সমললৈ যাওক

ৰথ সপ্তমী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(Ratha Sapthamiৰ পৰা পুনঃনিৰ্দেশিত)
ৰথ সপ্তমী
ৰথ সপ্তমী
পত্নী সঞ্জনা আৰু ছায়াৰ সৈতে সূৰ্য
অন্য নাম সূৰ্য জয়ন্তী, মাঘ সপ্তমী
পালন কৰে হিন্দু
প্ৰকাৰ হিন্দু
আৰম্ভ হয় মাঘ শুক্লা সপ্তমী
সম্পৰ্কিত সূৰ্যৰ পূজা
অৱধি ১ দিন
সংঘটন বাৰ্ষিক

ৰথ সপ্তমী (ইংৰাজী: Ratha Saptami, সংস্কৃত: रथसप्तमी) হʼল হিন্দু মাহ, মাঘৰ শুক্ল পক্ষসপ্তমী তিথিত পালন কৰা এটি গুৰুত্বপূৰ্ণ উৎসৱ।[1] ইয়াক মাঘ সপ্তমী বুলিও কোৱা হয়। ইয়াৰদ্বাৰা প্ৰতীকীভাৱে বুজোৱা হয় যে সূৰ্য দেৱতাই তেওঁৰ সাতটা ঘোঁৰাই (যি সাতটা ৰঙক প্ৰতিনিধিত্ব কৰে) টনা ৰথখন উত্তৰ গোলাৰ্ধৰ দিশে অৰ্থাৎ উত্তৰ-পূব দিশলৈ পৰিচালিত কৰিছে। এই দিনটো সূৰ্যৰ জন্মৰ দিন হিচাপে গণ্য কৰা হয়, সেয়েহে ইয়াক সূৰ্য জয়ন্তী হিচাপেও পালন কৰা হয়।[2] ইয়াৰ সাংস্কৃতিক আৰু আধ্যাত্মিক গুৰুত্বৰ প্ৰতি লক্ষ্য ৰাখি অন্ধ্ৰপ্ৰদেশ চৰকাৰে ২০২৪ চনৰ ডিচেম্বৰ মাহত চৰকাৰীভাৱে ৰথ সপ্তমীক ৰাজ্যিক উৎসৱ হিচাপে ঘোষণা কৰে। এই উৎসৱ তিনিদিনীয়াকৈ পালন কৰা হৈছিল, বিশেষকৈ শ্ৰীকাকুলাম জিলাৰ আৰাছাৱল্লীত থকা বিখ্যাত শ্ৰী সূৰ্যনাৰায়ণ স্বামী মন্দিৰত ইয়াৰ বিশেষ আয়োজন কৰা হৈছিল।[3]

ৰথ সপ্তমী, ঋতু পৰিৱৰ্তন হৈ বসন্তৰ আগমন আৰু শস্য চপোৱা বতৰৰ আৰম্ভণিৰ প্ৰতীক। বেছিভাগ ভাৰতীয় কৃষকৰ বাবে ই নতুন বছৰৰ এক শুভ আৰম্ভণি। এই উৎসৱটো সমগ্ৰ ভাৰতৰে হিন্দু ধৰ্মাৱলম্বীসকলে নিজৰ ঘৰত আৰু সূৰ্য দেৱতাৰ নামত উৎসৰ্গিত অসংখ্য মন্দিৰত পালন কৰে। [4][5][6]

পৃষ্ঠভূমি

[সম্পাদনা কৰক]
সূৰ্যৰ ৰথ

সূৰ্য উপাসনা হিন্দু ধৰ্মৰ বেদত গভীৰভাৱে শিপাই আছে আৰু ইয়াৰ প্ৰাচীনতা চীন, মিচৰ আৰু মেছ’পটেমিয়াৰ দৰে বিশ্বৰ কেইবাটাও পৌৰাণিক কাহিনীৰ সৈতেও জড়িত। হিন্দু ধৰ্মাৱলম্বীসকলৰ মাজত সবিত্ৰ (বৈদিক সূৰ্য দেৱতা) উদ্দেশ্যে কৰা পৱিত্ৰ বৈদিক জপ গায়ত্ৰী মন্ত্ৰ অতি জনপ্ৰিয়। পৌৰাণিক হিন্দু ধৰ্মৰ বিকাশৰ লগে লগে সূৰ্য উপাসনা অধিক সুসংহত হৈ পৰে।[5][6]

