কুইয়াৰ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(Queerৰ পৰা পুনঃনিৰ্দেশিত)
Jump to navigation Jump to search
২০১০ চনত দিল্লীত অনুষ্ঠিত কুইয়াৰ প্ৰাইড বা গৌৰৱযাত্ৰাৰ একাংশ

কুইয়াৰ (Queer) যৌন আৰু লিংগীয় সংখ্যালঘু ব্যক্তিসকলক বুজাবলৈ ব্যৱহাৰ কৰা শব্দ। সাধাৰণতে সামাজিক ভাৱে স্বভাৱিক বুলি গণ্য কৰা লিংগ আৰু যৌনতাৰ সংজ্ঞাৰ বাহিৰৰ ব্যক্তিক বুজাবলৈ এই শব্দ ব্যৱহাৰ কৰা হয়। ইংৰাজী ভাষাৰ কুইয়াৰ শব্দয়ে আক্ষৰিক ভাবে আচহুৱা বা অদ্ভুদ বুজায় যদিও বৰ্তমান সময়ত ইয়াক এলজিবিটি+ সম্প্ৰদায়ৰ প্ৰেক্ষাপটত বহুল ভাৱে ব্যৱহাৰ কৰা হয়। ১৯ শতিকাৰ শেষৰ ফালে সমকামী সম্পৰ্ক আৰু আকাংক্ষাক বুজাবলৈ পোনপ্ৰথমে কুইয়াৰ শব্দ ব্যৱহাৰলৈ আহিছিল। ১৯৮০ৰ দশকত কুইয়াৰ নেছন নামৰ যৌন আৰু লিংগীয় সংখ্যালঘু ব্যক্তিসকলৰ অধিকাৰৰ পক্ষে কাম কৰা সংস্থায়ে কুইয়াৰ শব্দক লগত এলজিবিটি সম্প্ৰদায়ৰ সকলো শাখাক বুজাবলৈ আৰম্ভ কৰিছিল। ২০০০ৰ দশকত কুইয়াৰ শব্দ যৌন বৰ্ণালীক বুজাবলৈ ব্যৱহাৰ হবলৈ আৰম্ভ হ'ল। বৰ্তমান বিষমকামী আৰু চিছ-জেণ্ডাৰ অৰ্থাৎ প্ৰাকৃতিক ভাবে লক্ষ্য কৰা লিংগক নিজৰ লিংগ বুলি গণ্য কৰা ব্যক্তিসকলৰ বাদে আন সকলো লিংগীয় আৰু যৌন অভিমুখীতাৰ ব্যক্তিয়ে নিজকে কুইয়াৰ বুলি পৰিচয় দিবলৈ আৰম্ভ কৰিলে।[1] শৈক্ষিক ক্ষেত্ৰত অন্তৰ্ভুক্ত কুইয়াৰ থিয়ৰী বা সূত্ৰয়ে লিংগীয় দ্বৈততাক সমৰ্থন নকৰে। আধুনিক কুইয়াৰ অভিব্যক্তিৰ মাধ্যম হিচাপে প্ৰকাশ হোৱা কলা, সংস্কৃতিক গোট আৰু ৰাজনৈতিক দলে এলজিবিটি আন্দোলনৰ লগত ওতঃপ্ৰোত ভাৱে জড়িত হৈ পৰিল।

সংস্কৃতি আৰু ৰাজনীতি[সম্পাদনা কৰক]

বিশ্বৰ বিভিন্ন এলজিবিটি সামাজিক আন্দোলনে নিজকে কুইয়াৰ হিচাপে সম্বোধন কৰে। উদাহৰণ স্বৰুপে চাইপ্ৰাছ দেশৰ কুইয়াৰ চাইপ্ৰাছ এছ'চিয়েছন আৰু যুক্তৰাজ্যৰ কুইয়াৰ ইউথ নেটৱৰ্ক উল্লেখযোগ্য। ভাৰতত অনুষ্ঠিত প্ৰাইড পেৰেড বা গৌৰৱযাত্ৰাত কুইয়াৰ শব্দটো বহুলভাৱে ব্যৱহৃত হয়, যেনে: কুইয়াৰ আজাদি মুম্বাই, দিল্লী কুইয়াৰ প্ৰাইড পেৰেড ইত্যাদি। অষ্ট্ৰেলিয়াত ৰাষ্ট্ৰীয় পৰামৰ্শ আৰু সহায়িকা সেৱা কিউ লাইফ[2] আৰু কিউ আলোচনীৰ জৰিয়তে কুইয়াৰ সম্প্ৰদায়ক সামৰা হৈছে।

