সমললৈ যাওক

ৰেনডাং

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(Rendangৰ পৰা পুনঃনিৰ্দেশিত)
ৰেনডাং

থলুৱা মিনাংকাবাও ৰেনডাং কজলা বৰণৰ আৰু ইয়াৰ জুলীয়া অংশ একেবাৰেই সামান্য। ইয়াক কেটুপাতৰ সৈতে পৰিৱেশন কৰা হয়।
প্ৰকাৰ মূল খাদ্য
উৎপত্তিৰ স্থান ইণ্ডোনেছিয়া[1][2]
অঞ্চল পশ্চিম সুমাত্ৰা[3]
সম্পৰ্কিত ৰাষ্ট্ৰীয় ব্যঞ্জন ইণ্ডোনেচিয়া,[4] মালয়েছ্যা, ছিংগাপুৰ, ব্ৰুনেই
পৰিবেশনৰ উষ্ণতা গৰমে গৰমে
মুখ্য উপাদান মাংস (গৰু, ভেঁ‌ড়া বা ছাগলী), নাৰিকলৰ গাখীৰ, জলকীয়া, আদা, গালাংগল, হালধি, লেমনগ্ৰাছ, নহৰু, শ্বেলট
ভিন্ন প্ৰকাৰ কুকুৰা, হাঁ‌হ, যকৃত আদিৰ ৰেনডাং

ৰেনডাং ইণ্ডোনেছিয়াৰ পশ্চিম সুমাত্ৰাৰ মিনাংকাবাওত উৎপত্তি হোৱা এবিধ ব্যঞ্জন।[5] ইণ্ডোনেছিয়াৰ ৰন্ধনশৈলীৰ লগতে ই চুবুৰীয়া দক্ষিণ-পূব এছীয় দেশ যেনে মালয়েছিয়া, ছিংগাপুৰ, ব্ৰুনেই আৰু ফিলিপাইনছৰ ৰন্ধনশৈলীলৈকে বিয়পি আছে।[2] ৰেনডাং মাংসৰ এবিধ ব্যঞ্জন আৰু ইয়াত সাধাৰণতে গৰুৰ মাংস (ৰেনডাং ডেগিং) ব্যৱহাৰ কৰা হয়। এই মাংস নাৰিকলৰ গাখীৰত দীৰ্ঘসময় ধৰি কম জুইত ৰন্ধা হয় আৰু বিভিন্ন শাক আৰু মছলাৰ মিশ্ৰণেৰে সোৱাদ বৰ্দ্ধন কৰা হয়।[6][7] ইয়াক জুলীয়া অংশখিনি শুকাই মাংসখিনি কজলা বৰণ লৈ কোমল হৈ সোৱাদলগা নোহোৱালৈকে ৰন্ধা হয়।

মিনাংকাবাও সংস্কৃতিৰ অনন্য খাদ্য হোৱাৰ বাবে পৰম্পৰাগতভাৱে ইয়াক বিশেষ কোনো উপলক্ষ যেনে উৎসৱ আদিত (বিবাহৰ ভোজ বা লেবাৰান) অতিথিৰ প্ৰতি সন্মান যাচিবলৈ পৰিৱেশন কৰা হয়।[8] ইণ্ডোনেছিয়া, মালয়েছিয়া, ছিংগাপুৰ আৰু ব্ৰুনেইৰ মালয় লোকসকলৰ লগতে ফিলিপাইনছৰ মাৰানাও লোকসকলৰ মাজত ৰেনডাং পৰম্পৰাগতভাৱে প্ৰচলিত।[9]