ঋকবেদৰ ১০ম মণ্ডলৰ ৮৫তম সূক্তত দুটা ঘোঁৰাই টনা ৰথত আৰোহণ কৰা সূৰ্য দেৱতাৰ কইনাৰ বৰ্ণনা পোৱা যায়।

প্ৰাসংগিক শ্লোকসমূহ (ৰালফ গ্ৰিফিথৰদ্বাৰা সংস্কৃতৰপৰা অনূদিত) তলত উল্লেখ কৰা হ’ল:

Her spirit was the bridal car; the covering thereof was heaven: Bright were both Steeds that drew it when Surya approached her husband's home.
Thy Steeds were steady, kept in place by holy verse and Sama-hymn: All cars were thy two chariot wheels: thy path was tremulous in the sky,
Clean, as thou wentest, were thy wheels wind, was the axle fastened there. Surya, proceeding to his Lord, mounted a spirit-fashionied car.

ধৰ্মীয় তাৎপৰ্য

[সম্পাদনা কৰক]

সূৰ্য দেৱতাই সাৰথি অৰুণৰ সৈতে সাতটা ঘোঁৰাই টনা তেওঁৰ ৰথখন উত্তৰ গোলাৰ্ধৰ উত্তৰ-পূব দিশলৈ চলাই নিয়াৰ কাৰ্যক ৰথ সপ্তমীয়ে প্ৰতীকী ৰূপত প্ৰতিনিধিত্ব কৰে। ৰথ আৰু ইয়াত লগোৱা সাতটা ঘোঁৰাৰ প্ৰতীকী তাৎপৰ্য হ’ল যে ই ৰামধেনুৰ সাতটা ৰঙক সূচায়। সাতটা ঘোঁৰাই দেওবাৰৰপৰা আৰম্ভ হোৱা সপ্তাহৰ সাতটা দিনকো প্ৰতিনিধিত্ব কৰে বুলি কোৱা হয়, যিহেতু দেওবাৰ হ’ল সূৰ্য দেৱতাৰ দিন। ৰথখনত ১২টা চক্ৰ বা চকা আছে, যিয়ে ৰাশিচক্ৰৰ ১২টা ৰাশি (প্ৰতিটো ৩০ ডিগ্ৰীৰ) আৰু ‘সংবৎসৰ’ নামৰ এটা সম্পূৰ্ণ বছৰক প্ৰতিনিধিত্ব কৰে। সূৰ্যৰ নিজৰ ৰাশি হ’ল সিংহ আৰু তেওঁ প্ৰতি মাহে এটা ৰাশিৰপৰা আন এটালৈ গতি কৰে আৰু এই সম্পূৰ্ণ চক্ৰটো সম্পূৰ্ণ হ’বলৈ ৩৬৫ দিন সময় লাগে। ৰথ সপ্তমী উৎসৱে সূৰ্য দেৱতাৰপৰা মহাজাগতিক শক্তি আৰু পোহৰৰ আশীৰ্বাদ বিচাৰে।[4]

ৰথ সপ্তমীয়ে দক্ষিণ ভাৰতত ক্ৰমান্বয়ে উষ্ণতা বৃদ্ধি হোৱাৰ সংকেত দিয়ে আৰু বসন্তৰ আগমনলৈ অপেক্ষা কৰে, যাৰ আগজাননী পৰৱৰ্তী সময়ত গুড়ি পড়ৱা, উগাদি বা চ’ত মাহৰ হিন্দু চান্দ্ৰ নৱবৰ্ষৰ উৎসৱে প্ৰদান কৰে।

কিংবদন্তি

[সম্পাদনা কৰক]

