৃষ্টি ১০০মিলিমিটাৰৰো কম হয়। কেতিয়াবা কাটাৰত ধূলিৰ ধুমুহাও আহে। কাটাৰত পাহাৰ আৰু নদী নাই। জলবায়ু শুষ্ক। ইয়াৰ মাটি অধিকাংশই অনুৰ্বৰ। তথাপিও দেশৰ সমুদ্ৰৰ কাষৰিয়া অঞ্চলত কিছু সংখ্যক গছ-গছনি আছে। খেজুৰ, তাল, তেতেলি জাতীয় গছ-গছনিয়েই ঘাইকৈ হয়।
| কাটাৰৰ জলবায়ুৰ তথ্য | |||||||||||||
|---|---|---|---|---|---|---|---|---|---|---|---|---|---|
| মাহ | জানু. | ফেব্ৰু. | মাৰ্চ | এপ্ৰি. | মে | জুন | জুলা. | আগ. | চেপ্টে. | অক্টো. | নৱে. | ডিচে. | বছৰ |
| গড় উষ্ণতা - উচ্চ °C (°F) | 22 | 23 | 27 | 32 (90) |
38 (100) |
41 (106) |
41 (106) |
41 (106) |
38 (100) |
35 (95) |
29 (84) |
24 (75) |
32.6 (90.6) |
| গড় উষ্ণতা - নিম্ন °C (°F) | 13 (55) |
13 (55) |
17 (63) |
21 (70) |
25 (77) |
27 (81) |
29 (84) |
29 (84) |
26 (79) |
23 (73) |
19 (66) |
15 (59) |
21.4 (70.6) |
| বৰ্ষাপাতৰ পৰিমাণ মি.মি (ইঞ্চি) | 12.7 (0.5) |
17.8 (0.701) |
15.2 (0.598) |
7.6 (0.299) |
2.5 (0.098) |
0 (0) |
0 (0) |
0 (0) |
0 (0) |
0 (0) |
2.5 (0.098) |
12.7 (0.5) |
71 (2.8) |
| উৎস: weather.com[4] | |||||||||||||
সংস্কৃতি
[সম্পাদনা কৰক]ধৰ্ম
[সম্পাদনা কৰক]কাটাৰৰ বাসিন্দাসকলে সপ্তম শতিকাৰ পৰা ইছলাম ধৰ্মক মানি আহিছে। শতকৰা ৯৯ জনেই হ'ল চুন্নী মুছলমান। ক্ষুদ্ৰ অংশতোহে চিয়া সম্প্ৰদায়ৰ। কাটাৰত গাহৰি নিষিদ্ধ। হালাল কৰা মাংসহে কচাইখানাত বিক্ৰী হয়। ঈদৰ সময়ত ৰাজহুৱা স্থানত দিনৰ ভাগত খোৱা-লোৱাত কিছু নিয়মানুবৰ্তিতা সকলো নাগৰিকে মানিবলগীয়া হয়।
শিক্ষা
[সম্পাদনা কৰক]শিক্ষাৰ ক্ষেত্ৰত স্বাধীনোত্তৰ কালত উন্নতি ক্ষিপ্ৰতৰ হব ধৰিলে। কাটাৰত প্ৰথম চৰকাৰী প্ৰাথমিক বিদ্যালয় স্থাপন হয় ১৯৫২ চনত। ১৯৫৪ চনত আৰম্ভ হয় প্ৰাপ্ত বয়স্ক শিক্ষা আচনি। উদগণি স্বৰূপে তেতিয়া চাৰি বছৰীয়া শিক্ষাৰ প্ৰমাণ-পত্ৰসহ এটি মাহেকীয়া মাননি দিয়া হৈছিল। বৰ্তমান দেশখনত আছে ১১৩খন চৰকাৰী বিদ্যালয়। তাৰে ৬০খন লৰাৰ আৰু ৫৩খন ছোৱালীৰ।
ইয়াত প্ৰাথমিক শিক্ষা ৬ বছৰৰ। তাৰ পিছত পোনতে ৩ বছৰীয়া মধ্যমীয়া, আকৌ ৩ বছৰীয়া চেকেন্দৰী শিক্ষা। চেকেন্দৰী পৰ্য্যায়ত বিজ্ঞান বা কলা শাখা বাচি লব লাগে। ১৯৬৭ চনত শিক্ষকৰ বাবেও ট্ৰেইনিং অনুষ্ঠানৰ শুভাৰম্ভ হয়। ১৯৭৩ চনত ড'হাত কাটাৰ বিশ্ববিদ্যালয় মুকলি হয়। যোৱা দুই দশকৰ ভিতৰত ড'হাত বিশ্বৰ কেইবাটিও