সমললৈ যাওক

ৰাজিয়া চুলতান (চলচ্চিত্ৰ)

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(Raziya Sultan (film)ৰ পৰা পুনঃনিৰ্দেশিত)
ৰাজিয়া চুলতান
পৰিচালক কামাল আমৰোহী
ৰচনা কামাল আমৰোহী
প্ৰযোজক এ কে মিশ্ৰ
অভিনয়ত হেমা মালিনী
ধৰ্মেন্দ্ৰ
পাৰবীন বাবী
চিত্ৰগ্ৰহণকাৰী আৰ ডি মাথুৰ
সম্পাদনা বি এচ গ্লাড
সংগীত পৰিচালক খয়াম
কাইফী আজমী (গীত)
মুক্তি
১৬ ছেপ্টেম্বৰ ১৯৮৩ (1983-09-16)
ভাষা হিন্দুস্তানী হিন্দী-উৰ্দু[1]
বাজেট ₹7 – 10 crore[2]
সৰ্বমুঠ আয় ₹2 crore[2]

ৰাজিয়া চুলতান (ইংৰাজী: Razia Sultan) ১৯৮৩ চনৰ কমাল আমৰোহী ৰচিত আৰু পৰিচালিত এখন ভাৰতীয় পিৰিয়ড জীৱনীমূলক ছবি। হেমা মালিনী, পাৰবীন বাবী আৰু ধৰ্মেন্দ্ৰই মুখ্য চৰিত্ৰত অভিনয় কৰিছে। মুক্তিৰ লগে লগে ছবিখন মূলতঃ ইয়াৰ নিৰ্মাণ অধিক ধন বিনিয়োগ হোৱাৰ বাবে বক্স অফিচত দুৰ্যোগৰ সৃষ্টি কৰিছিল।[1] এইখন আছিল তেতিয়ালৈকে নিৰ্মিত আটাইতকৈ দামী ভাৰতীয় ছবি।

এন.বি. কুলকাৰ্ণীয়ে শ্ৰেষ্ঠ কলা পৰিচালনাৰ ফিল্মফেয়াৰ বঁটা লাভ কৰে আৰু এইটোৱে ছবিখনে লাভ কৰা একমাত্ৰ প্ৰাপ্তি আছিল। খায়ামে শ্ৰেষ্ঠ সংগীত পৰিচালকৰ ফিল্মফেয়াৰৰ মনোনয়ন লাভ কৰে। গীতৰ কথা আছিল জন নিছাৰ আখতাৰ। দুটা গীতৰ চিত্ৰায়ান এবিচিয়ান দাস ইয়াকুত জামালুদ্দিনৰ চৰিত্ৰত অভিনয় কৰা ধৰ্মেন্দ্ৰৰ ওপৰত কৰা হৈছিল। কেইটামান গীত লতা মংগেশকাৰে গাইছিল, য'ত আছিল "আয়ে দিল-এ নাদান"। কামাল আমৰোহীয়ে ১৯৮১-৮২ চনৰ ভিতৰত ৰাজিয়া চুলতানৰ কিছু দৃশ্য টংকত শ্বুট কৰিছিল।[3][4]

৩১তম ফিল্মফেয়াৰ বঁটা
  • শ্ৰেষ্ঠ কলা নিৰ্দেশক- এন বি কুলকাৰ্ণী

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]