ৰবীন্দ্ৰ নৃত্যনাট্য (ইংৰাজী: Rabindra Nritya Natya) হʼল বংগৰ নʼবেল বিজয়ী ৰবীন্দ্ৰনাথ ঠাকুৰৰদ্বাৰা ৰচিত চাৰিখন নৃত্য-নাটিকাৰ সমষ্টি। সেইবোৰ হʼল- চিত্ৰাঙ্গদা, চণ্ডালিকা, শ্যামা আৰু শ্ৰাবণ-গাথা।[1][2] এই ৰচনাসমূহৰ প্ৰধান বৈশিষ্ট্য হ’ল যে ইয়াত কাহিনীটো সম্পূৰ্ণৰূপে নৃত্য আৰু গীতৰ মাধ্যমেৰে কোৱা হয়। ইয়াত অন্তৰ্ভুক্ত কৰা নৃত্যসমূহ ঠাকুৰে নিজে সৃষ্টি কৰা নৃত্যশৈলীৰ আছিল। ঠাকুৰে তেওঁৰ পূৰ্বৰ ৰচনা যেনে তাসেৰ দেশ (অৰ্থাৎ 'তাচপাতৰ দেশ') আদিতো নৃত্য অন্তৰ্ভুক্ত কৰিছিল, যদিও এইবোৰক ৰবীন্দ্ৰ নৃত্যনাট্য হিচাপে গণ্য কৰা নহয়।[1]