ৰেডউড ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক উদ্যান

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(RNSPৰ পৰা পুনঃনিৰ্দেশিত)
ৰেডউড ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক উদ্যান
আই.ইউ.চি.এন শ্ৰেণী V (সুৰক্ষিত ভূ-দৃশ্য/নৌদৃশ্য)
অৰণ্যত কুঁৱলী
অৰণ্যত কুঁৱলী
অৱস্থান কেলিফৰ্ণিয়া, আমেৰিকা যুক্তৰাষ্ট্ৰ
নিকটতম চহৰ ক্ৰেচেণ্ট চিটি
মাটিকালি ১,৩৮,৯৯৯ একৰ (56,251 হেক্টৰ)
প্ৰতিস্থা ২ অক্টোবৰ ১৯৬৮
পৰ্যটক ৪,০৫,৭২২ (২০১৯ চনত)[1]
কৰ্তৃপক্ষ ৰাষ্ট্ৰীয় উদ্যান সেৱা আৰু কেলিফৰ্ণিয়া উদ্যান আৰু মনোৰঞ্জন বিভাগৰ দ্বাৰা সহ-পৰিচালিত
ৱেবছাইট ৰেডউড ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক উদ্যান
ইউনেস্ক' বিশ্ব ঐতিহ্যবাহী স্থান
ৰেডউড ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক উদ্যান
বিশ্ব ঐতিহ্যবাহী স্থানত তালিকাভুক্ত হিচাপে নাম
উদ্ধৃতি 134

ৰেডউড ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক উদ্যান (ইংৰাজী: Redwood National and State Parks) হৈছে উত্তৰ কেলিফৰ্ণিয়াৰ উপকূলত আমেৰিকা যুক্তৰাষ্ট্ৰত অৱস্থিত কেইবাখনো ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় উদ্যান সংযুক্ত হোৱা এক বিশাল উদ্যান। ৰেডউড ৰাষ্ট্ৰীয় উদ্যান স্থাপিত হৈছিল ১৯৬৮ চনত। ই কেলিফৰ্ণিয়াৰ ডেল নৰ্ট উপকূল, জেদিয়াহ স্মিথ, আৰু প্ৰেৰী ক্ৰীক ৰেডউডচ ষ্টেট পাৰ্ক (১৯২০-ৰ দশকৰ) সৈতে, সংযুক্ত হৈ ১,৩৯,০০০ একৰ (৫৬০ বৰ্গকিমি)অঞ্চল আৱৰি আছে। এই গছবোৰ আটাইতকৈ ওখ, আটাইতকৈ পুৰণি, আৰু পৃথিৱীৰ আটাইতকৈ ডাঙৰ গছৰ প্ৰজাতিবোৰৰ ভিতৰত পৰে। ৰেডউড অৰণ্যৰ উপৰিও, এই উদ্যানত অন্যান্য থলুৱা উদ্ভিদ, প্ৰাণী, ঘাঁহনি, সাংস্কৃতিক সম্পদ, নদী, আৰু ৩৭ মাইল (৬০ কিমি) সাগৰিয় উপকূল সংৰক্ষিত হৈ আছে।[2]

ৰেডউড উদ্যানত কেইবাটাও বিলুপ্তপ্ৰায় প্ৰাণীৰ প্ৰজাতি যেনে টাইডৱাটাৰ গবি, চিনুক চালমন, নৰ্দাৰ্ন স্পটেড দাগযুক্ত ফেঁচা, আৰু ষ্টেলাৰৰ সাগৰীয় সিংহ সংৰক্ষণ কৰা হয়।[3] ইয়াৰ উদ্যানসমূহত পোৱা বিৰল পৰিৱেশতন্ত্ৰ আৰু সাংস্কৃতিক ইতিহাসৰ স্বীকৃতি স্বৰূপে ৰাষ্ট্ৰসংঘই ইয়াক ১৯৮০ চনৰ ৫ ছেপ্টেম্বৰত বিশ্ব ঐতিহ্যবাহী স্থান আৰু ১৯৮৩ চনৰ ৩০ জুনত কেলিফৰ্ণিয়া কোষ্ট ৰেঞ্জছ ইণ্টাৰনেচনেল বায়োস্ফেয়াৰ ৰিজাৰ্ভৰ অংশ হিচাপে মনোনীত কৰে।[4][5]