ৰেনডাঙৰ উৎপত্তিৰ সূত্ৰ ১৫ শতিকাৰ আগতে পশ্চিম সুমাত্ৰাৰ সৈতে সম্পৰ্ক থকা ভাৰতীয় ব্যৱসায়ীসকলৰ পৰা পোৱা গৈছিল। মিনাংকাবাওৰ বিষয়ে থকা ডাচ্চ আৰ্কাইভত দ্বিতীয় সহস্ৰাব্দৰ আৰম্ভণিতে ভাৰত আৰু পশ্চিম সুমাত্ৰাৰ মাজত নিয়মীয়া সম্পৰ্কৰ কথা সূচায়। ইয়াৰ পৰা ধাৰণা হয় যে উত্তৰ ভাৰতীয় তৰকাৰী সম্ভৱতঃ ৰেনডাঙৰ পূৰ্বসূৰী আছিল। মিনাংকাবাওৰ লোকসকলে ভাৰতীয় তৰকাৰীক স্থানীয় সংস্কৰণ গুলাই হিচাপে গ্ৰহণ কৰিছিল। মিনাংকাবাওৰ লোকসকলে সেই সময়ত এই গুলাই কলিও (বা সিক্ত ৰেনডাং) প্ৰস্তুত কৰিব পৰাকৈ ৰান্ধিছিল। এই ব্যঞ্জন শুকাই ৰেনডাং নোহোৱালৈকে ৰন্ধা হৈছিল।[10] ১৯৪৬ চনত ইণ্ডোনেছিয়াৰ ৰাষ্ট্ৰীয় বিপ্লৱৰ সময়ত ইণ্ডোনেছিয়াৰ প্ৰথমগৰাকী ৰাষ্ট্ৰপতি, চুকাৰ্ণোৰ পত্নী ফাতমাৱতীয়ে ইণ্ডোনেছিয়াৰ গণৰাজ্যৰ স্বাধীনতা সংগ্ৰামীসকলৰ মনোবল বৃদ্ধি কৰিবলৈ ৰেনডাং ৰান্ধিছিল আৰু যোগ্যকাৰ্টাৰ চৌপাশে পঠিয়াইছিল। তেওঁ গোমাংস ক্ৰয় কৰিবলৈ জোৰ দিছিল আৰু সেই সময়ত গৰ্ভৱতী হোৱা স্বত্বেও নিজে বজাৰলৈ গৈছিল। [11]


মিনাংকাবাউ সংস্কৃতিত ৰেনডাঙক মুচিয়াৱাৰাহৰ দৰ্শন, জ্যেষ্ঠসকলৰ সৈতে আলোচনা আৰু পৰামৰ্শৰ প্ৰতিমূৰ্তি হিচাপে সন্মান কৰা হয়। [12] ব্যঞ্জনবিধৰ চাৰিটা প্ৰধান উপাদানে সামগ্ৰিকভাৱে মিনাংকাবাও সমাজক প্ৰতিনিধিত্ব কৰে বুলি দাবী কৰা হয়।[13][14] ইয়াৰে মাংস নিনিয়াক মামাক অৰ্থাৎ পৰম্পৰাগত গোটৰ নেতা যেনে দাতুক, অভিজাত, ৰাজকীয় আৰু শ্ৰদ্ধাৰ জ্যেষ্ঠসকলৰ প্ৰতীক। নাৰিকলৰ গাখীৰ (কাৰাম্বিয়া) কেডিয়াক পাণ্ডী অৰ্থাৎ বুদ্ধিজীৱী, শিক্ষক, কবি আৰু লেখকৰ প্ৰতীক। জলকীয়া (লাডো) আলিম উলামাত অৰ্থাৎ ধৰ্মগুৰু, উলামা আৰু ধৰ্মীয় নেতাসকলৰ প্ৰতীক। জলকীয়াৰ জলা শ্বৰিয়াৰ প্ৰতীক। মচলাৰ মিশ্ৰণটো (পেমাচাক) মিনাংকাবাও সমাজৰ বাকী অংশৰ প্ৰতীক।

মিনাংকাবাও পৰম্পৰাত ৰেনডাং হৈছে পৰম্পৰাগত মিনাং অনুষ্ঠানত বিশেষ অনুষ্ঠানৰ বাবে এক প্ৰয়োজনীয় ব্যঞ্জন। জন্ম অনুষ্ঠানৰ পৰা চুন্নত, বিবাহ, কোৰআন পাঠ, আৰু ঈদ উল-ফিতৰ আৰু ঈদ-উল-আধাৰ দৰে ধৰ্মীয় উৎসৱত ই অপৰিহাৰ্য। [15]