আগশাৰীৰ বিশ্ববিদ্যালয়ে নিজৰ শাখা মুকলি কৰিছে। চৰকাৰী শিক্ষানুস্থানৰ উপৰিও আছে এই দেশত অনেক উচ্চমানৰ ব্যক্তিগত শিক্ষানুস্থান। আমেৰিকা, ব্ৰিটেইন, ভাৰত, ফিলিপাইন, চুডান, লেবানন আদিৰ দ্বাৰা এইবিলাক স্থাপিত। তাত অনেক কাটাৰীয়েও শিক্ষা লাভ কৰে। চৰকাৰে ষ্টেচনাৰী, বিদ্যুত, পানী ইত্যাদিৰ সুবিধা দি ব্যক্তিগত শিক্ষানুস্থান সমূহক সহায় কৰে। চৰকাৰী শিক্ষানুস্থানত কাটাৰীৰ উপৰিও ৰেচিডেণ্ট ভিছা থকা অইন দেশৰ ছাত্ৰৰো মাছুল নালাগে। ব্যক্তিগত শিক্ষানুস্থানসমূহৰ মাছুল বেচ উচ্চ হাৰৰ। স্কুলত খেল-ধেমালি,সংগীত, লাইব্ৰেৰী, কম্পিউটাৰ, চুইমিংপুল, কেণ্টিন আদিৰ সকলো সুবিধা থাকে। প্ৰাইভেট টিউচন কাটাৰত বিশেষ নচলে। বিশেষকৈ স্কুলৰ শিক্ষকে টিউচন নলয়। ভাৰতৰ পৰা পৰিয়ালসহ আহি কাটাৰত কৰ্মৰত লোকসকলে নিজৰ লৰা-ছোৱালীক চি বি এচ ইৰ অধীনত থকা ব্যক্তিগত শিক্ষানুস্থানত পঢ়োৱায়। ইয়াৰ ভিতৰত প্ৰমুখ হ'ল: ড'হা মডাৰ্ণ ইণ্ডিয়ান স্কুল, আইডিয়েল ইণ্ডিয়ান স্কুল,এম ই এচ ইণ্ডিয়ান স্কুল,ডি পি এচ ইণ্ডিয়ান স্কুল, বিৰলা পাব্লিক স্কুল।
চিকিৎসা ব্যৱস্থা
[সম্পাদনা কৰক]কাটাৰৰ চিকিৎসা ব্যৱস্থাৰ মানদণ্ড বিশ্বমানৰ। এই দেশে স্বাধীনতা লভিবৰ চাৰিটা দশক সম্পূৰ্ণ হৈছে মাথো, কিন্তু চিকিৎসাৰ দিশত সৰ্বতোপ্ৰকাৰে অভাৱনীয় উন্নতি পৰিলক্ষিত হৈছে। চৰকাৰৰ তত্ত্বাবধানত সৰ্ব -সাধাৰণৰ বাহিৰেও শিশু, নবজাতক, মহিলা, মানসিক ৰোগী, কেঞ্চাৰ ৰোগী, দন্ত চিকিৎসাৰ, অস্থিৰোগৰ, ক্ৰীড়াৰ ফলত হোৱা আঘাতৰ ৰোগীৰ বাবে পৃথক পৃথক চিকিৎসালয় স্থাপিত হৈছে, আৰু আছে ৰোগ পৰীক্ষাৰ অত্যাধুনিক সা-সৰঞ্জামযুক্ত লেবৰেটৰী। স্বাস্থ্যখণ্ডত উন্নতিৰ প্ৰধান কাৰণসমূহ হ'ল- বছৰেকীয়া স্বাস্থ্য বাজেটত এক বুজন ধনৰ বিনিয়োগ, এই দেশলৈ অহা নবাগত সকলৰ কঠোৰ স্বাস্থ্য পৰীক্ষা ,আৰু দেশখনৰ সীমিত জনসংখ্যা। তদুপৰি পৰিষ্কাৰ-পৰিছন্ন পৰিবেশও ৰোগ বৃদ্ধি নোহোৱাৰ এক উল্লেখযোগ্য কাৰণ।
বৰ্তমান স্বাস্থ্যৰ ক্ষেত্ৰত দেশখনৰ ৩৩% চৰকাৰী সেৱাৰ বিপৰীতে , ৬৭ % সেৱা ব্যক্তিগত খণ্ডই প্ৰদান কৰি আছে। প্ৰসৱজনিত মাতৃৰ মৃত্যুহাৰ এই দেশত তেনেই নগণ্য। মেডিকেল শিক্ষাৰ ক্ষেত্ৰত কাটাৰ অৱশ্যে নবাগত। ২০০১ চনত আমেৰিকাৰ ৱেল কৰ্ণেল মেডিকেল কলেজে ড'হাত তেওঁলোকৰ কলেজৰ এটি শাখা খোলে। ইয়াত মেডিকেল আৰু পেৰা-মেডিকেল শিক্ষাৰ ব্যৱস্থা আছে। ৩৮০খন বিছনা মেডিকেল কলেজত পৰিসৰৰ ভিতৰত অলপতে মুকলি হব। বৰ্তমান শিক্ষাৰ্থী সকলে কাটাৰৰ সৰ্ববৃহৎ চৰকাৰী চিকিৎসালয় (হামাড মেডিকেল কৰ্পৰেচনত) প্ৰেক্টিকেল শিক্ষা লয়। মেডিকেল কলেজখন কাটাৰ ফাউণ্ডেচনৰ এডুকেশ্বনেল চিটিৰ ভিতৰত অৱস্থিত॥