ইতিহাস[সম্পাদনা কৰক]

এই অঞ্চলত বহুত বছৰ ধৰি বহুতো স্থানীয় জনজাতি বাস কৰি আহিছে যেনে য়ুৰোক, টোলোৱা, কাৰোক, চিলুলা আৰু ৱিয়ট আৰু কিছুমান স্থানীয় আমেৰিকান (Native American) গোট। পুৰাতাত্ত্বিক অধ্যয়নে দেখুৱাইছে যে তেওঁলোক ৩,০০০ বছৰ আগতে অঞ্চলটোত উপস্থিত হৈছিল। ১৮৫২ চনৰ এক লোকপিয়ল অনুসৰি য়ুৰোক আটাইতকৈ বেছি আছিল। তেওঁলোকে ৫৫ খন গাওঁ আৰু আনুমানিক ২,৫০০ জনসংখ্যাৰে অঞ্চলটো আৱৰি আছিল।[6] তেওঁলোকে প্ৰচুৰ পৰিমাণৰ ৰেডউড গছ নাও, ঘৰ আৰু গাওঁবোৰ নিৰ্মাণ সামগ্ৰী হিচাপে ব্যৱহাৰ কৰিছিল।[7] ৰেডউডৰ কঠেৰে তওঁলোকে ঘৰৰ হেলনীয়া চাল গঠন কৰিবলৈ ব্যৱহাৰ কৰিছিল। ১৮৬০ ৰ দশকলৈকে চিলুলাসকলে ৰেডউড ক্ৰীক উপত্যকাৰ মাজৰ অঞ্চলত ৰেডউড গছৰ নিকটত বাস কৰিছিল।[8]

ৰেডউডগছবোৰ পৃথিৱীৰ আটাইতকৈ ওখ গছৰ প্ৰজাতি

কেলিফৰ্ণিয়াত ৰেডউড উদ্যানৰ সংৰক্ষণত বুন আৰু ক্ৰকেট ক্লাবৰ (Boone and Crockett Club) আটাইতকৈ গুৰুত্বপূৰ্ণ সংৰক্ষণ অৱদান হিচাপে গণ্য কৰা হয়। বুন আৰু ক্ৰকেট ক্লাবৰ সদস্য মেডিচন গ্ৰাণ্ট, জন চি মেৰিয়াম, হেনৰী ফেয়াৰফিল্ড অচবৰ্ণ আৰু ভৱিষ্যতৰ সদস্য ফ্ৰেডৰিক ৰাছেল বাৰ্ণহামে চেভ দ্য ৰেডউডছ লীগ ১৯১৮ চনত প্ৰতিষ্ঠা কৰিছিল। ১৯২১ চনত, বুন আৰু ক্ৰকেট ক্লাবৰ সদস্য জন চি ফিলিপছে মাটি ক্ৰয় কৰিবলৈ আৰু হাম্বোল্ট ৰেডউডচ ষ্টেট পাৰ্কত ৰায়নেল বলিং মেম'ৰিয়েল গ্ৰোভ সৃষ্টি কৰিবলৈ ৩২,০০০ ডলাৰ দান কৰিছিল।[9]

১৯২৭ চনত কেলিফৰ্ণিয়াই এটা ৰাজ্যিক উদ্যান প্ৰণালী সৃষ্টি কৰাৰ লগে লগে, সংৰক্ষিত ৰেডউড অঞ্চলৰ তিনিটা অঞ্চল- প্ৰেৰী ক্ৰীক ৰেডউডচ, ডেল নৰ্ট কোষ্ট ৰেডউডচ আৰু জেদিয়া মিলাই ৰেডউডচ ষ্টেট পাৰ্ক বনোৱা হয়। চতুৰ্থখন উদ্যান যাক হম্বোল্ট ৰেডউডচ ষ্টেট পাৰ্ক বোলা হয় ই এতিয়ালৈকে ব্যক্তিগত ৰেডউড ষ্টেট পাৰ্কৰ ভিতৰত সৰ্ববৃহৎ, কিন্তু ৰেডউড নেচনেল আৰু ষ্টেট পাৰ্ক প্ৰণালীত ইয়াৰ অন্তৰ্ভুক্ত নহয়। দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত কাঠৰ উচ্চ চাহিদা আৰু ১৯৫০ৰ দশকত নিৰ্মাণৰ বৃদ্ধিৰ বাবে, এইখন ৰাষ্ট্ৰীয় উদ্যান নিৰ্মাণত পলম হৈছিল। চেভ দ্য ৰেডউডছ লীগ, চিয়েৰা ক্লাব আৰু নেচনেল জিওগ্ৰাফিক চছাইটিৰ দ্বাৰা ৰাষ্ট্ৰীয় উদ্যান নিৰ্মাণৰ প্ৰচেষ্টা ১৯৬০ ৰ দশকৰ আৰম্ভণিতে আৰম্ভ হৈছিল।[10]

ৰেডউড ৰাষ্ট্ৰীয় উদ্যান সৃষ্টি কৰা বিধেয়কখন ৰাষ্ট্ৰপতি লিণ্ডন বি জনছনে ১৯৬৮ চনৰ ২ অক্টোবৰত স্বাক্ষৰ কৰিছিল। চেভ দ্য ৰেডউডছ লীগ আৰু অন্যান্য প্ৰতিষ্ঠানবোৰে ১00,000 একৰ (৪00 কিমি)তকৈ অধিক ক্ৰয় কৰিছিল, যাৰ লগত বৰ্তমানৰ ৰাজ্যিক উদ্যানসমূহত যোগ দিয়া হৈছিল। পৰিৱেশবিদসকলৰ স্থানীয় সমৰ্থন আৰু লগিং কোম্পানীৰ বিৰোধিতা দুয়োটাৰ মাজত, ১৯৭৮ চনত এক বৃহৎ সম্প্ৰসাৰণত ৰেডউড ৰাষ্ট্ৰীয় উদ্যানত 48,000 একৰ (190 কিমি2) যোগ দিয়া হৈছিল।[10]।এই সম্প্ৰসাৰণে ৰেডউড ক্ৰীকৰ কাষৰ জলবিভাজনক উদ্যানৰ বাহিৰত বনধ্বংসৰ বিৰূপ প্ৰভাৱ পৰাৰ পৰা সুৰক্ষিত কৰিছিল। ফেডাৰেল আৰু ৰাজ্যিক উদ্যানসমূহ প্ৰশাসনিকভাৱে ১৯৯৪ চনত একত্ৰিত কৰা হৈছিল।[11]

ৰাষ্ট্ৰসংঘই ১৯৮০ চনৰ ৫ ছেপ্টেম্বৰত ৰেডউড নেচনেল এণ্ড ষ্টেট পাৰ্কক বিশ্বৰ ঐতিহ্যক্ষেত্ৰ হিচাপে মনোনীত কৰে। মূল্যাঙ্কন সমিতিয়ে ৪,৫০০ বছৰ জুৰি ইয়াক লৈ ৫০ টা প্ৰাগৈতিহাসিক পুৰাতাত্ত্বিক স্থানৰ কথা উল্লেখ কৰিছিল। লগতে তেওঁলোকে এই উদ্যানখনৰ ওপৰত চলি থকা হাম্বোল্ট ষ্টেট ইউনিভাৰ্চিটিৰ গৱেষকসকলৰ গৱেষণাৰ কথাও উল্লেখ কৰিছিল ।[12]

জলবায়ু[সম্পাদনা কৰক]