ৰথ সপ্তমীয়ে ঋষি কাশ্যপ আৰু তেওঁৰ পত্নী অদিতিৰ সন্তান হিচাপে সূৰ্যৰ জন্মকো সূচায় আৰু সেইবাবেই ইয়াক সূৰ্য জয়ন্তী (সূৰ্য দেৱতাৰ জন্মদিন) হিচাপে পালন কৰা হয়। কম্বোজ সাম্ৰাজ্যৰ এজন মহৎ ৰজা যশোধৰ্মক লৈ এটা কিংবদন্তি আছে, যাৰ ৰাজ্য শাসন কৰিবলৈ কোনো উত্তৰাধিকাৰী নাছিল। ভগৱানক কৰা বিশেষ প্ৰাৰ্থনাৰ ফলত তেওঁ এজন পুত্ৰ সন্তান লাভ কৰিছিল। কিন্তু ৰজাৰ দুখ তাতেই শেষ নহ’ল, কিয়নো তেওঁৰ পুত্ৰ দুৰাৰোগ্য ব্যাধিত আক্ৰান্ত আছিল। ৰজাক সাক্ষাৎ কৰা এজন সাধুৱে পৰামৰ্শ দিছিল যে তেওঁৰ পুত্ৰই অতীতৰ পাপৰপৰা মুক্তি পাবলৈ ভক্তিৰে ৰথ সপ্তমীৰ পূজা কৰা উচিত। ৰজাৰ পুত্ৰই এই পূজা সম্পন্ন কৰাৰ পাছত তেওঁৰ স্বাস্থ্য পুনৰ ঘূৰি আহে আৰু তেওঁ সুকলমে ৰাজ্য শাসন কৰে।[উদ্ধৃতিৰ প্ৰয়োজন]

সূৰ্য মন্দিৰ

[সম্পাদনা কৰক]
ভাৰতৰ সূৰ্য মন্দিৰ
কোণাৰ্ক মন্দিৰত সূৰ্যৰ মূৰ্তি সূৰ্য্য মন্দিৰ, মধেৰা আৰাছাৱল্লী[7]

গোটেই ভাৰতবৰ্ষতে এনে বহুতো সূৰ্য মন্দিৰ আছে য’ত ৰথ সপ্তমী অতি উলহ-মালহেৰে উদ্‌যাপন কৰা হয়। ইয়াৰ ভিতৰত আটাইতকৈ বিখ্যাত হ’ল ওড়িশাৰ কোণাৰ্কত থকা বিশ্ব ঐতিহ্য ক্ষেত্ৰ কোণাৰ্ক সূৰ্য মন্দিৰ। কোণাৰ্কৰ উপৰি ওড়িশাৰ গঞ্জাম জিলাৰ বুগুডাত বিৰঞ্চি নাৰায়ণ মন্দিৰ নামৰ আন এখন সূৰ্য মন্দিৰ আছে। তেনেদৰে গুজৰাটমধেৰাত চৌলুক্য বংশৰ ৰজা ভীমদেৱে নিৰ্মাণ কৰা সূৰ্য মন্দিৰ, অন্ধ্ৰপ্ৰদেশৰ আৰাছাভাল্লীত আৰু তামিলনাডু তথা অসমনৱগ্ৰহ মন্দিৰৰ থুপতো সূৰ্য মন্দিৰ আছে। জম্মু-কাশ্মীৰৰ মাৰ্তণ্ড সূৰ্য মন্দিৰ আৰু মুলতানৰ সূৰ্য মন্দিৰ এনে দুখন মন্দিৰ আছিল, যিবোৰ অতীতত আক্ৰমণকাৰীসকলে ধ্বংস কৰিছিল।[4]

