সমললৈ যাওক

ৰাডাৰ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(Radar equationৰ পৰা পুনঃনিৰ্দেশিত)
অলটেয়াৰ (ALTAIR) নামেৰে পৰিচিত দীৰ্ঘ পৰিসৰৰ ৰাডাৰ এন্টেনা।

ৰাডাৰ (ইংৰাজী: Radar) হৈছে Radio Detection and Rangingৰ সংক্ষিপ্ত ৰূপ । ৰেডিঅ’ তৰংগৰ সহায়ত কোনো বস্তু ধৰা পেলোৱা আৰু তাৰ অৱস্থান নিৰ্ণয় কৰা পদ্ধতিকে ৰাডাৰ বোলা হয় । এই পদ্ধতিত কেইবাশ কিল’ৱাট ক্ষমতাৰ বিদ্যুৎ চুম্বকীয় পাল্স খন্তেকৰ বাবে লক্ষ্য বস্তুৰ পিনে এৰি দি বস্তুটোৰ পৰা প্ৰতিফলিত হৈ অহা পাল্স গ্ৰাহক যন্ত্ৰত ধৰা পেলোৱা হয় আৰু অছিল’স্ক’পৰ সহায়ত সময়ান্তৰ নিৰ্ধাৰণ কৰি বস্তুটোৰ অৱস্থান উলিওৱা হয় ।