এলজিবিটি সম্প্ৰদায়ৰ ব্যক্তিয়ে সততে সমাজৰ পৰা লিংগ বৈষম্য আৰু যৌন অভিমুখীতাৰ বাবে নিৰ্যাতনৰ বলি হৈ সচৰাচৰ তুলনামূলক ভাবে সুৰক্ষিত ঠাইলৈ প্ৰবজন কৰে। ইয়াক কুইয়াৰ মাইগ্ৰেছন বা কুইয়াৰ প্ৰবজন বোলে। কিছুমান লিংগীয় আৰু যৌন সংখ্যালঘু সকলৰ বাবে কাম কৰা সংস্থা যেনে ইৰাণীয়ান ৰে'লৰোড ফৰ কুইয়াৰ ৰিফিউজীছ আৰু ৰেইনব' ৰে'লৰোডে তেওঁলোকৰ সংস্থাপনৰ হকে কাম কৰে।[3]

কলা[সম্পাদনা কৰক]

কুইয়াৰ শব্দটো প্ৰায়ে কলা আন্দোলনৰ লগত বিশেষকৈ চলচ্চিত্ৰৰ লগত জড়িত কৰা হয়। ১৯৯০ৰ দশকত নৱ কুইয়াৰ চিনেমা আন্দোলনৰ অংশ হিচাপে কুইয়াৰ বিষয়ক মূল বিষয় হিচাপে লৈ বোলছবি নিৰ্মাণ কৰা হৈছিল। এই চলচ্চিত্ৰ সমূহ পৃথিৱীৰ ভিন ভিন কুইয়াৰ চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শিত কৰা হৈছে। কেইখনমান উল্লেখযোগ্য কুইয়াৰ চলচ্চিত্ৰ মহোৎসৱ হৈছে অষ্ট্ৰেলিয়াৰ মেলবৰ্ণ কুইয়াৰ চলচ্চিত্ৰ মহোৎসৱ আৰু মাৰ্ডি কুইয়াৰ চলচ্চিত্ৰ মহোৎসৱ, ভাৰতৰ মুম্বাই কুইয়াৰ চলচ্চিত্ৰ মহোৎসৱ, জাপানৰ এছিয়ান কুইয়াৰ চলচ্চিত্ৰ মহোৎসৱ আৰু চুইজাৰলেণ্ডৰ কুইয়াৰচিছ। চীনা চলচ্চিত্ৰ নিৰ্দেশক চুই জিয়েনে ২০০৮ চনত নিৰ্মান কৰা কুইয়াৰ চাইনা নামৰ এক তথ্যচিত্ৰ চৰকাৰে বাৰণ কৰাৰ পিছতো ২০০৯ চনৰ বেইজিং কুইয়াৰ চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শন কৰিছিল।[4] বহুমুখী কুইয়াৰ কলা মহোৎসৱ যেনে উত্তৰ আয়াৰলেণ্ডত অনুষ্ঠিত আউটব্ৰাষ্ট কুইয়াৰ আৰ্ট ফেষ্টিভেল বেলফাষ্ট, কানাডাৰ কুইয়াৰ আৰ্ট ফেষ্টিভেল আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ নেচনেল কুইয়াৰ আৰ্ট ফেষ্টিভেল উল্লেখযোগ্য। তদুপৰি বিভিন্ন দেশৰ দূৰদৰ্শনৰ বিভিন্ন কাৰ্যক্ৰমত কুইয়াৰ শব্দ ব্যৱহাৰ কৰি এলজিবিটি সম্প্ৰদায়ৰ বিষয় সমূহ উপস্থাপন কৰা হৈছে।

লগতে চাওক[সম্পাদনা কৰক]

তথ্য উৎস[সম্পাদনা কৰক]

  1. "queer". Oxford English Dictionary. Oxford University Press. 2014. 
  2. "Archived copy". Archived from the original on February 2, 2014. https://web.archive.org/web/20140202221819/https://www.qlife.org.au/। আহৰণ কৰা হৈছে: January 31, 2014. 
  3. "Rainbow Railroad - What we do". https://www.rainbowrailroad.ca/whatwedo। আহৰণ কৰা হৈছে: January 9, 2018. 
  4. Tran, Tini (June 18, 2009). "Gays In China: Beijing Queer Film Festival Goes Off Without A Hitch". http://www.huffingtonpost.com/2009/06/18/gays-in-china-beijing-que_n_217486.html। আহৰণ কৰা হৈছে: 30 January 2014. 

বাহ্যিক সংযোগ[সম্পাদনা কৰক]