ধৰ্মীয় পালন

[সম্পাদনা কৰক]
সূৰ্য, সূৰ্য দেৱতা

সাধাৰণতে এই দিনটোত বিষ্ণুক তেওঁৰ সূৰ্যৰূপত উপাসনা কৰা হয়। পৰিয়ালসমূহত ৰথ সপ্তমীৰ আৰম্ভণি হয় এক পৱিত্ৰ স্নানৰ জৰিয়তে (নদী বা সাগৰতো স্নান কৰা হয়)। স্নান কৰাৰ সময়ত মূৰত কেইখনমান আকণৰ পাত (Calotropis Gigantea) ৰাখি এটা শ্লোক উচ্চাৰণ কৰা হয়, যাৰদ্বাৰা বছৰটোৰ বাকী সময়ছোৱাত কৰা সকলো কাৰ্যতে ভগৱানৰ আশীৰ্বাদ কামনা কৰা হয়। এই দিনটোত সূৰ্য দেৱতাক স্তুতি পাঠ কৰি অৰ্ঘ্য বা তৰ্পণ (হাতৰ তলুৱাত পানী লৈ) অৰ্পণ কৰা হয়। ইয়াৰ উপৰি ধৰ্মীয় ৰীতি অনুসৰি নৈৱেদ্য, ফুল আৰু ফল-মূল আগবঢ়াই পূজা কৰা হয়। এই উপলক্ষ্যে সূৰ্য দেৱতাক উদ্দেশ্যি কৰা গুৰুত্বপূৰ্ণ প্ৰাৰ্থনাসমূহ হ’ল— আদিত্যহৃদয়ম, গায়ত্ৰী, সূৰ্যাষ্টকম আৰু সূৰ্য সহস্ৰনাম। পূজাৰ বাবে সূৰ্যোদয়ৰ এঘণ্টাৰ ভিতৰত থকা সময়ছোৱাক উত্তম বুলি গণ্য কৰা হয়।[4][8] মহীশূৰ আৰু মেলকোটেৰ দৰে ঠাইত আনুষ্ঠানিক শোভাযাত্ৰাৰ জৰিয়তে সূৰ্যৰ প্ৰতীক সূৰ্য মণ্ডল উলিওৱা হয়।[8]

সংস্কৃতত অৰ্ক শব্দৰ অৰ্থ হ’ল কিৰণ বা বিজুলীৰ চমক। ইয়াক হিন্দীত ‘আক’, কন্নড়ত ‘এক্কা’, তেলুগুত ‘জিল্লেডু’, তামিলত ‘এৰুক্কাম’ আৰু ইংৰাজীCalotropis Gigantea বা ‘Bowstring hemp’ বুলি জনা যায় (অসমীয়াত ইয়াক সাধাৰণতে আকণ বুলি কোৱা হয়)। ‘অৰ্ক’ শব্দটো সূৰ্যৰ আন এটা নাম। সূৰ্য দেৱতাৰ বাবে আকণৰ গুৰুত্বক বিষ্ণুৰ বাবে তুলসী (Ocimum tenuiflorum)ৰ যি গুৰুত্ব, তাৰ সৈতে তুলনা কৰিব পাৰি। আকণৰ পাত গণেশৰ পূজা (অৰ্ক গণেশ নামেৰে পৰিচিত) আৰু হনুমানৰ পূজাতো ব্যৱহাৰ কৰা হয়। ইয়াৰ কাণ্ডসমূহ যজ্ঞৰ অনুষ্ঠানত ‘সমিধ’ (উৎসৰ্গিত খৰি) হিচাপে ব্যৱহাৰ কৰা হয়। কোৱা হয় যে ইয়াৰ আকৃতিয়ে সূৰ্য দেৱতাৰ কান্ধ আৰু ৰথক প্ৰতিনিধিত্ব কৰে। ধৰ্মীয় স্নানৰ সময়ত সাতখন পাত ব্যৱহাৰ কৰা হয়— এখন মূৰত, দুখন কান্ধত, দুখন আঁঠুত আৰু দুখন ভৰিত ৰখা হয়।[4] এই দিনটোত দক্ষিণ ভাৰতত ৰথ সপ্তমীৰ প্ৰতীক হিচাপে ৰঙীন চাউলৰ গুড়িৰে ৰথ আৰু সাতটা ঘোঁৰাৰ ছবি সম্বলিত কোলাম (একপ্ৰকাৰৰ আল্পনা) অঁকা হয়। এই ছবিখনৰ মাজভাগত গোবৰৰ পিঠা জ্বলাই জুইত গাখীৰ উতলাই সূৰ্য দেৱতাক অৰ্পণ কৰা হয়। তিৰুমালা, শ্ৰীৰঙ্গম, শ্ৰীৰঙ্গপট্টনা আৰু মেলুকোটেৰ দৰে গুৰুত্বপূৰ্ণ বৈষ্ণৱ মন্দিৰসমূহত ৰথ সপ্তমী বছৰটোৰ অন্যতম প্ৰধান উৎসৱ। মাংগালুৰুৰ শ্ৰী ভেঙ্কটৰমণ মন্দিৰৰ বীৰ ভেঙ্কটেশৰ ৰথ যাত্ৰাও এই দিনটোতে অনুষ্ঠিত হয়, যিটো 'কডিয়াল তেৰু' বা 'মাংগালুৰু ৰথোৎসৱ' নামেৰে বিখ্যাত।