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. Keating, Sarah (11 June 2018). "How an outrage over crispy chicken united South-East Asia" (en ভাষাত). www.bbc.com. https://www.bbc.com/travel/story/20180610-how-an-outrage-over-crispy-chicken-united-south-east-asia আহৰণ কৰা হৈছে: 2020-10-11.
  2. 1 2 Taylor, Jean Gelman (2003). Indonesia: Peoples and Histories. প্ৰকাশক New Haven and London: Yale University Press. পৃষ্ঠা. 46. ISBN 0-300-10518-5. https://archive.org/details/indonesia00jean.
  3. "Should chicken in rendang curry be crispy? Masterchef U.K. sparks debate". Canoe. 3 April 2018. Archived from the original on 5 April 2018. https://web.archive.org/web/20180405091720/https://canoe.com/life/food/should-chicken-in-rendang-curry-be-crispy-masterchef-u-k-sparks-debate আহৰণ কৰা হৈছে: 5 April 2018. "The curry (rendang), which originates from West Sumatra in Indonesia, is popular in Malaysia, Indonesia, Singapore, Brunei and southern Thailand."
  4. Gita Amanda (5 July 2020). "Antropolog: Rendang Bukan Cuma Makanan Tapi Identitas Budaya" (id ভাষাত). www.republika.com. https://m.republika.co.id/berita/qcyg4k423/antropolog-rendang-bukan-cuma-makanan-tapi-identitas-budaya আহৰণ কৰা হৈছে: 2020-10-18.[সংযোগবিহীন উৎস]
  5. Owen, Sri (1993). The Rice Book. Doubleday. ISBN 0-7112-2260-6.
  6. Holzen, Heinz Von (2014-09-15) (en ভাষাত). A New Approach to Indonesian Cooking. Marshall Cavendish International Asia Pte Ltd. ISBN 978-981-4634-95-3. https://books.google.com/books?id=pRuiBQAAQBAJ&q=rendang.
  7. Kautsar, Muthi Achadiat (2 September 2018). "Why beef rendang is the right food to send to natural disaster victims" (en ভাষাত). The Jakarta Post. https://www.thejakartapost.com/life/2018/09/01/why-beef-rendang-is-the-right-food-to-send-to-natural-disaster-victims.html আহৰণ কৰা হৈছে: 2019-12-10.
  8. Lipoeto, Nur I; Agus, Zulkarnain; Oenzil, Fadil; Masrul, Mukhtar; Wattanapenpaiboon, Naiyana; Wahlqvist, Mark L (February 2001). "Contemporary Minangkabau food culture in West Sumatra, Indonesia". Asia Pacific Journal of Clinical Nutrition (Blackwell Synergy) খণ্ড 10 (1): 10–16. doi:10.1046/j.1440-6047.2001.00201.x. PMID 11708602.
  9. Thomas, Amanda. "Regional Cuisine of Mindanao". Balay.ph. Archived from the original on 25 March 2019. https://web.archive.org/web/20190325192506/https://balay.ph/best-mindanao-cuisine/ আহৰণ কৰা হৈছে: 20 April 2019.
  10. Nurmufida, Muthia; Wangrimen, Gervasius H.; Reinalta, Risty; Leonardi, Kevin (2017-12-01). "Rendang: The treasure of Minangkabau" (en ভাষাত). Journal of Ethnic Foods খণ্ড 4 (4): 232–235. doi:10.1016/j.jef.2017.10.005. ISSN 2352-6181.
  11. Maharani, Shinta; Hantoro, Juli (18 April 2018). "Rendang, Nasionalisme Ibu Negara Fatmawati Soekarno" (en ভাষাত). Tempo. https://nasional.tempo.co/read/1080533/rendang-nasionalisme-ibu-negara-fatmawati-soekarno আহৰণ কৰা হৈছে: 2020-10-06.
  12. Heni Minata (12 January 2012). "Arti Masakan Rendang Minangkabau" (id ভাষাত). Kompasiana. http://www.kompasiana.com/makanlagi/arti-masakan-rendang-minangkabau_550d44308133115d22b1e292 আহৰণ কৰা হৈছে: 20 September 2015.
  13. Pipiet Tri Noorastuti, Febry Abbdinnah (21 September 2011). "Kisah di Balik Kelezatan Rendang" (id ভাষাত). Viva.co.id. http://life.viva.co.id/news/read/248951-kisah-di-balik-kelezatan-rendang আহৰণ কৰা হৈছে: 20 September 2015.
  14. "Rendang Minangkabau, Warisan Leluhur yang Mendunia" (id ভাষাত). Kebudayaan Indonesia. 7 August 2015. Archived from the original on 4 March 2016. https://web.archive.org/web/20160304071701/http://kebudayaanindonesia.net/kebudayaan/2138/rendang-minangkabau-warisan-leluhur-yang-mendunia আহৰণ কৰা হৈছে: 20 September 2015.
  15. Albala, Ken (2011). Food Cultures of the World Encyclopedia. 1. ABC-CLIO. পৃষ্ঠা. 109. ISBN 9780313376269. https://books.google.com/books?id=NTo6c_PJWRgC&q=muslim+in+indonesia+celebrate+eid+al-fitr&pg=RA2-PA104 আহৰণ কৰা হৈছে: 1 July 2013.