মুঠ ৬ বছৰৰ শিক্ষাৰ অন্তত আমেৰিকাৰ বিশ্ববিদ্যালয়ে ছাত্ৰসকলক এম,ডি ডিগ্ৰী প্ৰদান কৰে। ১৯৫৭ চনত ২০০খন বিছনাযুক্ত ৰুমেইলা হস্পিতেল ৰাজধানী চহৰ ড'হাত মুকলি হয়। ১৯৭৭ চনত চৰকাৰে ইয়াৰ অন্তৰ্গাথনিৰ প্ৰভুত উন্নতি সাধে। ১৯৮২ চনত ৬২১খন বিছনাযুক্ত হামাদ মেডিকেল কৰ্পৰেচনৰ শুভাৰম্ভ হয়। ১৯৮৮চনত মুকলি হয় ৩৩৪খন বিছনাযুক্ত (চৰকাৰী) মহিলা হস্পিতেল। ২০০৪ চনত মুকলি হয় অল-অমল কেঞ্চাৰ হস্পিতেল। ইয়াত জাৰ্মানীৰ সহযোগত কেঞ্চাৰ ৰোগৰ অত্যাধুনিক চিকিৎসা আৰু বিভিন্ন প্ৰশিক্ষণ দিয়া হয়। লাহে লাহে দেশখনৰ আন ঠাইটো বিভিন্ন চৰকাৰী চিকিৎসালয় মুকলি হ'ল। যোৱা দশকটোত চৰকাৰৰ উদগনি পাই ভালেকেইখন উন্নতমানৰ ব্যক্তিগত চিকিৎসালয়, ক্লিনিক আৰু লেবৰেটৰীৰ শুভাৰম্ভ হ'ল। এইসকলো বিলাকৰ ওপৰত নিয়ন্ত্ৰণ ৰাখে ভাৰতৰ মেডিকেল কাউঞ্চিলৰ সমকক্ষ - "চুপ্ৰিম কাউঞ্চিল অৱ হেল্থে" কাটাৰত সঘনাই হৈ থকা অন্তৰাষ্ট্ৰীয় খেল- ধেমালিৰ প্ৰতি লক্ষ্য ৰাখি ড'হাত ২০০৯ চনত মুকলি কৰা হৈছে - অৰ্থপেডিক আৰু্ স্পৰ্টচ মেডিচিনৰ "এচপিটাৰ হস্পিতেল"। ২০০৬ চনত য'ত এচিয়ান গেমছ হৈছিল- তাতেই চিকিৎসালয়খন স্থাপিত হৈছে। উল্লেখযোগ্য ২০২২ চনত ফুটবলৰ বিশ্বকাপৰ আয়োজক দেশ হ'ল কাটাৰ।
কাটাৰত ভাইৰেল ফিভাৰ, হেপাটাইটিচ এ জণ্ডিচ, টাইফয়েড, কলেৰা, গেষ্ট্ৰএণ্টাৰাইটিচ, ডেংগু, মেলেৰিয়া আদি ৰোগ দেখা পাবলৈ নাই। মহ আৰু মাখিৰ সংখ্যা কম। মদৰ প্ৰচলন সীমিত বাবে মদৰ ফলত হোৱা নানা লিভাৰৰ অসুখ চিৰচিচ, পেনক্ৰিয়াটাইিচ, মেলিনা, হিমাটেমেচিচ আদি ৰোগো তেনেই কম। ড্ৰাগছ নিষিদ্ধ বাবে তাৰ ফলত হব পৰা ৰোগ সমূহৰ পৰাও দেশখন মুক্ত। ৰন্ধন বৃত্তিৰ লগত লোক সকলে স্বাস্থ্য পৰীক্ষা কৰাওতে শৌচ পৰীক্ষা কৰাতো বাধ্যতামূলক।
কাটাৰকে ধৰি সমূহ গাল্ফ দেশতেই মানুহৰ খাদ্যাভাসত এটা কথাত কিছু মিল থকা দেখা যায় - সেইটো হ'ল খাদ্যত মাংস,কণী, মাখন, চীজ,পনীৰ, গাখীৰ , ড্ৰাই ফ্ৰুইটচ্ ,বিভিন্ন ক'ল্ড ড্ৰিংকচ্ আদিৰ প্ৰাচুৰ্য্য। শাক-পাচলিৰ তুলনাত আমিষ খাদ্যৰ মূল্য কম। ইয়াত ৰন্ধনৰ বাবে ৰিফাইন ভিজিটেবল তেল, চানফ্লাৱাৰ, কৰ্ণঅইল আদি সচৰাচৰ ব্যৱহাৰ হয়। অলিভ তেল স্বাস্থ্যৰ বাবে আটাইতকৈ ভাল যদিও ই মহঙা। লিবিয়া আৰু উত্তৰ আফ্ৰিকাৰ প্ৰচুৰ অলিভ তেল উৎপাদন হোৱা দেশসমূহতহে অলিভ তেল আটাইতকৈ সুলভ। ডায়েবেটিজ, উচ্চ ৰক্তচাপ, ডিচলিপিডেমিয়া (তেজত চৰ্বিৰ আধিক্য), গাওত আৰু বিভিন্ন হৃদৰোগ জীৱনধাৰণৰ পদ্ধতিৰ ফলত হোৱা বুলিয়েই চিকিৎসা বিজ্ঞানে কয়। আনহাতে টুনা, চালমন মাছ আদি সাগৰীয় মাছত স্বাস্থ্যৰ উপযোগী অমেগা- ৩ ফেটি এচিড থাকে। অমেগা- ৩ ফেটি এচিড হৃদৰোগৰ প্ৰতিৰোধকাৰক, মস্তিষ্ক আৰু স্নায়ুৰ বাবে পৰম উপকাৰী।
তথ্যসূত্ৰ
[সম্পাদনা কৰক]
This article incorporates public domain material from the CIA World Factbook document "Qatar".
- ↑ "Populations". Qsa.gov.qa. http://www.qsa.gov.qa/QatarCensus/Populations.aspx। আহৰণ কৰা হৈছে: 2 October 2010.
- ↑ 2.0 2.1 2.2 2.3 International Monetary Fund, World Economic Outlook Database, September 2011: Report for Selected Countries and Subjects. Data for the year 2011.
- ↑ "Table 1 Human Development Index and its components". hdr.undp.org. http://hdr.undp.org/en/media/HDR_2011_EN_Table1.pdf। আহৰণ কৰা হৈছে: 2025-12-31.
- ↑ "Monthly Averages for Doha, Qatar". weather.com. The Weather Channel. http://www.weather.com/outlook/travel/businesstraveler/wxclimatology/monthly/graph/QAXX0003?from=36hr_bottomnav_business। আহৰণ কৰা হৈছে: 26 October 2009.
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]| কাটাৰ প্ৰবন্ধৰ বিষয়ে ৱিকিপিডিয়াৰ ভগ্নী প্ৰকল্পসমূহত অধিক তথ্য চাব পাৰে: | |
| শব্দৰ অৰ্থ ৱিকিঅভিধানত | |
| চিত্ৰ আৰু মিডিয়া কমন্সত | |
| মাধ্যম আৰু কাৰ্যক্ৰম ৱিকিবিশ্ববিদ্যালয়ত | |
| বা-বাতৰি ৱিকিসংবাদত | |
| উক্তিৰ সংগ্ৰহ ৱিকিউক্তিত | |
| কিতাপ, লিখনি আদি ৱিকিউৎসত | |
| পাঠ্যপুথি ৱিকিগ্ৰন্থত | |
- Amiri Diwan official government website
- Qatar entry at The World Factbook
- কাটাৰ web resources provided by GovPubs at the University of Colorado at Boulder Library
- কাটাৰ বিষয়ে Curlie (DMOZ)-ত থকা তথ্য
Qatar ভ্ৰমণ নিৰ্দেশিকা, ৱিকিভয়াজৰ পৰা- Wikimedia Atlas of Qatar
- HSBC Bank in Qatar Archived 2011-12-02 at the Wayback Machine
- Qatar-based channel Aljazeera live stream
- Key Development Forecasts for Qatar from International Futures
| |||||||||||||||||||||
