সমললৈ যাওক

ৰংপুৰ (আহোম ৰাজধানী)

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(Rangpur (Ahom capital)ৰ পৰা পুনঃনিৰ্দেশিত)
ৰংপুৰ
চে'-মুন (𑜋𑜦𑜧 𑜉𑜤𑜃𑜫)
ঐতিহাসিক স্থান
ৰংঘৰ, ৰংপুৰ
ৰংঘৰ, ৰংপুৰ
ৰংপুৰ চে'-মুন (𑜋𑜦𑜧 𑜉𑜤𑜃𑜫) is located in অসম
ৰংপুৰ চে'-মুন (𑜋𑜦𑜧 𑜉𑜤𑜃𑜫)
ৰংপুৰ
চে'-মুন (𑜋𑜦𑜧 𑜉𑜤𑜃𑜫)
অসমৰ ভিতৰত অৱস্থান
ৰংপুৰ চে'-মুন (𑜋𑜦𑜧 𑜉𑜤𑜃𑜫) is located in ভাৰত
ৰংপুৰ চে'-মুন (𑜋𑜦𑜧 𑜉𑜤𑜃𑜫)
ৰংপুৰ
চে'-মুন (𑜋𑜦𑜧 𑜉𑜤𑜃𑜫)
ৰংপুৰ
চে'-মুন (𑜋𑜦𑜧 𑜉𑜤𑜃𑜫) (ভাৰত)
স্থানাংক: 26°58′01″N 94°37′08″E / 26.967°N 94.619°E / 26.967; 94.619স্থানাংক: 26°58′01″N 94°37′08″E / 26.967°N 94.619°E / 26.967; 94.619
দেশ  ভাৰত
ৰাজ্য অসম
জিলাসমূহ শিৱসাগৰ

ৰংপুৰ (টাই-আহোম: চে'-মুন (𑜋𑜦𑜧 𑜉𑜤𑜃𑜫) ইংৰাজী ভাষা:Rangpur ,ɹɔŋ.puɹ) আছিল আহোম ৰাজ্যৰ চতুৰ্থ ৰাজধানী, যি স্বৰ্গদেউ ৰুদ্ৰ সিংহই ১৭০৭ চনত "মেটেকা" নামৰ ঠাইত স্থাপন কৰিছিল।[1] বৰ্তমানে এই ঠাইটো শিৱসাগৰ চহৰৰ এখন অংশ। এই স্থানটোত আহোম ৰজাসকলে নিৰ্মাণ কৰা বহুতো ঐতিহাসিক স্মাৰক আছে, যাৰ ভিতৰত আটাইতকৈ খ্যাতিমান হৈছে তলাতল ঘৰ আৰু ৰংঘৰ

ৰংপুৰ নগৰৰ স্থাপত্য পৰিকল্পনা প্ৰায় হাজাৰ বিঘা মাটিত বিস্তৃত আছিল। কোচবিহাৰৰ এটি কাৰিগৰ ঘনশ্যামক ৰংপুৰ নগৰ নিৰ্মাণৰ বাবে ৰুদ্ৰ সিংহই নিযুক্ত কৰিছিল।[2][3]

নামৰ উৎপত্তি

[সম্পাদনা কৰক]

শিৱসাগৰ নগৰৰ ওচৰত অৱস্থিত ৰংপুৰ শব্দৰ অৰ্থ হৈছে আনন্দৰ নগৰ বা আনন্দৰ চহৰ। কিছুমান লিখনিত উল্লেখ আছে যে, ৰজাই ইয়াত বৰফুকনৰ দ্বাৰা আয়োজিত বাজচৰাই চিকাৰ বহুত উপভোগ কৰিছিল। আহোম ভাষাত ইয়াক চে-মুন বুলি কোৱা হয়।[4]

ৰাজধানী হিচাপে

[সম্পাদনা কৰক]

ৰংপুৰ নগৰ ৰুদ্ৰ সিংহই খ্ৰীষ্টাব্দ ১৬৯৮ চনত মেটেকা অঞ্চলৰ তেঙাবাৰী নামৰ ঠাইত স্থাপন কৰিছিল। তেতিয়াৰ পৰাই তেওঁ জয়সাগৰ পুখুৰী খনন কৰিছিল আৰু তাতেই তেওঁ তলাতল ঘৰ, ৰংনাথ দৌল, ফকুৱাদৌল, গোলাঘৰ, আৰু জয় দৌল আদি নিৰ্মাণ কৰিছিল। নগৰটোৰ তিনিখন দুৱাৰ আছিল – বৰদুৱাৰ (প্ৰধান প্ৰৱেশদ্বাৰ), নাদুৱাৰ আৰু পানিদুৱাৰ। ইয়াৰ উত্তৰ দিশত দিখৌ নদীৰ সৈতে সংযোগ থকা এটা গুপ্ত সুৰংগ আছিল।