তিৰুমালা

[সম্পাদনা কৰক]

ৰথ সপ্তমী উপলক্ষ্যে তিৰুমালাত এদিনীয়াকৈ ব্ৰহ্মোৎসৱ উদ্‌যাপন কৰা হয়। এই বিশেষ দিনটোত প্ৰধান আৰাধ্য দেৱতা মালয়প্পা স্বামীৰ মূৰ্তি তেওঁৰ ঐশ্বৰিক পত্নী শ্ৰীদেৱী আৰু ভূদেৱীৰ সৈতে তিৰুমালাৰ শোভাযাত্ৰাৰ পথবোৰত ফুৰোৱা হয়। বিগ্ৰহসমূহক সাতখন ভিন্ন বাহনত উঠাই ভেঙ্কটেশ্বৰ মন্দিৰৰ চাৰিওফালে প্ৰদক্ষিণ কৰা হয়। এই কাৰণেই ৰথ সপ্তমীৰ দিনটোক তিৰুমালাত এক ক্ষুদ্ৰ ব্ৰহ্মোৎসৱ হিচাপে গণ্য কৰা হয়।[9]

লগতে চাওক

[সম্পাদনা কৰক]
অন্যান্য সূৰ্য উৎসৱ

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. "Ratha Saptami 2013 Date". hindusphere.com. http://hindusphere.com/ratha-saptami-2013-date/। আহৰণ কৰা হৈছে: 30 January 2013. "Ratha Saptami falls on the Magha Sukla Paksha Saptami i.e on the seventh day of the waxing phase of the moon in the month of Magha." 
  2. "Tirumala TTD Ratha Saptami Ardha Brahmotsavam 2019 Schedule". TTO. 7 February 2019. https://tirumalatirupationline.com/tirumala-ttd-ratha-saptami-ardha-brahmotsavam-2019-schedule/। আহৰণ কৰা হৈছে: 7 February 2019. 
  3. "Andhra Pradesh government declares Ratha Saptami as State festival". The Hindu. 20 December 2024. https://www.thehindu.com/news/national/andhra-pradesh/andhra-pradesh-government-declares-ratha-saptami-as-state-festival/article69005184.ece। আহৰণ কৰা হৈছে: 20 December 2024. 
  4. 4.0 4.1 4.2 4.3 4.4 "Rathasaptahmi". Scribd. https://www.scribd.com/doc/11538472/Ratha-Sapthami। আহৰণ কৰা হৈছে: 2009-11-26. 
  5. 5.0 5.1 "Hindu Fasts and Festivals". Ratha Saptami. http://www.sivanandadlshq.org/religions/ratha.htm। আহৰণ কৰা হৈছে: 2009-11-26. 
  6. 6.0 6.1 Narayan, K.K.V (2007). Flipside of Hindu Symbolism: Sociological and Scientific Linkages in Hinduism. Fultus Corporation. পৃষ্ঠা. 26. ISBN 978-1-59682-117-0. https://books.google.com/books?id=ewRfp4qpvt4C&q=Ratha+Sapthami&pg=PT26। আহৰণ কৰা হৈছে: 2009-11-26. 
  7. "Ratha Saptami - Arasavalli,rathasaptami arasavalli". http://www.arasavallisungod.org/rathasaptami.html. 
  8. 8.0 8.1 "Mysore, Melkote witness Ratha Sapthami processions". Mysore Samachar. Archived from the original on 2003-08-30. https://web.archive.org/web/20030830080019/http://www.mysoresamachar.com/rat_sap_pro.htm। আহৰণ কৰা হৈছে: 2009-11-26. 
  9. K, Kandaswamy (28 August 2021). "Ratha Saptami in Tirumala Tirupati". K KandaswamyLive Trend. https://skanda-news.blogspot.com/2021/08/when-is-ratha-saptami-tirupati-schedule.html। আহৰণ কৰা হৈছে: 28 August 2021.