ৰেডউড উদ্যানত এক মহাসাগৰীয় নাতিশীতোষ্ণ বৰ্ষাৰণ্য জলবায়ু দেখা যায়। শীতল-গ্ৰীষ্মকালীন ভূমধ্যসাগৰীয় বৈশিষ্টও এই ঠাইত দেখা যায়। লগতে প্ৰশান্ত মহাসাগৰৰ জলবায়ুৰ দ্বাৰা এই অঞ্চল যথেষ্ট প্ৰভাৱিত। উপকূলীয় তাপমাত্ৰা সাধাৰণতে গোটেই বছৰ ৪০ ৰ পৰা ৬০ ডিগ্ৰী ফাৰেনহাইট (৪-১৫ °চেন্টিগ্ৰেড)ৰ ভিতৰত হয়। সাগৰীয় উপকূলৰ কাৰনে গ্ৰীষ্মকালত এই অঞ্চল অধিক গৰম আৰু শুকান হয়, আৰু শীতকাল ঠাণ্ডা হয়।[13]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. "NPS Annual Recreation Visits Report". National Park Service. https://irma.nps.gov/Stats/SSRSReports/System%20Wide%20Reports/5%20Year%20Annual%20Report%20By%20Park। আহৰণ কৰা হৈছে: May 24, 2021. 
  2. https://www.nps.gov/redw/index.htm
  3. "Threatened and Endangered Species". National Park Service. https://www.nps.gov/redw/learn/nature/threatened-and-endangered-species.htm। আহৰণ কৰা হৈছে: May 24, 2021. 
  4. "Redwood National and State Parks". United Nations Educational, Scientific and Cultural Organization (UNESCO). http://whc.unesco.org/en/list/134। আহৰণ কৰা হৈছে: May 24, 2021. 
  5. "U.S. Biosphere Reserves". National Park Service. http://npshistory.com/publications/mab/us-biosphere-reserves.pdf। আহৰণ কৰা হৈছে: May 24, 2021. 
  6. "The Indians of the Redwoods". Redwood History Basic Data. National Park Service. January 15, 2004. http://www.nps.gov/history/history/online_books/redw/history1a.htm। আহৰণ কৰা হৈছে: 2008-11-07. 
  7. Castillo, Edward (1998). "Short Overview of California Indian History". California Native American Heritage Commission. Archived from the original on 2008-10-26. https://web.archive.org/web/20081026054357/http://ceres.ca.gov/nahc/califindian.html। আহৰণ কৰা হৈছে: 2008-11-07. 
  8. Nabokov, Peter; Robert Easton (October 25, 1990). Native American Architecture. প্ৰকাশক U.S.: Oxford University Press. ISBN 978-0-19-506665-4. 
  9. Sheldon, William G. (1955). A History of the Boone and Crockett Club. Boone and Crockett Club. পৃষ্ঠা. 81–88. 
  10. 10.0 10.1 Schrepfer, Susan R. (1983). The Fight to Save the Redwoods: A History of Environmental Reform, 1917-1978. প্ৰকাশক Madison: The University of Wisconsin Press. পৃষ্ঠা. 130–185. ISBN 978-0-299-08850-7. 
  11. "Save the Redwoods Timeline". Save the Redwoods League. Archived from the original on 2007-09-27. https://web.archive.org/web/20070927071948/http://www.savetheredwoods.org/league/timeline.shtml। আহৰণ কৰা হৈছে: 2008-11-07. 
  12. "Redwood National Park (includes Del Norte Coast Redwoods State Park, Jedediah Smith Redwoods State Park and Prairie Creek Redwoods State Park)". Protected Areas and World Heritage. United Nations Environment Programme World Conservation Monitoring Centre. Archived from the original on 2009-07-13. https://www.webarchive.org.uk/wayback/archive/20090713113808/http://www.unep-wcmc.org/sites/wh/pdf/Redwood.pdf। আহৰণ কৰা হৈছে: 2009-08-14. 
  13. "Weather". National Park Service. September 1, 2006. http://www.nps.gov/redw/planyourvisit/weather.htm। আহৰণ কৰা হৈছে: 2008-11-15.