নগৰখন উত্তৰত দিখৌ নদী, দক্ষিণত নামদাং নদীৰ কাষত থকা গড়, পূবত বঙগড় আৰু পশ্চিমত দিখৌ-নামদাংৰ সৈতে সীমাবদ্ধ আছিল। শিৱ সিংহ আৰু ফুলেশ্বৰীৰ ৰাজপৃষ্ঠপোষকতা লাভ কৰা অনন্ত আচাৰ্যই তেওঁৰ "অনন্ত লাহৰী" নামৰ পাণ্ডুলিপিত ৰংপুৰৰ বৰ্ণনা দিছিল।

ৰংপুৰ আছিল দ্বিতীয় অমৰাবতী (প্ৰথম অমৰাবতী ইন্দ্ৰৰ)। ইয়াৰ উত্তৰত দিখৌ, পশ্চিমত নামদাং আৰু দক্ষিণত দিমাও নদী আছিল। নগৰখন চাৰিকাষে কেঁচা মাটিৰে নিৰ্মিত গড় আৰু তাৰ ওপৰত কাঠৰ বেৰাৰে ঘেৰা আছিল। ভিতৰত ইটাৰ দেৱাল, পাথৰৰ দেৱাল, সোণা-ৰূপা-কঁচা-কঁচী-গন্ধ, অলংকাৰ, অস্ত্ৰ-শস্ত্ৰ, পদাৰ্থ আৰু পদুমেৰে ভৰা পুখুৰী আছিল। তদুপৰি মঙহল, জাৰ, পানিয়াল, জাম, তামোল, কমলা আৰু নাৰিকল গছৰ শাৰী আছিল।

ৰুদ্ৰ সিংহৰ উত্তৰাধিকাৰীৰেও নগৰখনৰ বিকাশ আৰু শোভা বঢ়োৱা হৈছিল। প্ৰমত্ত সিংহ১৭৪৬ চনত ইটাৰে ৰংঘৰ পুনৰ নিৰ্মাণ কৰিছিল, ৰাজেশ্বৰ সিংহই (বৰ্তমানৰ) তলাতল ঘৰ পুনৰ নিৰ্মাণ কৰিছিল, লগতে হৰ-গৌৰী দৌল আৰু নতী গোসাঁই দৌলো নিৰ্মাণ কৰিছিল। লক্ষ্মী সিংহই এখন ফুলৰ বাগিচা আৰু একনেশ্বৰ মহাদেৱৰ মন্দিৰ নিৰ্মাণ কৰিছিল।[5]

পথ আৰু যাতায়াত

[সম্পাদনা কৰক]

ৰাজধানী নগৰৰ প্ৰধান পথ আছিল বৰ আলি, যি দেৰগাঁওৰ পৰা জয়সাগৰ পুখুৰীলৈ গৈছিল। আন কিছুমান গুৰুত্বপূৰ্ণ ৰাস্তা আছিল– মেটেকা আলি, দুবৰণি আলি, বৰপাত্ৰ আলি আদি।

ৰাজপৰিয়াল আৰু ৰাজকৰ্মচাৰীয়ে– জেৰেঙা পথাৰ, ৰূপহী পথাৰ আদিত বাস কৰিছিল।[6]

আহোম ৰাজ্যৰ গৌৰৱময় যুগত ৰংপুৰ আছিল ৰাজধানী। মইনমৰীয়া বিদ্ৰোহ (১৭৬৯–১৮০৫) চলাকালত ই বহুবাৰ বিদ্ৰোহীৰ অধিকাৰত পৰিছিল আৰু বৰ্ধমান অৱস্থাৰ পৰা ক্ষয়প্ৰাপ্ত হৈছিল। কমলেশ্বৰ সিংহই নগৰখনৰ গৌৰৱ পুনৰুদ্ধাৰৰ চেষ্টা কৰিছিল যদিও বাৰ্মিজ আক্ৰমণই ইয়াক সম্পূৰ্ণৰূপে ধ্বংস কৰিছিল।

ফটো গেলাৰী

[সম্পাদনা কৰক]

চাওঁক লগতে

[সম্পাদনা কৰক]

টোকা আৰু উৎস

[সম্পাদনা কৰক]
  1. Gogoi 1968, পৃষ্ঠা 508
  2. Gogoi (2017, পৃষ্ঠা 104)
  3. গোহাঁই বৰুৱা, পদ্মনাথ (২০০৪), অসমৰ বুৰঞ্জী, গুৱাহাটী: অসম প্ৰকাশন পৰিষদ. পৃষ্ঠা. ৭২. 
  4. Gupta 1982, পৃষ্ঠা 40
  5. Gogoi 2017, পৃষ্ঠা 355
  6. "History of Rangpur, Sibsagar, Birth of Rangpur". onlinesivasagar.com. Archived from the original on 2022-12-29. https://web.archive.org/web/20221229084607/http://onlinesivasagar.com/history/rangpur-history.html। আহৰণ কৰা হৈছে: 2022-12-29. 

গ্ৰন্থপঞ্জী

[সম্পাদনা কৰক]
  • Gupta, Rajatananda Das (1982), Art of Mediaeval Assam, Cosmo 
  • Gogoi, Padmeshwar (1968), The Tai and the Tai Kingdoms, প্ৰকাশক Guwahati: Gauhati University 
  • Gogoi, Khagen (2017). Ahom warfare evolution nature and strategy. Gauhati University.